অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ব্ৰাহ্মী শাকৰ ঔষধি গছ

শাকত ভিতৰত ব্ৰাহ্মী শাক এবিধ প্ৰসিদ্ধ শাক। ই যিকোনো ঠাইতে হ’ব পাৰে। চেচুকীয়া ঠাইত বেছিকৈ বিস্তাৰ হয়। ইয়াৰ পাতবোৰ সৰু সৰু। ফুলবোৰ বগা আৰু ঈষৎ নীল বৰণীয়া। এইবিধ শাক তিতা। ব্ৰাহ্মী শাকৰ শিপা, পাত আদি সকলো অংশই দৰৱত লগোৱা হয়।

পৰিমাণ

শিপাৰ ৰস এক তোলাৰ পৰা দুই তোলা। চূৰ্ণ চাৰি অনাৰ পৰা আঠ অনা। পাতৰ ৰস দুই তোলা। শুকাই ক্কথ কৰিলে তাৰো দুই তোলা মাত্ৰা হিচাবে ব্যৱহাৰ কৰিব পাৰি।

গুণাগুণ আৰু কাৰিকৰী জ্ঞান

ব্ৰাহ্মী শাকৰ গুণ অনেক। ব্ৰাহ্মী শাক স্নায়ৱিক উত্তেজক, প্ৰস্ৰাৱ কাৰক, মৃদু বিৰেচক আৰু বলকাৰক। ইয়াৰ কেঁহা, তিতা মিঠা ৰস অধিক পৰিমাণে থাকে। শীতল, লঘুকাৰক, মেধাবৰ্ধক, আয়ুৰ বৃদ্ধিকাৰক, ৰসায়ম, স্বৰ পৰিষ্কাৰক। উন্মাদ অপস্মাৰ স্নায়ৱিক দৌৰ্বল্য, ধাতু দৌৰ্বল্য, ক্ষতক্ষীণ, স্বৰভংগ ৰোগ, পাণ্ড, মোহ ৰক্তপিত্ত, কাহ কুষ্ঠ, শোথ আৰু বিষ, দোষনাশক। পৰিপাকত মিঠা ৰস হয় আৰু ই অতিশয় স্মৃতিশক্তি বৰ্ধক হয়।

ব্ৰাহ্মী শাক ভাজি খালে স্বৰভংগ ৰোগ আৰোগ্য হয়। ব্ৰাহ্মী শাকৰ ৰস চাৰি তোলা, কুড় চূৰ্ণ আধা তোলা, মৌ এক তোলা মিহলি কৰি চাৰি অনা পৰিমাণে দিনে দুই-তিনিবাৰকৈ ব্যৱহাৰ কৰিলে উন্মাদ ৰোগ ভাল হয়। অকল ব্ৰাহ্মী শাকৰ ৰস খুৱালেও ভাল ফল পোৱা যায়।

ব্ৰাহ্মী শাকৰ ৰস এক তোলা আৰু এৱা গাখীৰ এক তোলা নিয়মিত ব্যৱহাৰ কৰিলে ৰসায়ন হয় অৰ্থাৎ শৰীৰৰ জীৱনী বৃদ্ধি হয়, স্মৃতিশক্তি বৃদ্ধি হয়, মেধা শক্তি বৃদ্ধি হয় আৰু শৰীৰ হৃষ্টপুষ্ট হয়। অকল ইয়াৰ ৰস দুই তোলা পৰিমাণে ব্যৱহাৰ কৰিলেও একে ফল পোৱা যায়। বিশেষকৈ অপষ্মাৰ, মূৰ্চ্ছা, ভ্ৰম, বায়ুৰ বিকাৰ আৰু স্মৃতিশক্তি নোহোৱা আদি ৰোগ আৰোগ্য লাভৰ প্ৰধান উপায়। ব্ৰাহ্মী শাক বসন্ত ৰোগত বৰ উপকাৰী। ইয়াৰ ৰস খাব লাগে। সৰু ল’ৰা-ছোৱালীৰ কাহ হৈ বুকুত বেদনা হ’লে ব্ৰাহ্মী শাকৰ ৰস অলপ গৰম কৰি বুকুত মালিচ কৰিলে ভাল ফল পোৱা যায়। কেতিয়াবা প্ৰস্ৰাৱ বন্ধ হ’লে ব্ৰাহ্মী শাকৰ ৰস খাই দিলে প্ৰস্ৰাৱ খোলোচা হৈ যাব। ইয়াৰ পাত ভাজি বা তৰকাৰী কৰি খালে আয়ুস, স্মৃতি, মেধা শক্তি বৃদ্ধি হয় আৰু শৰীৰ সবল হয়। ই এবিধ মানুহৰ সৰ্বহিতকাৰক শাক।

লেখিকা: সুমিত্ৰা গোস্বামী।

বিশেষ সংযোজন: ৰীতু গগৈ।

শেহতীয়া উন্নীতকৰণ: : 5/28/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate