অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আলুৰ ৰোগ আৰু প্ৰতিকাৰ

আলুৰ ৰোগ আৰু প্ৰতিকাৰ

পাচলিৰ ভিতৰত আলু অন্যতম৷ আলুৰ বিভিন্ন প্ৰকৰণ আমাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত৷ আমাৰ দেশত আলুৰ উৎপাদন ধান বা ঘেহুঁতকৈ বহু গুণে বেছি৷ অসমতো ইয়াৰ খেতি বহু আগৰ পৰা কৰি আহিছে ৷ জাৰকালিৰ পাচলি বিলাকৰ ভিতৰত আলু খেতিয়েই বেছি অঞ্চল জুৰি কৰা হয়৷ ইয়াৰ চমু কৃষি কালছোৱাত কেইবাবিধো ৰোগ আৰু কীট–পতঙ্গই দেখা দিয়ে যাৰ আক্ৰমণৰ ফলত আলুৰ উৎপাদন হ্ৰাস পায়৷ এই ৰোগ বিলাক আৰু কীট–পতঙ্গ যথোচিত আৰু সময়োচিত ভাবে নিয়ন্ত্ৰণ কৰিব পাৰিলে আশানুৰূপ সুফল লাভ কৰিব পাৰি৷ সেইবিলাকৰ সততে দেখা দিয়া ৰোগ আৰু কীটৰ লক্ষণ, চিনাক্ত কৰণ আৰু নিয়ন্ত্ৰণৰ ব্যৱস্হাৱলী আগবঢ়োৱা হ’ল৷

ভেঁকুৰজনিত ৰোগ

১) লেট ব্লাইট

ফাইটফথৰা ইনফেষ্টানচ (Phytophthora infestans)৷এই ভেঁকুৰ বীজত থাকে ৷

লক্ষণ

জানুৱাৰী মাহত এই ৰোগৰ আগমণ হয়৷ প্ৰথমে পাতত ৰোগৰ লক্ষণ দেখা যায় ৷ আক্ৰান্ত অংশবোৰ অনিয়মিত আকাৰৰ, ক’লা আৰু জলসিক্ত হয়৷ এনে অঞ্চলৰ চাৰিওফালে, বিশেষকৈ পাতৰ তলৰ পৃষ্ঠত বগা ৰঙৰ ভেঁকুৰ গজে৷ পাতৰ ঠাৰি আৰু ডালবিলাকত দাগবোৰ দীঘলীয়া আৰু ক’লা হয়৷ মাটিৰ ওপৰত ওলাই থকা আলু বিলাকো আক্ৰান্ত হ’ব পাৰে৷

অনুকুল পৰিবেশ

ডিচেম্বৰ–জানুৱাৰী মাহত কেইবাদিন ধৰি বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে পাতলীয়াকৈ বৰষুণ দি থাকিলে এই ৰোগৰ আবিৰ্ভাৱ হয়৷ এনে বতৰত আলুৰ খেতিডৰা দুই – তিনি দিনতে সৰ্ম্পূণকৈ ধ্বংস হৈ যায় ৷ কাৰণ, তাপমাত্ৰা দিনত ২২ – ২৩ ছেন্টিগ্ৰেড আৰু ৰাতি ১০ - ১৫ ছেন্টিগ্ৰেড, লগতে অতি বেছি সেমেকা (৯০ শতাংশতকৈ অধিক আপেক্ষিক আৰ্দ্ৰতা) পৰিবেশত ৰোগৰ প্ৰসাৰ খৰতকীয়া হয় ৰ’দৰ বতৰত নষ্ট হৈ যোৱা ডাল – পাতবোৰত জ্বলি যোৱাৰ দৰে অৱস্হাটোহে ৰয়গৈ ৷

প্ৰতিকাৰ

ৰোগৰ উপস্হিতি পৰিলক্ষিত হোৱাৰ আগৰে পৰা সাবধানতা অবলম্বন কৰা উচিত ৷ গতিকে, ডাৱৰীয়া বতৰ হোৱাৰ সম্ভাৱনা অনুমান কৰি নিদিষ্ট কালৰ অন্তৰে অন্তৰে ভেঁকুৰনাশক ঔষধ যেনে : ইন্দফিল এম – ৪৫ আৰু ৰিড’মিল এম জেদ – ৭২ (২.৫ গ্ৰাম প্ৰতি লিটাৰ পানীত মিহলাই) সলনা সলনিকৈ (প্ৰথমে ইন্দফিল আৰু পাচৰ বাৰ ৰিড’মিল) ৮ – ১০ দিনৰ অন্তৰত ডিচেম্বৰ মাহৰ মাজ ভাগৰ পৰা ফেব্ৰুৱাৰী মাহলৈকে স্প্ৰে কৰিব লাগে ৷ এই ৰোগ আলুৰ তুলনাত বিলাহীত আগতে হয় ৷ গতিকে আলু আৰু বিলাহী দুয়োবিধ পাচলিত সমানে স্প্ৰে কৰাটো জৰুৰী ৷

২) আলুৰ বাকলিত হোৱা কলা টুপুৰা

ৰোগৰ কাৰক

ৰাইজকটনিয়া চলানি (Rhizoctonia solani)৷ এই ভেঁকুৰ মাটি আৰু বীজত থাকে৷

লক্ষণ

এই ৰোগটো অতি সহজে চিনিব পাৰি৷ আলুৰ বাকলিত কিছুমান বিভিন্ন আকৃতিৰ কলা ৰঙৰ শুকান আলকেতেৰা সদৃশ টুপুৰা লিপিত খাই থাকে৷ এই বিলাক প্ৰকৃততে ভেঁকুৰৰ টান বীজ বা কবকজালাশ্ম (sclerotia) ৷ অৱশ্যে এই বিলাকৰ কাৰণে আলুৰ গুণা-গুণ নষ্ট নহয় ৷ কিন্তু এনে টুপুৰা বহন কৰা আলু ৰুলে মাটিৰ সংস্পৰ্শত ভেঁকুৰবিধ সক্ৰিয় হৈ পৰে আৰু আলুৰ চকুৰ পৰা নতুনকৈ গজিবলৈ ধৰা গাজবিলাক পচাই পেলায় ৷ ফলত খেতিডৰাত আলুগছৰ সংখ্যা কমি যায় ৷

প্ৰতিকাৰ

  • বাকলিত কলা টুপুৰা থকা আলুবোৰ বীজ হিচাবে সংৰক্ষণ কৰিব নালাগে আৰু তেনে বীজ ৰোপণ কৰিব নালাগে ৷
  • ৰোগৰ কাৰক ভেঁকুৰবিধ মাটিত থাকে ৷ গতিকে এই ৰোগ হোৱা মাটিডৰাত আলু চপোৱাৰ পিছত গোমধান বা ধইনচা নামৰ সেউজ সাৰৰ খেতি কৰিব লাগে ৷
  • চপোৱা আলুখিনি ৩ শতাংশ গাঢ়তাৰ বৰিক এচিডৰ দ্ৰৱণৰত ২০ মিনিট ডুবাই ৰাখি ছাঁত শুকুৱাই লৈহে ভঁৰালত ৰাখিব লাগে ৷
  • বীজ শোধন : কাৰ্বেনডাজিম (বেভিষ্টিন) নামৰ ভেঁকুৰনাশক ১ গ্ৰাম প্ৰতিলিটাৰ পানীত মিহলাই তৈয়াৰ কৰা মিশ্ৰণত বীজবোৰ ১০ মিনিট ডুবাই ৰাখি শুকুৱাই লৈহে ৰুব লাগে ৷

৩) আলুপচা

ৰোগৰ কাৰণ

ফিউজাৰিয়াম অকজিস্পৰাম (Fusaruim oxysporum) ৷ এই ভেঁকুৰ বীজ আৰু মাটিত থাকে ৷

লক্ষণ

এই ৰোগ সাধাৰণতে ভঁৰালত থোৱা আলুত হয় ৷ আলুৰ ৰোগাক্ৰান্ত অংশৰ ছালখন ডাঠ মুগা বৰণৰ হৈ কোচ খাই যায় ৷ পিচত সেই অংশ দ’কৈ ফাটি যায়, বিন্ধা একোটা হৈ ফোপোলা হৈ পৰে ৷ এই বিন্ধাৰ দাতিঁত বগা ৰঙৰ ভেঁকুৰৰ বৃদ্ধি দেখা যায়৷ ফাটি যোৱা অংশ আৰু বিন্ধাবোৰ শুকান হয়৷

প্ৰতিকাৰ

  • কটা, ঘা লগা আলু বীজ হিচাপে ৰাখিব নালাগে ৷
  • বৰিক এচিডেৰে ওপৰোক্ত ধৰণেৰে বীজ শোধন কৰি ৰাখিব লাগে ৷ ভঁৰালত ৰখাৰ সময়ছোৱাত মাজে সময়ে বীজবোৰ পৰীক্ষা কৰি পচাঁ আলুবোৰ বাচি আঁতৰাই পেলাব লাগে৷
  • যথাসম্ভৱ বীজ কাটি ৰোব নালাগে ৷ কটা বীজ ব্যৱহাৰ কৰিব লগা হ’লে বীজখিনি মেনক’জেব (ইন্দফিল এম-৪৫) নামৰ ভেঁকুৰনাশকৰ ০.২৫% গাঢ়তাৰ মিশ্ৰণত (২৫ গ্ৰাম ১ লিটাৰ পানীত) ১০ মিনিট ডুবাই ছাঁত শুকুৱাই ল’ব৷

বেক্টেৰীয়াজনিত ৰোগ

১) লেৰেলি যোৱা

ৰোগৰ কাৰক

ৰালচ টনিয়া ছলানাচিয়েৰাম (Ralstonia Solanacearum)৷ এই বেক্টেৰীয়া মাটিত থাকে৷

লক্ষণ

সাধাৰণতে ৰ’দৰ বতৰত গৰম বাঢ়িলে এই ৰোগৰ লক্ষণ স্পষ্টভাৱে পৰিলক্ষিত হয় ৷ দেখাত সুস্হ হৈ থকা গছ এজোপা হঠাতে লেৰেলি যায় ৷ এই গছবোৰ নিশাৰ ভাগত আৰু ঠাণ্ডা বতৰত সতেজ হৈ পৰিলেও দিনৰ উত্তাপত পুনৰ লেৰেলি দো খাই পৰে ৷ আক্ৰান্ত গছবোৰ দুই-তিনিদিনৰ ভিতৰত সম্পূৰ্ণকৈ মৰি শুকাই যায় ৷ গছত হোৱা পূৰঠ আলুবিলাকটো ৰোগৰ লক্ষণ দেখা যায় ৷ ৰোগীয়া আলু এটা সমানে দুফাল কৰি কাটিলে দাঁতিটোৰ সমানে চাৰিওফালে মুগা ৰঙৰ সাঁচ বা আঙঠি হোৱা দৃষ্টিগোচৰ হয় ৷

ৰোগ নিৰ্দ্ধাৰণ

গছ এজোপা লেৰেলি যোৱাটো বেক্টেৰীয়াজনিত নে অন্য কাৰকৰ বাবে হয় তাক সঠিক ভাবে নিশ্চিত হ’ব পাৰি এটা সাধাৰণ পৰীক্ষাৰ (ooze test) দ্বাৰা ৷ লেৰেলি থকা গছজোপাৰ এটা ডালৰ গুৰি অংশটো চোকা কটাৰী নাইবা ব্লেডেৰে কাটি লওক ৷ এটা গিলাচত পৰিষ্কাৰ পানী (পুখুৰী বা খালৰ পানী নহয়) ভৰাই লওক ৷ ইয়াৰ পিছত ডালটোৰ কটা অংশটো পানীখিনিত ডুবাই অলপো লৰচৰ নোহোৱাকৈ কিছুপৰ ওলোমাই ধৰি থাকক ৷ ৰোগটো বেক্টেৰীয়াজনিত হ’লে ডালৰ কটা মূৰটোৰ পৰা গাখীৰ সদৃশ বগা সোঁত এটা পানীলৈ বৈ অহা দেখা পাব ৷ এই পাতল বগা সোঁতটো হৈছে অগণন বেক্টেৰীয়াৰ সমষ্টি ৷

প্ৰতিকাৰ

  • ৰোগমুক্ত গছৰ পৰা সংগ্ৰহ কৰা আলু সংৰক্ষণ কৰি বীজ হিচাপে ব্যৱহাৰ কৰাটো বাঞ্চনীয় ৷
  • সততে এই ৰোগ দেখা দিয়া মাটিডৰাত আলুখেতিৰ পিছতে অন্য শস্য যেনে গোমধান, ঘেহু, মাহজাতীয় শস্য, সেউজ সাৰ ধইনচা, ভেণ্ডি আদি কৰিব লাগে৷ নতুবা সেই ঠাইত আলুৰ পৰিবৰ্তে ১ বা ২ বছৰ কবি, পিয়াজ, নহৰু আদি পাচলিৰ খেতি কৰিব৷ বেঙেনা বিলাহীৰ আৰু আদাৰ খেতি নকৰিব, কিয়নো এইবিধ পাচলিটো লেৰেলি যোৱা ৰোগটো হয়৷
  • আলু খেতিৰ বাবে মাটি চহাওতে মাটিডৰাত ১২ কিলোগ্ৰাম প্ৰতি হেক্টৰ মাটি হিচাপত ব্লিচিং পাউদাৰ প্ৰয়োগ কৰি ল’ব৷
  • দুই এজোপা গছত ৰোগ হোৱা দেখা পালে হিং আৰু হালধিৰ মিশ্ৰণ (১ গ্ৰাম হিং আৰু ১০ গ্ৰাম হালধিৰ গুৰি ১০ লিটাৰ পানীত) মাটি তিতি যোৱাকৈ গছৰ গুৰিত বাকি দিব লাগে ৷

২) আলু গেলি যোৱা

ৰোগৰ কাৰক

মাটিত থকা কেইবাবিধো বেক্টেৰীয়া এই ৰোগৰ সৈতে জড়িত৷ তাৰ ভিতৰত বেচিলাচ পলিমিক্সা আৰু বেচিলাচ মাৰ্জিনালিচ (Bacillus pohymyxa and B. marginalis) অন্যতম ৷

লক্ষণ

ৰোগাক্ৰান্ত আলুবোৰ কোমল হৈ গেলি যায়, ছালখন কোঁচ খাই সোতোৰা–সোতোৰ হয়৷ এনে আলুৰ পৰা পচাঁ ৰস বা পূঁজ নিৰ্গত হয় আৰু দুৰ্গন্ধ বাহিৰ হয়৷ আলুৰ ভিতৰখন গেলি যোৱাৰ পাচত শুকাই গলে কেৱল আলুৰ আকৃতিৰ ফোপোলা ছালখন ৰয়গৈ৷ এই ৰোগ পথাৰত খেতিত হোৱাৰ উপৰিও ভঁৰালতো হ’ব পাৰে৷ ভঁৰালত এই ৰোগ হোৱাৰ মূল কাৰণ হৈছে পথাৰতে ৰোগাক্ৰান্ত হৈ অহা আলুবোৰ ৷

প্ৰতিকাৰ

  • পথাৰত সাৱধানেৰে পৈণত আলুবোৰ খান্দিব লাগে যাতে আলুবিলাকত কোনো ঘাঁ নহয় ৷ ঘাঁ লগা আৰু ছাল পঁচা আলু কেতিয়াও সংৰক্ষণ কৰিব নালাগে৷
  • সংৰক্ষণ কৰিব লগা বীজখিনি এদিন ভালদৰে ৰ’দত দি পিছত ৩ শতাংশ বৰিক এচিদৰ দ্ৰৱণত ২০ মিনিট ডুবাই আৰু ছাঁত ভালদৰে শুকুৱাই লৈহে ভঁৰালত ৰাখিব৷
  • ভঁৰালৰ ভিতৰখনত মাজে-সময়ে মুক্ত বায়ু চলাচল কৰোৱাই ঠাণ্ডা কৰি ৰাখিবলৈ খিৰিকীৰ ব্যৱস্হা কৰিব লাগে৷

ভাইৰাচজনিত ৰোগ

১) পাত মেৰ খোৱা (Potato leaf rot)

ৰোগৰ কাৰক

পটেট’ লিফ ৰ’ল ভাইৰাচ (PLRV)৷ এই ভাইৰাচ বীজত থাকে আৰু মোৱা পোকৰ দ্বাৰা বিস্তাৰিত হয়৷

লক্ষণ

ভাইৰাচৰ দ্বাৰা আক্ৰান্ত গছবিলাক সুস্হ গছবোৰতকৈ চাপৰ হয়৷ ডালবিলাক কিছু ঘন হয়৷ পাতবিলাক ওপৰমুৱাকৈ মেৰ খায়, শেতাঁ ৰঙৰ হয় আৰু পলিথিনৰ দৰে কোমল হয়৷ অগ্ৰস্হভাগৰ সৰু একেবাৰে কোমলীয়া পাতবিলাক লেৰেলি যোৱাৰ দৰে হয়৷ মেৰ খোৱা পাতবোৰৰ তলপৃষ্ঠত স্হিত শিৰা–উপসিৰাবোৰ বেঙুনীয়া ৰঙৰ হৈ পৰে৷

প্ৰতিকাৰ

  • ৰোগমুক্ত খেতিডৰাৰ পৰা সংগ্ৰহ কৰা আলু বীজৰ বাবে ৰাখিব লাগে৷
  • ৰোগৰ বীজাণু বাহক মোৱাপোক নিয়ন্ত্ৰণৰ অৰ্থে মেটাচিচটক্স বা ৰগৰ ১.৫ মি:লি: ১ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে ৷ নাইবা ডাইমেথ’য়েট (০.০৩%) ৩ মি:লি: ১০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে ৷
  • আলু গছত মোৱাপোকৰ উপস্হিতি লক্ষ্য কৰিলে ৯০ – ১০০ দিনীয়া আলুগছবোৰ গুৰিতে কাটি আতঁৰাই পেলাব লাগে আৰু তাৰ ১০ দিনৰ পিছত আলু চপাব লাগে ৷
  • ৰোগৰ উক্ত লক্ষণ থকা আলু গছবোৰ উভালি আনি জ্বলাই নাইবা পুতি পেলাব লাগে ৷

২) মজাইক (Potato Mosaic)

ৰোগৰ কাৰক

পটেট’ ভাইৰাচ এক্স, ওৱাই, এ, এছ আৰু এম (PVX, PVY, PVA, PVS and PVM) ৷ এই ভাইৰাচ বীজত থাকে আৰু মোৱা পোকৰ উপৰিও কৃষি কাৰ্য্যত ব্যৱহৃত কটাৰি, কোৰ স্প্ৰেয়াৰ আদিৰ দ্বাৰা বিস্তাৰিত হয় ৷

লক্ষণ

এই ৰোগৰ লক্ষণ কেৱল পাতত দেখা যায়৷ আক্ৰান্ত গছৰ পাতবোৰ ডাঠ সেউজীয়া ৰঙৰ হয় আৰু পত্ৰ পৃষ্ঠ ওখোৰা–মোখোৰা হয়৷ কেতিয়াবা পত্ৰ পৃষ্ঠত সৰু সৰু বিভিন্ন আকৃতিৰ হালধীয়া দাগ হয় আৰু সেইবাবে এই লক্ষণটো পকা মজিয়া মজাইক কৰাৰ সৈতে তুলনা কৰা হয় ৷ পাতবোৰ সোত-মোচ খোৱাৰ উপৰিও পত্ৰপৃষ্ঠৰ তলৰ শিৰা – উপসিৰাবোৰ শেঁতা হালধীয়া হৈ পৰে ৷

প্ৰতিকাৰ:

  • পাত মেৰ খোৱা ৰোগ নিয়ন্ত্ৰণৰ সৈতে একে ৷

শৰীৰ ক্ৰিয়াত্মক বিকাৰ

১) আলুৰ মধ্যভাগ ফোপোলা হোৱা

ৰোগৰ কাৰক

এই বিকাৰ ভঁৰালত আৰু পৰিবহণৰ সময়ত বেছিকৈ হয় ৷ কেতিয়াবা খেতিপথাৰতো এই বিকাৰ হব পাৰে ৷ ভঁৰালৰ ভিতৰত আলু কঢ়িওয়া গাড়ীৰ ভিতৰত আৰু পথাৰত মাটিৰ উষ্ণতা ৩২০ চেন্টিগ্ৰেডতকৈ বাঢ়িলে আৰু তাত থকা বায়ুত অক্সিজনৰ অভাৱ হ’লে এই বিকাৰে দেখা দিয়ে ৷

লক্ষণ:

আলুৰ মধ্যাংশৰ কোষবোৰ চিয়াহী বুলীয়া হৈ শুকাই যোৱাৰ ফলত ফোপোলা হৈ পৰে ৷ বৰ্হিভাগ সুন্দৰ হৈ থকা আলুবিলাক ফালি চালেহে এনে লক্ষণ দেখা পোৱা যায় ৷ সৰু আলুৰ তুলনাত ডাঙৰ আকাৰৰ আলুবোৰ এনে বিকাৰৰ দ্বাৰা বেছিকৈ নষ্ট হয়৷

প্ৰতিকাৰ

  • ভঁৰালত আলুবোৰ সাৱধানেৰে ৰখাৰ উপৰিও ভিতৰলৈ ভালদৰে বায়ু চলাচল হব পৰা ব্যৱস্হা কৰিব লাগে ৷
  • বেছি ডাঙৰ বস্তাত আলু ভৰাই ৰাখিব নালাগে৷ তাৰোপৰি ভঁৰালত বেছি ডাঙৰকৈ দমাই ৰখাৰ সলনি মেলি ৰাখিব লাগে ৷

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

2.94117647059
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top