অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মচন্দৰীৰ গুণাগুণ

মচন্দৰীৰ গুণাগুণ

মচন্দৰী এবিধ মূল্যৱান বনৌষধ উদ্ভিদ। ইংৰাজীত ইয়াক ফিচ মিন্ট বা চামেলিয়ন প্লেন্ট বুলিও জনা যায়। ইয়াৰ কাণ্ডভাগ কোমল লতাজাতীয় বগাই যোৱা চৰিত্ৰ বিশিষ্ট আৰু অস্থানিক শিপাযুক্ত। ডালবোৰ ঠিয় আৰু ২০-৮০ ছেন্টিমিটাৰলৈকে ওখ। পাতবোৰ বিপৰীতক্ৰমী বহল হৃদাকাৰ, ৪-৯ ছেন্টিমিটাৰ দীঘল আৰ্য ৩-৮ ছেন্টিমিটাৰ বহল, কুশাগ্ৰ।

ব্যৱহাৰ

পাতযুক্ত পাচলি আৰু বনৌষধি হিচাপে ইয়াৰ খেতি কৰা হয়। পাতবোৰৰ মাছৰ দৰে এক অস্বাভাৱিক গোন্ধ আছে। সেইবাবেই ইয়াক ফিচ মিন্ট বুলিও জনা যায়। খাদ্য হিচাপে মিশ্ৰিত পাচলি হিচাপে ইয়াক প্ৰস্তুত কৰা হয়। অতিসাৰ আৰু গ্ৰহণী ৰোগৰ ক্ষেত্ৰত মচন্দৰী পাত আংশিকভাৱে সিজাত প্ৰস্তুত কৰা পথ্য ব্যৱহাৰ কৰা হয়।

পুষ্টিৰ পৰিমাণ

মচন্দৰীত অতি বেছি পৰিমাণে ভিটামিন এ কেৰোটিন আৰু কেলছিয়াম পোৱা যায়। প্ৰতি ১০০ গ্ৰাম মচন্দৰীত ২৮২৬.৬ মাইক্ৰ’গ্ৰাম ভিটামিন এ কেৰোটিন আৰু ২০১০.০ মিলিগ্ৰাম কেলছিয়াম থকাৰ উপৰিও প্ৰ’টিন ২.১ গ্ৰাম, চৰ্বি ০.২ গ্ৰাম, খনিজ পদাৰ্থ ০.৬ গ্ৰাম, আঁহ ১.১ গ্ৰাম, কাৰ্বোহাইড্ৰেট ৬.৩ গ্ৰাম, আইৰণ ৬.৫ মিলিগ্ৰাম আৰু ৮৯.৭ গ্ৰাম জলীয় ভাপ পোৱা যায়। ১০০ গ্ৰাম মচন্দৰীয়ে আমাক যোগোৱা শক্তিৰ পৰিমাণ হ’ল ৩৫.৪ কিলো কেল’ৰি।

ৰোপণ পদ্ধতি

ক) মাটি: মচন্দৰী খেতিৰ বাবে বালিঅহীয়া মাটিৰ পৰা বোকা মাটি আৰু PH ৰ মান ৪.৫-৬.০ উপযোগী। সেমেকা কিন্তু পানী ওলাই যাব পৰা আৰু আংশিকভাৱে ছাঁ পৰা মাটিত মচন্দৰী খেতি ভাল হয়।

খ) জলবায়ু: মচন্দৰী এবিধ উপক্ৰান্তীয় উদ্ভিদ আৰু মধ্যমীয়াভাৱে আৰ্দ্ৰ আৰু গৰম জলবায়ু ইয়াৰ খেতিৰ বাবে অনুকূল।

গ) মাটি প্ৰস্তুতি: মাটিডৰা মিহিকৈ চহাব লাগে। বীজতলীবোৰ সুবিধাজনকভাৱে দীঘল আৰু বহল কৰি লোৱাৰ লগতে ১৫ ছেন্টিমিটাৰ উচ্চতাৰ কৰি লোৱা উচিত।

ঘ) প্ৰবৰ্দ্ধন: ৰোৱাৰ বাবে প্ৰকন্দ বা মূলকাণ্ডৰ টুকুৰা অথবা শিপাযুক্ত কাণ্ড ব্যৱহাৰ কৰা হয়। বতৰ অনুকূল হ’লে কাণ্ডৰ এনে শিপাযুক্ত টুকুৰাবোৰ পোনে পোনে মূল তলী বা পথাৰত ৰুব পৰা যায়। ইয়াৰ পৰিৱৰ্তে নাৰ্চাৰীতো এনে পুলিবোৰ সবল কৰি তুলি ৪-৬ সপ্তাহৰ পাছত পুলিবোৰ উঠাই মূল তলীত ৰুব পৰা যায়।

ঙ) ৰোপণ: সমগ্ৰ গ্ৰীষ্মকাল বা বৰষুণৰ কালছোৱাত পুলিবোৰ ৰুব পাৰি। মাৰ্চ মাহ পৰা এপ্ৰিল মাহ পুলি ৰোৱাৰ বাবে উপযুক্ত সময়। এই সময়ত পুলি ৰুলে পৰৱৰ্তী সময়ত অধিক উৎপাদন পোৱা যায়। যিহেতু গছজোপাই আংশিক ছাঁ ভাল পায়, সেয়েহে মচন্দৰীৰ খেতি কৰা পথাৰত ধইনচা, ৰহৰ, মাহ আদিৰ দৰে শস্য মধ্যৱৰ্তী শস্য হিচাপে কৰিলে মচন্দৰী গছজোপাই আংশিক ছাঁ পোৱাৰ লগে লগে মাটিডৰাৰ পৰা পাৰ্শ্বৱৰ্তী উপাৰ্জনো বৃদ্ধি পায়।

চ) জলসিঞ্চন: ৰোৱাৰ লগে লগে প্ৰথমতে এবাৰ পাতলীয়াভাৱে জলসিঞ্চন কৰিব লাগে। ইয়াৰ পাছত মাটি আৰু গছৰ অৱস্থাৰ ওপৰত ভিত্তি কৰি জলসিঞ্চনৰ ব্যৱস্থা কৰিব লাগে।

ছ) সাৰ প্ৰয়োগ: শেষৰবাৰ মাটি প্ৰস্তুত কৰাৰ সময়ত মাটিডৰাত যথেষ্ট পৰিমাণে শুকান গোবৰ বা পচনসাৰ বা কেঁচুসাৰ প্ৰয়োগ কৰিব লাগে। প্ৰতি ৩-৪ মাহৰ অন্তৰে-অন্তৰে খেতিডৰাত এবাৰকৈ সাৰ প্ৰয়োগ কৰা উচিত। প্ৰতি হেক্টৰ কৃষিভূমিত নাইট্ৰ’জেন, ফছফৰাছ আৰু পটাছ ১০০:৬০:৬০ কিলোগ্ৰাম অনুপাতত প্ৰয়োগ কৰিলে ভাল উৎপাদন পোৱা যায়। এই অনুমোদিত নাইট্ৰ’জেন সাৰৰ তিনিভাগৰ এভাগ আৰু সমুদায় ফছফৰাছ আৰু পটাছ সাৰখিনি শেষৰবাৰ মাটি চহোৱাৰ সময়ত আৰু বাকী থকা নাইট্ৰ’জেনভাগ দুভাগত ভগাই এমাহৰ মূৰে মূৰে মাটিত প্ৰয়োগ কৰিব লাগে।

চপোৱা

মচন্দৰীৰ পাত আৰু কোমল আগবোৰ চিঙা হয়। আৰম্ভণিতে প্ৰতি ১৫ দিনৰ অন্তৰে অন্তৰে মচন্দৰীৰ এনে আগ-পাত চপাব পাৰি। ৰোৱাৰ পৰা ৫-৬ মাহ পাছত অৰ্থাৎ জুলাই মাহৰ পৰা অক্টোৱৰ মাহৰ ভিতৰত গছজোপা পাত আৰু আগ চপোৱাৰ বাবে সম্পূৰ্ণভাৱে উপযোগী হৈ উঠে। প্ৰথম পৰ্য্যায় শেষ হোৱাৰ পাছত মূল পথাৰত মচন্দৰীৰ কিছুমান প্ৰকণ্ড বা কায়াংকুৰ ৰাখি থ’ব লাগে যাতে পৰৱৰ্তী সময়ত ইয়াৰ পৰাই দ্বিতীয় পৰ্য্যায়ৰ মচন্দৰী গছ পাব পৰা যায়।

উৎপাদন

প্ৰতি হেক্টৰ মাটিৰ পৰা প্ৰতিবছৰে ৬০-৮০ কুইন্টল মচন্দৰীৰ পাত আৰু কোমল আগ চপাব পাৰি।

লিখক: পংকজনাভ দাস, জেষ্ঠ কৃষি তথ্য বিষয়া।

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top