অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কৰোনাৰি হৃদৰোগ প্ৰতিৰোধ কৰিব পাৰি?

কৰোনাৰি হৃদৰোগ প্ৰতিৰোধ কৰিব পাৰি?

  1. কৰোনাৰি হাৰ্ট ডিজিজ কি? এই ৰোগৰ সম্ভাৱ্য কাৰকসমূহ কি কি?
  2. এঞ্জাইনা কি? কিহৰ কাৰণে এই উপসৰ্গ হয়? ইয়াৰ পৰা হাত সৰাৰ উপায় কি?
  3. কৰোনাৰি এঞ্জিওগ্ৰাফী আৰু কৰোনাৰি এঞ্জিওপ্লাষ্টি কি? এই চিকিৎসা বিধ ব্যয়বহুল নেকি?
  4. কৰোনাৰি বাইপাছ চাৰ্জাৰী কি? এই অস্ত্ৰোপচাৰ কেনেদৰে কৰা হয়? এই চিকিৎসা সম্পন্ন কৰাৰ পিছত এজন হৃদৰোগী কিমান দিনলৈ সুস্থ হৈ থাকিব পাৰে?
  5. হাৰ্ট এটেক কি? কি কাৰণত হাৰ্ট এটেক হয়? ইয়াৰ লক্ষণসমূহ কেনেধৰণৰ আৰু ইয়াৰ পৰা হাত সৰাৰ উপায় কি?
  6. উচ্চ ৰক্তচাপ হৃদৰোগৰ কাৰণ হ’ব পাৰে নেকি? উচ্চ ৰক্তচাপজনিত হৃদৰোগ কি কি?
  7. উচ্চ ৰক্তচাপ ৰোগৰ কাৰণ কি? ইয়াক কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি?
  8. পুৰুষতকৈ মহিলাৰ হৃদৰোগৰ সম্ভাৱনা কম নেকি? ইয়াৰ মূল কাৰণ কি?
  9. কনজেনেটাইল হৃদৰোগ কি? এনেধৰণৰ বিসংগতিৰ কাৰণ কি? এই বিসংগতি সাধাৰণতে কিমান বয়সত হোৱা দেখা যায়?
  10. ৰিউমেটিক হাৰ্ট ডিজিজ কি? এই ৰোগৰ মূল কাৰণ কি? ৰোগৰ চিকিৎসা কেনেধৰণে কৰা হয়?
  11. হৃদৰোগৰপৰা হাত সাৰি থাকিবলৈ হ’লে কি কি বিষয়ত সাৱধানতা অৱলম্বন কৰিব লাগে? হৃদৰোগ নোহোৱাকৈ থাকিবলৈ আমি কি কৰা উচিত?

কৰোনাৰি হাৰ্ট ডিজিজ কি? এই ৰোগৰ সম্ভাৱ্য কাৰকসমূহ কি কি?

হৃদযন্ত্ৰৰ মাংসপেশীৰ মাজত থকা মূলত: তিনিটা ধমনীয়ে হৃৎপিণ্ডৰ মাংসপেশীক শোধিত তেজৰ যোগান ধৰে। তেজ কঢ়িয়াই নিয়া এই নলীবোৰক হৃদ ধমনী বুলি কোৱা হয়। কোনো কাৰণত এই ধমনীৰ ভিতৰৰ বেৰ সংকুচিত হৈ যদি তেজৰ যোগান নাপায় বা প্ৰয়োজনতকৈ কমকৈ পায়। এই অৱস্থাটো বেছিদিন চলি থাকিলে হৃদযন্ত্ৰ আক্ৰান্ত হৈ পৰে, ইয়াকে কৰোনাৰি হৃদৰোগ বোলে। কৰোনাৰি হৃদৰোগৰ সম্ভাৱ্য কাৰক দুইধৰণৰ। এটা হ’ল সংশোধন কৰিব নোৱাৰা আৰু আনটো হ’ল  সংশোধন কৰিব পৰা। সংশোধন কৰিব নোৱাৰা কাৰকৰ ভিতৰত এটা হ’ল মহিলাতকৈ পুৰুষসকল হৃদৰোগত বেছিকৈ আক্ৰান্ত হয়। দ্বিতীয়তে, পৰিয়ালত যদি কম বয়সত হাৰ্ট এটেক্‌ হোৱাৰ ইতিহাস থাকে, তেন্তে পিছৰ প্ৰজন্মৰ বাবে ই এটা ৰিস্ক ফেক্টৰ হৈ পৰে। কম বয়স বোলোতে ইয়াত পুৰুষৰ ৪৫ বছৰ বয়স আৰু মহিলাৰ ৫৫ বছৰ বয়সৰ তলৰ ব্যক্তিক বুজোৱা হৈছে। সংশোধন কৰিব পৰা কাৰকসমূহৰ ভিতৰত উচ্চ ৰক্তচাপ, হাই কলেষ্টৰেল, ধূমপান, মেদবহুলতা, ডায়েবেটিছ, পৰিশ্ৰমহীনতা, মানসিক চাপ বা উদ্বিগ্নতা আদি। জীৱনশৈলীৰ পৰিৱৰ্তন সাধন কৰি এই কাৰকসমূহ নাইকিয়া কৰিব পাৰি। এইখিনিতে এটা কথা, আমি মহামাৰী বুলিলে টাইফয়েড, কলেৰা আদি ৰোগৰ ব্যাপক প্ৰাদুৰ্ভাৱ বুলিহে জানিছিলো। কিন্তু সম্প্ৰতি ভাৰতবৰ্ষকে ধৰি সমগ্ৰ দক্ষিণ-পূব এছিয়াৰ দেশবোৰত হৃদৰোগে মহামাৰীৰ ৰূপ ধাৰণ কৰিছে। এনেবোৰ দেশত নিতৌ অনেক কম বয়সৰ লোক হাই ব্লাডপ্ৰেছাৰ, হাই কলেষ্টৰেল, ডায়েবেটিছ আদিৰ দৰে মেটাবলিক চিনড্ৰমত আক্ৰান্ত হৈছে। এক সমীক্ষা অনুযায়ী ভাৰতবৰ্ষৰ চহৰাঞ্চলৰ ৯ৰ পৰা ১৪ শতাংশ আৰু গাঁও অঞ্চলত ৩ৰ পৰা ৫ শতাংশ লোক কৰোনাৰি হৃদৰোগত আক্ৰান্ত। যিটো গতিত হৃদৰোগীৰ সংখ্যা বাঢ়ি আছে, এই গতি অব্যাহত থাকিলে অদূৰ ভৱিষ্যতে ৩৪% পুৰুষ আৰু ৩২% মহিলাৰ হৃদৰোগত মৃত্যু হোৱাৰ আশংকা আছে। বয়সৰ সৈতে হৃদৰোগৰ সম্বন্ধও আগতকৈ সলনি হৈছে। আগতে এই ৰোগ মধ্য বয়সীয়া আৰু প্ৰৌঢ় ব্যক্তিৰ মাজত সীমাবদ্ধ আছিল। বৰ্তমান যুৱকসকলৰ মাজতো এই ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটিছে।

এঞ্জাইনা কি? কিহৰ কাৰণে এই উপসৰ্গ হয়? ইয়াৰ পৰা হাত সৰাৰ উপায় কি?

কৰোনাৰি ধমনীত কলেষ্টৰেলসহ আন কিছুমান উপাদান জমা হৈ তেজ চলাচলত বাধাৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ ফলত হৃদযন্ত্ৰই প্ৰয়োজন অনুসৰি তেজৰ যোগান নাপায়। হৃদপিণ্ডৰ প্ৰয়োজন আৰু কৰোনাৰি ধমনীৰ ক্ষমতা – এই দুটাৰ মাজত ভাৰসাম্য নথকাৰ বাবে অৰ্থাৎ যোগান আৰু চাহিদাৰ মাজত সামঞ্জস্যহীনতাৰ বাবে যি সংকট উৎপন্ন হয় সেইটোৱে এঞ্জাইনা। এনে অৱস্থাত খোজ কাঢ়িলে বা পৰিশ্ৰম কৰিলে বুকু বিষায়। এঞ্জাইনা দুই ধৰণৰ আছে। ক্ৰনিক ষ্টেবল এঞ্জাইনা আৰু আনষ্টেবল এঞ্জাইনা। ৰক্ত প্ৰবাহৰ পথ বাধাগ্ৰস্ত হোৱা বাবে ক্ৰনিক ষ্টেবল এঞ্জাইনাৰ সৃষ্টি হয়। বেছি পৰিশ্ৰম কৰিলে বা খোজ কাঢ়িলে বুকুৰ মাজভাগত বা সামান্য বাওঁফালে বিষ হ’ব পাৰে। এই বিষ ডিঙিৰ তলৰ পৰা নাভিৰ ওপৰলৈ অৰ্থাৎ দুই হাত, পিঠি আদিলৈকো বিয়পিব পাৰে। আনষ্টেবল এঞ্জাইনাৰ বিষ বহি বা শুই থাকিলেও, অৰ্থাৎ পৰিশ্ৰম নকৰিলেও হ’ব পাৰে। এই বিষ সঘন আৰু অতি প্ৰবল হয়। ই এইটো সংকেত দিয়ে যে তেজৰ নলীত জমা হৈ থকা প্লাকৰ ওপৰত ব্লাড ক্লচ জমা হৈ ইতিমধ্যে ঠেক হৈ পৰা নলী বন্ধ হৈ পৰাৰ উপক্ৰম হৈছে আৰু ইয়াৰ চিকিৎসা সোনকালে নকৰিলে হাৰ্ট এটেক্‌ হ’ব পাৰে। এই ৰোগত প্ৰথমতে ঔষধৰ জৰিয়তে নিৰাময় কৰিবলৈ চেষ্টা কৰা হয় আৰু ঔষধে কাম নকৰিলে বেলুনিং বা অস্ত্ৰোপচাৰ কৰা হয়।

কৰোনাৰি এঞ্জিওগ্ৰাফী আৰু কৰোনাৰি এঞ্জিওপ্লাষ্টি কি? এই চিকিৎসা বিধ ব্যয়বহুল নেকি?

যেতিয়া কোনো এজন ৰোগী এঞ্জাইনাৰ বিষ লৈ ডাক্তৰৰ ওচৰলৈ আহে আৰু প্ৰাৰম্ভিক পৰীক্ষাত যদি নলী ব্লক হৈ থকাটো ধৰিব পৰা যায়, তেতিয়া এই ব্লক ক’ত আৰু কেনেদৰে আছে সেইটো বিশদভাৱে জানিবলৈ এঞ্জিওগ্ৰাফী কৰা হয়। এই পৰীক্ষাৰ বাবে ৰোগীক শুৱাই লৈ হাতৰ কোনো ধমনীত এডাল কেথেটাৰ সুমুৱাই হৃদযন্ত্ৰৰ ধমনীৰ সন্মুখৰ ফালে লৈ যোৱা হয়। ইয়াৰ পিছত এটা ডাই ইঞ্জেকচন দি প্ল’ৰোস্কোপৰ সহায়ত চোৱা হয়। পৰীক্ষাৰ দ্বাৰা যদি তেজৰ নলীৰ ব্যাসাৰ্ধৰ ৫০-৬০ শতাংশ ব্লক থকা দেখা যায়, তেন্তে ঔষধ সেৱন আৰু জীৱনশৈলী পৰিৱৰ্তনৰ পৰামৰ্শ দিয়া হয়। এই ব্লক যদি ৭০ শতাংশতকৈ বেছি হয় তেন্তে দুইধৰণে ইয়াৰ চিকিৎসা কৰা হয়। এটা হ’ল –কৰোনাৰি এঞ্জিওগ্ৰাফী আৰু আনটো হ’ল কৰোনাৰি বাইপাছ চাৰ্জাৰী। কোনবিধ চিকিৎসা কোনজন ৰোগীক দিয়া হ’ব সেইটো নিৰ্ভৰ কৰে ব্লকৰ সংখ্যা আৰু ইয়াৰ ঘনত্ব বা ব্যাপকতাৰ ওপৰত। কৰোনাৰি এঞ্জিওপ্লাষ্টিত এডাল কেথেটাৰৰ মাজেৰে এডাল সৰু তাঁৰ সুমুৱাই তেজৰ নলীত থকা ব্লকটো পাৰ কৰি দিয়া হয়। ইয়াৰ পিছত তাঁৰৰ ওপৰেৰে বেলুন এটা লৈ গৈ বেলুনটো ফুলাই দিয়া হয়। বেলুনটো ফুলাই দিয়াৰ লগে লগে তাত প্লাক হিচাপে জমা হৈ থকা কলেষ্টৰেল, ফেট্‌ আদি বস্তুবোৰ ভাঙি গুৰি হৈ যায় আৰু এনেদৰে ব্লকটো খুলি যায়। এঞ্জিওপ্লাষ্টিৰ বাবে ব্যৱহাৰ কৰা মেটেলিক ষ্টেণ্টবোৰ এখন সৰু তাঁৰৰ জালিৰ দৰে। ষ্টেণ্টডাল সুমুৱাই জালিখন ভিতৰত মেলি দিলে জালিখন তেজৰ নলীত এনেদৰে লাগি থাকে যাতে নলীৰ ব্যাসৰ সংকোচন ঘটিব নোৱাৰে। দেখা গৈছে যে এনেদৰে ব্লক খোলাৰ পিছতো কিছুমান ৰোগীৰ নলীৰ ৩০ৰ পৰা ৩৫ শতাংশ আৰু ডায়েবেটিছ ৰোগীৰ ক্ষেত্ৰত ইয়াতকৈ বেছি ডাঠ ব্লক গঠন হয়। ইয়াক ৰিষ্টেনোচিচ বোলা হয়। সেয়ে বৰ্তমান কিছুমান নতুন ধৰণৰ ষ্টেণ্ট লগোৱা হয়, য’ত কিছুমান ঔষধৰ প্ৰলেপ লগোৱা থাকে আৰু ইয়াৰপৰা অলপ অলপকৈ তেজত মিহলি হৈ ৰিষ্টেনোচিচ হোৱাত বাধা দিয়ে। এইখিনিতে এঞ্জিওগ্ৰাফী সম্পৰ্কে এটা কথা – যেনেদৰে পেটৰ বা মূৰৰ চিটি স্কেন লোৱা হয়, তেনেদৰে হাৰ্টৰ তেজৰ নলীৰো স্কেন কৰিব পৰা হৈছে। ইয়াক চিটি কৰোনাৰি এঞ্জিওগ্ৰাফী বোলা হয়। কিছুমান বিশেষ সংকেত পালেহে এই স্কেন কৰাবলৈ পৰামৰ্শ দিয়া হয়। এই সুবিধা গুৱাহাটীতো আছে।এঞ্জিওগ্ৰাফী আৰু এঞ্জিওপ্লাষ্টি এক ব্যয়বহুল চিকিৎসা। কোনো ব্যক্তিগত চিকিৎসালয়ত এঞ্জিওপ্লাষ্টিৰ জৰিয়তে যদি এডাল ড্ৰাগ কোটিং ষ্টেণ্ট বহুওৱা হয়, তেন্তে তাৰ সামগ্ৰিক খৰচ নুন্যতম দুই লাখ টকা হয়গৈ। এইমছৰ দৰে চৰকাৰী চিকিৎসালয়তো হয়তো এই খৰচ এক-ডেৰ লাখ টকা হ’বগৈ।

কৰোনাৰি বাইপাছ চাৰ্জাৰী কি? এই অস্ত্ৰোপচাৰ কেনেদৰে কৰা হয়? এই চিকিৎসা সম্পন্ন কৰাৰ পিছত এজন হৃদৰোগী কিমান দিনলৈ সুস্থ হৈ থাকিব পাৰে?

এঞ্জিওগ্ৰাফী কৰি যেতিয়া জনা যায় যে এঞ্জিওগ্ৰাফী বা ষ্টেণ্ট লগাই ব্লককেইটা খুলিব নোৱাৰি, তেতিয়া বাইপাছ চাৰ্জাৰী কৰিবলগীয়া হয়। এই অস্ত্ৰোপচাৰকে চিকিৎসা বিজ্ঞানত ‘কৰোনাৰি আৰ্টাৰী বাইপাছ গ্ৰাফটিং’ বুলি কোৱা হয়। এই অস্ত্ৰোপচাৰত ভৰিৰ পৰা চেফেনাচ ভেইন(সিৰা) অথবা হাতৰ পৰা ৰেডিয়েল আৰ্টাৰি(ধমনী) টুকুৰাকৈ কাটি লৈ মহাধমনী বা এওৰ্টাৰ পৰা ব্লককেইটা বাইপাছ কৰি কৰোনাৰি ধমনীত জোৰা লগাই দিয়া হয় বা গ্ৰাফটিং কৰা হয়। ইয়াৰ ফলত ৰক্ত সৰবৰাহ সুচলভাৱে চলি থাকে। চেফেনাচ ভেইন আৰু ৰেডিয়েল আৰ্টাৰিৰ উপৰি ‘এল এ ডি’ বা লেফট এণ্টেৰিয়ৰ ডিচেণ্ডিং আৰ্টাৰি নামৰ ধমনী ব্লক হ’লে সাধাৰণতে লেফট ইণ্টাৰনেল মেমৰি আৰ্টাৰি বা চমুকৈ ‘লিমা’ নামৰ আৰ্টাৰি গ্ৰাফটিঙৰ বাবে লোৱা হয়। বাইপাছ কৰাৰ পিছত এই চেনেলবোৰত আকৌ ব্লক হ’ব পাৰে। দেখা গৈছে যে ভেইনৰ সহায়ত তৈয়াৰ কৰা চেনেল দহ বছৰত ৪০-৫০ শতাংশ ব্লক হৈ পৰে। কিন্তু আৰ্টাৰিৰ চেনেলবোৰ দহ বছৰলৈ ৯০ শতাংশ খোলাই থাকে। অৰ্থাৎ আৰ্টাৰিৰ চেনেলত পুনৰ ব্লক হোৱাৰ সম্ভাৱনা কম। সেয়ে আৰ্টাৰিৰ চেনেলবোৰ ভেইনৰ চেনেলতকৈ ভাল হয়। বাইপাছ অপাৰেচনৰ পিছত এজন ৰোগী কিমানদিনলৈ সুস্থ হৈ থাকিব পাৰে – সেই কথাটো আন কিছুমান কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। চিকিৎসকৰ পাৰদৰ্শিতা আৰু ৰোগীৰ সাধাৰণ স্বাস্থ্য এটা গুৰুত্বপূৰ্ণ দিশ। বহুতো ৰোগীৰ বংশগতভাৱে নলী ব্লক হোৱাৰ প্ৰৱণতা থাকে। কিছুমান ৰোগীয়ে অস্ত্ৰোপচাৰৰ পিছত হৃদৰোগৰ সম্ভাৱ্য কাৰকসমূহ উপেক্ষা কৰে বা বিধি নিষেধ মানি নচলে। তদুপৰি অস্ত্ৰোপচাৰৰ সময়ত হৃদযন্ত্ৰৰ কাৰ্যক্ষমতা কেনে অৱস্থাত আছিল সেইটোও এটা গুৰুত্বপূৰ্ণ কথা। দেখা গৈছে উপৰোক্ত কাৰণসমূহ নাথাকিলে, বাইপাছ চাৰ্জাৰী কৰা এজন ৰোগী নিজৰ জীৱদ্দশালৈ সম্পূৰ্ণ সুস্থ হৈ থাকে।

হাৰ্ট এটেক কি? কি কাৰণত হাৰ্ট এটেক হয়? ইয়াৰ লক্ষণসমূহ কেনেধৰণৰ আৰু ইয়াৰ পৰা হাত সৰাৰ উপায় কি?

তেজৰ নলীত জমা হোৱা কলেষ্টেৰল (ডিপজিট)বোৰক ‘প্লাক’ বুলি কোৱা হয়। এই প্লাকবোৰ দুইধৰণৰ –ষ্টেবল আৰু আনষ্টেবল। যিবোৰ ষ্টেবল প্লাক সেইবোৰত গেদৰ পৰিমাণ বৃদ্ধি হৈ থাকিলে ভাঙি বা ফাটি নাযায়। কিন্তু আনষ্টেবল প্লাকত কলেষ্টেৰল বৃদ্ধি হৈ বা আন কাৰণত কেতিয়াবা তাৰ ওপৰৰ তৰপটো ফাটি যায়। ইয়াৰ ফলত পৰিবাহিত তেজ ভিতৰৰ বস্তুবোৰৰ সংস্পৰ্শলৈ আহি ‘ক্লট’ৰ সৃষ্টি কৰে। ইয়াৰ লগে লগে তেজৰ নলী সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে আৰু হৃৎপিণ্ডৰ মাংসপেশীত তেজৰ অভাৱ হৈ ৰোগীৰ বুকুত প্ৰচণ্ড বিষ হয়। ইয়াকে হাৰ্ট এটেক বোলা হয়। হাৰ্ট এটেকৰ লক্ষণ দুইধৰণে প্ৰকাশ হয়। এটা হ’ল – টিপিকেল আৰু আনটো এ-টিপিকেল। টিপিকেল লক্ষণত বুকুৰ মাজত প্ৰচণ্ড বিষ হোৱাৰ লগতে ৰোগীৰ শ্বাসকষ্ট হয়, প্ৰচুৰ ঘাম ওলায়, শৰীৰ ক্লান্ত লাগে। হাৰ্ট এটেকৰ প্ৰায় পঞ্চাশ শতাংশ ৰোগীৰ এনেধৰণৰ লক্ষণ প্ৰকাশ পায়। এ-টিপিকেল লক্ষণত বিষ নাথাকিব পাৰে কিন্তু উশাহ লোৱাত কষ্ট হ’ব পাৰে, ভাগৰ লাগে আৰু গেষ্ট্ৰাইটিচৰ দৰে হয়। বিশেষকৈ ডায়েবেটিছত আক্ৰান্ত ৰোগীৰ এনে হোৱা দেখা যায়। ডায়েবেটিছ ৰোগীসকলৰ বিষ অনুভৱ কৰিব পৰা নাৰ্ভবোৰ বহুখিনি ধ্বংসপ্ৰাপ্ত হয় বাবে হাৰ্ট এটেক হ’লেও গম নাপাব পাৰে। কেতিয়াবা সুস্থ যেন লগা মানুহ এজন হঠাতে মূৰ ঘূৰাই পৰি গ’লে বা গা বেয়া লাগি শ্বাসকষ্ট অনুভৱ কৰি হাৰ্ট এটেক্‌ হ’লেও এ-টিপিকেল লক্ষণ বুলি ক’ব পৰা যায়। হৃদৰোগৰ যিকেইটা মূল কাৰণ সেইকেইটা হাৰ্ট এটেকৰো কাৰণ। কাৰণ এনেধৰণৰ ৰোগীৰ ৮০ শতাংশই হৃদৰোগী। নিয়মিতভাৱে ঔষধ নাখালে, ৰক্তচাপ আৰু ৰক্তশৰ্কৰা নিয়ন্ত্ৰণত নাৰাখিলে আৰু চাপমুক্ত হৈ নাথাকিলে হৃদৰোগীসকলৰ হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। হাৰ্ট এটেক হ’লে লগে লগে ৰোগীক চিকিৎসালয়ত ভৰ্তি কৰাব লাগে। পলম কৰিলে ৰোগী মৃত্যুমুখত পৰিব পাৰে।

উচ্চ ৰক্তচাপ হৃদৰোগৰ কাৰণ হ’ব পাৰে নেকি? উচ্চ ৰক্তচাপজনিত হৃদৰোগ কি কি?

নিশ্চয়। উচ্চ ৰক্তচাপ হৃদৰোগৰ এক অন্যতম কাৰণ। ভাৰতবৰ্ষৰ চহৰাঞ্চলৰ ৩০ শতাংশতকৈও অধিক লোক এই ৰোগত আক্ৰান্ত। ৰক্তচাপ অনিয়ন্ত্ৰিত হৈ থাকিলে কৰোনাৰি হৃদৰোগ হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা থাকে। ৰক্তচাপ সম্পৰ্কে পূৰ্বৰ ধাৰণাও বৰ্তমান সলনি হৈছে।আগতে সত্তৰ-আশী বছৰ বয়সিয়াল ব্যক্তিৰ ১৬০/১০০ চাপক স্বাভাৱিক বুলি ধৰি লৈ ঔষধ খাবলৈ দিয়া নহৈছিল। বৰ্তমান যিকোনো বয়সৰ ব্যক্তিৰ বাবে ১২০/৮০ চাপ স্বাভাৱিক ৰক্তচাপ বুলি ধৰা হয়। ৰক্তচাপ ১৩৫/৮৫ লৈ গ’লেই উচ্চ ৰক্তচাপলৈ গতি কৰা বুলি কোৱা হয়। সেয়ে স্বাভাৱিকতকৈ বেছি চাপ থকা ব্যক্তিক নিয়মিতভাৱে ঔষধ খাবলৈ দি ইয়াক নিয়ন্ত্ৰণত ৰখা হয়। তেজৰ অতিৰিক্ত চাপ লৈ হৃদপিণ্ডই অনবৰত পাম্প কৰি থাকিলে হৃদযন্ত্ৰৰ মাংসপেশীবোৰ শকত হৈ পৰে আৰু ইয়াৰ ফলত হাৰ্ট ফেইল হ’ব পাৰে।

উচ্চ ৰক্তচাপ ৰোগৰ কাৰণ কি? ইয়াক কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি?

নব্বৈৰ পৰা পচানব্বৈ শতাংশ উচ্চ ৰক্তচাপ ৰোগ বংশগত। পৰিয়ালত ৰোগৰ ইতিহাস থাকিলে পিছৰ প্ৰজন্মত এই ৰোগ হোৱা দেখা যায়। ইয়াক ‘এচেনচিয়েল হাইপাৰটেনচন’ বোলা হয়। পাঁচৰ পৰা দহ শতাংশ ৰোগীৰ এই ৰোগৰ বংশগত ইতিহাস নাথাকে। ইয়াক ছেকেণ্ডাৰী হাইপাৰটেনচন বোলা হয়। এই ৰোগীসকলৰ কিছুমানে কিড্‌নীৰ সংক্ৰমণ বা আন কোনো ৰোগত ভোগে। যাৰবাবে ৰক্তচাপ বাঢ়ি যায়। ৰোগ চিনাক্ত কৰি চিকিৎসা কৰালে অপ্ৰয়োজনীয়ভাৱে ৰক্তচাপ নিয়ন্ত্ৰণৰ ঔষধ নাখালেও হয়।

পুৰুষতকৈ মহিলাৰ হৃদৰোগৰ সম্ভাৱনা কম নেকি? ইয়াৰ মূল কাৰণ কি?

পুৰুষতকৈ মহিলাৰ হৃদৰোগৰ সম্ভাৱনা নিশ্চয় কম। কিন্তু ৬৫ বছৰ বয়সৰ পিছত পুৰুষ আৰু মহিলা উভয়ৰে হৃদৰোগৰ সম্ভাৱনা সমান সমান। মহিলাৰ ঋতুস্ৰাৱ চলি থকা সময়ছোৱাত হৃদৰোগ হোৱাৰ সম্ভাৱনা বেছি নাথাকে। ইয়াৰ কাৰণ হ’ল ইষ্ট্ৰোজেন হৰমোনৰ নি:সৰণ। এই হৰমোনৰ এক প্ৰতিৰোধী শক্তি আছে, যিয়ে হৃদযন্ত্ৰক সুৰক্ষা দিয়ে। ঋতুস্ৰাৱ চলি থকা সময়ছোৱাত হৃদৰোগ হোৱাৰ সম্ভাৱনা খুব কম যদিও দুটা ক্ষেত্ৰত ইষ্ট্ৰোজেন হৰমোনৰ প্ৰতিৰোধী শক্তিয়ে বিশেষ কাম নকৰে। এটা হ’ল – যদিহে বংশগতভাৱে কম বয়সত হাৰ্ট এটেক হোৱাৰ ইতিহাস থাকে আৰু দ্বিতীয়তে, যদিহে ডায়েবেটিছ ৰোগ অনিয়ন্ত্ৰিত হয়। ডায়েবেটিছ ৰোগে ইষ্ট্ৰোজেন হৰমোনৰ প্ৰতিৰোধী শক্তিক অকামিলা কৰি পেলায়।

কনজেনেটাইল হৃদৰোগ কি? এনেধৰণৰ বিসংগতিৰ কাৰণ কি? এই বিসংগতি সাধাৰণতে কিমান বয়সত হোৱা দেখা যায়?

জন্মগতভাৱে হৃদযন্ত্ৰৰ ত্ৰুটি থকাটোকে কনজেনেটাইল হৃদৰোগ বোলা হয়। মাতৃগৰ্ভত থকাৰ পৰাই কিছুমান শিশুৰ হৃদযন্ত্ৰৰ বিসংগতি থাকে। বেছিভাগ এনে ত্ৰুটিৰ কোনো কাৰণ নাই। বংশগতভাৱে এই ৰোগ হয় বুলিও ক’ব নোৱাৰি। কিন্তু পৰিয়ালত কাৰোবাৰ এই ৰোগ থকাৰ ইতিহাস থাকিলে ৰোগৰ সম্ভাৱনা থাকে বুলি ক’ব পাৰি। গৰ্ভজাত শিশুৰ হৃদযন্ত্ৰৰ বিসংগতি সৃষ্টি কৰিব পৰা কেইটামান পোনপটীয়া কাৰণ হ’ল– গৰ্ভাৱস্থাত মাতৃগৰাকীয়ে যদি ধূমপান বা মদ্যপান কৰে, তেন্তে গৰ্ভস্থ শিশুৰ এই ৰোগ হ’ব পাৰে। দ্বিতীয়তে কিছুমান ঔষধ সেৱনৰ পৰাও এনে ৰোগ হ’ব পাৰে। আগতে থেলেড’মাইড নামৰ এবিধ ঔষধ সেৱনৰ পিছত এনে বিসংগতি ধৰা পৰিছিল। যাৰবাবে এই শ্ৰেণীৰ ঔষধ নিষিদ্ধ কৰা হৈছে। সেয়ে গৰ্ভাৱস্থাত ঔষধ সেৱনৰ ক্ষেত্ৰত বিশেষ সাৱধানতা অৱলম্বন কৰা হয়। বৰ্তমান চহৰাঞ্চলৰ গৰ্ভৱতী মহিলাক স্ত্ৰীৰোগ বিশেষজ্ঞই বিসংগতি ধৰা পেলাব পৰা বিশেষ স্ক্ৰীনিং কৰাবলৈ পৰামৰ্শ দিয়ে, বিশেষকৈ যিসকলৰ পৰিয়ালত এই ৰোগৰ ইতিহাস আছে অথবা যাৰ পূৰ্বৰ কোনো সন্তান এনেধৰণৰ হৃদৰোগত আক্ৰান্ত হৈছে, তেনে গৰ্ভৱতী মাতৃয়ে এই পৰীক্ষা কৰোৱা উচিত। পৰীক্ষাৰ দ্বাৰা গৰ্ভজাত শিশুৰ এনে ত্ৰুটি ধৰা পৰিলে চিকিৎসকে গৰ্ভপাত কৰাবলৈ পৰামৰ্শ দিয়ে।

ৰিউমেটিক হাৰ্ট ডিজিজ কি? এই ৰোগৰ মূল কাৰণ কি? ৰোগৰ চিকিৎসা কেনেধৰণে কৰা হয়?

ৰিউমেটিক হাৰ্ট ডিজিজ শিশুসকলৰ এটি গুৰুতৰ হৃদয়জনিত সমস্যা। পাশ্চাত্যত এই ৰোগ সমূলি উৎখাত হৈছে যদিও আমাৰ দেশৰ গাওঁ অঞ্চলৰ বহু শিশু এতিয়াও এনে ৰোগত আক্ৰান্ত হয়। ইয়াৰ কাৰণ হ’ল- পৰিষ্কাৰ-পৰিচ্ছন্নহীনতা, অস্বাস্থ্যকৰ পয়:প্ৰণালী, পুষ্টিহীনতা আদি। এই ৰোগ হোৱাৰ মূল কাৰণ হ’ল- ষ্টেপত’কক্কাচ নামৰ এবিধ জীৱাণুৰ সংক্ৰমণ। এই জীৱাণুবিধে ডিঙিত সংক্ৰমণ ঘটোৱাৰ পিছত ইয়াক প্ৰতিহত কৰিবলৈ শৰীৰে কিছুমান অস্বাভাৱিক এণ্টিবডি তৈয়াৰ কৰে আৰু এই এণ্টিবডিবোৰে হৃদযন্ত্ৰৰ কক্ষত থকা কপাটিকা বা ভাল্‌ভত আঘাত কৰে। আমাৰ হৃদযন্ত্ৰত চাৰিটা কক্ষ আছে আৰু প্ৰত্যেকৰে একোটাকৈ কপাটিকা আছে। সোঁফালে থাকে ট্ৰাইকাস্পিড আৰু পালমোনাৰি ভাল্‌ভ আৰু বাওঁফালে থাকে মাইট্ৰেল আৰু এওৰ্টিক ভাল্‌ভ। ৰিউমেটিক হাৰ্ট ডিজিজত শৰীৰে ফুটা কৰি দিয়ে অথবা টান কৰি পেলায়। এই ৰোগত পালমেনাৰিৰ বাহিৰে বাকী তিনিওটা ভাল্‌ভ এক বা একাধিকভাৱে ক্ষতিগ্ৰস্ত হ’ব পাৰে। ইয়াৰ ভিতৰত মাইট্ৰেল ভাল্‌ভৰ ক্ষতি বেছিকৈ হয়। ৰিউমেটিক জ্বৰৰ পৰা ৰোগৰ আৰম্ভণি হয়। জ্বৰৰ লগতে ডিঙি আৰু আঁঠুৰ বিষ হয়। ইয়াৰ ভিতৰত কিছুমান ৰোগ ভাল হৈ যায় যদিও কিছুমানৰ এসপ্তাহ-দুসপ্তাহমান পিছত হৃদযন্ত্ৰক সংক্ৰমিত কৰি ৰিউমেটিক হৃদৰোগ সৃষ্টি কৰে। সাধাৰণতে পাঁচৰ পৰা পোন্ধৰ বছৰ বয়সৰ শিশু এই ৰোগত বেছিকৈ আক্ৰান্ত হয়। এই ৰোগৰ চিকিৎসা নিশ্চয় আছে। ভাল্‌ভ যদি টান হৈ লাগি ধৰে তেন্তে বেলুনিং কৰিব পাৰি। অৱশ্যে মাইট্ৰেল ভাল্‌ভ আক্ৰান্ত হ’লেহে বেলুনিং কৰিব পাৰি। আন ভাল্‌ভত নোৱাৰি। ইয়াৰ বাহিৰে এই ৰোগৰ চিকিৎসাত অস্ত্ৰোপচাৰো কৰা হয়। কিন্তু দুৰ্ভাগ্যজনকভাৱে আমাৰ দেশৰ এনে ৰোগীসকলে ৰোগৰ চিকিৎসাত পলম কৰাৰ উপৰি অভিভাৱকসকলৰ আৰ্থিক অৱস্থা ইমান শোচনীয় যে চিকিৎসাৰ খৰচ বহন কৰিবলৈ অপাৰগ হয় আৰু বহু ৰোগী মৃত্যুমুখত পৰে।

হৃদৰোগৰপৰা হাত সাৰি থাকিবলৈ হ’লে কি কি বিষয়ত সাৱধানতা অৱলম্বন কৰিব লাগে? হৃদৰোগ নোহোৱাকৈ থাকিবলৈ আমি কি কৰা উচিত?

বৰ্তমান হৃদযন্ত্ৰৰ সুৰক্ষা সম্বন্ধে নতুন চিন্তা-চৰ্চা হৈছে। আমি জানো যে নিৰাময়তকৈ প্ৰতিৰোধ ভাল। সেয়ে ৰোগৰ বিৰুদ্ধে প্ৰতিৰোধ গঢ়ি তোলাটো মূল কথা। বহুতে নজনা এটি কথা হ’ল – জীৱনৰ মাজ বয়সত যি হৃদৰোগ হয়, তাৰ বীজ বা আৰম্ভণি হয় জীৱনৰ আগবয়সত। সেয়ে শিশুসকলৰ পৰা পৰ্যায়ক্ৰমে জীৱনৰ শেষ বয়সলৈ মানুহে যদি প্ৰতিৰোধ ক্ষমতা গঢ়ি তুলিব পাৰে তেন্তে হৃদৰোগ হ’ব পৰাৰ সম্ভাৱনা কমি যায়। প্ৰথম দহ বছৰত অভিভাৱকসকলে শিশুটিৰ কিছুমান বিষয়ৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। কিছুমান শিশু কম বয়সতে বেছিকৈ শকত হয়। ইয়াক Puppy Fat বোলা হয় আৰু ডাঙৰ হ’লে এই ফেট নোহোৱা হৈ পৰিব বুলি মানুহে ধৰি লয়। কিন্তু বৰ্তমান এই ধাৰণা সলনি হৈছে। শিশুক কেতিয়াও বেছি শকত হ’বলৈ দিব নালাগে, কাৰণ এই ফেট পিছৰ বয়সলৈ থাকি যায় আৰু এইবিলাকে কিছুমান শাৰীৰিক জটিলতাৰ সৃষ্টি কৰাৰ সম্ভাৱনা থাকে। বৰ্তমান শিশুক ক্ষীণাবলৈ প্ৰৰোচিত কৰিব লাগে। যদি কোনো শিশুৱে চৰ্বিযুক্ত খাদ্য বা জাংক ফুড পচন্দ কৰে, তেন্তে তাক এনেধৰণৰ খাদ্য যিমান পৰা যায় কমকৈ খাবলৈ দিয়াৰ লগতে খোৱা খাদ্য হজম কৰিব পৰাকৈ খেলা-ধূলা বা ব্যায়াম আদিৰ দ্বাৰা শিশুটিক শাৰীৰিকভাৱে সক্ৰিয় কৰি ৰাখিব লাগে। দ্বিতীয় পৰ্যায়ৰ সাৱধানতা যুৱাৱস্থাত ল’ব লাগে। এই বয়সতে সাধাৰণতে ধূমপানৰ অভ্যাস গঢ়ি উঠে আৰু ই এনে এটা অভ্যাস যিটো এবাৰ গঢ়ি তোলাৰ পিছত তাক পৰিত্যাগ কৰাটো সঁচাকৈয়ে টান কাম। হৃদযন্ত্ৰৰ ক্ষতিকাৰক উপাদানসমূহৰ ভিতৰত ধূমপান আটাইতকৈ বেছি মাৰাত্মক। সেয়ে যুৱকসকলে ধূমপানৰ পৰা বিৰত থকাৰ লগতে যিসকলে ইতিমধ্যে এনে অভ্যাস গঢ়ি তুলিছে তেওঁলোকে ইয়াক যেনেতেনে পৰিত্যাগ কৰিবলৈ চেষ্টা কৰিব লাগে। প্ৰয়োজন হ’লে কাউন্সেলিঙৰ সহায় ল’ব লাগে। এনে কথাই মদ্যপানৰ ক্ষেত্ৰতো প্ৰযোজ্য। বেছি পৰিমাণৰ মদ্যপানে হৃদযন্ত্ৰৰ মাংসপেশী দুৰ্বল কৰি পেলায়। এলক’হলিক কাৰ্ডিয়’মায়’পেথি নামৰ ৰোগ অথবা হাৰ্ট এটেকৰ সম্ভাৱনা বঢ়ায়। যদিও পশ্চিমীয়া দেশত নিতৌ নব্বৈ মি:লি: মাত্ৰাৰ এলক’হল সেৱন হৃদযন্ত্ৰৰ বাবে ক্ষতিকাৰক নহয় বুলি কৈছে – তথাপি আমাৰ দেশত আমি এই পৰামৰ্শ দিব নোৱাৰো। কাৰণ আমাৰ মানুহৰ শাৰীৰিক গঠন তেওঁলোকতকৈ পৃথক। তৃতীয়তে, ল’ৰা-ছোৱালীয়ে কিশোৰ অৱস্থাৰ পৰাই ব্যায়ামৰ অভ্যাস গঢ়ি তুলিব লাগে। হৃদযন্ত্ৰক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত ই এটা ভাল উপায়। ধৰি লওক – কোনো এজন মানুহৰ তেজৰ নলীত ব্লক ধৰা পৰিছে। সমান্তৰালভাবে আন এডাল নলীৰ পৰা সৰু সৰু কিছুমান শাখানলী ওলাই দলঙৰ নিচিনাকৈ ব্লক থকা তেজৰ নলীত গৈ লগ লাগিব আৰু এই শাখানলীৰ মাজেৰে তেজৰ প্ৰবাহ স্বাভাৱিকভাৱে চলি থাকিব। ব্যায়ামৰ ফলত হৃদযন্ত্ৰৰ সক্ৰিয়তা এই প্ৰক্ৰিয়াৰে বৃদ্ধি পায়। সকলো মানুহে দৈনিক আধাঘণ্টা সময় জগিং, চাইক্লিং আদি যিকোনো ধৰণৰ ব্যায়াম নিয়মিতভাবে কৰিব লাগে। ইয়াৰ লগে লগে মনটোক চাপমুক্তকৈ ৰাখিব লাগে। মনক চাপহীন কৰি ৰখাৰ বাবে ধ্যান, প্ৰাণায়াম, যোগাসন আদি ভাল উপায়। চতুৰ্থতে, হৃদযন্ত্ৰৰ সুৰক্ষাৰ ক্ষেত্ৰত খাদ্যৰো এক বিশেষ ভূমিকা আছে। পৰ্যাপ্ত পৰিমাণৰ ফল-মূল আৰু শাক-পাচলি খালে হৃদযন্ত্ৰ স্বাভাৱিকভাবে ভালে থাকে। অৱশ্যে ডায়েবেটিছ ৰোগীয়ে ফল-মূলৰ ক্ষেত্ৰত কিছু সাৱধানতা ল’ব লাগে। হৃদযন্ত্ৰৰ বাবে এবিধ উপকাৰী খাদ্যদ্ৰব্য হ’ল মাছ- ঘাইকৈ সাগৰীয় মাছ। আমাৰ ইয়াত যিহেতু ই সুলভ নহয়, তাৰ সলনি আন মাছ খাব পাৰি। সকলো ধৰণৰ ৰেডমিট, যেনে- গাহৰি, ছাগলী আদিৰ মাংসত যিহেতু উচ্চ মাত্ৰাৰ কলেষ্টেৰল থাকে, সেয়ে এনে মাংস খাব নালাগে। চয়াবিন ভাল। ইয়াত যথেষ্ট প্ৰ’টিন থাকে। মুঠতে ক’বলৈ গ’লে সুষম খাদ্য, নিয়মিত ব্যায়াম, ধূমপান বৰ্জন, ৰক্তচাপ আৰু ৰক্তশৰ্কৰা নিয়ন্ত্ৰণৰ লগতে মনটোক চাপমুক্তকৈ ৰাখিলে হৃদযন্ত্ৰক সুৰক্ষা দিয়া হ’ব আৰু লগতে হৃদৰোগ হোৱাৰো ভয় নাথাকে।

লেখিকা: ৰেবা বৰুৱা, স্বাস্থ্য আৰু দীৰ্ঘজীৱন।

শেহতীয়া উন্নীতকৰণ: : 6/27/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate