মূল পৃষ্ঠা / শিক্ষা / শিশুসকলৰ জগত / চহা-মইনাহঁতৰ আঁৰে আঁৰে ২
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

চহা-মইনাহঁতৰ আঁৰে আঁৰে ২

চহা-মইনাহঁতৰ আঁৰে আঁৰে ২

আঠ

লাহে লাহে দিনবোৰ বাগৰিল। আজিকালি মধুৰিয়ামৰ গছত নুঠা হ’ল অমৰা, জামুৰ গছৰ তললৈ নোযোৱা হ’ল। আনকি ৰাস্তাৰ কাষত থাকা আম গছৰ আমবোৰো খাবৰ মন নোযোৱা হ’ল। সিহঁতৰ আনন্দ স্ফূৰ্ত্তিবোৰ যেন স্থবিৰ হ’ল। তাতে আকৌ বছৰেকীয়া পৰীক্ষা লগতে বৃত্তিও দিব। গতিকে পঢ়া-শুনাত মনোযোগ দিব লগা হৈছে। তথাপিতো অৰুণৰ অভাৱ অনুভৱ নকৰাকৈ নাথাকে।

দুই কিলোমিটাৰ আতঁৰত হাঁহিৰাম প্ৰাথমিক বিদ্যালয়ত বৃত্তি পৰীক্ষাৰ কেন্দ্ৰ। কোনোৱে ককায়েকৰ চাইকেলত, কোনোৱে গৈছে খুড়াকৰ চাইকেলত, কোনোৱে আকৌ মটৰ চাইকেল নতুবা বাছত আহি পৰীক্ষা কেন্দ্ৰ পালেহি। ইহঁত কেইজনীৰ অৰুণলৈ মনত পৰিল। সি সিহঁতৰ লগত পৰীক্ষা দিবলৈ আহিল হয়। সি বৃত্তিও পালে হয়। পৰীক্ষাৰ বেল পৰাৰ আগতে প্ৰত্যেকে নিজৰ নিজৰ ঠাইত বহিল। বিনীয়ে ক’লে- “তহঁতে কিন্তু পৰাখিনি আগতে কৰিবি দেই।” তাইও গৈ নিজৰ ঠাইত বহিল। সৰলতাৰে পৰিপূৰ্ণ অন্তৰ। জানাখিনি আনক দি ভাল পাম।

পৰীক্ষা হ’লৰ পৰা ওলাই সিহঁতে প্ৰশ্নবোৰ আলোচনা কৰিলে। শুদ্ধ হৈছে। ভাল লাগিল সিহঁতৰ। “ঐ কথা এটা।” বিনীৰ মাতত বাকী কেইজনীয়ে ঘূৰি চালে।

“সেই যে বগা, শকত, মাজমূৰত চুলি নোহোৱা অলপ বুঢ়া চাৰজন-ইমান বেয়া। মোৰ পৰা উত্তৰ চাই চাই পিছৰ বেঞ্চত বহা ল’ৰা এটা আৰু ছোৱালী এজনীক কৈ দিয়ে জান।”

“মোৰ লিখা খিনিও চাই থাকে ভাই।” মীণাই ক’লে।

“যোৱা কালি অংক পৰীক্ষাত মোৰ অংক এটা ভুল কৰি দিলে নহয়। মোৰ অংক চাই চাই ল’ৰাটোক আৰু ছোৱালীজনীক কৈ দিয়ে। মই অলপ দিগদাৰ পালো। বাৰে বাৰে চাৰে আহি পাত লুটিয়াই চায়।” বিনীয়ে ক’লে।

“তই আমাৰ ছাৰক নকলি কিয়?” মাকনে কলে। “তেওঁতো এজন ছাৰ হয়।” বিনীয়ে কলে।

“মোৰ অংকটো কাটি তেওঁ কোৱা মতে লিখিলো যদিও মনটো ভাল নালাগিল। আমাৰ চাৰে স্কুলত শিকাই দিয়া ভালদৰে মনত আছে। বেল পৰাৰ আগে আগে সেইটো কাটি মোৰ মতে কৰি আহিলো। আমাৰ চাৰে মোৰ অংকটো শুদ্ধ হৈছে বুলি কলে।”

“মাষ্টৰ হৈও ভুলটো শিকাব লাগেনে?” মীনাই কলে।

“কিজানি তই নম্বৰ কম পাবৰ বাবে তেনে কৰিছে।” সৰুমায়ে মাত দিলে।

“অৱশ্যে কথাটো মিছা নহয়। তেনেকুৱা মানুহ থাকে বোলে। মায়ে কৈছে নহয়। সেইবাবে নিজে জানাতো আনে কলেও বিশ্বাস কৰিব নাপায়।” মীনাই গহীনাই কথাখিনি ক’লে।

“যা হওক অংক শুদ্ধ হ’লেই হ’ল। আমি যদি বৃত্তি পাওঁ চাৰে কিমান ভাল পাব। স্কুলৰ নাম হব। গাঁৱৰো নাম হব। নহয় জানো?” বিনীয়ে বিষয়টো মুখনি মাৰি থলে।

সৰু সৰু মন, সৰু সৰু চিন্তা। তাতে সোমাই পৰে, বিভিন্ন জল্পনা কল্পনা। এইবাৰ বিনীহতঁৰ নতুন যাত্ৰা। তিনি কিলোমিটাৰ খোজ কাঢ়ি বেয়া লগা নাই। আমনিও লগা নাই। কথাৰ লাছত হাঁহিৰ খুণ্ডাত কেতিয়া স্কুল পায়, ঘৰ পায় গমেই নাপায়। ভগৱানে যেন সকলো আনন্দ সিহঁতক উজাৰি দিছে। আজি সিহঁতে নামভৰ্ত্তি কৰিব। এম.ই.স্কুলত। বিনীৰ পিতাক আহিছে। আৰু কোনো অহা নাই। সিহঁতৰ চাৰিজনীৰ সিদ্ধান্ত যে নামভৰ্ত্তিৰ দিনা নিজেই যাব। খোজকাঢ়ি যাব। কাৰো চাইকেল বা অটো ভাড়া কৰি নাযায়।

নদীৰ ভাজে ভাজে থকা মথাউৰিটোৰ ওপৰেদি খোজ কাঢ়ি কিমান যে ভাল লাগিছে। নদীখন পূৱৰ পৰা পশ্চিমলৈ বৈ আছে আৰু সিহঁতে পশ্চিমৰ পৰা পূবলৈ খোজ লৈছে। নদীৰ কাষে কাষে কহুৱাবোৰ হালি জালি যেন বতাহৰ মনৰ কথা পাতিছে। বগৰী গছবোৰে সিহঁতক হাত বাউল দি মাতিছে। বিৰিনাই সিহঁতৰ হাঁহিৰ লগত খিট্‌খিটাই হাঁহিছে। পূজাত কিনা নতুন ফ্ৰক কেইটা বতাহ জাকে জোকাই জোকাই খোজ পেলাইছে। বতাহে চুলিবোৰ আউল বাউল কৰিছে। তালৈ কিন্তু ভ্ৰূক্ষেপ নাই। সেয়ে হয়তো বতাহ জাকে লাজ পাই মাজে মাজে থমকি ৰয়। আপোন পাহৰা হৈ কিয় কথা পাতি গৈছে হয়তো ভগৱানেও নাজানে। “অ মটৰৰ ৰাস্তা পালোহি” মাকনে চিঞৰি উঠিল। তাৰ মানে স্কুল পালেহি।

“ৰাস্তাটো ভালদৰে পাৰ হবিদেই।” বিনীৰ সাৱধান বানী। “দুজনী কৈ হাতত ধৰি ল।” কাৰণ বিনীৰ মাকে ওলাই আহিবৰ সময়ত মটৰ ৰাস্তাত মটৰগাড়ী বাৰে বাৰে চাই পাৰ হ’বলৈ সকীয়াই দিছে। ৰাস্তাৰ সিপাৰে শ্বহীদ সূৰ্য্য বৰা ছোৱালীৰ স্কুলখন। এম.ই. আৰু হাইস্কুল একেলগে আছে।

বিনীৰ পিতাকে কোৱা মনত আছে। ১৯৬০ চনৰ ভাষা আন্দোলনত সূৰ্য্য বৰা শ্বহীদ হৈছিল। তেওঁ উত্তৰ-পূব সীমান্তৰ ৰেলৱে বিভাগৰ এজন সুদক্ষ দায়িত্ববান, নিষ্ঠাবান লোক হিচাপে সুনাম আছিল। কৰ্ত্তব্যৰ খাতিৰত কলিকতাৰ পৰা উত্তৰ-পূব সীমান্ত ৰেলৱে মুখ্য কাৰ্য্যালয় মালিগাঁৱলৈ ঘূৰি আহোতে শিলিগুৰি ৰেল ষ্টেচনত দুৰ্বৃত্তৰ হাতত ১৯৬০ চনৰ ৮ জুলাইত প্ৰাণ দিব লগাত পৰিল। তেওঁক নিৰ্মমভাৱে হত্যা কৰা হৈছিল। আনকি মৃতদেহটোও ঘূৰাই পোৱা নাছিল। তাতোতকৈ আচৰিত ঘটনাটো ঘটি যোৱাৰ কিছুদিনৰ পাছতহে তেওঁৰ দেহৰ তেজৰ চেঁকুৰা লগা চাৰ্ট-পেন্টযোৰ উভতাই পঠাইছিল। কিমান হৃদয় বিদাৰক কাহিনী। বৰ্তমান মৰিগাঁও জিলাৰ জাগী গাঁৱত এটা আঢ্যৱন্ত মৌজাদাৰ পৰিয়ালত ১৯২৬ চনত জন্ম গ্ৰহণ কৰা সূৰ্য্য বৰা একেধাৰে কবি, সাহিত্যিক, গীতিকাৰ, অভিনেতা হিচাপে খ্যাতি লাভ কৰে। ১৯৫৪ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা বি.কম. পাছ কৰে। ৪২’ৰ আন্দোলন আৰু তেল শোধনাগাৰ আন্দোলনত অফুৰন্ত সঁহাৰি জনাইছিল। মালিগাঁৱৰ জ্যোতিসমাজ আৰু আন আন অনুষ্ঠানৰ লগত তেওঁ ঘনিষ্ঠভাৱে জড়িত আছিল। ৩৪ বছৰীয়া ছুটী জীৱনটোত বহুমুখী প্ৰতিভাৰে প্ৰতিষ্ঠা লাভ কৰিছিল। তেওঁৰ স্মৃতিত ৰাইজে এই স্কুলখন স্থাপন কৰিছে। কথাবোৰে বেছেৰীহতঁৰ মনবোৰ ভাৰাক্ৰান্ত কৰি তুলিলে।

সিহঁতে দেখিলে স্কুলত বহুতো ছোৱালী আৰু অভিভাৱক আছে। লাহে লাহে স্কুলৰ গেটেৰে পাৰ হ’ল। ভয় ভয় লাগিছে। গোটেইবোৰ অচিনাকী। দেখা পালে বাৰাণ্ডাত ছোৱালীবোৰ জুম পাতি আছে। হয়তো তাতেই নাম লিখিছে। চুচুক চামাক কৈ সেই ফালে আগবাঢ়ি গ’ল। সকলোৱে সিহঁতক চালে। চোৱা দেখি বিনীহতঁৰ ভৰিকেইখন যেন চলিবই নোখোজা হ’ল। লাজত মুখকেইখন ৰঙা পৰি গ’ল। হাতৰ আঙুলি মোহাৰি মোহাৰি মাজে মাজে ফ্ৰকটো টানি টানি গৈ আছে। এনেতে বিনীৰ পিতাকে মাত দিয়াত যেন সকাহ পালে। “এইফালে আহ।” বুলি মাতি নিলে এটা ৰুমলৈ। দেখিলেই ভক্তি উপজা এজন সুন্দৰ মানুহ চকী এখনত বহী আছে। সন্মুখৰ টেবুলখনত কিতাপ পত্ৰ, এটা কম্পিউটাৰ, কলিং বেলকে আদি কৰি বস্তুবোৰ সুন্দৰকৈ সজোৱা আছে। চাৰিটা কোণত চাৰিজন ডাঙৰ মানুহৰ ফটো। দুটা আলমিৰ আৰু তেওঁৰ সন্মুখত কেইখনমান চকী আছে। ৱাল ঘড়ীটো টিক্‌ টিক্‌ শব্দৰ লগত সিহঁতৰ বুকুৰ ধপধপনী মিলি গৈছে। পিতাকে সন্মুখৰ চকীত বহি কলে “বৰুৱা মোৰ ছোৱালী বিনীতা আৰু এইকেইজনী মোৰ ভতিজা ছোৱালী।” “আজিৰ পৰা আপোনাৰ হাতত গটালো। শাসন কৰিব। দুই এচাত লগালেও বেয়া নাপাও।” চাত দিবলৈ কৈছে? চাত দি জেললৈ গ’লেহে হ’ব। এই বুলি দুয়োজন ঢেক্‌ ঢেক্‌কৈ হাঁহিলে। আমাৰ লৈ চাই কলে “এইয়া তহঁতৰ প্ৰধান শিক্ষক। মানি চলিবি। অবাধ্য নহবি।” আটাইতকৈ নমস্কাৰ কৰিলে। দেউছাৰে চাৰ্টিফিকেট কেইখন ছাই এজন ছাৰক মাতি উঠাবলৈ কলে।“তোমালোকে পঢ়াশুনাৰ বাহিৰেও অন্য পাঠ মানে নাচ, গান, ছবি অঁকা, খেলা-ধুলা আদি জানানে নাই?” হেডছাৰৰ প্ৰশ্ন উত্তৰত কি বুলি ক’ব ভাবি নাপাওতেই পিতাকে মাত লগালে-“নকব, নকব, এই চাৰিজনীৰ মন গ’লেই হ’ল। বচ্‌ কোনে পায়। ভবাতো শেষ কৰি নকৰে মানে শান্তি নাপায়।” বিনীৰ পিতাকে সিহঁতক বাহিৰলৈ ৰবলৈ কলে। তেওঁ হেডছাৰৰ লগত কথা পাতিলে। স্কুলৰ ঘৰটো বৰ ধুনীয়া। টিংপাত লগোৱা। কিছুমান ৰূম আধা ইটাৰে গাঠা। বেৰবোৰ চিমেন্ট-বালিৰে মচা। পশ্চিমৰ পিনে থাকা ঘৰটো সম্পূৰ্ণকৈ ইটাৰে গাথা। তলত চকলেট ৰং আৰু ওপৰত পাতল হালধীয়া ৰং দিয়া। ঘৰকেইটা সচাই ভাল লাগিছে। চৌহদটোও পৰিষ্কাৰ। কোনে বাৰু ৰাতিপুৱা সাৰি থৈ যায়? বাটচ’ৰাটোও ভাল লাগিছে। লগতে পকাৰে বনাই দিয়া বেঞ্চকেইখনত ছোৱালীবোৰ বহি কথা পাতি আছে। গছবিলাকো পৰিপাটি ৰুইছে। বাগিছাখনৰ ফুলবোৰ দেখি সিহঁতৰ বৰ ভাল লাগিল। বিভিন্ন ৰঙৰ ফুলবোৰে যেন সিহঁতক মাতিছে। সিহঁতলৈ চাই হাঁহিছে। লাহে লাহে বাগিচাৰ ফালে আগুৱাই গ’ল। মালীজনে ফুলৰ গুৰি খুচৰি আছে। “মইনা হঁত নতুনকৈ আহিছা।” মালী ককাই মাত দিয়াত উচপ্‌ খাই উঠিল। মালীক দেখাই নাছিল। “হয়” বুলি কৈ মীণাই সুধিলে- “মালীককাই তুমি বাৰু ফুলবোৰ সদায় যতন লোৱা। “অ” মইনা মোৰ এইটোৱে কাম। অলপ সময় মালীৰ লগত কথা পাতিলে। ফুলৰ গোন্ধও ললে বকুলগছৰ ছাঁত থিয় হ’লহি। বিনীৰ পিতাকে এতিয়াও হেডচাৰৰ ৰূমৰ পৰা আহাই নাই। তেওঁ কব পৰা হলে ঘৰলৈ খোজেই ললে হয়। নহলে পিতাকে বিচাৰি থাকিব। গতিকে গছৰ তলতে বহি থাকিল।

“ঐ বিনী সেই ছোৱালী দুজনী আমাৰ পিনে আহিছে জান”। সৰুমায়ে ফুচফুচাই কলে। গোটেই কেইজনীয়ে মূৰদাঙি চালে-“হয়তো”। পালোহিয়েই।

“তোমালোকে আজি এড্‌মিছন হৈছা?” লাহী বগা ছোৱালীজনীয়ে সুধিলে।

‘হয়’ বুলি মূৰ দুপিয়ালে। লাহে কৈ দুয়োজনী আমাৰ লগতে বহিল। “ঘৰ ক’ত তোমালোকৰ?” লগৰ জনীয়ে সুধিলে।

“মিলনপুৰত”

“তুমি বিনী মানে বিনীতা? গকুল দাদাৰ ভন্টি?” বিনী আচৰিত হৈ সুধিলে-“তুমি দাদাক চিনি পোৱা?” ‘অ আমাৰ ধন দাদাৰ লগত বৰ বন্ধু। তোমাৰ কথা কৈয়ে থাকে। কালিও আহিছিল। তোমালোকৰ আজি এডমিছন লবা বুলি কৈছিল।’

“পিছে তোমালোকৰ নাম কেইটা নাজানিলো। কোন শ্ৰেণীত পঢ়া?” বিনীয়ে লাহেকৈ সুধিলে।

“আমিও ছিস্কেচতে পঢ়ো। তোমালোকৰ লগতে। মই ৰেখা ভৰালী আৰু এই নমিতা বৰা।

“তোমালোকৰ ঘৰ কিমান দূৰ?” সৰুমাই-এ সুধিলে। বেছি দূৰ নহয়।চাৰিআলি পাৰ হ’লেই ৰাস্তাৰ লগতে ঘৰ। খুউব বেছি বিশ মিনিটৰ বাট”। ভালেই হৈছে। আমাৰহে বহুত দূৰ হ’ল।

“চাইকেল লৈ আহিবা আকৌ। চাইকেল চলাব জানানে নাজানা?” “বিনীয়ে জানে আমি নাজানো।” মাকনে মাত দিলে। “আজি কি হঁত আহিলা? অট’ত আহিছা?” ৰেখাই সুধিলে।

খোজকাঢ়ি আহা বুলি কোৱাত আচৰিত হৈ গ’ল। “ইমান দূৰ ভাগৰ লগা নাইনে?” ৰেখাৰ চকু ডাঙৰ হৈ গ’ল।

“অলপ নলগা নহয়। বহিলো নহয়, এতিয়া আৰু ভাগৰ নাইকিয়া হ’ল।”

“তোমালোক বহা। কথা পাতাদেই। দাদা আহিছে নিবলৈ।” এই বুলি কৈ নমিতাই বিদায় ল’লে। ৰেখাই কনমানি বেগটোৰ পৰা চকলেট কেইটামান ওলিয়াই কলে-“এইয়া কনমানি বেগটোৰ পৰা চকলেট কেইটামান ওলিয়াই কলে-“এইয়া খোৱা ভাল লাগিব, আজি প্ৰথম দিন আমি সকলোৱে লগ হৈছো। মুখ মিঠা কৰো নহয়নে? বৰমাই বেগ ভৰাই নতুন বন্ধুৰ লগত খাবলৈ দিছে”। ইহঁতে ভালেই পালে। কিবা এটা খাবৰ মন গৈ আছিল। বিনীৰ পিতাক আহালৈ বাট চাই আছিল। ধন্যবাদ জনাই দুটা দুটাকৈ চক্‌লেট খাই যেন বন্ধুত্বক আদৰণি জনালে।

বিনীয়ে সোধো নোসোধো কৈ ক’লে-“তুমি যে বৰমা কৈছা তোমাৰ মা-দেউতা...”। ৰেখাই কথাটো বুজিব পাৰিক’লে-‘নহয় অ’ বিনীতা মোৰ মা-দেউতা থাকে নগাঁৱত। মই সৰুৰে পৰা বৰমাহতঁৰ লগত থাকো। বৰমা বৰদেউতা, দাদাহতেঁ যাবকে নিদিয়ে। বৰমাহতঁৰ এজনীয়ে বা। ডাঙৰ হ’ল। গুৱাহাটী ইউনিভাৰ্চিটিত পঢ়ে। গতিকে সৰু বুলিবলৈ ময়েই। মাকনে আওঁৰালে- ‘ই-উ-নি-ভা-ৰ-চি-টি-কলেজৰ নাম শুনিছে মানে হেনো মহাবিদ্যালয় কিন্তু ইউনিভাৰচিটি....।’ বাকী কেইজনীয়েও ভালদৰে ধৰিব পৰা নাই। মূখলৈ চোৱা-চুই কৰিলে। ৰেখাই কথাতো ধৰিব পাৰি ক’লে-মানে বিশ্ব-বিদ্যালয়। কলেজ পাছ কৰি ভাল ৰিজাল্ট কৰিব লাগিব”। ৰেখাই হাঁহি হাঁহি হাত মিলালে “অ পিতাদেৱে হেডচাৰৰ ৰূমৰ পৰা ওলাল। নিশ্চয় আমাক বিচাৰিছে”। বিনীয়ে ক’লে। “তোমালোকে দেউতাক পিতা কোৱা? মোৰো বৰ মন যায় পিতা বুলি মাতিবলৈ। আমাৰ ওচৰৰ মাধৱদাদা, বকুলী বা হঁতেও পিতা মাতে”।

ইমান ভাল শুনে নহয়নে?” ৰেখাই একে উলাহতে কথাখিনি ক’লে।

‘ব’লা’ বুলি গোটেইকেইজনী পিতাকৰ ওচৰলৈ গ’ল। চিনাকী কৰাই দিলো।

“অ’ তুমি দীপক ভৰালীৰ ভতিজা ছোৱালী মানে জয়ধনৰ ছোৱালী”। পিতাকে কৈ উঠিল। তেওঁলোকৰ খা-খবৰ সুধিলে। ৰেখাই যথাযথ উত্তৰ দি কলে “খুড়া আহিবচোন আমাৰ ঘৰলৈ। বৰমা বৰদেউতাই বৰ ভাল পাব।”

নিশ্চয় যাম মাজনী। আগতে প্ৰায়ে যাও। এবছৰমান হৈছে যোৱা হোৱা নাই। আজি বাৰু নাযাওঁ। ইহঁতৰ চাগে ভোকেই লাগিছে। হোটেলতে কিবা এটা খাবলৈ দিওঁ”।

আকৌ পিতাকে কলে-“এতিয়া একেটা ক্লাছতে পঢ়িছা যেতিয়া মিলিজুলি থাকিবা। আমাৰ ইহঁত গাঁৱৰ ছোৱালী। বহু কথাৰ আওঁভাওঁ নাপায়। শিকাই লবা।” “বৰমা বৰদেউতাৰাক মোৰ নমস্কাৰ দিবা। তেওঁলোক আমাৰ নমস্য।”

বিনীয়ে ৰেখাক কলে- “আহা, আমাৰ লগতে তুমিও কিবা এটা খাবা।” পিতাকেও তাইক মাতিলে।

“খুড়া আজি নাখাও দিয়ক। সৌৱা ধন দাদা আহিলেই। আজি আমাৰ ঘৰত মোৰ নামভৰ্ত্তিৰ বাবে শৰাই দিছে। সোনকালে পালে ভালেই হয়।” ৰেখাই কথাখিনি কয়মানে ধনদাদাকে আহি তাইৰ ওচৰত ৰ’লহি। ৰেখাই গোটেইকেইজনীক চিনাকী কৰাই দি ক’লে- ‘ধনদাক এইয়া মোৰ নতুন বান্ধবী। সকলোৱে হাঁহিৰে বিদায় ললে। মটৰ চাইকেলত উঠি যোৱা ৰেখাক আঁৰ নোহোৱাকৈ চাই থাকিল।’

“ৰেখা-ভৰালী।” নামটো বৰ ভাল লাগিছে নহয়নে বিনী?” সৰুমায়ে কলে। মাকনেও কলে বৰ ভাল ছোৱালী। বৰমাক, বৰদেউতাকো ভাল চাগে। চা-চোন ইমানবোৰ চক্‌লেট বাৰু বেগত ভৰাই দি পঠায় নে”?

এইবাৰ মীণাই মাত লগালে। তাইৰ মুখখন ইমান মৰম লগা। লাহী, গাৰ ৰং গোলপীয়া। গাল দুখনত তেজবোৰ যেন থুপ খাই আছে। আৰু চুলি কোছা দেখিছা? কোছটোও ডাঙৰ আৰু কিচ্‌কিচ্‌কৈ কৈ ক’লা, ককাললৈকে পৰি আছে। দুডাল বেনী গাঠি আহিছে। ধুনীয়া ফ্ৰকটোৰে কি যে মৰম লগা হৈ পৰিছে।

‘সচায় অ’। তাইৰ ওচৰত আমিচোন লাজেই পাম। মনটো কিন্তু বৰ ভাল। কথাবোৰ ইমান সুন্দৰকৈ কব  জানে। আমিহে বৰ খৰংখচ নহয়নে”? বিনীয়ে কৈ গ’ল। “প্ৰথম দিনাই আমি ভাল বান্ধৱী এজনী পালো। নমিতাকো বেয়া নালাগিল। আমিও সিহঁতৰ দৰে ভাল হব লাগিব দেই।”

গোটেই বাটটো স্কুলৰ কথা, ৰেখাৰ কথা, পঢ়া-শুনাৰ কথা, পাতি পাতি গাঁৱ পালেহি। ঘৰত সিহঁতৰ মূখত কথাৰ আকৈ ফুটিল। এম ই স্কুল গছকি বিৰাট সুখী। মনবোৰ ফৰকাল ফৰকাল লাগিল। লাজ-ভয় শংকা নাইকিয়া হ’ল। উজ্জ্বল ভৱিষ্যতে যেন হাত বাউল দি মাতিছে।

দহ

দিনবোৰ বাগৰিল। স্কুল পূৰ্ণদ্যোমে চলিছে। সকলোৰে লগত মিলিজুলি, হাঁহি মাতি বৰ ভাল লাগিছে। চাৰ বাইদেউ হতঁকো ভাল লাগে। বৰ মৰম কৰে। মাজে মাজে ছাৰ বাইদেওহতেঁ কমন ৰূমলৈ ৰেখা আৰু বিনীক মাতি নি কিবা কিবি সোধে। তেওঁলোকৰ ভাগৰ খোৱাবস্তু খাবলৈ দিয়ে। নেখাও বুলি কলেও মৰমৰ ধমকি দিয়ে। কমলা, আপেল, ক’ল আদি দিলে লগৰবোৰৰ লগত ভগায় খায়। ছাৰ বাইদেউহতঁৰ আশা-দুয়োজনী পঢ়াত স্কুলৰ ভিতৰতে ভাল যেতিয়া নিশ্চয় ভাল ৰিজাল্ট আশা কৰিব পাৰি।

জিৰণি সময়ত ৰেখাহতঁৰ ঘৰলৈ দৌৰি দৌৰি যায়। প্ৰায় ছয়-সাতজনী দৌৰি যাওঁতে গাড়ীও থমকি ৰব লগা হয়। যিদিনা বৰমাকে কিবা এটা বনায় থব নতুবা গছৰ ফল পকা সৰহ কৈ পৰিব সেইদিনা ৰেখাই স্কুলত গৈয়ে আটাইকেইজনীক লগ ধৰিব। সেইদিনা আকৌ জিৰণিৰ বেল নপৰেহে নপৰে। পৰাৰ লগে লগে আৰু ৰৈ থাকিবলৈ সময় নাই। ছাৰ ওলায় যোৱাহে পলম। তেতিয়াহে পঞ্চম পিৰিয়দ’ত ঠিক সময়ত উপস্থিত হবহি পাৰিব। ৰেখাই ৰাস্তাৰ পৰাই বৰমাক চিঞৰিব। বৰামাকে আগতীয়াকৈ যতনাই থৈয়ে দিয়ে। হাত-ভৰি ধুই খকা-মকাকৈ খাই আকৌ দৌৰিবলৈ আৰম্ভ কৰে। বেচেৰীহতঁৰ যেন দুখ-ভাগৰ নাই। বৰমাক-বৰদেউতাকহতেঁ সিহঁতক চাই চাই পৰম তৃপ্তি লাভ কৰে। কেতিয়াবা আকৌ সিহঁতৰ দুখ লগা অৱস্থাও হয়। যিদিনা চতুৰ্থ পিৰিয়দৰ ছাৰজনে দহ/পোন্ধৰ মিনিট দেৰিকৈ ক্লাচৰ পৰা ওলাব সেইদিনা মূখ চাব লগা হয়। তথাপিতো ৰেখাই লগ ধৰে। দুই এজনী নোযোৱাকৈ থাকে। বাকী যি কেইজনীয়ে যায় সেইদিনা আৰু ৰেখাহতঁৰ ঘৰত খোৱা নহয়। পৰাখিনি টোপোলা বান্ধি লৈ আহে। ক্লাচতে ভগায় খায়।

দিনে দিনে সিহঁতৰ বন্ধুত্ব বাঢ়ি গ’ল। বিশেষকৈ বিনী আৰু ৰেখাই এখন্তেকো যেন এৰা এৰি নহব। বাহিৰলৈ গ’লেও একেলগে যাব। জিৰণিতো একেলগে কৰবাত বহি কথা পাতিব, দোকানলৈও যাব, ক’ত যে কথা। পঢ়া-শুনাৰ পৰা খেলা-ধূলালৈকে নাছ-গানৰ পৰা চিনেমা জগতলৈকে। বহু কথা বিনীয়ে ৰেখাৰ পৰাই শিকিছে। ৰেখাই বহুত জানে। তাই হেনো বৰমাক-বৰদেউতাক, দাদাহঁত, বা জনীৰ পৰা বহু কথা জানে। তাতে আকৌ সৰু সৰু আলোচনী, সাধু কথাৰ কিতাপ সফুঁৰা, আদি বহুত কিতাপ তাই পঢ়ে। মইনা মেলাতো বহুত কথা জানিব পাৰে। এদিন কথাৰ মাজতে ৰেখাই ক’লে-“বুজিছা বিনী আমি দুয়োজনীয়ে কলেজত একেলগে পঢ়িম দেই। ক’ত জানানে নাই? হেণ্ডিকত মানে সন্দিকৈ মহাবিদ্যালয়ত।” ৰেখাই হেনো কটনতকৈ সন্দিকৈ কলেজখন বৰ ভাল লাগে। বেচেৰী বিনীয়ে তাইৰ দৰে নাজানে। তাই মাত্ৰ চাই থাকে ৰেখাৰ মুখলৈ। বিভিন্ন প্ৰশ্নও কৰে। ৰেখাই বুজি পায়-বিনীহতঁ যে গাঁৱৰ সহজ সৰল ছোৱালী।

“পিছে ৰেখা তোমাৰ বাৰু গুৱাহাটীত নিজা মানুহ আছে। মোৰতো কোনো নাই। মই তেন্তে কেনেকৈ পঢ়িম?” বিনীয়ে সুধিলে।

ৰেখাই বৰকৈ হাঁহিলে। কলে-“ধেৎ বেঙী-মিতিৰৰ ঘৰ থাকিলেও তাত নাথাকো নহয়। হোষ্টেলত থাকিম আকৌ। দুয়োজনী একেটা ৰূমতে। কলেজত কিন্তু ভাল ৰিজাল্ট কৰিব লাগিব দেই।”

তেতিয়াহে ইউনিভাৰচিটিত নাম লগাব পাৰিম। তাতো হোষ্টেলত থাকিম। বুজিলা তো?”

“হব দিয়া। তুমি লগত থাকিলে মই চিন্তা কৰাৰ কোনো কাৰণ নাই।”

“এম ই ৰ লগে লগে মেট্ৰিকৰ ৰিজাল্ট ভাল কৰিব লাগিব। বৰমা, বৰদেউতাই সদায় কয়। আমাৰ দাদা দুজনে আৰু বা জনীও প্ৰথম বিভাগত লেটাৰ লৈ পাছ কৰিছে নহয়। মই নকৰিলে লাজ পাম।” ৰেখাৰ কথাত বিনীৰ মনত এইবাৰ “লেটাৰ” শব্দটোৱে পাকঘূৰণি খালে। ‘লেটাৰ’ কি হব পাৰে। লাহেকৈ সুধিলে-“কোৱাচোন ৰেখা লেটাৰ পাবলৈ হলে কি কৰিব লাগিব।”

“এখন পেপাৰত আশী নম্বৰ উঠাব লাগিব। কষ্ট কিন্তু কৰিব লাগিব। সেইবাবে এতিয়াৰ পৰাই বুজি গলে পিছলৈ বিষয় বিলাক সহজ হয় হেনো।”

স্কুলৰ কোনো এখন মিটিং, খেল-ধেমালী, তিথি, পূজা, জ্ঞান দায়িনী সভা আদি বাদ নপৰে। সিহঁতৰ প্ৰায় দহ/বাৰ জনীয়া দলটোৱে সকলোতে যোগদান কৰিবই। স্কুলৰ সকলো ছাত্ৰীৰ মাজতে সিহঁত নাম কৰা দ’ল। ছাৰ বাইদেউ হঁতেও বৰভাল পায়। ইহঁতৰ সহযোগতহে যেন অনুষ্ঠানবোৰে প্ৰাণ পাই উঠে। এবাৰ সিহঁতে বৰুৱা চাৰৰ সহযোগত ৰাস নৃত্য কৰিছিল। বিনীয়ে কৃষ্ণ, ৰেখাই ৰাধা আৰু বাকীবোৰে গোপী। সচায় চাবলগীয়া হৈছিল। হাত চাপৰি জাউৰি জাউৰিয়ে পৰিছিল। বিহু নৃত্য একা? গোটেই দলটোৱে উঠিব। তাৰ মাজতে কেইজনী মানে লৰা হব। কেইজনীমানে ছোৱালী আৰু দুজনী মানে গীত গাব। অৱশ্যে গোৱা মেলাত ওপৰ ক্লাচৰ বা হতেও সহায় কৰি দিয়ে। খেলা-ধূলাতো আগৰণুৱা। পুৰষ্কাৰ নোপোৱাকৈ নাথাকে। মুঠতে বঁটা বিতৰণী দিনা বঁটা বুটলি শেষ কৰিব নোৱাৰে। দুবাৰ বিনীয়ে বেষ্টমেন বঁটা পাইছে। সাহিত্য বিভাগেই হওক খেল ধেমালীয়েই হওঁক, সাংস্কৃতিক বিভাগেই হওঁক সিহঁতৰ দখল থাকিবই। বিনী আৰু ৰেখাই এইবোৰ বঁটাৰ উপৰিও বিশেষ এটা বঁটালৈ ৰৈ থাকে। বঁটাৰ বিতৰণীৰ একেবাৰে শেষত এই বঁটা ঘোষণা কৰা হয়। সেইটো হ’ল স্কুলৰ ভিতৰতে বছৰেকীয়া পৰীক্ষাত সৰ্বোচ্চ নম্বৰ পোৱা বঁটা। প্ৰায় ৰেখা আৰু বিনীয়ে এই বঁটা লাভ কৰে। নাম ঘোষণা কৰাৰ লগে লগে জপিয়াই উঠে। চকুৰ পানীও ওলায় আহে। কোনোবা বছৰত যদি বিনী প্ৰথম ৰেখা দ্বিতীয় আৰু কোনোবা বছৰত ৰেখা প্ৰথম বিনী দ্বিতীয় পাৰ্থক্য মাথো দুই বা তিনি নম্বৰৰ। দুয়োজনীৰ মাজত আক্ষেপ নাই। কিন্তু বেলেগে এই বঁটা পালে বৰ দুখ পায়। ভালদৰে পঢ়িবলৈ বদ্ধ পৰিকৰ হয়।

সৰস্বতীৰ পূজা আহিলে বৰ স্ফূৰ্তি লাগে। ছোৱালীবোৰ চাবলৈ ভাল লাগে। পূজাৰ নামত মেখেলা চাঁদৰ পিন্ধিব। সৰস্বতীক আঠু দেখুৱাব নাপায়। বিদ্যাৰ দেৱী। আগদিনাৰ পৰাই মেখেলা চাদৰ বিচাৰি হায়ৰান। কোনে কি ৰঙৰ পিন্ধিব, কাৰ ভাগৰ পিন্ধিব ইত্যাদি ইত্যাদি। গোটেই স্কুলখন যেন বহুৰঙী ফুলৰ এখন সুন্দৰ বাগিছাহে। কোনোজনীয়ে উজুটি খাইছে, কোনোজনীৰ কাপোৰ খোলো খোলো হৈছে, কোনোজনীৰ কোচবোৰ ভালেই নহ’ল। কোনোজনীয়েই পৰিপাটিকৈ পিন্ধি টিপি টিপি খোজ কাঢ়ি ফুৰিছে। কোনোজনীয়ে আকৌ দুয়োখন হাতে মেখেলা দাঙি খোজ কাঢ়িব লগা হৈছে। পুষ্পাঞ্জলি দি ফুল অলপ ঘৰলৈ আনি কিতাপৰ পাতত ভৰাই থলেহে মনটো শান্তি। তেনে কৰিলে হেনো সৰস্বতীয়ে লগ দিয়ে। বিশেষকৈ  আৰু ইংৰাজীৰ কিতাপৰ মাজত বেছি থয়। পিছত আহি পৰে খিচিৰি পৰ্ব। খিচিৰি খাব পালে ঘৰা-ঘৰি যাবৰ হয়। কিন্তু সৰস্বতী পূজাৰ এই খিচিৰিৰ সোৱাদেই বেলেগ। খাব নাপালে সৰস্বতী পূজা যেন নালাগে। কিবা যেন আধৰুৱা হৈ ৰয়। খিচিৰি সোৱাদ, কবি আলু, বেঙেনা আদিৰ লাব্‌ৰা ভাজি, অলপ বিলাহীৰ টক্‌ আৰু শেষত অলপ পায়স। ইয়াতেই যেন বিচাৰি পোৱা যায় সৰস্বতী পূজাৰ মাদকতা।

এবাৰ আকৌ কি হ’ল। আমাৰ বিনীহঁতৰ গোটেই কেইজনীয়ে মেখেলা চাদৰ পিন্ধি সুন্দৰকৈ সাজি-কাচি আহিছে। সিহঁতৰ দহ-বাৰ জনীয়া দলটোৱে দলঙৰ সিপাৰে থাকা ল’ৰা স্কুলখনলৈ গৈ সৰস্বতী সেৱা কৰি আহিল। খিচিৰি খাই ঘৰলৈ ফিৰোতে অলপ দেৰি হ’ল মানে ল’ৰা-ছোৱালী প্ৰায় কমি গৈছে। বিনীহতেঁ অটোত যাম বুলি ভাবিছে যদিও অটোবোৰ চাৰিআলিত ভৰ্ত্তি হৈ আহিছে। তাতে এই পথত সীমিত অট’। বটত চাৰিওজনীক কিছুমানে পাটগাভৰু বুলি জোকাই পাৰ হৈ যায়। অভ্যস্ত নথকা মেখেলা-চাদৰে জটমাৰি ধৰিছে। যিমান পাৰে মেখেলা-চাদৰ জোৰ দুয়োহাতে দাঙি ধৰি খোজ দিছে। দুবাৰ মান উজুটি খাইছে। পৰিছেও। গধূলি হবৰে হ’ল। ঘৰত চাগে চিন্তাত পৰিছে। শেষত মেখেলা চাদৰযোৰ খুলি লোৱাৰ কথা ভাবিলে। ভাবা মানে কাম। ৰাস্তাতে মেখেলা-চাদৰ খুলি টোপোলা বান্ধি ললে। অসুবিধা একো নাই। ফ্ৰ্কটোকে পিন্ধিব ব্লাউজৰ কাম কৰিছিল। এইবাৰ কোনে পায়। দৌৰি দৌৰি নিজৰ গাৱত সোমালহি। তাকে দেখি দোকানত বহি থকা বাবুল খুড়াহঁতে জোকাবলৈহে পালেহে-“হাঁহ, হাঁহ, তহঁতৰহে দাঁত ওলাব”। বুলি আটাইকেইজনীয়ে চিঞৰি পাৰ হ’ল।

এঘাৰ

সিহঁতহেনো ডাঙৰ হৈছে। কথা বাৰ্তা কওতে সাৱধান হবৰ হ’ল। চেলেপু হৈ থাকাতো বেয়া। খোজ কাটল দিওতে সাৱধান। টান কথা টান মাত কাকো যেন নিদিয়ে। জীৱনৰ আৰম্ভনিহে। মাকহঁতে কোৱা মনত আছে “ডাঙৰ স্কুললৈ গৈছ। এতিয়া ডাঙৰ হৈছ। চাই-চিতি ফুৰিবি। খোজত, কথাত, উঠা, বহাত মানুহ চিনিব পাৰি”। এৰা, সিহঁত আগতকৈ ডাঙৰ হ’ল। পৰিৱৰ্তন আহিল। আগৰ দৰে কিছুমান ৰং ধেমালী কৰিবৰ মন নোযোৱা হ’ল। ভালো নলগা হ’ল। লাক লাজ অনুভৱ হোৱা হ’ল। বহুতৰে এতিয়া ‘বা’ হ’ল। সৰু সৰু ভাইটি ভণ্টিবোৰ দেখিলে নিজকে সঁচায় ডাঙৰ ডাঙৰ লাগা হ’ল। সিদিনা পেপাৰত ‘অকণিৰ পৃথিৱী’ শিতানত সুন্দৰ এটা কবিতা পঢ়িলে। বিনীৰ কবিতাটো পঢ়ি ভাল লাগিল সৰু কবিতাটো তাইৰ মনত ৰ’ল। এবাৰ আকৌ আওঁৰালে-

“জীৱন যুজঁলৈ সাজু হোৱা”

ধুনীয়া ধৰাৰ ধুনীয়া ৰূপসজ্জা।

অকণি আমি অকণি হিয়া

অকন অকন ঘৰ সাজিম

জীৱন যুজঁলৈ টঙালি বান্ধিম”।

ৰেখাৰ মাতত তাই উচাপ খাই উঠিল। ‘ইমান একান্তমনে কি ভাবিছা? মই ইমান পৰ তোমাৰ ওচৰত ৰৈ আছো গমেই পোৱা নাই’। “বহু কিবা কিবি ভাবিছো ৰবা। পেপাৰত এটা সুন্দৰ কবিতা পঢ়িলো। তাকে পাগুলি আছিলো।” বিনীয়ে কলে।

“অ কবিতা বোলোতে মনত পৰিছে। তুমি এটা কবিতা লিখিবা শংকৰদেৱৰ ওপৰত। ময়ো লিখিম। আঞ্চলিক ছাত্ৰ সন্থাই চিত্ৰাংকন আৰু কবিতাৰ প্ৰতিযোগিতা পাতিছে। শংকৰদেৱৰ তিথিৰ উপলক্ষে।” ৰেখাই বৰ আগ্ৰহেৰে কথাখিনি কলে।

বিনীয়ে ভাবিলে-তাইৰো কবিতা লিখিবৰ বৰ মন যায়। টিভিত, ৰেডিঅ’ত খবৰ কাগজত সৰু সৰু কবিতা দেখিলে পঢ়িলে তাইৰো তেনে কৰিবলৈ মন যায়। পিছে তাই লিখাবোৰ কবিতাৰ শাৰীত পৰেনে নপৰে? দুই এটা মানে ছন্দ মিলাই লিখে কিন্তু দেখুৱাবলৈ লাজ লাগে। জানোচা এইটোনো কবিতা হ’লনে বুলি হাঁহি দিয়ে। আৰু তাই কবিতা লিখা বুলি কোনোবাই জানিলেচোন তাই মৰি যোৱা যেন লাজ পাব। ৰেখা বা তাইক কি বুলি কব? “কি ভাবিছা বিনী?” ৰেখাই মাত দিলে।

“ভাবিছো কবিতা লিখিব পাৰিম জানো?”

“পাৰিবা পাৰিবা,। সিদিনা দেখোন তুমি চাৰে মাতিব দিয়া কবিতাটো ইমান সুন্দৰকৈ মাতিছা। ভাববোৰ তুমি সুন্দৰকৈ বুজাব পাৰিছা। গতিকে যত্ন কৰাচোন। মনৰ ভাৱবোৰ জোৰা লগাবলৈ”। ৰেখাৰ কথাখিনি তাইৰ ভাল লাগিল। মনটোত যেন সাহ বাঢ়িল। ৰেখাই আকৌ কলে- আমিতো শংকৰদেৱৰ বিষয়ে অলপ হলেও জানোৱেই। দুই এটা শংকৰদেৱৰ কবিতা পঢ়ি চাই তাৰ পৰা কিছু আৰ্হি লব লাগিব। তুমি কিন্তু কালিলৈকে আনিবা দেই। মই ধনদাদাৰ হাতত দি পঠাম। আৰু মিটিঙলৈ যাম।

পিছদিনা বিনীয়ে বাৰ-শাৰীত এটা কবিতা লিখি আনিছে, যদিও দিবলৈ সংকোচ। কবিতা বুলি কয়নে নকয়? অৱশ্যে শংকৰদেৱৰ ওপৰত লিখা কবিতা এটাৰ পৰা আৰ্হি লৈছে। শেষত যেনিবা ৰেখাৰ কথাত দিবলৈ বাধ্য হ’ল। এসপ্তাহ পাৰ হ’ল। কোনো খবৰ পোৱা নাই। ৰেখাইও পোৱা নাই। তিথিৰ দুদিনৰ আগত কবিতাটো ঘূৰাই দিছে। কিন্তু সেইদিনা ৰেখাই স্কুললৈ আহিব নোৱাৰাত ওচৰৰ ওপৰ ক্লাচৰ বা এজনীৰ হাতত দি পঠালে। বা জনীয়ে আহি বিনীক কলেহি-“তুমি ইমান বেয়া কবিতা লিখিলানে?” বুলি কবিতাটো বিনীক দিলে বিনীয়ে লাজতে মৰি যোৱা যেন হ’ল। যি ভাজত দিলে সেই ভাজত বেগত ভৰাই থলে। ছাত্ৰ সন্থাৰ দ্বাৰা আয়োজিত মিটিঙত সকলো লৰা-ছোৱালীয়ে যোগদান কৰিছে। বিনীহঁতো গ’ল। তাই মাজে মাজে ভাবে সচাই বাৰু তাইৰ কবিতাটো একো নহ’ল নেকি? হঠাৎ ৰেখাই সুধিলে-“বিনী কবিতাটো আনিছানে?”

“আনি কি কৰিম?”

“আৰে, তুমি পাঠ কৰিব লাগিব। মইচোন বা জনীৰ হাতত দিয়ে পঠাইছো।”

বিনীয়ে কি কৱ ভাবি নাপালে। ৰেখাই পুনৰ কলে-“তুমি প্ৰথম হৈছা” তোমাৰ কবিতাটো বহুত ভাল হৈছে। ধন দাদাহঁতে কৈছে নহয়। তোমাৰ বয়সতকৈও উন্নত মানদণ্ডৰ হৈছে বুলি কৈছে। তোমাক মাতিছে পাঠ কৰিবলৈ”।

বিনীয়ে কি কৱ ভাবি নাপালে। ৰেখাই পুনৰ কলে-“তুমি প্ৰথম হৈছা” তোমাৰ কবিতাটো বহুত ভাল হৈছে। ধন দাদাহঁতে কৈছে নহয়। তোমাৰ বয়সতকৈও উন্নত মানদণ্ডৰ হৈছে বুলি কৈছে। তোমাক মাতিছে পাঠ কৰিবলৈ”।

বিনীৰ মূৰত স্বৰগ ভাঙি পৰাৰ দৰে হ’ল। বা জনীয়ে তেনেহ’লে তাইক ধেমালীহে কৰিলে নেকি? তাই বাৰু সাধাৰণ কথাখিনিও বুজি নাপালেনে? অন্তত: এবাৰতো তাই কবিতাটো নিজে পঢ়ি চাব পাৰিলে হয়। তাইৰ মনটো বেয়া লাগিল। ৰেখাই তাইক গালি পাৰিছে। “তুমি ইমান ডাঙৰ ভূল কিয় কৰিলা? তুমি সুন্দৰকৈ পাঠ কৰিবা বুলি দাদাহতঁক কৈ থৈছো।” ৰেখাৰ চকুৰ পানী ওলায় আহিল।

বিনীয়ে আৰু ৰব নোৱাৰিলে। তাই মিটিঙৰ পৰা ওলায় আহিল। তাই আহা দেখি মাকনহঁতো ওলায় আহিল। আৰু ৰৈ নাথাকি ঘৰলৈ খোজ ললে। বাটত কাৰো মুখত কথা নোলাল। বিনীয়ে ততাতৈয়াকৈ টেবুলৰ তলত পেলায় থোৱা কাগজবোৰৰ মাজৰ পৰা বুটলি চালে। চাই তাই কান্দি উঠিল। স্পষ্টকৈ লিখা আছে-প্ৰথম। মিটিঙত পাঠ কৰিবলৈ আহিবা।

বাৰ

ডিচেম্বৰ জানুৱাৰী। পিক্‌ নিক্‌ৰ বতৰ। সৰু ডাঙৰ ক’ত গাড়ী, মাইক, ডেগৰ কিমান মাত শুনিবা। ল’ৰা-ছোৱালীৰ চিঞৰ-বাখৰ, গান-বাজনা, কিমান যে আনন্দ। পিক্‌নিক্‌ পাৰ্টি এটা নহ’লে দেখোন মানুহৰ যেন কিবা এটা অভাৱ অনুভৱ কৰে। পুৰণাক বিদায় দি নতুনক আদৰি লোৱাৰ। ৰেখা, বিনীহঁতেও কথাটো ভাবিলে। বছৰেকীয়া পৰীক্ষা শেষ হোৱাৰ পাছত যাব পাৰি। পৰীক্ষাৰ শেষত অন্তত: কিছুদিন কিতাপত মূৰটো নুগুজিলেও হ’ব। সেয়ে ক্লাছত কথাটো উলিয়ালে। হয়ভৰ সকলোৱে দিলে। পৰীক্ষা শেষ হোৱাৰ দুদিনৰ পিছত যাব পাৰিলে ভাল হয়। মুঠতে ৰিজাল্ট নিদিয়াৰ আগতে খাটাং কৰিব লাগে। সিহঁতে ডেকাছাৰক খাটিলে। চাৰে যেনিবা না নকৰিলে। দিনবাৰ ঠিক কৰি আয়োজন চলিল। লাগে ঠাইখন। ক’লৈ যাব। কিছুমানৰ গুৱাহাটীলৈ যাবৰ মন। বহুতে গুৱাহাটী দেখাই নাই। যোৱাও নাই। যোৱাকৈ গ’লে বনভোজ খোৱা নহব। খালে চাবলৈ সময় নহব। গুৱাহাটীতো বহুত চাব লগা আছে। মা কামাখ্যা, বশিষ্ঠাশ্ৰম, কলাক্ষেত্ৰ, মিউজিয়াম, চিৰিয়াখানা, উমানন্দ, শৰাইঘাট দলং আৰু যে ক’ত কি! এদিনতে চোৱাতো সম্ভৱ নহ’ব।গোটেইকেইজনীয়ে বহি আলোচনা কৰিছে। মা কামাখ্যা কথা ওলোৱাত বিনীয়ে কলে-“এদিন ককাই কৈছিল, নীলাচল পাহাৰত সতীদেৱীৰ অংগ এটা পৰিছিল হেনো। তাতে স্থাপন হ’ল মা কামাখ্যাৰ মন্দিৰ। কথিত আছে যে ৰজা নৰকাসুৱে কামাখ্যা দেৱীক বিয়া কৰাব খুজিছিল। মা কামাখ্যাই ৰাতিৰ ভিতৰতে ওপৰলৈ উঠা খট্‌খটি বনাব পাৰিলেহে দেৱীক লাভ কৰিব পাৰিব বুলি কোৱাত পৰাক্ৰমী নৰকাসুৱে ৰাতিৰ ভিতৰতে কাম শেষ কৰাৰ উপক্ৰম হ’ল। তাকে দেখি দেৱীয়ে ৰাতিতেই কুকুৰাৰ দ্বাৰা ডাক দিয়াই ৰাতিপুৱাৰ জাননী দিয়ালে। আজিও এই খট্‌খটিটোৰ নাম মেখেলা উজোৱা বুলি খ্যাতি আছে।” “কথাবোৰ শুনিলে চাবলৈ যাবৰে মন যায় নহয়নে?”-সৰুমায়ে ক’লে।

“বশিষ্ঠমুনি কোন বুলি ভাবিছা-ৰেখাই কলে-সূৰ্যবংশীয় ৰজাৰ কুল পুৰোহিত। অৰ্থাৎ ৰামায়ণৰ ৰামচন্দ্ৰ ৰজাৰ কুল পুৰোহিত আছিল। এই মুনি জনাই গুৱাহাটী নগৰৰ দক্ষিণফালে আশ্ৰম পাতিছিল। সেয়ে এতিয়াৰ বশিষ্ঠাশ্ৰম।”

“চিৰিয়াখানাখন চাবলৈ মোৰো বৰ মন গৈ আছে আৰু শৰাইঘাট দলংখনো”। মাকনে এইবাৰ মাত দিলে।

“চিৰিয়াখানা থকা পাহাৰটো জাপৰিগোগ পাহাৰ। বৰ ভাল লাগে তাত জীৱ-জন্তুবোৰ চাবলৈ। বন্ধৰ দিনত বহুত মানুহ হয়। দিনটো চালেও শেষ কৰিব নোৱাৰি। মই বৰমা আৰু বৰদেউতাৰ লগত যোৱা বাৰ গৈছিলো।”

“ৰেখাই হাঁহি হাঁহি কথাখিনি কওতে সকলোৰে চিৰিয়াখানা চাবলৈ যাবলৈ মন গ’ল। কলাক্ষেত্ৰৰ কথা জানেনে নাই? তাতো বিভিন্ন ঐতিহাসিক বয় বস্তু, জাতীয় কলা-কৃষ্টিৰ নিদৰ্শনকে আদি কৰি বহুত চাবলগীয়া আছে। যিবোৰ নেদেখিলে বৰ্ণাব নোৱাৰি। তাতোকৈ ডাঙৰ কথা যে তাত ভূপেন দা মানে অসম ৰত্ন ভূপেন হাজৰিকাৰ স্মৃতি জড়িত বয়-বস্তুবোৰো সুন্দৰকৈ সংৰক্ষণ কৰা হৈছে। নিশ্চয় আমি গ’লে হেপাহ পলুৱাই চাব পাৰো”। ৰেখাই পুনৰ এনেদৰে কোৱাত সকলোৰে মন ভূপেন দাৰ ওচৰলৈ উৰা মাৰিলে। এইবাৰ নমীতাই মাত লগালে-“তোমালোকে এতিয়া নিজৰ নিজৰ অভিজ্ঞতাকে কৈ থাকিবানে? নে কিবা এটা সিদ্ধান্ত লবা।”

“সৌৱা ডেকা ছাৰ আহিছে। ছাৰকে সোধো বাৰু।” ডেকা ছাৰে আটাইৰে মতামত ল’লে। শেষত তেওঁ কলে গুৱাহাটী চাবলৈ হ’লে আমি বাৰু বেলেগ দিন লম। অকল তোমালোকেই নহয় স্কুলৰ পৰা সকলো ছাত্ৰীকে লৈ আমি শিক্ষামূলক ভ্ৰমণ এটা কৰিম। ছাৰৰ কথা আটাইৰে ভাল লাগিল। পুনৰ কলে-“সদ্যহতে আৰু এখন ঠাই আমাৰ নিচেই ওচৰত আছে। বহুতে হয়তো যোৱাই নাই। দেশৰ ডাঙৰ সম্পদ এটি আছে। তালৈকে যাওঁ বলা। মানে পবিতৰা।”

সকলোৱে জপিয়াই উঠিল। ভালেই হ’ল। তাতে খোৱাও হ’ব, চোৱাও হ’ব। ইমান ওচৰতে থকা ঠাইখনৰ কথা এবাৰো কাৰোৰে মনত পৰা নাছিল। টকা পইচা সকলো ডেকাচাৰৰ হাতত জমা দি ৰেখা আৰু বিনীয়ে সকলো দায়িত্ব দিলে যদিও প্ৰয়োজনীয় কাম-কাজ দুয়োজনীয়ে কৰি গ’ল। সকলো ছাৰ বাইদেউ হতঁক লগ ধৰিলে আৰু যাবলৈ অনুৰোধ কৰিলে।

“ৰেখা, বিনী-সকলো ছোৱালী আহিলনে?” ডেকাছাৰে দুয়োজনীক সুধিলে। ছাৰ বাইদেউহঁতো আহি গাড়ীত উঠিল। ছোৱালীবোৰ উঠি চিটত বহি ললে। পুৱা সাত বজাতে সকলো আহি স্কুলত উপস্থিত হ’ল। কিমান যে আনন্দ সিহঁতৰ বহু প্ৰত্যাশিত দিনটো আজিয়েই। ৰেখা আৰু বিনীয়ে খোৱা, দিয়া-থোৱা, বয় বস্তু আদি ছাৰৰ লগত তদাৰক কৰিলে। এজন ৰান্ধনি আৰু চকীদাৰ মোহন ককাইক ললে। ডেকা ছাৰে দা কটাৰি, চৰু-কেৰাহিলৈকে সাৰি সামৰি গাড়ীত বহিল। গাড়ী চকা ঘূৰাৰ লগে লগে ছোৱালীবোৰে উৰুলি দি শোভাৰম্ভ কৰিলে। যাত্ৰা বনভোজৰ, যাত্ৰা পবিতৰা।

গাড়ী আহি জাগীৰোডত ৰলহি। ডেকা ছাৰ আৰু বৰুৱা ছাৰে গাড়ীৰ পৰা নামি প্ৰয়োজনীয় কিবা বস্তু কিনি পুনৰ গাড়ীত উঠিল। এইবাৰ ক্ষেত্ৰী পাৰ হৈ চমতাৰে সোমাই কলংপাৰহৈ আগবাঢ়িল পবিতৰালৈ। দুয়োকাষে মানুহে ঠাণ্ডাকো নেওচি মাটি চহ কৰিছে। ঠায়ে ঠায়ে কঠিয়া ৰুলেই। ডেকাছাৰে কলে-পবিতৰালৈ আৰু বেছি দূৰ নাই।

বিল, পিটনি আৰম্ভ হৈছেই। ৰাস্তাৰ পূৱ ফালে থকা পিটনিত দেখিবলৈ পালে বিভিন্ন হাঁহ। জাক পাতি পাতি ৰ’দ লৈছে, পানীত চৰিছে। গৰু, ম’হ চৰি ফুৰাও দেখিছে। হয়তো এইবোৰ পোহনীয়া হঠাৎ মীনাই চিঞৰি উঠিল “বোকা পানীৰ মাজত গড়। চোৱা, চোৱা নিচেই ওচৰতে। বগলীটো চোৱাচোন কেনেকৈ পিঠিত বহি আছে। ভয়ো কৰা নাই”। ছোৱালীবোৰে খিৰিকিৰে জুমা-জুমি কৰিলে। সিহঁতৰ মনবোৰ ভাল লাগিল। বিৰিনা ইকৰাৰে আগুৰা অঞ্চলটো। দূৰত অৱশ্যে ওখ গছ দেখা পাইছে। গাড়ী আগবাঢ়িল।

“ছাৰ, পবিতৰাৰ পৰা আগুৱাই গলে মায়ং পামগৈ নহয়নে?” নমিতাই সুধিলে।

“ওঁ। মায়ংলৈ যাবৰ মন গৈছে নেকি?” ছাৰে কলে।

“ভয় লাগে চাৰ। মায়াঙৰ যাদু।” নমিতাই কলে। ছোৱালীবোৰৰ মাজত গুনগুননি উঠিল।

এৰা, একালত মায়াঙৰ যাদু বুলিলে বুলিবৰ নাই। বহি থাকা পীড়াখন টিকাতে লাগি যোৱা, মানুহ বাঘলৈ ৰূপান্তৰিত হোৱা, ভূত-প্ৰেতে কথা কোৱা, চাউল নিসিজা, পীঠা ভাঙি যোৱা, বনৰীয়া জীৱ-জন্তুক বশীভূত কৰা, তন্ত্ৰ-মন্ত্ৰৰ দ্বাৰা জাৰা ফুকা কৰা, বেমাৰ ভাল কৰা, বেমাৰ জাপি দিয়া বুলিও কয়। এনে ধৰণৰ বহু কথাই শুনিছে। মায়াংৰ সকলো মানুহ হেনো যাদু জানে। ইত্যাদি ইত্যাদি বহু কথা ছোৱালীবোৰৰ মাজত চৰ্চা হ’ল। শুনা কথাবোৰ কিমান সঁচা, কিমান মিছা সেইবোৰ চালি-জাৰি চাব নাজানা কন কন ছোৱালীবোৰৰ চকুত আচৰিত, আৰু ভয় লগা চাৱনিয়ে বিৰাজ কৰিলে। তাকে দেখি চাৰে কলে-“হব দিয়া। তোমালোকক মায়াং লৈ নিনো নহয়?” মায়াঙত তন্ত্ৰ-মন্ত্ৰ আগতে আছিল। এতিয়া হয়তো চৰ্চা কমি গৈছে। এই তন্ত্ৰ-মন্ত্ৰ অসমীয়া সাহিত্যৰ এটা অংগ। ভৱিষ্যতে অধ্যয়ণ কৰিলে বিস্তৃত ভাৱে জানিব পাৰিবা।

নিৰ্দিষ্ট ঠাইত গাড়ী ৰ’ল। ছোৱালীবিলাক, ছাৰ-বাইদেউ সকলো নামিল। প্ৰায় পাঁচ/ছয়টা দল আহি ঠাই বাছনি কৰি লৈছেহি। আঁৰ কাপোৰ তৰি নিজা নিজা কামত ব্যস্ত হৈছে। কোনোৱে টেপ্‌, ডেগ বজাই আনন্দ কৰিছে। ডেকাছাৰে এডোখৰ নিৰ্দেশনা দিলে। হোমে জাপে কামবোৰ কৰি স্ফূৰ্ত্তিও পালে।

গাড়ীবোৰ আহিয়েই আছে। চাওঁতে চাওঁতে বহুত দ’ল আহিল। ঠাইৰ নাটনি হৈছে। গাড়ীবোৰ ৰাস্তাত লাইন লাগিছে। ক’ৰ পৰা যে মানুহবোৰ আহিছে। ৰান্ধনিয়ে আৰু চকীদাৰে কামত লাগিল। চাহ নাস্তা খাই পৃথিৱীৰ বিখ্যাত এশিঙিয়া গড় চাবলৈ ছোৱালীবোৰক ছাৰ, বাইদেউহঁতে লৈ গ’ল। বহু দূৰ বিয়পি আছে পবিতৰা ৰিজাৰ্ভ। জীপচি গাড়ী আৰু হাতীৰ পিঠিত উঠাই বনকৰ্মীজনে লৈ গৈছে মানুহবোৰক। যাৰ য’ত যাব মন যায় তেনেদৰে হাবিৰ মাজলৈ লৈ যায়। জংঘলৰ মাজে মাজে মানুহবোৰ ঘূৰি ফুৰিছে নতুনৰ সন্ধানত, পোৱা আৰু চোৱাৰ হেঁপাহত।

ছোৱালীবোৰৰ বিভিন্ন প্ৰ্শ্নৰ উত্তৰ বন কৰ্মীজনে দি গ’ল। ১৯৮৭ চনত পবিতৰাক অভয়াৰণ্য হিচাপে ঘোষণা কৰা হয়। চোৱাচোন সেই গড়কেইটা, পোৱালীবোৰ লগত লৈ ঘূৰি ফুৰিছে। এটা শিং থকাৰ বাবে অসম বিখ্যাত বুলি জনাই নহয়। এবাৰ ওচৰৰ পৰা চাই লোৱা। গাটো কেনেকুৱা খহটা। কিমান ডাঠ। ডাঠ চালৰ লগত ইয়াক তুলনা কৰা হয়। “গড়ৰ চাল ক’ত ফুটা যাব” বুলি কোৱা নিশ্চয় শুনিছা। ইয়াত বিভিন্ন চৰাইও দেখা যায়। শামুকভাঙা, বৰটোকোলা, ময়নাকে আদি কৰি বিভিন্ন পৰিভ্ৰমী চৰাই দেখা যায়।

শাল, চেগুনকে আদি কৰি বিভিন্ন গছ-গছনিয়ে পবিতৰাক শুৱনি কৰি ৰাখিছে। বিভিন্ন প্ৰজাতিৰ বনৰীয়া ম’হ, নলগাহৰি আদিও দেখা যায়। বিনীহঁতে যেতিয়া বনকৰ্মীৰ লগত যায়, তেওঁ এটা নলগাহৰি থকা ঠাই মানে অলপ গাতৰ দৰে তাত বন পাতেৰে ভৰি থাকা নলগাহৰিৰ ঠাই ডোখৰ দেখুৱাই দিছিল। সেই সময়ত নলগাহৰিটো তাত নাছিল। মাটিকালি হিচাবে গড়ৰ ঘনত্ব হেনো ইয়াত বেছি। জংঘলৰ লুংলুঙীয়া বাটেৰে বনকৰ্মীজনে বিভিন্ন কথা বতৰা মাজেৰে দেখুৱাই গৈ আছে। এইবাৰ দেখা পালে হাডুক বিলখন। তাতোকৈ স্বচক্ষুৱে দেখা পালে ওলমি থাকা দলং। কিতাপত পঢ়িছিল ওলমা দলংৰ কথা। সিহঁতে ইপৰ-সিপাৰ হ’ল, এই ওলমা দলঙেৰে। যিখনৰ নাম “হাডুক ওলমা সেতু”। প্ৰথমে ভয় ভয় লাগিছিল যদিও পিছত ইপাৰ সিপাৰ হবলৈ পায় আনন্দ পালে। মাজতে এবাৰ বনকৰ্মী এজনে সুধিলে-“বাৰু কোৱাচোন পবিতৰা অভয়াৰণ্য কোন জিলাত অৱস্থিত? কোনে পাৰিবা”। বহুকেইজনে হাত ডাং খালে। ৰেখাই টপৰাই কলে-“মৰিগাঁও জিলাত”।

এনেদৰে বিভিন্ন কথা-বতৰা, হাঁহি-তামাচা মাজেৰে বিৰিণাৰ ফাকে ফাকে গছৰ তলে তলে ঘূৰি ঘূৰি বনকৰ্মীয়ে পুনৰ নিজৰ ঠাইত পোৱালেহি।

“বা: লোকে লোকাৰণ্য” বিনী, ৰেখাহঁতৰ চকু কপালত উঠিল। যেন এখন মেলাহে। কোনোবাই নাচি-বাগি আছে, গীতাৰ বজায় আছে কোনোবাই ফটোৰ প’জ দিছে, কোনোৱে আকৌ ৰান্ধনি হৈ আছে। মুঠতে সকলোৱে নিজা নিজা জগতত একো একোজন ৰজা। সংসাৰৰ বিষয় বাসনাৰ পৰা আঁতৰি প্ৰকৃতিৰ ৰাজ্যত অকনমান নিৰ্মল আনন্দ উপভোগ কৰিছে।

সৰুমাই এ ক’লে-চোৱা, চোৱা মাতিলেও ইমান ডাঙৰ সমাজ গোটাব নোৱাৰি অথচ নামাতাকৈয়ে ইমানবোৰ মানুহ। দেখিবলৈ ভাগ্য লাগিব জানানে”? এৰা মানুহবোৰে যেন কৃত্ৰিমতাৰ পৰা আঁতৰি অকনমান মুকলি বতাহৰ মাজত ডুব গৈছে। নিজকে জাৰি জোকাৰি নতুনকৈ সজাবৰ মন গৈছে।

“আহা, আহা, ভাত খাবৰ হ’ল। ডেকা ছাৰৰ মাতত সকলো ওচৰ চাপিল।”

“ইমান ধুনীয়া আকাশ, ইমান ধুনীয়া প্ৰকৃতিৰ ৰাজ্য। চৰাই-চিৰিকতি, গছ-লতা, জীৱ-জন্তুবোৰে নিশ্চিন্ত মনে কেনেদৰে খেলি আছে, ঘূৰি ফুৰিছে, ঘাহ বন খাই আছে। গড়বোৰে মূৰ দাঙি চায় আকৌ ঘাঁহ বন বিচাৰি ফুৰে। খৰ্গটোৰ সৈতে ইমান ধুনীয়া দেখিবলৈ”। বিনীয়ে একান্তমনে পবিতৰাৰ ফালে চাই চাই ভাবিলে।

“দুখ লাগে-এই প্ৰাকৃতিক সম্পদ, জাতীয় গৌৰৱ এশিঙিয়া গড়টো যেতিয়া কোনোবাই মাৰি খৰ্গলৈ যায়।” মানুহ বাৰু ইমান নিষ্ঠুৰ কেনেকৈ হ’ব পাৰে”? মানৱতা বোলা বস্তুটো সচাঁয় হেৰায় যাব নেকি? কিবা এটা কৰাৰ একো উপায় নাইনে”?

লেখিকা: বীণা দেৱী বৰা।

2.89655172414
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top