অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মজুৰি আৰু নিবনুৱা ভাট্টা প্ৰদান

৭.১ মজুৰি প্ৰদান

৭.১.১ এই আঁচনিৰ অধীনত কাম কৰা প্ৰতিজন শ্ৰমিকেই মজুৰি লাভ কৰিব। আইনখনৰ ৬ (১)নং অনুচ্ছেদৰ আধাৰত কেন্দ্ৰীয় চৰকাৰে মজুৰি সম্পৰ্কীয় অধিসূচনা জাৰি নকৰিলে ন্যূনতম মজুৰি আইন, ১৯৪৮ ৰ আধাৰত কৃষি শ্ৰমিকৰ বাবে ৰাজ্য চৰকাৰে (অথবা সংশ্লিষ্ট যোগ্য কৰ্তৃপক্ষই) নিৰ্ধাৰণ কৰা ন্যূনতম মজুৰিৰ হিচাপতে শ্ৰমিকসকলে মজুৰি লাভ কৰিব।

৭.১.২ পুৰুষ, মহিলা নিৰ্বিশেষে প্ৰতিজন শ্ৰমিককে সমান মজুৰি প্ৰদান কৰা হ’ব আৰু সমান মাননি আইন ১৯৭৬ ৰ ব্যৱস্থাবোৰ মানি চলিব লাগিব।

৭.১.৩ নিযুক্তিৰ সময়ছোৱাত শ্ৰমিকসকলক দৈনিক হিচাপত দিবলগীয়া মজুৰিৰ এটা অংশ ৰাজ্য চৰকাৰে আগবঢ়াব পাৰে।

৭.১.৪ প্ৰতিখন গাঁও পঞ্চায়ততে এটা পূৰ্ব নিৰ্ধাৰিত দিনত সাপ্তাহিক ভিত্তিত মজুৰি প্ৰদানৰ পৰামৰ্শ আগবঢ়োৱা হৈছে। বেংক/ডাকঘৰৰ জৰিয়তে মজুৰি প্ৰদানৰ বিস্তৃত বিৱৰণ ৰাজহুৱাভাৱে প্ৰকাশ কৰিব লাগিব।

৭.১.৫ সময়মতে মজুৰি প্ৰদান নিশ্চিত কৰাতো অত্যাৱশ্যকীয় কথা। শ্ৰমিকসকলক সাপ্তাহিক ভিত্তিত মজুৰি প্ৰদান কৰিব লাগে কিবা কাৰণবশত: কাৰ্য কৰাৰ এপষেকৰ ভিতৰত মজুৰি প্ৰদানৰ ক্ষেত্ৰত পলম হ’লে মজুৰি প্ৰদান আইন, ১৯৩৬ (এনৰেগা, দ্বিতীয় অনুসূচী, ৩০ অনুচ্ছেদ) ৰ আধাৰত শ্ৰমিকসকলক ক্ষতিপূৰণ দিব লাগিব। ক্ষতিপূৰণৰ বাবদ হ’বলগীয়া ব্যয় ৰাজ্য চৰকাৰে বহন কৰিব লাগিব।

৭.১.৬ মজুৰিৰ নিৰিখৰ বিষয়ে স্থানীয় ভাষাত প্ৰচাৰ কৰাৰ লগতে স্থানীয় ৰাইজে যাতে সেই বিষয়ে সহজে জানিব পাৰে তাৰ বাবে ৰাজ্য চৰকাৰ আৰু আঁচনি কৰ্তৃপক্ষসমূহে সকলো ধৰণে প্ৰচেষ্টা চলাব। প্ৰতিটো কৰ্মস্থলীতে মজুৰিৰ নিৰিখ স্পষ্টভাৱে প্ৰদৰ্শন কৰিব লাগিব।

৭.১.৭ গড় হিচাপত লাভ কৰা মজুৰিৰ ওপৰত আঁচনি বিষয়া, জিলা আঁচনি সমন্বয়ক আৰু ৰাজ্য চৰকাৰে দৃষ্টি ৰাখিব।

৭.১.৮ শ্ৰমিকসকলে ইচ্ছা প্ৰকাশ কৰিলে এন আৰ ই জি এছৰ অধীনত প্ৰদান কৰা মজুৰিৰ সৈতে সামাজিক সুৰক্ষা ব্যৱস্থাৰ সমন্বয় সাধনৰ বিষয়ে ৰাজ্য চৰকাৰে বিবেচনা কৰিব পাৰে। সংশ্লিষ্ট শ্ৰমিকজনৰ অনুমতি সাপেক্ষে তেওঁৰ মজুৰি এটা অংশ কৰ্তন কৰি এন আৰ ই জি এছ শ্ৰমিকৰ কল্যাণৰ বাবে প্ৰস্তুত কৰা আঁচনি যেনে স্বাস্থ্য বীমা, দুৰ্ঘটনা বীমা, প্ৰসৱকালীন সুবিধা আৰু অন্যান্য সামাজিক সুৰক্ষা ব্যৱস্থাত বৰঙণি হিচাপে বিনিয়োগ কৰিব পাৰি। এনে ধৰণৰ সামাজিক সুৰক্ষাৰ ব্যৱস্থা সম্পূৰ্ণ স্বেচ্ছামূলক। সংশ্লিষ্ট শ্ৰমিকৰ সন্মতি অবিহনে তেওঁ লাভ কৰা মজুৰিৰ পৰা তেনে বৰঙণি সংগ্ৰহ কৰা নহ’ব। এই সন্দৰ্ভত যাৱতীয় পদ্ধতি ৰাজ্য চৰকাৰে ঘোষণা কৰিব আৰু ৰাজ্যিক পৰিষদে নিয়মীয়াকৈ পুনৰীক্ষণ কৰিব। এই ক্ষেত্ৰত এনে সামাজিক সুৰক্ষা পুঁজিৰ স্বচ্ছ আৰু দায়বদ্ধ ব্যৱহাৰৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আনহাতে, ৰাজ্য চৰকাৰৰ অনুদান লাভৰ ব্যৱস্থাও ইয়াত সন্নিৱিষ্ট হ’ব পাৰে।

৭.২ বেংক আৰু ডাকঘৰৰ জৰিয়তে মজুৰি প্ৰদান

৭.২.১ সকলো এনৰেগা মজুৰি বেংক (অথবা ডাকঘৰ) ৰ জৰিয়তে প্ৰদান কৰাতো মজুৰি প্ৰদান সংস্থাসমূহক ৰূপায়ণ সংস্থাসমূহৰ পৰা পৃথক কৰা এক কাৰ্যকৰী ব্যৱস্থা। বেংক/ডাকঘৰৰ জৰিয়তে মজুৰি প্ৰদান ব্যৱস্থা প্ৰবৰ্তনৰ লগতে তলত উল্লেখিত বিষয়বোৰৰ ওপৰত গুৰুত্ব দিব লাগিব।

১) সংশ্লিষ্ট সকলো শ্ৰমিকৰ হকে এক উপযুক্ত কৰ্তৃপক্ষই (যেনে বেংক অথবা গাঁও পঞ্চায়ত) সক্ৰিয় ভূমিকাৰে বেংক/ডাকঘৰত একাউন্ট বুলিব লাগিব। শ্ৰমিকসকলে নিজেই নিজৰ বেংক একাউন্ট খোলাৰ প্ৰয়োজন নহ’ব।

২) ব্যক্তিগত একাউন্ট (প্ৰতিজন এনৰেগা শ্ৰমিকৰ বাবে) নে যুটীয়া একাউন্ট (প্ৰতিখন জবকাৰ্ডৰ বিপৰীতে এটা একাউন্ট) খোলা হ’ব সেই বিষয়ে সিদ্ধান্ত ল’ব লাগিব। যুটীয়া একাউন্ট ব্যৱহাৰৰ ক্ষেত্ৰত পৰিয়ালৰ বিভিন্ন সদস্য (যেনে পতি আৰু পত্নী) যুটীয়া স্বাক্ষৰকাৰী হিচাপে থাকিব লাগিব। এটা পৰিয়ালৰ আটাইখিনি উপাৰ্জন পৰিয়ালটো একাউন্টধাৰী পুৰুষ মুৰব্বীজনে একচত্ৰীভাৱে (নিজৰ উপাৰ্জিত ধনৰ পৰা মহিলাসকলক বঞ্চিত কৰি) ব্যৱহাৰ কৰা বাধা দিবলৈ গুৰুত্ব দিব লাগিব।

৩) মহিলাসকলকে ধৰি সকলো শ্ৰমিকেই যাতে বেংকৰ যাৱতীয় কামখিনি কৰাৰ সামৰ্থ অৰ্জন কৰিব পাৰে তাৰ বাবে বিশেষ সজাগতামূলক তথা যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিব লাগে। বিশেষকৈ বেংক ব্যৱস্থাৰ সৈতে সম্পৰ্ক নথকা অঞ্চলৰ শ্ৰমিকসকলৰ প্ৰতি এই ক্ষেত্ৰত অধিক গুৰুত্ব দিয়া উচিত।

৪) কি ধৰণৰ বেংক (যেনে গ্ৰামীন বেংক, সমবায়, ৰাষ্ট্ৰীয়কৃত, ডাকঘৰ, বেংকৰ সুবিধা নথকা অঞ্চলত ভ্ৰাম্যমান বেংক) বাচনি কৰা হ’ব সেই সিদ্ধান্ত ল’ব লাগিব স্থানীয় অৱস্থাৰ ওপৰত ভিত্তি কৰি। বাধাহীনভাৱে তথা সময়মতে মজুৰি লাভৰ ব্যৱস্থা নিশ্চিত কৰাই হ’ব এই ক্ষেত্ৰত মূল উদ্দেশ্যে। উদাহৰণস্বৰূপে- গাঁও পঞ্চায়তৰ একাউন্ট থকা বেংকতে শ্ৰমিকসকলৰো একাউন্ট খুলিলে সুবিধা হ’ব। আন্ত:বেংক সাল-সলনিৰ ক্ষেত্ৰত যাৱতীয় প্ৰক্ৰিয়া যথা সম্ভৱ সহজ হোৱাৰো বাঞ্চনীয়।

৫) বেংকে যোগে পৰিশোধৰ ব্যৱস্থা কৰাৰ আগতে বেংকৰ নিজস্ব অৱস্থাৰ (যেনে কৰ্মচাৰীৰ অভাৱ) কথা মনত ৰাখি সংশ্লিষ্ট বেংকটোৰ পৰা সম্পূৰ্ণ সহযোগ বিচৰা উচিত। যথা সম্ভৱ বেংক মাচুল পৰিহাৰ কৰা উচিত।

৬) বেংক যোগে পৰিশোধ সৈতে জড়িত নিয়মাৱলী সন্দৰ্ভত গাঁও পঞ্চায়তে স্পষ্ট নিৰ্দেশনা দিয়া উচিত।

৭) বেংক একাউন্ট খোলাটো কাৰ (যেনে-শ্ৰমিক, বেংক, গাঁও পঞ্চায়ত) দায়িত্ব সেই কথা স্পষ্ট হোৱা উচিত। বেংক একাউন্ট খুলিবলৈ অসমৰ্থ হোৱা বাবেই শ্ৰমিক এজনক যাতে আঁতৰাই ৰখা নহয় তাৰ প্ৰতি গুৰুত্ব দিয়া উচিত।

৮) মাচুল নোলোৱাকৈয়ে এনৰেগা শ্ৰমিকৰ বাবে একাউন্ট খুলিবলৈ বেংকক অনুৰোধ জনোৱা উচিত।

৯) পুৰুষ মুৰব্বী বিশিষ্ট পৰিয়ালৰ ক্ষেত্ৰত মহিলা সদস্যাসকলৰ বাবে সুকীয়া ব্যক্তিগত একাউন্ট খুলিব পাৰি।

১০) চেক ভাঙোৱাত পলম হোৱাতো বন্ধ কৰা অথবা বেংকৰ শাখাত কৰ্মচাৰীৰ অভাৱ অথবা বেংক কৰ্তৃপক্ষৰ অনীহা সন্দৰ্ভত ৰাজ্য চৰকাৰে ৰাজ্যিক পৰ্য্যায়ৰ বেংক সমন্বয়ৰক্ষী সমিতিৰ বৈঠকত আলোচনা কৰিব পাৰে।

১১) ব্যাপক সংখ্যক চেকৰ ব্যৱহাৰ ৰোধ কৰাৰ বাবে মজুৰিৰ বাবদ প্ৰতিজন শ্ৰমিকৰ নামত সুকীয়া সুকীয়াকৈ চেক জাৰি কৰিব নালাগে। মাষ্টাৰ ৰোলৰ শ্ৰমিক গোটৰ বাবে এটা ‘পে অৰ্ডাৰ’ প্ৰস্তুত কৰিব পাৰি। সংশ্লিষ্ট শ্ৰমিকসকলৰ বিপৰীতে দেখুওৱা ধনৰাশি তেওঁলোকৰ একাউন্টত জমা কৰিবলৈ তথা শ্ৰমিকসকলৰ প্ৰয়োজন সাপেক্ষে সেই ধন মোকলাই দিয়াৰ বাবে বেংকৰ শাখা পৰিচালকক অনুৰোধ জনাই ‘পে অৰ্ডাৰ’ প্ৰস্তুত কৰিব লাগিব। ধন পৰিশোধৰ পাছত জনক জনোৱা সংশ্লিষ্ট শ্ৰমিকৰ জ্ঞাতাৰ্থে এখন ‘মজুৰি শ্লিপ’ প্ৰস্তুত কৰিব পাৰি। পৰিশিষ্ট বি-৩ ত মজুৰি শ্লিপৰ আৰ্হি দিয়া হৈছে। এজন শ্ৰমিক অথবা তেওঁৰ কৰ্তৃত্বশীল প্ৰতিনিধিয়ে মজুৰি শ্লিপ আৰু উইড্ৰৱেল শ্লিপ জমা দিয়াৰ পাছতহে সংশ্লিষ্ট শ্ৰমিকজনক প্ৰাপ্য ধন দিব লাগিব। এজন শ্ৰমিকৰ যথাবিহিত লিখিত কৰ্তৃত্বৰ প্ৰমাণ পত্ৰ অবিহনে কোনো তৃতীয় পক্ষক বেংকৰ পৰা ধন উলিওৱাৰ অনুমতি দিয়া নহ’ব।

১২) শ্ৰমিকসকলক ৰাজহুৱাভাৱ মজুৰি প্ৰদান, মাষ্টাৰৰোলৰ বিস্তৃত তথ্য স্পষ্টভাৱে পাঠ কৰা জব কাৰ্ডৰ চোৱাচিতা মাষ্টাৰৰোলৰ স্বাক্ষৰ/বুঢ়া আঙুলিৰ ছাপ লোৱা আদিৰ সৈতে বেংক পেমেন্টৰ সংগতি থকা উচিত। উদাহৰণ স্বৰূপে ৰাজহুৱাভাৱে ‘পেমেন্ট শ্লিপ’ (অথবা ধৰা হওঁক, একাউন্ট পেয়ী শ্লিপ) বিতৰণ, জব কাৰ্ডত সেই বিষয়ে অন্তৰ্ভুক্তি আদিৰ বিষয়ে উল্লেখ কৰিব পাৰি।

১৩) বেংকৰ পাছবুকৰ আৰ্হি যথাসম্ভৱ এনে হোৱা উচিত যাতে ই এনৰেগা পেমেন্ট নিৰীক্ষণত সহায়ক হয়। যেনে- জবকাৰ্ড আৰু অথবা মাষ্টাৰ ৰোলৰ সৈতে পাছবুক মিলাই চোৱা।

১৪) বেংক/ডাকঘৰৰ জৰিয়তে মজুৰি প্ৰদান সম্পৰ্কীয় সকলো তথ্য জবকাৰ্ডত লিপিবদ্ধ কৰিব লাগে।

৭.৩ নিবনুৱা ভাট্টা

৭.৩.১ এনৰেগাৰ অধীনত কাম বিচাৰি আবেদন জনোৱা শ্ৰমিক এজনক আবেদন দাখিলৰ ১৫ দিনৰ ভিতৰত নিযুক্তি দিব নোৱাৰিলে আইনখনে নিৰ্ধাৰণ কৰি দিয়া হাৰত ৰাজ্য চৰকাৰে তেওঁক নিবনুৱা ভাট্টা দিব লাগিব। কোনো এখন জিলা বা কোনো অঞ্চলত এই আইনৰ অধিসূচনা জাৰি হোৱাৰ লগে লগেই এই সুবিধা ব্যৱস্থা কাৰ্যকৰী হ’ব।

৭.৩.২ এটা ব্লকত নিবনুৱা ভাট্টা যথাযথভাৱে প্ৰদান কৰাৰ দায়িত্ব আঁচনি বিষয়াৰ ওপৰত ন্যস্ত থাকিব।

৭.৩.৩ নিবনুৱা ভাট্টা প্ৰদানৰ ক্ষেত্ৰতো মজুৰি প্ৰদানৰ প্ৰক্ৰিয়াই মানি চলিব লাগিব। বিশেষকৈ এই পৰামৰ্শ দিয়া হৈছে যে এই নিবনুৱা ভাট্টা সাপ্তাহিক ভিত্তিত গাঁও পঞ্চায়ত পৰ্য্যায়ত ‘নিয়োগ নিশ্চিত দিৱস’ ত প্ৰদান কৰিব লাগে।

৭.৩.৪ নিবনুৱা ভাট্টা লাভৰ যোগ্যতা অৰ্জন কৰা তাৰিখৰ পৰা ১৫ দিনৰ ভিতৰতে এই ভাট্টা প্ৰদান কৰিব লাগিব (এনৰেগা, অনুচ্ছেদ নং ৭ (৫))। নিবনুৱা ভাট্টা প্ৰদানত পলম হ’লে শ্ৰমিকসকলক ক্ষতিপূৰণ দিব লাগিব। মজুৰি প্ৰদান আইন, ১৯৩৬ ৰ অধীনত মজুৰিৰ ক্ষতিপূৰণ প্ৰদানৰ ক্ষেত্ৰত নিৰ্দেশিত নীতিকেই এই ক্ষেত্ৰত মানি চলিব লাগিব। ক্ষতিপূৰণৰ বাবদ হোৱা ব্যয় ৰাজ্য চৰকাৰে বহন কৰিব।

অসমৰ কল্যাণমূলক আঁচনিসমূহৰ পৰা লাভৱান হৈছে যোৰহাটৰ গাওঁবাসী

উৎস: অসম চৰকাৰ।

শেহতীয়া উন্নীতকৰণ: : 4/25/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate