পটলৰ দুয়োমূৰে কাটি লৈ চুঁচি ল’ব লাগে। তেল গৰম কৰি পটলখিনি ধুনীয়াকৈ ৰঙচুৱাকৈ ভাজি উঠাই ল’ব লাগে। ৰৈ যোৱা তেলখিনিত তেজপাত, আদা বটা, জিৰা বটা, জলকীয়াৰ গুড়িৰ লগতে ফোৰণ দি দৈখিনিও ঢালি দিব লাগে। তাৰ পিছত কিছু সময় ভাজিব লাগে। ভাজি থাকোতে ডাঠ হৈ আহিলে পটলখিনি ঢালি দিব লাগে। লগতে সোৱাদ অনুযায়ী নিমখ আৰু চেনি অকণ দি পটলখিনি সিজি জোলখন ঘন হ’লে নমাই থ’ব লাগে। এই জোল ৰুটী বা ভাতৰ লগতো খাব পাৰি।
লেখিকা: কিৰণ বৰা।
শেহতীয়া উন্নীতকৰণ: : 10/7/2018
চয়াবিনৰ ফুলৰিৰ প্ৰস্তুত প্ৰণালী
আমেৰিকালৈ বাওধান ৰপ্তানি অসমৰ যুৱকৰ
আদা-হালধিৰ কৃষি কাহিনী
কিছুমান সহজলভ্য ঔষধি গুণযুক্ত বনৌষধি