স্থান : শ্ৰেণী
গোটৰ আকাৰ : পূৰা শ্ৰেণী
সময় : ৩০ মিনিট
যোগাৰ : টোকা বহী, পেঞ্চিল, শব্দ কৰিবৰ বাবে বস্তু
ছাত্ৰ ছাত্ৰী সকলক শব্দ আৰু গণ্ডগোলৰ ধাৰণা দিয়া আৰু লগতে অনুভৱ কৰোৱা যে শব্দ আৰু গণ্ডগোল আপেক্ষিক ধাৰণা।
ছাত্ৰ ছাত্ৰী সকলক তেওঁলোকে শূনা কিছুমান শব্দৰ তালিকা কৰিব কওক। এই শব্দবোৰ প্ৰকৃতিত ঘটা হ’ব লাগে- পানী পৰা, বতাহ বলা, মেঘৰ গাজনি আৰু জীৱ জন্তৱে কৰা শব্দও হ’ব পাৰে, যেনে কুকুৰৰ ভুকনি, চৰাইৰ কিৰিলি, গাধৰ চিয়ঁৰ; আনকি মানুহে কৰা শব্দও হ’ব পাৰে, যেনে চিয়ঁৰ, গান, বকনি আদি। তেওঁলোকে এইবোৰ শূনিবলৈ ভাল লগা আৰু নলগা বুলি ভাগ কৰক। সকলোবোৰ ছাত্ৰ ছাত্ৰীৰে শব্দৰ এনে শ্ৰেণী বিভাগ একে হৈছেনে?
এতিয়া প্ৰতিজন ছাত্ৰ ছাত্ৰীক কিবা একোটা শব্দ কৰিব কওক। তেওঁলোকক কোনো জন্তৰ বা আন কিবা শব্দও কৰিব ক’ব পাৰে, আনকি সঘনে নুশূনা কোনো আচহুৱা শব্দও কৰিব পাৰে। তেওঁলোকে আন কিবা বস্তু ব্যৱহাৰ কৰিও শব্দ উলিয়াব পাৰে, যেনে দুটা বস্তু ঘঁহি বা খুন্দিয়াই। আন ছাত্ৰ ছাত্ৰীবোৰে সেই শব্দ শুনিব আৰু ভাল লগা নে নলগা ক’ব।
এইবাৰ তেওঁলোকক সোধক- জন্তবোৰে কৰা শব্দবোৰৰ কাম কি। জন্তবোৰৰ বাবে এই শব্দবোৰ ভাল লগা নে ভাল নলগা বুলি তেওঁলোকে ভাবে?
ভিন ভিন জন্তৰ মাতৰ কিবা নাম আছেনে?
ছাত্ৰ ছাত্ৰী সকলে এনে কিবা এটা শব্দ কৰিব পাৰেনে যিটো মেকুৰীয়ে বেয়া পায়, অথচ কুকুৰে ভাল পায়?
উৎস: শিকাৰ আনন্দ, পৰিৱেশ বিজ্ঞান কেন্দ্ৰ, আহমেদাবাদ।
শেহতীয়া উন্নীতকৰণ: : 3/26/2020
খনিকৰ
গোন্ধ আৰু শব্দ
এলাহ দূৰ কৰিবলৈ আপুনি কি কি কৰিব লাগে
চাহ কি আৰু কিয়?