মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / কলিতা জনগোষ্ঠীৰ ৰঙালী বিহু আৰু বহাগ মহীয়া পৰম্পৰা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কলিতা জনগোষ্ঠীৰ ৰঙালী বিহু আৰু বহাগ মহীয়া পৰম্পৰা

কলিতা জনগোষ্ঠীৰ ৰঙালী বিহু আৰু বহাগ মহীয়া পৰম্পৰা

অসমীয়া নামৰ ধাৰণাটিৰ সৃষ্টিত কলিতা জনগোষ্ঠীৰ ইমানেই বেছি অৱদান আছে যে ‘অসমীয়া পৰম্পৰা’ৰ পৰা ‘কলিতা পৰম্পৰা’ পৃথক কৰি চোৱাটো বহুতৰে বাবে অসম্ভৱপ্ৰায় হৈ পৰিছে। অসমীয়া আৰু কলিতা যেন অভিন্ন ৰূপত একাকাৰ হৈ পৰিছে। ভাষাবিদ পণ্ডিত ডঃ কালিৰাম মেধীয়ে স্পষ্টভাৱে লিখি থৈ গৈছে- “অসম কলিতাসকলৰ নিজা ভূমিখণ্ড আৰু ইয়াৰ সভ্যতা মূলতঃ কলিতা সভ্যতা। অইন উপজাতিবোৰ কলিতাৰ সামাজিক নীতি আৰু পৰম্পৰাকে সামগ্ৰিকভাৱে অনুকৰণ কৰে।“

ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চলৰ নিচিনা বিশেষ ভৌগোলিক অৱস্থানৰ এক বহু নৃগোষ্ঠীয় লোকৰ বাসস্থলত বিভিন্ন জাতি-জনগোষ্ঠীসমূহ এটা সামূহিক পৰিচয়ৰ মাজত সাঙোৰ খাই নাথাকিলে সংশ্লিষ্ট আটাইৰে বিপদৰ আশংকা- যি বিপদ হয়তো আহিব পাৰে বহিঃশক্তি অথবা অইন কোনো উত্সৰপৰা। সেই কথাকে মনত ৰাখি কলিতাসকলে অসমীয়া ধাৰণাটিতে সম্পূৰ্ণৰূপে বিলীন হোৱাৰ পৰিক্ৰমাত ব্যস্ত থাকি নিজৰ জনগোষ্ঠীয় পৰম্পৰা সমূহক অকল নিজৰ জনগোষ্ঠীগত বুলি চিহ্নিত নকৰি সামূহিক পৰিচয়েৰে চিহ্নিত কৰিবলৈ ল’লে। গোষ্ঠী পৰিচয়সৰ্বচ্চ সাংবিধানিক ব্যৱস্থা এটাৰ অধীনত থাকিও গোষ্ঠী পৰিচয়ক সম্পূৰ্ণৰূপে আওকাণ কৰি বৃহত্তৰ অসমীয়া মহাজাতি গঠন প্ৰক্ৰিয়াত কলিতাসকল নিৰৱচ্ছিন্নভাৱে থাকিল। খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ ভিতৰত বৃহত্তম বাবেই হয়তো জনগোষ্ঠীয় পৰিচয়ৰ প্ৰতি অমনোযোগী হ’বলৈ কলিতাসকল শংকিত বা কুণ্ঠিত হোৱা নাছিল। তাৰ বিপৰীতে স্বকীয় জনগোষ্ঠীয় বৈশিষ্ট্য লোপ পোৱাৰ শংকা অইন খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ একেবাৰে নোহোৱাত অসমীয়া ধাৰণাটিৰ প্ৰত্যক্ষ বিৰোধিতা নকৰাকৈয়ো প্ৰায়বোৰ জনগোষ্ঠীয়েই নিজা নিজা স্বকীয়তা ৰক্ষাৰ ফালেও মনোযোগ দি থাকিল। ‘অসমীয়াত্ব’ ৰক্ষাৰ দায়িত্ব যেন কলিতাসকলৰ ওপৰতেই ন্যস্ত থাকিল। এই দায়িত্ব পালনত বহুদিন ব্যস্ত হৈ থকাৰ ফলস্বৰূপে এতিয়া কলিতা জনগোষ্ঠীয় নিজা পৰম্পৰাসমূহক পৃথক কৰি চালে মূৰকত বেছিভাগ ক্ষেত্ৰতে অসমীয়া পৰম্পৰা বুলি বিশেষ একো নাথাকিব যেন অনুমান হয়।

কলিতাসকল ভৈয়ামৰ এটা কৃষিভিত্তিক আৰু নদীমাতৃক জনগোষ্ঠী, সেইবাবে এই জনগোষ্ঠীৰ আটাইবোৰ ৰীতি বা পৰম্পৰায়ে কৃষি আৰু নদীৰ স’তে সম্পৰ্কিত। বিহু বুলিলে বছৰৰ তিনিটা ভিন ভিন সময়ত উদযাপিত তিনি প্ৰকাৰৰ ভিন্ন উত্সৱৰ সমষ্টি এটাকে বুজোৱা হয়। চ’ত-ব’হাগ মাহত ৰঙালী বিহু,  আহিন-কাতি মাহত কঙালী বিহু আৰু পুহ-মাঘ মাহত ভোগালী বিহু। ইয়াৰে এটা মানুহ আৰু প্ৰকৃতিৰ প্ৰজনন প্ৰক্ৰিয়াৰ স’তে (ৰঙালী) সম্পৰ্কিত হোৱাৰ বিপৰীতে কাতি বিহু আৰু মাঘ বিহু সম্পূৰ্ণৰূপে কৃষি সম্পৰ্কিত। কৃষিভিত্তিক কলিতাসকলৰ নিজা পৰম্পৰাৰে পালিত বিহু সেইবাবে কঙালী আৰু ভোগালীহে। ৰঙালী বিহুত মংগোলীয় গোষ্ঠীসম্ভূত জনগোষ্ঠীসমূহৰ পৰম্পৰাগত উপাদান যথেষ্ট আছে। ৰঙালী বিহুৰ কৃষি সম্পৰ্কিত আৰু আধ্যাত্মিক দিশ জড়িত আচাৰবোৰহে কলিতা জনগোষ্ঠীৰ নিজা পৰম্পৰাগত। অৱশ্যে এতিয়া অসমীয়া ভাৱত একাত্ম হৈ তিনিওটি বিহুৰে প্ৰায়বোৰ আচাৰকে সকলো খিলঞ্জীয়া জনগোষ্ঠীয়ে সমানে আপোন কৰি লৈ পালন কৰি আহিছে।

চ’তৰ আৰম্ভণিৰে পৰা কলিতা মহিলাসকলে কেঁচা সূতাত মাৰ দি বিহুৱানৰ বাবে সূতা প্ৰস্তূত কৰে। কলিতা জনগোষ্ঠীয় পৰম্পৰাগত সাজত বগা আৰু ৰঙা ৰঙৰ উপস্থিতি বা প্ৰাধান্য মন কৰিবলগীয়া। গামোচাবৰত ৰঙা আঁচু ফুল তোলে। কলিতা জনগোষ্ঠীয় বিবাহিত মহিলাই ওৰণি নোলোৱাকৈ বাজ নোলাইছিল। ঘৰৰ ভিতৰতো জ্যেষ্ঠসকলৰ আগত ওৰণি লৈছিল। পহিলা ব’হাগৰ মানুহ বিহু দিনাখন নিজে বৈ উলিওৱা এই ৰঙা আঁচু ফুলৰ গামোচাৰে জ্যেষ্ঠসকলক সেৱা কৰি আশীৰ্বাদ লয়। সৰুসকলকো মৰমৰ চিন স্বৰূপে এই গামোচা আগবঢ়ায়। নিজৰ পৰিয়ালৰ বাদেও সম্পৰ্কিত বা চেনেহৰজনক গামোচা দিয়ে। কলিতাসকলে সাত দিনীয়াকৈ ব’হাগ বিহু পালন কৰে আৰু এই সাত দিনত আলহী-অতিথি আহিলে বিহুৱান যচাৰ পৰম্পৰা এটি আছে। বিহুৰ দিনাখন কলিতাসকলে দিনত ৰন্ধা আঙাৰ নাখায়- নৰন্ধাকৈ প্ৰস্তুত দৈ-চিৰা জুলীয়া বা গুৰ মিঠৈৰে স’তে গ্ৰহণ কৰে। লগতে সাত বিহুৰ ভিতৰত সাত বিধ শাক(কিছুমান ঠাইত এশবিধ বুলি কোৱা হয়)ৰ ব্যঞ্জন খোৱাটো এটা পৰম্পৰা। ব’হাগ মাহৰ প্ৰথমসাঁজ ভাতৰ স’তে তিতা খোৱাটোও বাধ্যতামূলক। কলিতাসকলৰ এনে খাদ্য পৰম্পৰাৰ স’তে মূলতঃ স্বাস্থ্যজনিত দিশটো জড়িত থকাটো সুস্পষ্ট। চ’ত মাহৰ খৰাং আৰু ধূলি-বতাহৰ পৰিবেশত মানুহৰ পেটৰ অসুখ হ’ব পাৰে। এনে সময়ত দুসাঁজমান তেল-মচলা নথকা নৰন্ধা আহাৰ গ্ৰহণ কৰিলে পেট জুৰ পৰে। তদুপৰি তিতাই কৃমিনাশক হিচাপে কাম কৰে আৰু গৰম বেছি পৰাৰ লগে লগে সেয়ে এবাৰ পেলুনাশ কৰি লোৱা হয়। আধুনিক চিকিত্সা শাস্ত্ৰৰ ফালৰপৰাও এয়া খুবেই বিজ্ঞানসন্মত। আনহাতে, বাৰিষা আৰম্ভ হোৱাৰ লগে লগে কৃষিজীৱি কলিতাসকল কৃষি কৰ্মৰ বাবে সাজু হয়। খেতিৰ মূল আহিলা গৰুহাল। কষ্টকৰ মাটি চহোৱাৰ কামত গৰুহালক নিয়োগ কৰাৰ আগে আগে সেয়ে গোহালিৰ আটাইবোৰ গৰুকে গৰু বিহুৰ দিনাখন হালধিৰে গা-পা ধুৱাই দি বাঁহৰ তঙালত লাউ-বেঙেনা আদিৰ টুকুৰা গাঁঠি মালা বনাই ডিঙিত আঁৰি দিয়ে আৰু সেৱা-সত্কাৰ কৰি আগৰ দিনকেইটাত যাতে গৰুহাল সুস্হ হৈ থাকে, তাৰে কামনা কৰে। নতুন পঘা দিয়ে। কলিতা সমাজত গৰু বিহু নোযোৱাকৈ পথাৰত হাল নুজুৰিছিল। মাখিয়তি, তৰা, বেহুঁ, বিহ-ঢেঁকীয়া আদি গছ-বন জ্বলাই সন্ধিয়া গোহালিত ধোঁৱা দিয়াৰ কামো এতিয়াৰপৰাই আৰম্ভ হয়। কিয়নো এই সময়ছোৱাৰ পৰাই মহ, ডাঁহ, মাখি আদি গৰুৰ অনিষ্টকাৰী আৰু ৰোগকাৰী পতংগৰ উপদ্ৰৱ বাঢ়িব ধৰে। এনেদৰে ধোঁৱা দিয়াক ‘জাপ দিয়া’ বোলে। উল্লেখনীয় যে হালধি এবিধ ভাল বীজানুনাশক হোৱাৰ লগতে বনবোৰ জ্বলোৱাৰ ফলত উত্পন্ন ধোঁৱা এবিধ উত্কৃষ্ট পতংগ দূৰকাৰী। বাৰিষা কালছোৱা গৰুহাল নিৰোগী আৰু সুস্থ-সৱল হৈ থকাটো প্ৰতিজন কলিতা কৃষকৰ বাবেই অপৰিহাৰ্য আছিল। উজনিৰ যোৰহাট, শিৱসাগৰ আদি অঞ্চলৰ কলিতাসকলেও সাতদিনিয়াকৈ ৰঙালী বিহু উদযাপন কৰে আৰু এই প্ৰতিটো দিনৰে সুকীয়া নাম আছে- চ’ত বিহু, গৰু বিহু, মানুহ বিহু, কুটুম বিহু, চেনেহী বিহু, মেলা বিহু আৰু চেৰা বিহু। চ’ত বিহুৰ দিনাখন গাঁৱৰ জ্যেষ্ঠ-কনিষ্ঠ আটায়ে চামে চামে একো ঠাইত লগ হৈ সমূহীয়া পৰিকল্পনা কৰে, ডেকা-ডেকেৰীহঁতে নৈৰ পাৰ, বৰ আঁহত গছৰ তল আদি ঠাইত অনানুষ্ঠানিকভাৱে ঢোল-পেঁপা বজাই বিহু নাচি সকলোকে বিহুৰ জাননী দিয়ে। কুটুম বিহুৰ দিনাখন মিটিৰৰ ঘৰলৈ এপাক মৰাটো কলিতাসকলৰ পৰম্পৰা, বিশেষকৈ বিয়া দিয়া জীয়াৰী-জোঁৱাইৰে স’তে মাকৰ ঘৰলৈ এপাক অহাটো একপ্ৰকাৰ অপৰিহাৰ্য নিয়ম।

ৰঙালী বিহু বুলিলে এতিয়া যদিও ডেকা-গাভৰুৰ প্ৰেম-পিৰীতিক কেন্দ্ৰ কৰি কৰা নৃত্য-গীতকে প্ৰক্ষেপ কৰি অহা হয়, এনে প্ৰণয়কেন্দ্ৰিক পৰম্পৰাসমূহ কলিতা (আলপাইন) জনগোষ্ঠীৰ নিজা নহৈ মূলতঃ পূবৰপৰা প্ৰব্ৰজিত মংগোলীয় জনগোষ্ঠীসমূহৰ অৱদান। ঋতুগত কাৰণত অইনসমূহ খিলঞ্জীয়া জনগোষ্ঠীৰ দৰে কলিতা জনগোষ্ঠীয় ডেকা-গাভৰুৰো প্ৰেমভাৱ প্ৰকাশৰ সময় এইখিনিয়েই আছিল যদিও নাচ-গান কৰি প্ৰেমভাৱ প্ৰকাশ কৰাৰ পৰম্পৰা কলিতাসকলৰ নিজা নাছিল। অবিবাহিত ল’ৰা-ছোৱালীৰ প্ৰকাশ্য প্ৰেম ৰক্ষণশীল কলিতা সমাজত অগ্ৰহণীয়। বৰঞ্চ ছোৱালীবোৰে নিজে বোৱা কাপোৰ (গামোচা, বিহুৱান) সুযোগ বুজি গোপনে প্ৰিয়জনক প্ৰদান কৰি মনৰ ভাৱ প্ৰকাশ কৰিছিল। ল’ৰাহঁতেও পাহাৰ বা হাবিৰ পৰা গোটোৱা কপৌ ফুল চেনেহী সকলক যাচিছিল। মংগোলীয় মূলৰ কিছুমান জনগোষ্ঠীয়ে গোটেই ব’হাগ মাহটোৱেই নাচি-বাগি প্ৰেম নিবেদন কৰি মূৰকত সংসাৰৰ পাতনি মেলিছিল। পৰম্পৰাগত জনগোষ্ঠীয় বিহুগীতবোৰৰ বহুততেই শ্লীলতাৰ সীমাও অতিক্ৰম  হৈছিল। মংগোলীয় গোষ্ঠীৰ আহোম ৰজাসকলে প্ৰেম-প্ৰকাশৰ এনেবোৰ নৃত্য-গীতক স্বীকৃতি প্ৰদান কৰিবলৈ আৰম্ভ কৰাত এই নৃত্য-গীতসমূহ পৰিমাৰ্জিত হ’বলৈ লৈছিল যদিও বহুদিনলৈ কলিতা(আলপাইন) জনগোষ্ঠীয় লোকসকল ইয়াৰপৰা আঁতৰতে আছিল। আনন্দৰাম ঢেকীয়াল ফুকন, গুণাভিৰাম বৰুৱা আদিসকলে আনকি এনে উন্মুক্ত প্ৰেম-ভাৱ প্ৰকাশক বিহুগীত আৰু নৃত্যক সভ্য সমাজৰ লায়ক নহয় আৰু ‘ইতৰ লোক’ৰহে সম্পত্তি বুলি অভিহিত কৰিছিল। ৰজাঘৰীয়া পৃষ্ঠপোষকতাত অৰণ্যৰ পৰা মুকলিলৈ আহিব লোৱা নাচ-গান ধীৰে ধীৰে অধিক পৰিমাৰ্জিত হ’বলৈ ধৰিলে আৰু ৰক্ষণশীল কলিতা জনগোষ্ঠীয় লোকৰ কিছু অংশই অংশগ্ৰহণ কৰিবলৈ ল’লে। কলিতা জনগোষ্ঠীয় লোকৰ অংশগ্ৰহণৰ লগে লগে বিহুৰ গীত আৰু নাচত কিছু পৰিৱৰ্তন আহিবলৈ ধৰিলে তথা আনুষ্ঠানিকতা বাঢ়িবলৈ ধৰিলে। কলিতা জনগোষ্ঠীয় মহিলাৰ আনুষ্ঠানিক জাতীয় সাজ মুগাৰ মেখেলা-চাদৰৰ লগতে ৰঙা বক্ষ আৱৰণি বিহু নাচৰ মান্য সাজ হ’বলৈ ধৰিলে।

বিহুৰ সময়তে কলিতা জনগোষ্ঠীয় ডেকা-গাভৰুৱে প্ৰেমভাৱ প্ৰকাশ কৰাৰ সুবিধা লৈছিল যদিও পলুৱাই নি বিয়া পতা কলিতা সমাজত নিন্দনীয় আছিল বাবে খুব কমেইহে তেনে হৈছিল। প্ৰেমজনিতই হওক বা ঘৰে চোৱাই হওক, কলিতা সমাজত বিয়া অভিভাৱকৰ অনুমতিত সামাজিক পৰম্পৰা পালনৰ মাজেদি সম্পন্ন হৈছিল।

সাত দিন বিহু পতাৰ বাদেও কলিতাসকলে ব’হাগ মাহটোত বিভিন্ন উত্সৱ-পাৰ্বণ পালন কৰে। ইয়াৰ ভিতৰত আই ভগৱতী বা শীতলা আইৰ অৰ্চনা অন্যতম। কলিতা জনবিশ্বাস মতে এই সময়তে আই ভগৱতীৰ বৰ আই, মাজু আই, সৰু আই আদিকে ধৰি সাতজনী ভনীয়েক একেলগে আহি মানুহৰ ঘৰে ঘৰে প্ৰৱেশ কৰে। যদিহে কিবা কাৰণত আইসকল সন্তুষ্ট নহয়, তেন্তে ঘৰৰ মানুহৰ গুটি ফুল বাচে। সেইবাবে আইসকলক সন্তুষ্ট কৰিবলৈ তিনিদিনীয়াকৈ ভগৱতীৰ আসন পতা হয়। আইসকলৰ বাবে তামোল-পাণ, এযোৰ হাঁহ-কণীৰে নৈৱেদ্যৰ লগতে সেন্দুৰ, খাৰু মণি আদি অলংকাৰ আৰু বগা ফুল আগবঢ়ায়। দ্বিতীয় দিনা নতুনকৈ নৈৱেদ্য আগবঢ়োৱাৰ লগতে ভোগ হিচাপে পায়স আগবঢ়ায় আৰু দুপৰীয়া শীতলা পাঠ কৰে। তৃতীয় দিনা নতুন নৈৱেদ্যৰ লগতে এযোৰ পাৰ চৰাই আগবঢ়ায় আৰু আবেলি শীতলা আই নাম গায়।

ৰঙালী বিহুৰ সমান্তৰালভাৱে ব’হাগ মাহত কলিতাসকলে পালন কৰা এটি উত্সৱ হ’ল ‘ভঠেলি’। ব’হাগ মাহৰ কোনোবা এটা দিনত দিনতীয়াকৈ পালন কৰা এই উত্সৱত এডাল দীঘল বাঁহত গামোচা, চোঁৱৰ আদি গাঁঠি উত্সৱ পালন কৰা পথাৰখনত প্ৰদক্ষিণ কৰোৱা হয়। উত্সৱৰ শেষত অংশগ্ৰহণকাৰী ৰাইজে টনা-আঁজোৰা কৰি বাঁহডাল ভাঙি পেলায়। কিছুমান ঠাইত সুৱেৰি উত্সৱ পালন কৰা হয়। সুৱেৰিত গামোচা, চোঁৱৰ বন্ধা বাঁহডাল অঞ্চলটোৰ মানুহৰ ঘৰে ঘৰে ফুৰোৱা হয় আৰু পাৰ গোহাঁই (গোসাঁই) বুলি কোৱা বাঁহডালক প্ৰতিঘৰ মানুহে চাকি জ্বলাই সেৱা কৰে। বহাগ মাহৰ পূৰ্ণিমা দিনটো অইনসকলৰ দৰে কলিতাসকলেও বুদ্ধ পূৰ্ণিমাৰূপে শ্ৰদ্ধা- ভক্তি সহকাৰে পৱিত্ৰ দিন হিচাপে পালন কৰে। উল্লেখনীয় যে কলিতাসকল এসময়ত বৌদ্ধ ধৰ্মাৱলম্বী আছিল বুলি কিছুসংখ্যক গৱেষকে মতপোষণ কৰাৰ লগতে ভগৱান গৌতম বুদ্ধৰ দুগৰাকী প্ৰধান শিস্যৰ এগৰাকী(মগল্যায়ন কোলিত) বৃহত্তৰ কলিতা (আলপাইন) গোষ্ঠীৰ আছিল বুলি লব্ধ তথ্যৰপৰা ঠাৱৰ কৰা হৈছে। এই দিনটোত কলিতাসকলে উপবাসে থকাৰ উপৰি পালনাম, মন্দিৰত ভোগ প্ৰদান আদি অনুষ্ঠিত কৰে। অসমৰ অন্যতম কলিতা বসতিপ্ৰধান অঞ্চল বেলশৰত এই দিনটোতে ভঠেলী উৎসৱ পালন কৰা হয়।

উৎস: দৈনিক অসম।

3.08771929825
দুলাল শইকীয়া Dec 09, 2018 11:27 AM

আৰু বিশদভাবে লিখিলে আৰু সুন্দৰ হব ।আমাৰো আমাৰ জাতিটোৰ বিষয়ে বিতংকৈ জানিবৰ বাবে বৰ আগ্ৰহী ।ওপৰত উল্লেখিত লিখনিয়ো বৰ সুন্দৰ হৈছে ।ধন্যবাদ ।

Sharat Hazarika Sep 14, 2018 11:01 AM

বহুতো নজনা কথা জানিব পাই ভাল লাগিল

PARTHA PRATIM BARMAN May 05, 2017 05:08 PM

পঢ়ি ভাল লাগিল ।

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top