চিণ্ডিকেট বেংকৰ ম’বাইল বেংকিং সেৱা
চেণ্ডিকেট বেংকে তেওঁলোকৰ গ্ৰাহকলৈ ম’বাইল বেংকিং সেৱা দুটা পদ্ধতিত আগবঢ়াইছে
- এচএমএচ অনুসন্ধান সুবিধা
- এচএমএচ সংকেট সুবিধা৷
নিম্নোল্লেখিত সেৱাসমূহ এচএমএচ অনুসন্ধানৰ অধীনত উপলব্ধ:
- এচএমএচ বেংকিংৰ কাৰণে পঞ্জীয়ন
- বেংকত বাহাল থকা ধনৰ পৰিমাণ জানিবলৈ
- প্ৰাইমেৰী একাউণ্ট সলনি কৰিবলৈ
- সাময়িক জমাৰ বিষয়ে জানিবলৈ
- ইছ্যু কৰা চেকৰ মুকলিকৰণ অৱস্থা জানিবলৈ
- ইছ্যু কৰা চেকৰ দেয় ধন স্তব্ধ কৰাৰ অনুৰোধ প্ৰেৰণ কৰিবলৈ
- শেষৰ 5 টা লেনদেনৰ সবিশেষ লাভ কৰিবলৈ
এচএমএচ অনুসন্ধান সেৱাৰ পঞ্জীয়ন পদ্ধতি
- আপোনাৰ মূল শাখাৰ পৰা এচএমএচ বেংকিংৰ আবেদন পত্ৰ সংগ্ৰহ কৰাক
- ৰয়োজনীয় নথি-পত্ৰৰ সৈতে আবেদন পত্ৰ জমা দিয়ক
- ইয়াৰ পিছত, তলত উল্লেখ কৰাৰ দৰে এচএমএচ অনুসন্ধান সেৱাৰ কাৰণে এটা এচএমএচ প্ৰেৰণ কৰি এচএমএচ প্ৰেৰণ কৰা ম’বাইল ফোনটোৰ একেটা নম্বৰতে পঞ্জীয়ন কৰক
- আবেদন পত্ৰ খনত কোনটো এচএমএচ অনুসন্ধান সুবিধা লাভ কৰিবলৈ বিচাৰে আৰু ম’বাইল নম্বৰৰ সবিশেষ (ৰাজ্যৰ ক’ডৰ সৈতে) পৰিস্কাৰকৈ উল্লেখ কৰা উচিত
- সকলো এচএমএচ চুটিকৈ ‘56767’ নম্বৰলৈ প্ৰেৰণ কৰা উচিত
এচএমএচ অনুসন্ধান সেৱাৰ আবেদন প্ৰ-পত্ৰ ডাউনলোড কৰিবলৈ ইয়াত ক্লিক কৰক:
এচএমএচ সংকেত সুবিধা
যদি আপুনি পঞ্জীয়ন কৰি থৈছে, তেন্তে চিণ্ডিকেট বেংকৰ এচএমএচ সংকেত সেৱা সকলো গ্ৰাহকলৈ নিম্নোল্লেখিত ঘটনাসমূহৰ ক্ষেত্ৰত স্বয়ংক্ৰীয়ভাৱে প্ৰেৰিত হ’ব:
- যেতিয়া ডেবিট/ক্ৰেডিট লেনদেনৰ পৰিমাণ 10,000/- টকাৰ ওপৰত অথবা গ্ৰাহকে নিৰ্দ্ধাৰণ কৰি দিয়া পৰিমাণৰ ওপৰত হ’ব৷
- আপুনি পৰিচালনা কৰি থকা একাউণ্টটো যদি সংকেত সেৱাৰ কাৰণে পঞ্জীয়ন কৰি ৰাখিছে, তেন্তে বৰ্তমানৰ বাহাল থকা ধনৰ পৰিমান/দেনা-পাওনা আদিৰ মাহেকীয়া সংকেত লাভ কৰিব পাৰিব
- অভাৰ ড্ৰাফট সংকেত- যেতিয়া আপুনি পৰিচালনা কৰি থকা একাউণ্টৰ জমা ধন সীমাৰ তললৈ অথবা সীমা পাৰ হৈ যাব৷
এচএমএচ সংকেত সেৱা লাভ কৰাৰ পদ্ধতি
- আপোনাৰ মূল শাখাৰ পৰা এচএমএচ বেংকিং আবেদন পত্ৰ সংগ্ৰহ কৰক আৰু এই খন পূৰণ কৰি সেই একে শাখাতে জমা দিয়ক
- আবেদনত, আপুনি বিশেষভাৱে এচএমএচ সংকেত সুবিধা অনুৰোধ কৰিব লাগিব
- আবেদন পত্ৰ খনত কোনটো এচএমএচ অনুসন্ধান সুবিধা লাভ কৰিবলৈ বিচাৰে আৰু ম’বাইল নম্বৰৰ সবিশেষ (ৰাজ্যৰ ক’ডৰ সৈতে) পৰিস্কাৰকৈ উল্লেখ কৰা উচিত৷
চিণ্ডিকেট বেংকৰ ম’বাইল বেংকিং সেৱাৰ বিষয়ে অধিক জানিবৰ কাৰণে ইয়াত ক্লিক কৰক
উৎস: আইএনডিজি দল।
শেহতীয়া উন্নীতকৰণ: : 6/21/2020
0 ratings and 0 comments
Roll over stars then click to rate.
© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.