চেনিয়ে শৰীৰত শক্তিৰ যোগান ধৰে। চেনিয়ে ওজন বঢ়োৱা বা হৃৎপিণ্ডৰ বেমাৰ কৰা অথবা কেন্সাৰ সৃষ্টি কৰা বুলি ভৱাটো অমূলক। যিসকল লোকৰ শৰীৰত কম পৰিমাণৰ চেনি দৰকাৰ হয়, তেনে লোকে অধিক পৰিমাণৰ চেনি খালে অসুখ হয়। আমাৰ শৰীৰত আৰু তেজত চেনিৰ পৰিমাণ সঠিক থাকিলে আমাৰ শৰীৰ শক্তিমান হৈ থাকে। আমাৰ একাগ্ৰতা শক্তি, স্মৃতি শক্তি বৃদ্ধি হয়। আমি খোৱা আহাৰৰ সৰহভাগেই কাৰ্বহাইড্ৰেট জাতীয় দ্ৰব্য। এই দ্ৰব্যবোৰ খোৱাৰ পিচত শৰীৰত জীণ গৈ চেনিলৈ ৰূপান্তৰ হয়। বহুতো ফল-মূল, শাক-পাচলি, মৌ আদিত চেনি থাকে। কেক, চকলেট, বিস্কুট, বিভিন্ন মিঠাই আৰু সোৱাদ লগা দ্ৰব্যতো চেনি থাকে। চেনি থকা দ্ৰব্যবোৰ খোৱাৰ পিচত আমাৰ শৰীৰৰ বিভিন্ন কোষবোৰে আহৰণ কৰি শক্তিলৈ ৰূপান্তৰ কৰে। আমাৰ তেজতো কিছু পৰিমাণৰ চেনি মিহলি হৈ থাকে। ল’ৰালিত অধিক চেনিযুক্ত আহাৰ ল’ৰা-ছোৱালীক খাবলৈ দিয়া বেয়া বুলি কোৱা হয়। কাৰণ চেনিয়ে দাঁতৰ অপকাৰ কৰে। কিছুমান মিঠা দ্ৰব্যত চেনিৰ লগত চৰ্বিৰ পৰিমাণ বেছি থাকে বাবে তেনে মিঠাই খোৱা লোক শকত হয়। মিঠা বস্তু পোণপটীয়াকৈ খোৱাতকৈ মিঠা সোৱাদৰ ফল-মূল আদি খালে শৰীৰত চেনিৰ পৰিমাণ বৃদ্ধি নহয়। চেনিতকৈ গুড়ৰ পৰা বেছি শক্তি পায়। গুড়ত বহুতো ভিটামিন আৰু ক্ষুদ্ৰ মাত্ৰিক পদাৰ্থ থাকে। গুড় আৰু মৌৱে শৰীৰত শক্তিৰ যোগান ধৰাৰ লগতে চেনিৰ পৰিমাণ কমাই ৰাখে।
লেখিকা: ইয়াছমিন আৰা বেগম, সম্ভাৰ।
শেহতীয়া উন্নীতকৰণ: : 4/19/2020
আপোনাৰ মুখমণ্ডলৰ যত্ন লওঁক
আঁঠুৰ বিষত ভুগিছে নেকি?
আমাৰ শৰীৰৰ ছালখন আৰু ইয়াৰ যতনৰ বিষয়ে দুআষাৰ
অপকাৰী চৰ্বীৰ পৰা হাত সাৰিবলৈ