অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বৃক্কৰ যত্ন কেনেকৈ ল’ব

বৃক্কৰ যত্ন কেনেকৈ ল’ব

যিকেইটা অংগই মানৱ শৰীৰ এটাক নিৰোগী কৰি জীয়াই ৰাখে, তাৰ ভিতৰত বৃক্ক অন্যতম। বৃক্কৰ কাম অনেক, কিন্তু প্ৰতিনিয়ত তেজ শোধন কৰাটো অংগটোৰ প্ৰথম কাম। মুঠতে সুস্থ বৃক্ক অবিহনে মানুহ জীয়াই থকাটো অসম্ভৱেই নহয়, অকল্পনীয়ও। কাৰণ যিকোনো বয়সৰ যিকোনো সময়ত বৃক্ক ৰোগত আক্ৰান্ত হ’ব পাৰে। চেন্নাই এপল’ হস্পিটেলৰ বিখ্যাত বৃক্ক ৰোগ বিশেষজ্ঞ ডাঃ ৰাজা মহেশক গুৱাহাটীত লগ পাওঁতে সুধিছিলোঁ কেনেদৰে বৃক্ক সুস্থ কৰি ৰাখিব পাৰি। ডাঃ মহেশে দিয়া পৰামৰ্শকেইটা পাঠকৰ উপকাৰৰ বাবে আগবঢ়োৱা হ’ল –

  • খাদ্য ৰান্ধোতে নিমখ আৰু ছ’ডিয়াম কম পৰিমাণে ব্যৱহাৰ কৰক। পেকেট খাদ্যতকৈ সতেজ শাক-পাচলি ক্ৰয় কৰক।
  • উচিত পৰিমাণৰ আৰু উচিত ধৰণৰ প্ৰ’টিন ব্যৱহাৰ কৰক। মাছ-মাংস-কণী আদি প্ৰচুৰ প্ৰ’টিনযুক্ত খাদ্য। অত্যধিক প্ৰ’টিনযুক্ত খাদ্য পৰিহাৰ কৰক।
  • হৃদযন্ত্ৰৰ উপকাৰী খাদ্য খাওক। ভজা খাদ্য পৰিহাৰ কৰিলে ভাল। মুৰ্গীৰ মাংস খাওঁতে ছাল থাকিবলৈ নিদিব।
  • কম ফছফৰাছযুক্ত খাদ্য ব্যৱহাৰ কৰক। সতেজ শাক-পাচলিত ফছফৰাছ কম থাকে।
  • উচিত পৰিমাণৰ পটাছিয়াম থকা খাদ্যহে গ্ৰহণ কৰিব। আপেল, গাজৰ আদিত কম পৰিমাণে পটাছিয়াম থাকে।
  • ৰক্তচাপ আৰু বহুমূত্ৰ ৰোগক নিয়ন্ত্ৰণত ৰাখক। নিয়মিতভাৱে শৰীৰ পৰীক্ষা কৰক।
  • পেইনকিলাৰ (psinkiller)দৰৱ ব্যৱহাৰত সতৰ্ক হওক। নিজে নিজৰ চিকিৎসক হৈ যি টি দৰৱ নাখাব।
  • নিতৌ ৮-১০ গিলাচ পানী খোৱাটো অভ্যাসত পৰিণত কৰক। চুপ আদিৰ ৰূপতো পানী খাব পাৰে।
  • ৰাতি পলমকৈ খাদ্য গ্ৰহণ বা অত্যধিক ভোজন পৰিত্যাগ কৰক।
  • শাৰীৰিক শ্ৰম কৰক। মেদবহুলতাৰ চিকাৰ নহ’ব।

লেখিকা: অৰ্চনা শইকীয়া।

শেহতীয়া উন্নীতকৰণ: : 5/29/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate