অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ভাস্কৰ্য শিল্পৰে স্বাৱলম্বিতা

ভাস্কৰ্য শিল্পৰে স্বাৱলম্বিতা

নিদৰ্শন দাঙি ধৰিছে ছয়গাঁৱৰ ৰহিন্দ্ৰ দাসে

চেষ্টাৰ অসাধ্য একো নাই’ বুলি কথা এষাৰ আছে। এই কথাষাৰেই প্ৰতিপন্ন কৰিছে কামৰূপ জিলাৰ ছয়গাঁৱৰ নিকটৱৰ্তী বৰাখাত গাঁৱৰ ৰহিন্দ্ৰ দাসে। প্ৰায় ৯ বছৰ বয়সৰ পৰাই তেওঁ মাটিৰে পুতলা নিৰ্মাণ কৰি বিভিন্ন মেলা আৰু সুৱেৰি আদি উৎসৱত বিক্ৰী কৰিছিল। তেওঁ ক’ব নোৱাৰাকৈয়ে ভাস্কৰ্য শিল্পটোৰ প্ৰতি আগ্ৰহী হৈ পৰিছিল। তেওঁ পূজা চাবলৈ গৈ তাত মূৰ্তিসমূহ দেখি মূৰ্তি বনাবলৈ চেষ্টা কৰে। বিভিন্ন ব্যক্তিৰ উৎসাহত তেওঁ নহিৰাৰ নৰেন কৰ্মকাৰ নামৰ এজন ব্যক্তিৰ ওচৰত ভাস্কৰ্য শিল্পৰ প্ৰশিক্ষণ লয়। তেতিয়াৰে পৰা তেওঁ এই বৃত্তিটো জীৱিকাৰ হিচাপে গ্ৰহণ কৰে আৰু ঘৰত ‘বিশ্বকৰ্মা শিল্পালয়’ নামেৰে এটা প্ৰতিষ্ঠান আৰম্ভ কৰে। তেওঁ নিৰ্মাণ কৰা মূৰ্তি, পুতলা আদি বিভিন্ন সামগ্ৰীসমূহ গ্ৰাহকে তেওঁৰ ঘৰৰ পৰা ক্ৰয় কৰে। ফোনযোগেও তেওঁ গ্ৰাহকৰ অৰ্ডাৰ লয় আৰু সেই অনুসাৰে বিভিন্ন সামগ্ৰী নিৰ্মাণ কৰি বিক্ৰী কৰে। প্ৰয়োজনসাপেক্ষে তেওঁ বিভিন্ন গ্ৰাহকৰ ঘৰত গৈ বিভিন্ন আৰ্হি আৰু সামগ্ৰী নিৰ্মাণ কৰি দিয়ে। তদুপৰি তেওঁ দা-কটাৰী আদি নিৰ্মাণ কৰিও বিক্ৰী কৰে। এই সামগ্ৰীসমূহ নিৰ্মাণ কৰিবলৈ প্ৰয়োজন হোৱা মাটি, বাঁহ, খেৰ, কাঠ আদি সেই অঞ্চলৰে গুমি, নহিৰা আদি ঠাইৰ পৰা সংগ্ৰহ কৰে। এই ব্যৱসায়টোৰ জৰিয়তে ৰহিন্দ্ৰ দাসে তেওঁৰ দুই সন্তানক উচ্চ শিক্ষা দিবলৈ সক্ষম হোৱাৰ লগতে ৯ জন কৰ্মচাৰীক জীৱিকাৰ সুযোগ দিছে ৰহিন্দ্ৰ দাসে এই বৃত্তিটোক জীৱিকাৰ নিৰ্বাহৰ পথ হিচাপে বাছি লৈ ভাষ্কৰ্য শিল্প উদ্যোগটোলৈ অৱদান আগবঢ়াইছে। এই ক্ষেত্ৰত চৰকাৰ তথা বিভিন্ন দল সংগঠনে সহায়ৰ হাত আগবঢ়ালে এই শিল্পীসকল উৎসাহিত হ’ব বুলি আশা কৰিব পাৰি। এই শিল্পীসকলক এখন উপযুক্ত বজাৰ দিয়াটো আমাৰ সকলোৰে দায়িত্ব নহয় জানো?

লেখিকা: ডলী কলিতা, অসমীয়া প্ৰতিদিন।

শেহতীয়া উন্নীতকৰণ: : 7/11/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate