অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পানী গৰম কৰা সৌৰ পদ্ধতি

পানী গৰম কৰা সৌৰ পদ্ধতি

পানী গৰম কৰা সৌৰ পদ্ধতি

পানী গৰম কৰা সৌৰ পদ্ধতি হ'ল এটা প্ৰণালী য'ত সৌৰ শক্তিক ঘৰুৱা, ব্যৱসায়িক আৰু উদ্যোগীকভাৱে প্ৰয়োজনীয় পানী উত্তাপিত কৰিবৰ বাবে ব্যৱহাৰ কৰা হয়৷ সৌৰশক্তিৰ দ্বাৰা পানী গৰম কৰা প্ৰণালী বিশ্বৰ এক সাবৰ্জনীন প্ৰণালী৷ এটা সাধাৰণ পানী গৰম কৰা সৌৰপদ্ধতিয়ে প্ৰত্যেক বছৰে ইয়াৰ সামৰ্থ্যৰ ভিতৰত প্ৰতিদিনে প্ৰতি ১লিটাৰ পানীৰ পৰা ১৫০০ ইউনিটলৈকে বিদ্যুত সঞ্চয় কৰিব পাৰে৷

পানী গৰম কৰা সৌৰপদ্ধতিৰ ভাগ

  • এটা পানী গৰম কৰা সৌৰ পদ্ধতিৰ ভিতৰত থাকে এখন চেপেটা সৌৰশক্তি সংগ্ৰাহক প্লেট, সংগ্ৰাহকৰ সন্মুখত ওখ অৱস্থাত ৰখা এটা শক্তিশালী চৌব্বাচা আৰু সংযোগী নলীসমূহ৷
  • সংগ্ৰাহকটোত সাধাৰণতে ওপৰৰ অংশত কঠিন কাচঁৰ সৈতে আৰু পিছৰফালে অপৰিবাহী  সামগ্ৰী  তামৰ পাতেৰে  যোৰা লগোৱা তামৰ নলী নিহিত হৈ থাকে (দুয়োটা উচ্চ শোষণ ক্ষমতাৰ ক’লা ৰঙেৰে আবৃত কৰি ৰখা হয়)৷ ভিতৰৰ কোঠালীতো এটা চেপেটা বাকচত স্থাপন কৰা হয়৷
  • বিশেষ ধৰণৰ আহিৰ্ত, বাস্পীভূতকাৰক কাচঁৰ নলী তামৰ পৰিৱৰ্তে ব্যৱহাৰ কৰা হয়, এখন বেলেগ ঢাকনিৰ পাত আৰু অপৰিবাহী  বাকচ ইয়াত প্ৰয়োজন নহয়৷

ই কেনেকৈ কাম কৰে ?

  • এই প্ৰণালী সাধাৰণতে সংগ্ৰাহক সূৰ্য্যৰ  মুখা-মুখিকৈ ৰাখি অবিৰতভাৱে পানী যোগান ধৰি ঘৰৰ চালত অথবা মুকলি পথাৰত স্থাপন কৰা হয় ৷
  • নলীসমূহৰ মাজেৰে পানী প্ৰৱাহিত হৈ সৌৰতাপ শোষণ কৰে আৰু গৰম হ'বলৈ ধৰে৷
  • গৰম পানী ভৱিষ্যতৰ ব্যৱহাৰৰ বাবে  এটা চৌব্বাচাত সঞ্চয় কৰা হয়৷
  • সংগৃহীত চৌব্বাচা যিহেতু অপৰিবাহী আৰু তাপৰ লোকচান নগণ্য, সেয়ে চৌব্বাচাত সঞ্চয় কৰা পানী গোটেই ৰাতিৰ বাবে গৰম হৈ থকে৷

পানী গৰম কৰাত সৌৰ শক্তি পদ্ধতিৰ ব্যৱহাৰ

  • গৰম কৰা পানী ঘৰুৱাভাবে গা-ধুৱা, পৰিস্কাৰ কৰা আৰু ধোৱা-পখলৰ বাবে ব্যৱহাৰ কৰা হয়৷
  • ইয়াক বিভিন্ন প্ৰকাৰৰ উদ্যোগিক ব্যৱহাৰত লগাব পাৰি৷

ডাৱৰীয়া বতৰত পানী গৰম কৰা সৌৰ শক্তিৰ যন্ত্ৰৰ ব্যৱহাৰ

  • বেছি ভাগ ঘৰুৱা পানী গৰম কৰা যন্ত্ৰৰ বৈদ্যুটিক বেক-আপসহ আগবঢ়োৱা হয়৷
  • বৈদ্যুটিকভাৱে উত্তাপিত সামগ্ৰীসমূহ সাধাৰণতে সঞ্চয়ৰ চৌব্বাচাটোত স্থাপন কৰা হয় আৰু ডাৱৰীয়া বতৰত ইয়াৰ চুইটচ অন কৰিব পাৰি৷
  • কিছুমান ক্ষেত্ৰত, সৌৰশক্তিৰ দ্বাৰা উত্তাপিত পানীভাগ এটা বৈদ্যুটিক গীজাৰৰ লগত সংযোগ কৰা থাকে আৰু ডাৱৰীয়া বতৰত মাত্ৰ গীজাৰৰ চুইটচ অন কৰাৰ প্ৰয়োজন হয়৷

মূল্য

চাৰিৰ পৰা পাচঁজনীয়া সদস্যৰ পৰিয়ালৰ বাবে প্ৰতিদিনে ১০০ লিটাৰ পানী উত্তাপিত কৰিবলৈ সক্ষম হোৱা আটাইতকৈ সৰু পানী গৰম কৰা  সৌৰ যন্ত্ৰ পোৱা যায়৷ ইয়াৰ খৰচৰ মূল্য ১৫,০০০ টকাৰ পৰা ১৮,০০০ টকা আৰু প্ৰতি বছৰে ১৫০০ ইউনিট বিদ্যুত ৰাহি কৰিব পাৰি৷

উপলব্ধতা আৰু মেৰামতি/ পৰীক্ষা

  • পানী গৰম কৰা  সৌৰ প্ৰণালী প্ৰস্তুতকাৰীসকল, তেওঁলোকৰ ডীলাৰসকল আৰু “ আদিত্য” সৌৰ দোকানৰ পৰা  পাব আৰু সংস্থাপন কৰিব পাৰি৷
  • মেৰামতি আৰু পৰীক্ষাকৰণৰ সুবিধাসমূহ তেওঁলোকৰ সৈতে উপলব্ধ৷
  • ৰাজ্যিক কেন্দ্ৰস্থ গোটসমূহে ইয়াৰ ওপলব্ধতাৰ ওপৰত সংবাদ আগবঢ়াব পাৰে৷

পানী উত্তাপিতকৰণৰ সৌৰ হিটাৰ- উত্তাপৰ কাৰণ

  • 60-800  চে. উঞ্চতাত হোটেল, চিকিত্সালয়, ৰেষ্টুৰেন্ট, দুগ্ধ উত্পাদনৰ ক্ষেত্ৰ, ঘৰ, উদ্যোগ আদিঅৰ বাবে গৰম পানী৷
  • 100-300 লিটাৰ সামৰ্থ্যৰ পানী উত্তাপিতকৰণৰ সৌৰহিটাৰ (এচডব্লিউঅএইচ ৰ) ঘৰুৱা ব্যৱহাৰৰ বাবে উপযোগী৷
  • বৃহত আকাৰৰ প্ৰণালী ৰেষ্টুৰেন্ট, কেনটিন, গেষ্ট হাউচ, হোটেল, চিকিত্সালয় সমূহৰবাবে ব্যৱহাৰ কৰিব পাৰি৷
ইন্ধনৰ ৰাহি:
  • এটা 100 লিটাৰৰ  পানী উত্তাপিতকৰণৰ সৌৰহিটাৰ এটা বৈদ্যুটিক গীজাৰৰ লগত ঘৰুৱা ব্যৱহাৰৰ বাবে স্থানান্তৰ কৰিব পাৰি আৰু বাষিৰ্ক 1500 ইউনিট বৈদ্যুত ৰাহি কৰিব পাৰি৷
  • শক্তি উত্পাদনত ব্যয় হোৱা মূল্য ৰাহি কৰক
  • 100 লিটাৰ সামৰ্থ্যৰ 1000 টা পানী উত্তাপিতকৰণৰ সৌৰহিটাৰৰ ব্যৱহাৰৰ জড়িয়তে প্ৰত্যেকেই শীৰ্ষতম 1 মেগাৱাট শক্তি সঞ্চয়ত অবদান আগবঢ়ায়৷
  • পাৰিপাশ্বিৰ্ক লাভালাভা
  • 100 লিটাৰৰ এটা পানী উত্তাপিতকৰণৰ সৌৰহিটাৰে প্ৰতি বছৰে 1.5 টন কাবৰ্ন-ডাইঅক্সাইড নিগৰ্ত হোৱা প্ৰতিৰোধ কৰিব পাৰে৷
  • আয়ুস : 15-20 বছৰ
আনুমানিক ব্যয়
  • এটা পানী উত্তাপিতকৰণৰ সৌৰহিটাৰ বাবে প্ৰায় 22000 টকা
  • উচ্চ ক্ষমতা সম্পন্ন  পদ্ধতিত সংস্থাপিত প্ৰতি লিটাৰত 110-150 টকালৈকে
পেবেক সময় 
  • 3-4বছৰ যেতিয়া বিদ্যুত স্থানান্তৰ হ’ব
  • 4-5 বছৰ যেতিয়া শিখাৰ তেল স্থানান্তৰ হ'ব৷
  • 6-7 বছৰ যেতিয়া কয়লা স্থানান্তৰিত হ’ব৷

FAQs :ঘৰুৱা পানী উত্তাপিতকৰণৰ সৌৰহিটাৰ


  • আমি কিয় পানী উত্তাপিতকৰণৰ সৌৰহিটাৰ নিবাৰ্চন কৰা উচিত ?
  • এইটো আমাৰ দেশত ব্যৱহাৰ হৈ আছে নেকি?
  • পানী উত্তাপিতকৰণৰ সৌৰহিটাৰে কেনেকৈ কাম কৰে?
  • পানী উত্তাপিতকৰণৰ সৌৰহিটাৰৰ কাম-কাজ
  • চেপেটা প্লেট সংগ্ৰাহক কি?
  • পানী উত্তাপিতকৰণৰ সৌৰহিটাৰত ব্যৱহাৰ কৰা সংগ্ৰাহকসমূহৰ প্ৰকাৰ কি?
  • চেপেটা প্লেট সংগ্ৰাহক ক্ৰয় কৰোঁতে আমি কিহৰ প্ৰতি লক্ষ্য কৰা উচিত ?
  • উত্তাপিত পানীৰ সংৰক্ষণ চৌব্বাচাৰ প্ৰয়োজনীয় বৈশিষ্টসমূহ কি কি?
  • কোনো এজন ব্যক্তিয়ে কেনেকৈ উত্তম পানী উত্তাপিতকৰণৰ সৌৰহিটাৰ বাচনি কৰিব?
  • এজনে ক্ৰয় কৰিবলৈ প্ৰণালীটো কিমান ডাঙৰ হোৱা উচিত?
  • পানী উত্তাপিতকৰণৰ সৌৰহিটাৰৰ মূল্য কিমান?
  • পানী উত্তাপিতকৰণৰ সৌৰহিটাৰ স্থাপনৰ বাবে প্ৰয়োজনীয় স্থান কেনে হ’ব লাগে?
  • চালৰ ওপৰত স্থাপন কৰাৰ পৰিবৰ্তে আন কোনোবা স্থানত প্ৰণালীটোস্থাপন কৰিব পৰাহয় নেকি?
  • যদি পানী যোগান অনিয়মীয়া হয় কি সংঘটিত হ'ব?
  • ডাৱৰীয়া বতৰসমূহত কি সংঘটিত হ’ব?
  • কিমান পৰিমানৰ ধন আৰু বিদ্যুত সঞ্চয় কৰিব পৰা যাব ? ?
  • পানী উত্তাপিতকৰণ সৌৰহিটাৰৰ আশা কৰিব পৰা আয়ুস কিমান ?
  • সৌৰহিটাৰ পৰিচালনাৰ বাবে বিদ্যুতৰ প্ৰয়োজনীয়তা আছে নেকি?
  • সৌৰশক্তিৰ দ্বাৰা উত্তাপিত পানীভাগ চৌব্বাচাত কিমান সময়ৰ বাবে উত্তাপিত হৈ থাকিব ?অথবা পুৱতিনিশা সূৰ্য্য নথকা সময়ত কোনো এজনে উত্তাপিত পানী পাব পাৰিব নেকি ?
  • এই প্ৰণালীসমূহৰ বাবে চৰকাৰৰ পক্ষ্যৰপৰা বিত্তীয় বৰঙণি আছে নেকি ?
  • পানী উত্তাপিতকৰণৰ সৌৰহিটাৰ যোগানকৰীসকল কোন ?
  • পৰীক্ষামূলক প্ৰয়োজনীয়তাসমূহ কি কি?
  • পৰিচালনাৰ প্ৰয়োজনীয়তাসমূহ কি কি ?
  • পানী উত্তাপিতকৰণৰ সৌৰহিটাৰৰ আসোঁৱাহ দূৰীকৰণৰ কৌশল

আমি কিয় পানী উত্তাপিতকৰণৰ সৌৰহিটাৰ নিবাৰ্চন কৰা উচিত
পানী উত্তাপিতকৰণৰ সৌৰহিটাৰৰ তলত উল্লেখিত সুবিধাসমূহ আছে ৷

  • পানী উত্তাপিতকৰণৰ সৌৰহিটাৰে বিদ্যুতৰ লগতে ধন ৰাহি কৰে; বিদ্যুত ক্ৰমান্বয়ে অধিক মূল্যবান হৈ গৈছে আৰু ইয়াৰ উপলব্ধতাৰ নিশ্চয়তা নোহোৱা হৈছে৷
  • পানী উত্তাপিতকৰণৰ সৌৰহিটাৰসমূহ প্ৰদূষণমুক্ত
  • পানী উত্তাপিতকৰণৰ সৌৰহিটাৰসমূহ ঘৰৰ চালৰ ওপৰত স্থাপন কৰাৰ বাবে ই বৈদ্যুটিক গীজাৰসমূহতকৈ নিৰাপদ৷

এইটো আমাৰ দেশত ব্যৱহাৰ হৈ আছে নেকি?
হয়, প্ৰতি বছৰে 20,000 তকৈও অধিক ঘৰুৱা প্ৰণালী সমগ্ৰ দেশজুৰি স্থাপন কৰা হৈ আছে ৷

পানী উত্তাপিতকৰণৰ সৌৰহিটাৰে কেনেকৈ কাম কৰে?
পানী উত্তাপিতকৰণৰ সৌৰহিটাৰৰ কাম-কাজ বুজিবলৈ অতি সহজ ৷ পানী উত্তাপিতকৰণৰ সৌৰহিটাৰত ইয়াৰ কানকাজৰ বাবে দুটা সাধাৰণ পদ্ধতি ব্যৱহাৰ কৰা হয় ৷ সেইয়া হৈছে -

  • সূৰ্য্যৰ তাপত এখন ক’লা ৰঙৰ পৃষ্ঠই সৌৰ ৰশ্মি শোষণ কৰি উত্তাপিত হয়৷
  • ক’লা ৰঙৰ পৃষ্ঠ খনৰ তাপ শোষণ কৰাৰ এক বিশিষ্ট গুণ সৌৰশক্তি শোষণ উন্নীত কৰিবৰ বাবে সৌৰ হিটাৰত ব্যৱহাৰ কৰা হয়৷
  • সূৰ্য্যৰ তাপত বহু সময় গাড়ী/বাছ আদি ৰখাই থোৱাৰ বাবে ভিতৰভাগ উত্তপ্ত হৈ পৰে৷ বাছৰ খিৰিকীৰ কাচঁৰ মাজেৰে সুউৰ্য্যৰ ৰশ্মি পাৰ হৈ যাব পাৰে কিন্তু বাহিৰলৈ ওলাই আহিব নোৱাৰে বাবে এইটো সংঘটিত হয় ৷ ই ভিতৰভাগত আবদ্ধ হৈ থাকে আৰু বাচ খন উত্তাপিত হয় ৷ সেইদৰে  সূৰ্য্যৰ তাপত ৰখা অপৰিবাহী পাইপৰ মাজেৰে পাৰ হৈ যোৱা পানী উত্তাপিত হয়৷
  • এই দুটা ঘটনা সাধাৰণভাৱে উপলব্ধ পানী উত্তাপিতকৰণৰ সৌৰহিটাৰৰ চেপেটা প্লেট সংগ্ৰাহকত ব্যৱহাৰ হয়৷

পানী উত্তাপিতকৰণৰ সৌৰহিটাৰৰ কাম-কাজ

  • এটা সাধাৰণ ঘৰুৱা পানী উত্তাপিতকৰণৰ সৌৰহিটাৰ উত্তাপিত পানীৰ এটা চৌব্বাচ্চা আৰু এডাল বা অধিক  চেপেটা প্লেট সংগ্ৰাহকৰ দ্বাৰা গঠিত ৷
  • সংগ্ৰাহকসমূহৰ  সূৰ্য্যৰ দিশে থকা কাষকেইটা উজ্জল হৈ থাকি সৌৰ ৰশ্নি ভিতৰত প্ৰবেশ কৰিবলৈ অনুমতি দিয়ে৷
  • চেপেটা প্লেট সংগ্ৰাহকৰ ভিতৰ ফালে থকা এখন ক’লা শোষণ পৃষ্ঠই  (শোষক)  সৌৰ ৰশ্মি শোষণ কৰে আৰু প্ৰবাহিত পানীৰ মাজেদি ইয়াক পৰিবাহিত কৰে ৷
  • উত্তাপিত হোৱা পানী চৌব্বাচ্চাত সংগ্ৰহ কৰা হয় যিটো অপৰিবাহী হোৱাৰ বাবে তাপ ক্ষয়ৰ পৰিমান ৰোধ হ্ৰাস হয়৷
  • উত্তাপিত আৰু শীতল পানীৰ ঘনত্বৰ তাৰতম্যৰ বাবে  সংগ্ৰাহকৰ যোগেদি চৌব্বাচ্চাৰ পৰা পানী পৰিবহন আৰু চৌব্বাচ্চালৈ উভতি যোৱা কাৰ্য্য অবিৰাম ভাৱে  চলি থাকে ৷  (থামৰ্চাইফ’ন প্ৰভাব )

চেপেটা প্লেট সংগ্ৰাহক কি?

  • সৌৰশক্তিৰ দ্বাৰা পানী উত্তাপিত কৰা পদ্ধতিৰ ই মূল কেন্দ্ৰবিন্দু ৷
  • ই সূৰ্য্যৰ ফালে মূখ কৰি থকা পৃষ্ঠৰ ওপৰত এটা শোষক প্ৰলেপৰ দ্বাৰা প্ৰলেপিত  এখন শোষক প্লেটৰ দ্বাৰা গঠিত যাক নিবাৰ্চিত প্ৰলেপ বুলিও কোৱা হয়৷
  • শোষকটো  ধাতুৰ টিউব আৰু পাতৰ জালিকাৰ দ্বাৰা গঠিত৷  টিউবৰ মাজেদি পানী প্ৰবাহিত হয় ৷ পাতসমূহে তাৰ ওপৰত পৰা সৌৰ ৰশ্মি শোষণ কৰে আৰু পানীৰ মাজলৈ তাক প্ৰবাহিত কৰে ৷
  • শোষক প্লেট খন বতৰত পৰা ৰক্ষা কৰিবৰ বাবে এটা  মুক্ত বাকচৰ ওপৰত স্থাপন কৰা হয় ৷ তাপ নিগৰ্মনৰ পৰিমান হ্ৰাস কৰিবৰ বাবে শোষকৰ পৃষ্ঠ আৰু কাষসমূহ আৰু বাকচৰ  মাজত থকা খালী ঠাই অপৰিবাহীত সামগ্ৰীৰ দ্বাৰা পূৰণ কৰা হয়৷ বাকচৰ সন্মুখভাগ উচ্চ প্ৰবাহ সম্পন্ন কাচঁৰ প্লেটৰ দ্বাৰা আবৃত৷
  • চেপেটা প্লেট সংগ্ৰাহকসমূহ সেইবিলাকৰ পৰিসৰৰ ওপৰত নিৰ্দিষ্ট কৰা হয় আৰু সাধাৰণতে 1 x 2 মি. ৰ পৰিসৰৰ হয়৷
image_preview.jpg
এটা সাধাৰণ সৌৰশক্তিৰ দ্বাৰা পানী উত্তাপিত কৰা পদ্ধতি

পানী উত্তাপিতকৰণৰ সৌৰহিটাৰত ব্যৱহাৰ কৰা সংগ্ৰাহকসমূহৰ প্ৰকাৰ কি ?

  • ভাৰতত ব্যৱহৃত আন আন পানী উত্তাপিত কৰা পদ্ধতিসমূহৰ তুলনাত সৌৰশক্তিৰে পানী উত্তাপিত কৰা পদ্ধতিত ব্যৱহাৰ হোৱা চেপেটা প্লেট সংগ্ৰাহক সমূহ তেনেই সাধাৰণ আৰু তুলনামূলকভাৱে কম খৰচী৷
  • সৌৰশক্তিৰ দ্বাৰা পানী উত্তাপিত কৰা ঘৰুৱা পদ্ধতিৰ বাবে নিষ্কাশিত টিউব সংগ্ৰাহকসমূহ উত্থাপিত কৰা হৈছে,কিন্তু সেইবিলাক সাধাৰণতে উপলব্ধ নহয়৷
  • কেন্দ্ৰীভূত সংগ্ৰাহক সমূহ শক্তি উত্পাদনৰ ক্ষেত্ৰ আৰু উদ্যোগিক অঞ্চলসমূহৰ দৰে উচ্চ উঞ্চতা প্ৰয়োগিকৰণৰ বাবে অতি আৱশ্যকীয় ৷
solar_2
নিষ্কাশিত টিউব সংগ্ৰাহকেৰে সৌৰশক্তিৰ দ্বাৰা পানী উত্তাপিত কৰা পদ্ধতি

চেপেটা প্লেট সংগ্ৰাহক ক্ৰয় কৰোঁতে আমি কিহৰ প্ৰতি লক্ষ্য কৰা উচিত ?

  • ব্যুৰো অফ ইণ্ডিয়ান ষ্টেণ্ডাৰডে পানী উত্তাপিতকৰণ সৌৰ  পদ্ধতিত ব্যৱহাৰৰ বাবে চেপেটা প্লেট সংগ্ৰাহকৰ বৈশিষ্টতা আগবঢ়াইছিল ৷ সেইদৰে আইএচআই মাৰ্ক সঠিক সামগ্ৰী ব্যৱহাৰৰ এক সঠিক প্ৰতিশ্ৰুতি ৷
  • মনকৰিবলগীয়া  বৈশিষ্ট্যতা হ’ল- শোষক প্লেটসমূহ তৈয়াৰ কৰা  সামগ্ৰীসমূহ , ইয়াৰ ওপৰত প্ৰলেপ দিয়া শোষকৰ প্ৰকাৰ, ব্যৱহৃত কাচঁৰ প্লেটৰ মানদণ্ড, বাকচৰ সামগ্ৰী, অপৰিবাহী সামগ্ৰীৰ ব্যাসাৰ্দ্ধ আদি৷

উত্তাপিত পানীৰ সংৰক্ষণ চৌব্বাচাৰ প্ৰয়োজনীয় বৈশিষ্টসমূহ কি কি ?

  • সৌৰশক্তিৰে ঘৰুৱা ভাৱে  পানী উতাপিত কৰা পদ্ধতিৰ পানী সঞ্চয় কৰা চৌব্বাচ্চা সাধাৰণতে এটা দ্বৈত বেৰৰ চৌব্বাচ্চা৷
  • তাপ নিগৰ্মনৰ পৰিমান হ্ৰাস কৰিবৰ বাবে আভ্যন্তৰিণ আৰু বাহ্যিক চৌব্বাচ্চাৰ মাজত থকা খালী ঠাই অপৰিবাহীত সামগ্ৰীৰ দ্বাৰা পূৰণ কৰা হয়৷
  • আভ্যন্তৰিণ চৌব্বাচ্চা দীৰ্ঘদিন বৰ্তি থাকিবৰ বাবে সাধাৰণতে কপাৰ অথবা ষ্টেইনলেচ ষ্টীলৰ দ্বাৰা তৈয়াৰ কৰা হয়৷
  • বাহ্যিক চৌব্বাচ্চা ষ্টেইনলেচ ষ্টীল, পেইণ্টেড ষ্টীল শ্বীট অথবা এলুমিনিয়ামৰ দ্বাৰা তৈয়াৰ কৰিব পাৰি৷
  • যিবিলাক দিনত সূৰ্য্যৰ তাপ নাথাকিব অথচ পানীৰ আৱশ্যকতা বৃদ্ধি হ’ব, সেই দিনবিলাকত  থামৰ্ষ্টেটৰ দ্বাৰা নিয়ন্ত্ৰিত বৈদ্যুতিক উত্তাপিত সামগ্ৰীসমূহ চৌব্বাচ্চাৰ এটা বিকল্প উপাই হিচাপে গ্ৰহণ কৰিব পাৰি ৷
  • চৌব্বাচ্চাটোৰ ক্ষমতা পদ্ধতিটোত ব্যৱহাৰ কৰা  সংগ্ৰাহক ক্ষেত্ৰত আনুপাতিক হোৱা উচিত ৷ সাধাৰণতে ব্যৱহৃত থাম্ব নীতি মতে  প্ৰত্যেক বগৰ্মিটাৰ এলেকাত 50 লিটাৰ পানী সংগ্ৰহৰ  কৰিব পাৰি৷ অতি বৃহত অথবা অতি ক্ষুদ্ৰ চৌব্বাচ্চাই সক্ষমতা হ্ৰাস কৰে৷

কোনো এজন ব্যক্তিয়ে কেনেকৈ উত্তম পানী উত্তাপিতকৰণৰ সৌৰহিটাৰ বাচনি কৰিব ?

  • এটা উত্তম পানী উত্তাপিতকৰণ সৌৰহিটাৰৰ প্ৰথম আৱশ্যকতা হ’ল যে ইয়াৰ ক্ষমতা অনুযায়ী সঠিক  সংগ্ৰহৰ এলেকা থকা উচিত ৷ পদ্ধতিটোত ব্যৱহাৰ কৰা  সংগ্ৰাহক এলেকাই পানী উত্তাপিতকৰণৰ সামৰ্থ্যৰ কথা নিশ্চিত কৰে৷ উদাহৰণস্বৰুপে, সাধাৰণ উত্তৰ ভাৰতৰ বতৰৰ অৱস্থাত, এটা সুন্দৰ শীতৰ দিনত এক বৰ্গ মিটাৰ সংগ্ৰহৰ এলেকাই 30-40°  উঞ্চতাত 50 লিটাৰ পানী উতাপিত কৰাৰ আশা কৰিব পাৰে ৷
  • এই  ৰাজ্যত নিৰ্মিত সাধাৰণ চেপেটা প্লেট সংগ্ৰাহকৰ প্ৰায় 2 বগৰ্মিটাৰ এলেকা থাকে আৰু সেয়ে প্ৰতিদিনে 100 লিটাৰ পানী উত্তাপিত কৰিবলৈ সক্ষম হয় ৷  এই অনুপাতেই মান্যতাৰ  মাপকাঠি হিচাপে পৰিগণিত হয়৷
  • অতিৰিক্তভাৱে, সংগ্ৰাহকত  উন্নত মানৰ সামগ্ৰী ব্যৱহাৰ কৰা উচিত আৰু শোষকডাল উন্নত মানৰ প্ৰলেপৰ (বিআইএচ ৰ দ্বাৰা অনুমোদিত সংগ্ৰাহক বহু সংখ্যক প্ৰতিষ্ঠিত নিৰ্মানকাৰীয়ে ব্যৱহাৰ কৰিবলৈ লৈছে ) দ্বাৰা তৈয়াৰী হব লাগে ৷
  • পদ্ধতিটো এক কঠিন আহিলাৰ ওপৰত স্থাপিত কৰিব লাগে আৰু উচ্চবেগী বতাহৰ পৰা ইয়াক ৰক্ষা কৰিবৰ বাবে  সঠিক ভাৱে ঘৰৰ চালৰ ওপৰত স্থায়ীভাৱে স্থাপন কৰিব লাগে ৷

এজনে ক্ৰয় কৰিবলৈ প্ৰণালীটো কিমান ডাঙৰ হোৱা উচিত ?

  • প্ৰাথমিক নীতিটো হ’ল আপোনাৰ প্ৰয়োজনতকৈ এটা সৰু পদ্ধতি ক্ৰয় কৰাই  উত্তম ৷ যেতিয়া অধিক পৰিমাণৰ পানীৰ প্ৰয়োজন হ’ব, পানী উত্তাপিতকৰণৰ বাবে অন্য প্ৰকাৰৰ পদ্ধতিও ব্যৱহাৰ কৰিব পাৰিব ৷ ই অধিক কাৰ্য্যৰীতা বহন কৰিব পাৰিব আৰু  কম পৰিমাণে ব্যৱহাৰিক অসুবিধাৰ সন্মুখীন হ’ব ৷
  • দৈনিক প্ৰয়োজনীয় উত্তাপিত পানীৰ পৰিমাণৰ এটা সঠিক  নিৰুপন কৰিব পাৰিলে ভাল ৷ পানীৰ পৰিমাণ নিৰুপনৰ সময়ত  মনত ৰাখিব যে সৌৰ পদ্ধতিটোৱে এক নিৰ্দিষ্ট পৰিমাণৰ পানী হে উত্তাপিত কৰিব পাৰিব আৰু ইয়াক  সাধাৰণ উজ্জ্বল দিনবিলাকৰ বাবেহে তৈয়াৰ কৰা হৈছে৷ এইটোও মনত ৰাখিব যে, সৌৰ পদ্ধতিটোৰ উঞ্চতা সংগ্ৰাহকৰ এলেকা আৰু চৌব্বাচ্চাৰ ক্ষমতাৰ যোগসুত্ৰতহে নিৰ্ভৰ কৰে৷ সাধাৰণভাৱে  এই  উঞ্চতা 50-60° চে, যি স্নানৰ বাবে উপযোগী পানীৰ উঞ্চতা ( প্ৰায় 40°চে.) তকৈ বেছি উত্তপ্ত৷
  • তলত উল্লেখিত তালিকাৰ সহায়ত  আপোনাৰ প্ৰয়োজনীয়তা নিৰুপন কৰিব পাৰে ৷
  • সৌৰ পদ্ধতিৰ আকাৰৰ এটা সাধাৰণ উদাহৰণ হিচাপে  এইটো উল্লেখ কৰিব পাৰি যে, 100 লিটাৰৰ এটা পদ্ধতি 4 জন প্ৰাপ্ত বয়স্ক লোক অন্তভূৰ্ক্ত এটা পৰিয়ালৰ বাবে  উত্তম পদ্ধতি হিচাপে  গণ্য কৰিব পাৰি ৷

উত্তপ্ত পানীৰ প্ৰয়োজনীয়তাৰ অনুমান- কিছুমান আৱশ্যকীয় থাম্ব ৰোল

প্ৰয়োগ

60° চে. ত উত্তপ্ত পানীৰ সাধাৰণ প্ৰয়োজনীয়তা

বাল্টি ব্যৱহাৰ কৰা ঘৰুৱা স্নান

10-20 লিটাৰ প্ৰত্যেক জন ব্যক্তিৰ বাবে প্ৰত্যেক স্নানত

মিশ্ৰণ সুবিধা থকা টেপৰ দ্বাৰা শ্ব’ৱাৰ ব্যৱহাৰ কৰি কৰা ঘৰুৱা স্নান

20-30 লিটাৰ 10-15 মিনিটৰ বাবে

ক্ষৌৰকৰ্ম, টেপ খুলি থোৱা অৱস্থাত

7-10 লিটাৰ

বাথটাবত ঘৰুৱা স্নান   (এবাৰ পৰিপূৰ্ণ)

50-75  লিটাৰ

মিশ্ৰণ সুবিধা থকা টেপৰ দ্বাৰা ধোৱা কাৰ্য্য (হাত ধোৱা, দাঁত ব্ৰাছ আদি)

প্ৰতি দিনে 3-5 লিটাৰ প্ৰত্যেকজন ব্যক্তিৰ বাবে

ৰান্ধনিশালৰ  ধোৱা কাৰ্য্য

প্ৰতি দিনে 2-3 লিটাৰ প্ৰত্যেকজন ব্যক্তিৰ বাবে

ডিচ ধোৱা কাৰ্য্য

40-50 লিটাৰ প্ৰত্যেক বাৰত

কাপোৰ ধোৱা মেচিন

40-50 লিটাৰ প্ৰত্যেক বাৰত


টোকা: সকলো প্ৰকাৰৰ অনুমান চে. উঞ্চতাৰ উতাপিত পানীৰ বাবে দিয়া হৈছে ৷ এই উঞ্চতাৰ পানী ইয়াৰ ব্যৱহাৰযোগ্য সীমালৈ আনিবলৈ ঠাণ্ডা পানী মিহলি কৰিব লাগিব ৷ মিশ্ৰণে প্ৰয়োজনীয় পানীৰ সঠিক পৰিমাণ বৃদ্ধি কৰিব৷

solar_3
এটা বৃহত পানী উত্তাপিত কৰা সৌৰ পদ্ধতি

পানী উত্তাপিতকৰণৰ সৌৰহিটাৰৰ মূল্য কিমান ?

  • পানী উত্তাপিত কৰা সৌৰ  পদ্ধতিৰ মুঠ ব্যয় বহুতো সামগ্ৰীৰ ওপৰত নিৰ্ভৰ কৰে ৷ ইয়াৰ লগত সক্ষমতা, ব্যৱহাৰ কৰা বেক-আপৰ প্ৰকাৰ,বাহ্যিক আৰু আভ্যন্তৰিণ চৌব্বাচ্চাত ব্যৱহাৰ কৰা সামগ্ৰী, বাথৰুমলৈ উত্তপ্ত পানী লৈ যোৱা পাইপৰ দীঘ আৰু অতি তাত্পয্যপূৰ্ণ ভাৱে নহলেও, ব্ৰেণ্ড মূল্য আদি অন্তভূৰ্ক্ত হৈ থাকে ৷
  • সাধাৰণতে, ভাৰতত নিমাৰ্ণ কৰা একক বিএচআইয়ে অনুমোদন জনোৱা 20বগৰ্মিটাৰ এলেকাৰ চেপেটা  প্লেট সংগ্ৰাহকৰ বাবে পাইপৰ মূল্য অন্তভূৰ্ক্ত নকৰাকৈ বতৰ্মান বজাৰ মূল্যৰ পৰিমান 15,000 -20,000 টকা ৷ যদিও এই মূল্য উল্লেখ কৰা হৈছে, নিমাৰ্তা অনুসাৰে মূল্য পৃথক হ’ব পাৰে ৷

পানী উত্তাপিতকৰণৰ সৌৰহিটাৰ স্থাপনৰ বাবে প্ৰয়োজনীয় স্থান কেনে হ’ব লাগে ?

  • সৌৰ পদ্ধতিৰ  প্ৰধান প্ৰয়োজনীয়তা হ’ল সম্পূৰ্ণ দিনটোৰ বাবে বাধাহীন সূৰ্য্যৰ পোহৰৰ উপলব্ধতা ৷
  • সাধাৰণতে, ঘৰুৱা পানী উত্তাপিতকৰণৰ সৌৰ পদ্ধতিসমূহ ঘৰৰ চালৰ ওপৰত স্থাপন কৰা হয় ৷
  • পদ্ধতিটোৰ সংগ্ৰাহকসমূহ  সূৰ্য্যৰ ফালে মূখ কৰি থকা হ’ব লাগে আৰু সেয়ে সূৰ্য্যৰ সৰ্ব্বোচ্চ তাপ পাবৰ বাবে  দক্ষিণ,পশ্চিম আৰু পূবৰ ফালে সুবিধাৰ দিশত স্থাপন কৰা উচিত  (120°, 60° বাহুৰ পশ্চিম দিশৰ দুয়োটা  কাষ সমভাৱে ছাঁ মুক্ত হোৱা উচিত  )৷
  • থাম্ব নীতিৰ মতে, প্ৰত্যেক 1 x 2 মি. সংগ্ৰাহক ব্যৱহৃত এলেকাৰ বাবে প্ৰায় 3 বগৰ্মিটাৰ ছাঁ মুক্ত স্থানৰ প্ৰয়োজন ৷
  • এইটো উত্তম যে এলেকাটো চেপেটা , বৰষুণৰ পানী বৈ যোৱাৰ  নলাৰ পৰা অধিক দূৰত্বত অৱস্থিত আৰু যথাসম্ভৱ, উত্তপ্ত পানী যোগানৰ সময়ত গা-ধোৱা ঘৰ বন্ধ কৰি ৰাখক ৷
  • পদ্ধতিটোৰ তলৰ পৰা প্ৰায় 2.5 মি. উচ্চতাত শীতল পানী উপলব্ধ হোৱা উচিত ৷

চালৰ ওপৰত স্থাপন কৰাৰ পৰিবৰ্তে আন কোনোবা স্থানত প্ৰণালীটো স্থাপন কৰিব পৰা হয় নেকি ?

  • পদ্ধতিটো গা-ধোৱা ঘৰৰ লগত সংলগ্ন  কৰি দক্ষিণ দিশৰ বেৰৰ ব্ৰেকেটৰ ওপৰতো স্থাপন কৰিব পৰা যায় ,যদিও স্থাপন কৰা কঠিন আৰু অধিক ব্যয়বহুল হয়৷
  • ব্ৰেকেটৰ লগত পদ্ধতিটো শুদ্ধভাৱে স্থাপন কৰা উচিত৷
  • মেৰামতিৰ বাবে পদ্ধতিটোৰ শুদ্ধ বিবেচনা কৰাটোও নিশ্চিত হোৱা উচিত ৷
  • ব্যৱহৃত স্থানৰ ওচৰলৈ পদ্ধতিটো স্থাপন কৰি উত্তপ্ত পানী সৰবৰাহ কৰা পাইপৰ ব্যয় কমাব পাৰি ৷

যদি পানী যোগান অনিয়মীয়া হয় কি সংঘটিত হ'ব?

  • প্ৰায় 2.5 মি. উচ্চতাত নিয়মীয়া শীতল পানীৰ যোগান পানী উত্তাপিত কৰা সৌৰপদ্ধতিৰ কাৰ্য্যকাৰীতাৰ বাবে অতি প্ৰয়োজনীয় ৷
  • নিয়মীয়া ভাৱে শীতল পানী নাথাকিলে, পানী উত্তাপিত কৰা সৌৰপদ্ধতিৰ সমপৰিমানৰ পৃথক এটা শীতল পানীৰ চৌব্বাচ্চা স্থাপন কৰা উচিত৷
  • দিনৰ ভাগত যদি শীতল পানীৰ যোগান বাধাপ্ৰাপ্ত হয়, পানী উত্তাপিতকৰণৰ সৌৰ পদ্ধতিৰে পানী উত্তাপিত কৰাত কোনো লক্ষণীয় প্ৰভাৱ নপৰিবও পাৰে৷  যেতিয়ালৈকে  পানী যোগান সঞ্চয় কৰা  নহ’ব,  উত্তাপিত পানী ব্যৱহাৰৰ বাবে ল’ব পৰা নাযাব ৷

ডাৱৰীয়া বতৰসমূহত কি সংঘটিত হ’ব ?

  • সৌৰ শক্তিৰ দ্বাৰা পানী উত্তাপিত কৰা পদ্ধতি  সচাঁকৈয়ে কাৰ্য্যকৰী ৷
  • যদি বতৰ অতি ডাৱৰীয়া যে সূৰ্য্যৰ পৰা  আহৰণ কৰা শক্তিৰ পৰিমাণ শূণ্য,সূৰ্য্যৰ তাপ সংগ্ৰাহকসমূহৰ নিগৰ্মণো একেবাৰে নাথাকিব ৷
  • কম পৰিমণে ডাৱৰীয়া বতৰত নিগৰ্মণ আশা কৰিব পাৰি ৷
  • কিন্তু, ডাৱৰীয়া বতৰৰ প্ৰয়োজনীয়তা পূৰাবৰ ববে পদ্ধতিটো ইলেকট্ৰিকেল বেক আপ হিটাৰৰ সহায়ত তৈয়াৰ কৰিব পৰা যায় ৷

কিমান পৰিমানৰ ধন আৰু বিদ্যুত সঞ্চয় কৰিব পৰা যাব ?

ৰাষ্ট্ৰৰ বিভিন্ন অংশত স্থাপন কৰা পানী উত্তাপিতকৰণৰ সৌৰ পদ্ধতিত প্ৰতি দিনে 100 লিটাৰ পানীত ৰাহি হ’ব পৰা বিদ্যুত আৰু ধনৰ এক আনুমানিক হিচাপ তলৰ তালিকাত দিয়া হ’ল ৷ 
100 লিটাৰৰ ঘৰুৱা পানী উত্তাপিতকৰণৰ সৌৰ পদ্ধতি ব্যৱহাৰ কৰি বিদ্যুত আৰু ধন ৰাহি কৰক (2.0বগৰ্মিটাৰৰ সংগ্ৰাহক এলেকা ব্যৱহাৰ কৰি )

 

উত্তৰাঞ্চল

পূৰ্বাঅঞ্চল

দক্ষিণাঞ্চল  *

পশ্চিমাঞ্চল*

প্ৰতি বছৰে ব্যৱহাৰৰ বাবে  আশা কৰিব পৰা  দিনৰ সংখ্যা

200 দিন

200 দিন

250 দিন

250 দিন

প্ৰতি বছৰে সম্পূৰ্ণ ভাৱে ব্যৱহাৰ কৰি ৰাহি কৰিবলৈ আশা কৰিব পৰা বিদ্যুত,কিলোৱাট ( kwh)

950

850

1200

1300

বিদ্যুতৰ  বিভিন্ন মূল্যত ধন ৰাহি, টকা/বছৰ

Rs. 4/kwh 4/

3800

3400

4800

5200

Rs. 5/kwh

4750

4250

6000

6500

Rs. 6/kwh

5700

5100

7200

7800


বাংগালোৰৰ সাধাৰণ জলবায়ুত ব্যৱহাৰৰ ধৰণ আৰু ৰাহি উত্তৰাঞ্চলৰ বাবে সম্পৰ্কিত, যেতিয়া সেইয়া পুনেৰ জলবায়ুৰ সৈতে পশ্চিমাঞ্চলৰ বাবে জড়িত.

পানী উত্তাপিতকৰণ সৌৰহিটাৰৰ আশা কৰিব পৰা আয়ুস কিমান ?
সাধাৰণ পৰিচালনাৰ ওপৰত নিৰ্ভৰ কৰি, বিআইএচৰ দ্বাৰা নিৰ্ণিত সামগ্ৰী ব্যৱহাৰ কৰি তৈয়াৰ কৰা সাধাৰণ পানী উত্তাপিতকৰণৰ সৌৰহিটাৰ 15-20 বছৰ বৰ্তি থাকিব পাৰে ৷

সৌৰহিটাৰ পৰিচালনাৰ বাবে বিদ্যুতৰ প্ৰয়োজনীয়তা আছে নেকি?
পানী উত্তাপিতকৰণৰ সৌৰহিটাৰত কোনো বিদ্যুতৰ আৱশ্যকতা নাই ৷ অৱশ্যে, বেক আপ হিটাৰৰ ক্ষেত্ৰত ডাৱৰীয়া বতৰত উত্তপ্ত পানী পাবৰ বাবে বিদ্যুত আৱশ্যক হ’ব পাৰে ৷ 

সৌৰশক্তিৰ দ্বাৰা উত্তাপিত পানীভাগ চৌব্বাচাত কিমান সময়ৰ বাবে উত্তাপিত হৈ থাকিব ? অথবা পুৱতিনিশা সূৰ্য্য নথকা সময়ত কোনো এজনে উত্তাপিত পানী পাব পাৰিব নেকি ?

  • দিনৰ ভাগত সৌৰ হিটাৰৰ দ্বাৰা উত্তাপিত পানী এটা অপৰিবাহী চৌব্বাচ্চাত সঞ্চয় কৰা হয় ৷ চৌব্বাচ্চাৰ অপৰিবাহিতা এনে হ’ব লাগে যে, গোটেই 24 ঘন্টাত প্ৰতি টোপাল পানী উত্তপ্ত হৈ থাকে ৷
  • সেইদৰে আগ দিনাৰ উত্তপ্ত পানী পিচদিনা ৰাতিপুৱা ব্যৱহাৰৰ বাবে উপলব্ধ হোৱা উচিত ৷

এই প্ৰণালীসমূহৰ বাবে চৰকাৰৰ পক্ষ্যৰপৰা বিত্তীয় বৰঙণি আছে নেকি ?
মিনিষ্ট্ৰী অফ নিউ এণ্ড ৰিনিউৱেবল এনাৰ্জি বিভাগৰ সহযোগত কেন্দ্ৰীয় চৰকাৰে ঘৰুৱা পানী উত্তাপিতকৰণৰ সৌৰ পদ্ধতি স্থাপনৰ বাবে ক্ষুদ্ৰ ঋণ আগবঢ়ায় ৷ এই ঋণ সমূহ নিম্ন সুতৰ হাৰত ৰাষ্ট্ৰীয়কৃত বেংকসমূহৰ যোগেদি আগবঢ়োৱা হয় ৷

পানী উত্তাপিতকৰণৰ সৌৰহিটাৰ যোগানকৰীসকল কোন ?
সমগ্ৰ ৰাষ্ট্ৰতে 50 টাতকৈও অধিক বিআইএচৰ দ্বাৰা অনুমোদিত পানী উত্তাপিতকৰণৰ সৌৰ পদ্ধতি যোগানকাৰী আছে ৷ 

পৰীক্ষামূলক প্ৰয়োজনীয়তাসমূহ কি কি?
ঘৰুৱা সৌৰ পদ্ধতিৰ বাবে কোনো বিশেষ কাৰ্য্যকৰী দক্ষতাৰ প্ৰয়োজন নাই৷ অৱশ্যে, নিম্নলিখিতসমূহ অনুসৰণ কৰিলে পদ্ধতিৰ কমৰ্দক্ষতা উচ্চ স্তৰত পৰিচালনা কৰিব পৰা যাব:

  • অধিক সংখ্যক উত্তপ্ত পানী কোনো এটা সময়ত ব্যৱহাৰ কৰিবলৈ যত্ন কৰক- হয় ৰাতিপুৱা নহয় সন্ধ্যা৷ সঘনাই পানী টেপ অন আৰু অফ কৰা কাৰ্য্যই বিদ্যুত সঞ্চয়ৰ পৰিমাণ হ্ৰাস কৰে৷
  • যদি চৌব্বাচ্চাত ইলেকট্ৰীকেল বেক আপৰ সুবিধা থাকে,গ্ৰহণযোগ্য  সবৰ্নিম্ন উঞ্চতাত থামৰ্চেট প্ৰতিষ্ঠা কৰক৷
  • উত্তৰ ভাৰতীয় জলবায়ুত, জহকালত গা-ধোৱাৰ বাবে উত্তাপিত পানী ব্যৱহাৰ নকৰিবও পাৰে৷ যদি পদ্ধতিটো সম্পূৰ্ণৰুপে ব্যৱহাৰৰ পৰা বিৰত আছে, তেতিয়া তাৰ পানীভাগ উলিয়াই পেলোৱা আৰু সংগ্ৰাহকটো ঢাকি ৰখা উচিত ৷
  • বিপৰীতক্ৰমে, যদি উত্তাপিত পানীৰ আৱশ্যকতা জহকালতো কম পৰিমানে থাকে, তেতিয়া সংগ্ৰাহকটো আংশিকভাৱে ঢাকি ৰাখক ৷
  • সংগ্ৰাহকৰ ওপৰত ধূলি জমা হোৱা কাৰ্য্যই ইয়াৰ কাৰ্য্যদক্ষতা হ্ৰাস কৰে ৷ প্ৰতি সপ্তাহত কমেও এবাৰকৈ ইয়াক পৰিস্কাৰ কৰাৰ যত্ন কৰক ৷

পৰিচালনাৰ প্ৰয়োজনীয়তাসমূহ কি কি ?

  • সৌৰশক্তিৰে ঘৰুৱা ভাৱে পানী উত্তাপিতকৰণ পদ্ধতি সঘনাই মেৰামতি কৰাৰ প্ৰয়োজনীয়তা নাই৷  কেতিয়াবা পানী সৰবৰাহ কৰা পাইপত দেখা দিয়া লেকেজ সাধাৰণ মিস্ত্ৰীয়েই মেৰামতি কৰিব পাৰে৷
  • কঠিন পানীৰ ক্ষেত্ৰত, সংগ্ৰাহকত জমা হোৱা পানীৰ মাপে বছৰৰ শেষত ফলাফল দেখুৱাব পাৰে৷ ইয়াৰ বাবে এচিদৰ সৈতে অনুপাতিকতা মাপ কৰাৰ (স্কেলিং) প্ৰয়োজন হ’ব পাৰে যাৰ বাবে আপুনি যোগানকাৰীক যোগাযোগ কৰা ভাল৷
  • ভাগি যোৱা কাচঁ যোগানকাৰীৰ দ্বাৰাই  সলনি কৰি ল’ব লাগে৷
  • যদি বাহ্যিক ভাৱে উন্মুক্ত পৃষ্ঠ ৰং দি থোৱা হয়, তেন্তে পৃষ্ঠৰ ক্ষয় ৰোধ কৰিবৰ বাবে প্ৰত্যেক 2-3 বছৰৰ অন্তত পুনৰ ৰং দিব লাগে৷

পানী উত্তাপিতকৰণৰ সৌৰহিটাৰৰ আসোঁৱাহ দূৰীকৰণৰ কৌশল

সন্মুখীন হোৱা অসুবিধা

অসুবিধাৰ কাৰক

উত্তপ্ত পানীৰ টেপত পানী নথকা

  • শীতল পানীৰ যোগান নথকা
  • বৰ্হি নিগৰ্মন পদ্ধতিত ভাল্‌ভ বন্ধ
  • পাইপত বতাহ সোমাই থকা

পানী উত্তপ্ত  হোৱা নাই, অথচ শীতল পানীৰ চলাচল নিয়মীয়া

  • উত্তপ্ত পানীৰ আৱশ্যকতা অতি বেছি হ’ব পাৰে; ব্যৱহাৰ কৰাৰ বিন্দুসমূহ আৰু ব্যৱহাৰৰ ধৰণ  পৰীক্ষা কৰক ৷
  • সংগ্ৰাহক ছাঁ যুক্ত হৈ থাকিব পাৰে ৷
  • স্কেলিংৰ বাবে সংগ্ৰাহকৰ মাজেদি পানীৰ প্ৰবাহ বন্ধ হৈ থাকিব পাৰে; নিমাৰ্ণকাৰীৰ দ্বাৰা ইয়াৰ পৰীক্ষা কৰাওঁক ৷

 

পানী যথেষ্ট পৰিমানে উত্তপ্ত হোৱা নাই অথবা পৰ্য্যাপ্ত পৰিমাণৰ উত্তপ্ত পানীৰ উপলব্দ্ধ নহয়৷

  • ডাৱৰীয়া বতৰ
  • আৱশ্যকতা অত্যাধিক
  • উত্তপ্ত পানীৰ টেপ সঘনাই অন-অফ
  • অপৰিস্কাৰ সংগ্ৰাহক
  • জলীয় বাষ্পৰ অবৰোধ যাক পদ্ধতিটো শীতল হব’লৈ  দি আৰু ইয়াৰ মাজেদি পানী চলাচল কৰাই ইয়াক আতঁৰাব পাৰি৷
  • সংগ্ৰাহকৰ আংশিক ব্যাহতকৰণ

কম পৰিমাণৰ উতলা উত্তপ্ত পানী গ্ৰহণ

  • সংগ্ৰাহকত জলীয় বাষ্পৰ অবৰোধ
  • সংকীৰ্ণ ইনলেট/আউটলেট পাইপসমূহ

সৌৰশক্তিৰে পানী উত্তাপিতকৰণৰ প্ৰক্ৰিয়াৰ অনুষ্ঠানত ভাগ লোৱা বেংক/বিত্তীয় সংস্থাসমূহৰ তালিকা

ৰাজহুৱা খণ্ডৰ বেংকসমূহ
1. কানাড়া বেংক 
2. বেংক অফ মহাৰাষ্ট্ৰ 
3. ইউনিয়ন বেংক অফ ইণ্ডিয়া 
4. চিণ্ডিকেট বেংক 
5. পাঞ্জাব এণ্ড চিণ্ড বেংক 
6. পাঞ্জাব নেশ্যনেল বেংক 
7. অন্ধ্ৰ বেংক 
8. বিজয়া বেংক 
9. ডেনা বেংক 
10. বেংক অফ ইণ্ডিয়া 
11. অৰিয়েন্টেল বেংক অফ কমাৰ্চ 
এনবিএফচি সমূহ
12. আইআৰডিএ 
13. নাগাৰ্জুন ক্ৰেডিটচ এণ্ড কেপিটেল লিমিটেড 
14. এচআৰইআই ইনফ্ৰাষ্ট্ৰাকচাৰ ফাইনেন্স লিমিটেড  
15. ভনচেল লিজিং ফাইনেন্স কোম্পানী লিমিটেড 
16. মধ্য প্ৰদেশ ফাইনেন্সীয়েল কৰপ’ৰেশ্যন 
ব্যক্তিগত খণ্ডৰ বেংক
17. ৰটনাগৰ বেংক লিমিটেড 
18. দি ইউনাইটেড ৱেষ্টাৰ্ণ বেংক লিমিটেড 
কো-অপাৰেটিভ বেংক সমূহ
19. নাগপুৰ নাগৰিক চহকাৰী বেংক লিমিটেড  
20. জলগাওঁ জনতা  চহকাৰী বেংক লিমিটেড 
21. কল্যাণ জনতা চহকাৰী বেংক লিমিটেড  
22. চলাপুৰ জনতা চহকাৰী বেংক লিমিটেড  
23. আকলা জনতা কমাৰচিয়েল কো-অপাৰেটিভ বেংক 
24.  দি আকলা আৰবান কো-অপাৰেটিভ বেংক  লিমিটেড The  
25. পৰভৰা চহকাৰী বেংক লিমিটেড  
26. কচমচ কো-অপাৰেটিভ বেংক লিমিটেড 
27. শিক্ষক চহকাৰী বেংক লিমিটেড 
28. ইকালকৰনজী কো-অপাৰেটিভ বেংক লিমিটেড

উপযুক্ত সৌৰ তাপকৰণ পদ্ধতি বাছনি কৰাৰ উপায়

  • ফ্লেট প্লেট কলেক্টৰ (এফ পি চি) ব্যৱহূত পদ্ধতিবোৰ মেটালিক ধৰনৰ আৰু এইবোৰ এভাকুয়েটেদ টিউবৰ তুলনাত কালেক্টৰ (ইটিচি) পদ্ধতি নির্ভৰ যিবোৰ আকৌ পলকতে ভাঙিব পৰা বস্তুৰ তুলনাত দীর্ঘ জীৱন লাভ কৰে।

  • ইটিচি নির্ভৰ পদ্ধতিবোৰ এফপিচি পদ্ধতিতকৈ 10 ৰ পৰা 20% অধিক কম দামত পোৱা যায়। শীতল অঞ্চল বিলাকত এইবোৰ অধিক ভালকৈ কাম কৰে। আনকি শূন্য ডিগ্রী তাপমাত্রাতও বৰফ নহয়। এই এফ পিচি পদ্ধতিবোৰ বৰফ ৰোধকাৰী পদ্ধতি হিচাব কাম কৰে যদিও ইয়াৰ খৰচ বাঢ়ি যায়।

  • কিছুমান ক্ষেত্রত পানীত বেছিকৈ ক্লৰিণৰ মাত্রা থকাৰ বাবে সাধাৰণ পানী কঠিন পানীলৈ সলনি হয়। তাপমান পৰিৱর্তক নির্ভৰ এপপিচি পদ্ধতিটো অতি অৱশ্যই বহুৱাব লাগে কিয়নো সৌৰ কালেক্টৰৰ তামৰ তাৰত প্রত্যায়ন ঘটাব পাৰে তাৰ ফলত পানীৰ সোতক বন্ধ কৰি তাপৰ কার্যক্ষমতা হ্রাস কৰিব পাৰে। ইটিচি নির্ভৰ পদ্ধতিটোত এইবোৰ আহুকাল দেখা নেযায়।

  • এটা বাথৰুমৰ সৈতে 3-4জন সদস্য থকা এখন ঘৰত, নিতৌ 100 লিটাৰ পানীয়েই যথেষ্ট।অধিক সদস্য থকা বাথৰুম, ধাৰণ ক্ষমতা সেই অনুপাতে পাই ঢিলা থকাৰ বাবে আৰু বছি সংখ্যক সদস্যৰ বাবে অধিক হ'ব। সাধাৰনতে ৰাতিপুৱা প্রয়োজন হোৱা গৰম পানীৰ ওপৰত ধাৰণ ক্ষমতা নির্ভৰ কৰে। যদি সন্ধিয়াৰ সময়ত আৰু আন আন সময়তো ব্যৱহাৰ বেছি হয়, তেতিয়া হ'লে সেই অনুপাতেই ধাৰণ ক্ষমতা বাঢ়িব।

  • স্থানৰ ওপৰত নির্ভৰ কৰি এখন 100 lpd ধাৰণ ক্ষমতাৰ খৰচ হয় 16,000/- ৰ পৰা 22,000/- টকালৈকে। পাহাৰ অঞ্চলত আৰু উত্তৰ পূর্ব অঞ্চলত এই খৰচ 15% ৰ পৰা 20% বেছি হয়। এই খৰচ কিন্তু দৈর্ঘ্যৰ ওপৰত নহয় ধাৰণ ক্ষমতাৰ ওপৰত হে নির্ভৰ কৰি বাঢ়ে আকৌ অধিক ধাৰণ ক্ষমতাৰ বাবে আনুপাতিক হাৰত কমিব ধৰে। যদিহে ঘৰৰ/বিল্ডিংৰ ছাদৰ টেঙ্কীৰ প্রয়োজন নহয় তেতিয়া হ'লে চেঁচা পানীৰ টেঙ্কৰ খৰচ ইয়াৰ অর্ন্তভুক্ত নহয়। যদি ঘৰত বাথৰুমৰ সংখ্যা একতকৈ অধিক হয়, তেতিয়া হ'লে গৰম পানীৰ লগতে ইঞ্চুলেটেদ পাইপ লাইনৰ খৰচ বেছি হ'ব। এই ক্ষেত্রত অতিৰিক্ত সকলো ধৰনৰ সা-সঁজুলিৰ খৰচ 5 ৰ পৰা 10% লৈকে অধিক হ'ব পাৰে।

  • সৌৰ পদ্ধতিযুক্ত পানী টেঙ্কীত বৈদ্যুতিক বেক-আপ ৰখাটো পৰিহাৰ কৰক। ধৰক যদি আপুনাৰ ইলেকট্রিক 10 lpd ক্ষমতা যুক্ত গীজাৰ, নাইবা ইঞ্চটেন্ট গীজাৰ আছে, তেতিয়া হ'লে যদি আপুনি ইয়াৰ সৌৰ পদ্ধতিৰ আউটলেট লাইনটো গীজাৰৰ ইনলেটৰলগত যুক্ত কৰি থার্মোস্টেটটো 40O ত ৰাখে। তেতিয়া হ'লে আপুনাৰ গীজাৰখন মাথোন তেতিয়াই চালু হ'ব, যেতিয়া আপুনাৰ 40O তাপমাত্রাৰ তলত গৰম পানী লাগিব আৰু তাপমান খিনি আপুনি সৌৰ শক্তিৰ পৰাই সংগ্রহ কৰিব আৰু যেতিয়াই ইয়াৰ তাপমান 40O বা 42O হ'ব তেতিয়া ই বন্ধ হৈ যাব। ইয়াৰ ফলত যথেষ্ট পৰিমাণে বৈদ্যুতিক শক্তিৰ খৰচ কম হ'ব আৰু পানী খিনি আপোনাৰ প্রয়োজন মতে উঞ্চতাত গৰম কৰিব পাৰিব। অৱশ্যে যদি আপোনাৰ অধিক ক্ষমতা সম্পন্ন স্টোৰেজ গীজাৰ থাকে, তেতিয়া হ'লে সৌৰ বিদ্যুতৰ বাবে এটা বেলেগ টেপ লগাই লওক আৰু মাথোন তেতিয়াই আপোনাৰ বৈদ্যুতিক গীজাৰখন ব্যৱহাৰ কৰক যেতিয়া আপুনি সৌৰ বিদ্যুতৰ পৰা পানী গৰম কৰিব নোৱাৰিব।

  • পানী উত্তাপিতকৰণ প্ৰণালীৰ বাবে সুতৰ হাৰত লাভ কৰা ভাট্টা আচনিৰ জড়িয়তে আইআৰইডিএ/বেংক আদি অন্য বিত্তীয় প্ৰতিষ্ঠানসমূহৰ সুতৰ হাৰ

    1. কাৰ্য্যকৰী পদ্ধতি

    দুয়োটা চেপেটা প্লেট অথবা নিস্কাশিত নলীৰ সংগ্ৰাহকৰ সৈতে পানী উত্তাপিতকৰণৰ সৌৰ হিটাৰ (যিকোনো আকাৰৰ)

    2. ঋণ গ্ৰাহক

    কোনো শেহতীয়া ব্যৱহাৰকাৰী

    3. ঋণ প্ৰদান কৰা প্ৰতিষ্ঠান

    ইণ্ডিয়ান ৰিনিৱেবল এনাৰ্জি ডেভেলেপমেন্ট এজেন্সী (আইআৰইডিএ), ৰাজহুৱা/ব্যক্তিগতখণ্ডৰ বেংক,আচঁনিভূক্ত বেংক, আৰবিআইৰ দ্বাৰা অনুমোদিত অ-বেংকিং বিত্তীয় কোম্পানী সমূহ, আইআৰইডিএৰ মধ্যস্থতাকাৰীসকল(নিৰ্মানকাৰী/যোগানকাৰীসকল) আৰু অন্য ৰাজহুৱা/ব্যক্তিগতখণ্ডৰ বিত্তীয় প্ৰতিষ্ঠানসমূহ (এফ আই) ৰ পৰা ঋন সমূহ উপলবদ্ধ হয় ৷  এই আচঁনি  আইআৰইডিএ ৰ দ্বাৰা প্ৰযোজিত আৰু এমএনআৰই (MNRE)ৰ সমথৰ্নত আইআৰইডিএৰ পৰিচালনাত অন্য বিত্তীয় প্ৰতিষ্ঠান/বেংকসমূহে  ফাণ্ড মুকলি কৰি দিয়ে ৷

    4. ঋণৰ পৰিমাণ

    আইআৰইডিএ/বেংক/এফআই ৰ দ্বাৰা নিণীৰ্ত প্ৰজেক্টৰ মুঠ ব্যয়ৰ ওপৰত 85% লৈকে

    5. ঋণৰ সময়সীমা

    সৰ্ব্বোচ্চ 5 বছৰ

    6. সুতৰ হাৰ

    2% ঘৰুৱা ব্যৱহাৰকাৰীলৈ ৷
    3% আনুষ্ঠানিক ব্যৱহাৰকাৰীলৈ, দ্ৰুত ব্যৱহাৰৰ ওপৰত হ্ৰাসকৰণ নহয়     ৷ 
    5% উদ্যোগিক/ব্যৱসায়িক ব্যৱহাৰকাৰীলৈ,ব্যৱহাৰৰ হ্ৰাসকৰণ

    7. এফ আইএচ/বেংক/আইআৰইডিএৰ মধ্যস্থতাকাৰীসকলৰ চাৰ্ভিচ চাৰ্জ আৰু অনুপ্ৰাণিত কৰা লোকসকলৰ ভাট্টা

    @ 200/- টকাকৈ প্ৰত্যেক ঋনৰ বিপৰীতে ব্যয়ৰ ভাট্টাৰ ওপৰত নিৰ্ভৰ কৰি বিত্তীয় প্ৰতিষ্ঠান(এফআই)/বেংক/আইআৰইডিএৰ মধ্যস্থতাকাৰী সকললৈ    
    @ 100/- টকা প্ৰতি বগৰ্মিটাৰ সংগ্ৰাহক এলেকাৰ ওপৰত নিৰ্ভৰ কৰি সাম্ভাব্য ক্ৰেতাসকলক পানী উত্তাপিতকৰণৰ সৌৰহিটাৰ ক্ৰয়ৰ বাবে অনুপ্ৰাণিত কৰা অনুপ্ৰেৰক/এফআইৰ এজেন্ট/বেংক/আইআৰইডিএ আৰু মধ্যস্থতাকাৰীসকললৈ  সুতৰ হাৰৰ ভাট্টাৰ ব্যয়ৰ ওপৰত নিৰ্ভৰ কৰি

    উৎস: আইএনডিজি দল

    শেহতীয়া উন্নীতকৰণ: : 6/21/2020



    © C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
    English to Hindi Transliterate