অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পৰিৱেশ সংৰক্ষণ

পৰিৱেশ সংৰক্ষণ

পৰিৱেশ সংৰক্ষণৰ প্ৰয়োজনীয়তা

পৰিৱেশ বিনষ্ট হ’লে বা পৰিৱেশ প্ৰদূষিত হ’লে কোনো এটা পৰিস্থিতি তন্ত্ৰত থকা জীৱসমূহৰ ওপৰত প্ৰতিকূল প্ৰভাৱ পৰে। ইয়াৰ ফলত কিছুমান প্ৰজাতি বিলুপ্ত হ’ব পাৰে, কিছুমান প্ৰজাতি লুপ্তপ্ৰায় হ’ব পাৰে আৰু কিছুমান স্পৰ্শকাতৰ হৈ পৰাৰ সম্ভাৱনা থাকে। কিন্তু জীৱ মণ্ডলত থকা জীৱবোৰ প্ৰত্যক্ষভাৱে অথবা পৰোক্ষভাৱে এটা আনটোৰ ওপৰত কিবা নহয় কিবা প্ৰকাৰে নিৰ্ভৰশীল হৈ থাকে। এই নিৰ্ভৰশীলতাৰ ভিত্তিত প্ৰাকৃতিক ভাৰসাম্য গঢ়ি উঠে। যিকোনো ধৰণৰ অস্বাভাৱিক পৰিৱৰ্তনৰ দ্বাৰা এনে ভাৰসাম্য বিনষ্ট হ’ব পাৰে। এনে বিপৰ্যয় প্ৰতিহত কৰিবলৈকে পৰিৱেশ সংৰক্ষণ কৰি ৰখাটো যথেষ্ট গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে।

সম্পদৰ বহুল প্ৰয়োগ বা ব্যৱহাৰৰ ওপৰতে সাম্প্ৰতিক মানৱ সভ্যতা বৰ্ত্তি আছে। এতিয়া জীৱন ধাৰণাৰ যি মানদণ্ড গড় হিচাপত সমগ্ৰ পৃথিৱীতে বিদ্যমান, সেই একে মানদণ্ড বজাই ৰাখিবলৈ হ’লে বৰ্ত্তমানে থকা প্ৰাকৃতিক সম্পদৰ ভাণ্ডাৰ আৰু কিমান দিনলৈ ব্যৱহাৰযোগ্য হৈ থাকিব, সেইটো এটা ডাঙৰ আৰু জটিল প্ৰশ্ন। কাৰণ নবীকৰণ অযোগ্য সম্পদৰ ভাণ্ডাৰ অৰ্থাত্ কয়লা, পেট্ৰলিয়াম, প্ৰাকৃতিক গেছ আৰু বিভিন্ন খনিজাত পদাৰ্থৰ ভাণ্ডাৰ পৃথিৱীত অতি সীমিত। সম্প্ৰতি এই সম্পদসমূহ বহুলভাৱে ব্যৱহাৰ কৰি থকা হৈছে, কিন্তু পৰিকল্পিতভাৱে এই সম্পদবোৰ সংৰক্ষণ নকৰিলে আৰু এইবোৰ সম্পদৰ ব্যৱহাৰ নিয়ন্ত্ৰিত নকৰিলে উত্তৰ পুৰুষে পৃথিৱীত এই সম্পদবোৰ ভোগ কৰাৰ পৰা বঞ্চিত হ’ব। এইবোৰ বিষয়ক লৈ সাম্প্ৰতিক কালত সভ্য সমাজত মানুহ চিন্তিত হৈ পৰিছে। পৰিৱেশ সচেতন ব্যক্তিসকলৰ মনত এই প্ৰশ্নৰ উদয় হৈছেঃ পৃথিৱীৰ এই অমূল্য সম্পদৰাজি জধে-মধে ব্যৱহাৰ কৰি নিঃশেষ কৰিলে অদূৰ ভৱিষ্যতত ইয়াৰ পৰিণতি কৰি হ’ব ? এনে প্ৰশ্নৰ সমাধান বিচাৰি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চিন্তা-চৰ্চা কৰা হৈছে, গৱেষণা কৰা হৈছে, আলোচনা-বিলোচনা কৰা হৈছে আৰু সেইবোৰৰ ফলশ্ৰুতিস্বৰূপে পৰিৱেশ সংৰক্ষণৰ প্ৰয়োজনীয়তা আৰু কাৰ্য্যপন্থা কিছুমান নিৰ্দ্ধাৰিত কৰা হৈছে।

পৰিৱেশ সংৰক্ষণ আৰু প্ৰকৃতিয়ে দিয়া সম্পদৰাজিৰ সুপৰিকল্পিত ব্যৱহাৰ তথা সুৰক্ষাৰ ব্যৱস্থা প্ৰায় সমাৰ্থক। নৱীকৰণ অযোগ্য সম্পদৰ সংৰক্ষণ আৰু নৱীকৰণযোগ্য সম্পদৰ পুনৰগঠন প্ৰক্ৰিয়াকে সামগ্ৰিকভাৱে সম্পদৰ সংৰক্ষণ বুলি অভিহিত কৰা হয়। নৱীকৰণযোগ্য সম্পদ যেনে, উদ্ভিদ সম্পদ, প্ৰাণী সম্পদ, জল তথা সামুদ্ৰিক সম্পদ আদি আৰু নৱীকৰণ অযোগ্য সম্পদবোৰৰ যথাযথ আৰু সীমিত ব্যৱহাৰৰ যোগেদি সেইবোৰ ভৱিষ্যত্ বংশধৰসকলৰ বাবেও ব্যৱহাৰযোগ্য কৰি ৰখাৰ প্ৰচেষ্টা হিচাপে পৰিৱেশ সংৰক্ষণৰ বিবিধ ব্যৱস্থা গ্ৰহণ কৰা উচিত। বৈজ্ঞানিক ভিত্তিত সুপৰিকল্পিতভাৱে প্ৰাকৃতিক ভাৰসাম্য বজাই ৰাখিব পাৰিলে পৃথিৱীখন সুন্দৰ হৈ উঠিব, সুসভ্য মানৱ জাতিয়ে সুখৰ জীৱন যাপন কৰিব পাৰিব, জীৱ-জন্তুবোৰেও নিজৰ স্বাভাৱিক জীৱনযাত্ৰা অব্যাহত ৰাখিব পাৰিব আৰু পৃথিৱীখন শোষণমুক্ত হ’ব।

পৰিৱেশ সংৰক্ষণৰ কেইবাটাও বাস্তৱিক দিশ আছে, তাৰে কিছুমান সৰ্বসাধাৰণৰ সহজে দৃষ্টিগোচৰ হয় অৰ্থাৎ সেইবোৰ প্ৰত্যক্ষ আৰু কিছুমান তেনে নহয়। ভূমি সংৰক্ষণ, বন সংৰক্ষণ আৰু জল সংৰক্ষণৰ দৰে কিছুমান সমস্যাৰ প্ৰতি প্ৰায়ভাগ লোকেই সচেতন। হাবি-বন জধে-মধে কাটি পেলালে খৰি-খেৰৰ অভাৱ হয়, ঘৰ-বাৰী সাজিবলৈ কাঠৰ অভাৱ হয়। খেতিৰ মাটি নানা কাৰণত বিনষ্ট হ’লে শস্য উৎপাদন কমি যায়। গতিকে স্বাভাৱিকতে খেতিৰ মাটি বা ভূমি সংৰক্ষণৰ প্ৰতি মানুহ যথেষ্ট সচেতন। কিন্তু জীৱ-জন্তুৰ সংৰক্ষণৰ প্ৰতি বেছিভাগ মানুহেই সচেতন নহয়। উদাহৰণস্বৰূপে, বাঘৰ সংৰক্ষণ কৰা বা নকৰাৰ প্ৰয়োজনীয়তাৰ বিষয়ে সাধাৰণ লোকে বৰকৈ ভবা-গুণা নকৰে। কিন্তু পৰিৱেশ বিজ্ঞানী অথবা প্ৰকৃতিবিদসকলৰ দৃষ্টিত জীৱ-জন্তু বা বন্য প্ৰাণীৰ সংৰক্ষণ অতি গুৰুত্বপূৰ্ণ। প্ৰতিটো জীৱৰে পৃথিৱীত জীয়াই থকাৰ অধিকাৰ আছে, প্ৰতিটো জীৱে পৰিৱেশৰ প্ৰতি নিজৰ অৱদান আগবঢ়ায় আৰু সেই কাৰণে জীৱশ্ৰেষ্ঠ মানুহে এই জীৱসমূহৰ প্ৰতি দয়া পৰৱশ হৈ সকলোৰে কুশলৰ অৰ্থে কাম কৰিব লাগে। তেতিয়াহে পৰিৱেশ উন্নত হ’ব আৰু আমাৰ পৃথিৱীখন সুন্দৰ হৈ থাকিব।

বন সংৰক্ষণ

ভূ-পৃষ্ঠৰ মুঠ মাটিকালিৰ প্ৰায় তিনিভাগৰ এভাগ মানত বনভূমি বা বনাঞ্চল আছে। এখন সেউজীয়া কম্বলৰ নিচিনাকৈ অৰণ্যই যেন পৃথিৱীখন আৱৰি ৰাখিছে। মানুহ আৰু জীৱ-জন্তুৰ বাবে অতি লাগতিয়াল অসংখ্য বস্তু অৰণ্যৰ পৰা পোৱা যায়। অৰণ্য বা বনাঞ্চলত ঘটি থকা আন বহুতো কাৰ্যৰদ্বাৰা জীৱন প্ৰক্ৰিয়া সঞ্চালিত হৈ থাকে, জীৱৰ জন্ম, প্ৰতিপালন আৰু বংশবৃদ্ধিৰ বাবে তেনে বহুতো কাৰ্য্য অত্যাৱশ্যকীয়।

অৰণ্যৰ পৰা মানুহে নানা প্ৰকাৰৰ কাঠ, বাঁহ আৰু খৰি পায়, বিভিন্ন ফল-মূল, শস্য আৰু আন খাদ্যবস্তু পায়। কাগজ, প্লাইউড, জুইশলা কাৰখানা আৰু আন ভালেমান উদ্যোগৰ বাবে আৱশ্যকীয় কেঁচামাল অৰণ্যৰ পৰা পোৱা যায়। বনাঞ্চলৰ পৰা মানুহে লাভ কৰা আন লাগতিয়াল সামগ্ৰীবোৰৰ ভিতৰত আছে নানা প্ৰকাৰৰ বনৌষধি, কৰ্পূৰ, নীল, চন্দন, লা, মৌ, পাট, মুগা, আঠা, ৰং, ধুনা ইত্যাদি।

বনাঞ্চলবোৰ হৈছে বিভিন্ন প্ৰকাৰৰ উদ্ভিদ আৰু প্ৰাণীৰ বাসভূমি। বনাঞ্চলে জীৱ-জন্তুৰ খাদ্যশৃংখল অটুট ৰখাত সহায় কৰে। ইয়াৰ উপৰিও সালোক সংশ্লেষণৰ দ্বাৰা সেউজীয়া উদ্ভিদে শ্বেতসাৰ উৎপাদন কৰাৰ লগে লগে জীৱজগতৰ বাবে অত্যাৱশ্যকীয় অক্সিজেন গেছো উত্পন্ন কৰে। বনাঞ্চলে জলচক্ৰ নিয়ন্ত্ৰণ কৰে, ভূ-উষ্মীকৰণ প্ৰক্ৰিয়াত বাধা দিয়ে, ভূমি সংৰক্ষণ কৰে আৰু মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে।

আনহাতে বিভিন্ন প্ৰকাৰৰ বিষাক্ত গেছ শোষণ কৰি হাবি-বননিয়ে বায়ুমণ্ডল বিশুদ্ধ কৰি ৰাখে। অৰণ্যভূমিৰ সৌন্দৰ্য্যই মানুহক বিমল আনন্দ দিয়ে আৰু সেয়েহে পৃথিৱীৰ দেশে দেশে বনাঞ্চলভিত্তিক পৰ্য্যটন উদ্যোগ গঢ়ি উঠিছে।

অৱশ্যে এই কথাও প্ৰণিধানযোগ্য যে বনাঞ্চলৰ পৰা প্ৰত্যক্ষভাৱে যিবোৰ সামগ্ৰী পোৱা যায় তাৰ তুলনাত পৰিস্থিতি তন্ত্ৰৰ ওপৰত বনাঞ্চলৰ অন্যধৰণৰ পৰোক্ষ প্ৰভাৱ বহুত বেছি। আন কথাত ক’ব পাৰি যে বাণিজ্যিক প্ৰমূল্যতকৈ বনভূমিৰ পৰিস্থিতিতান্ত্ৰিক প্ৰমূল্য অধিক গুৰুত্বপূৰ্ণ।

হাবি-বন নাথাকিলে বৰষুণ পৰাৰ লগে লগে মাটি কোমল হয়। এনে কোমল মাটি সহজে খহি যায় আৰু বৰষুণৰ পানীৰ সোঁতত তেনে মাটি উটি যায়। বিশেষকৈ পাহাৰ অঞ্চলবোৰ হাবি-বন মুক্ত হ’লে বৰষুণৰ প্ৰভাৱত অতি সহজে মাটি খহি আহে অৰ্থাত্ ভূমিস্খলন হয়। ধুমুহা তথা বৰষুণৰ প্ৰভাৱত মাটিৰ উপৰিভাগ ক্ষতিগ্ৰস্ত হয় আৰু সেইবোৰ মাটি আহি নৈত পৰে। ইয়াৰ ফলত নৈবোৰ বাম হয়, পানী বহন ক্ষমতা কমি যায় আৰু ভৈয়াম অঞ্চলত বানপানীৰ প্ৰকোপ বেছি হয়।

ভূমিস্খলন অথবা ভূমিক্ষয়ৰ সৈতে জড়িত আন এটা গুৰুত্বপূৰ্ণ বিষয় হৈছে মাটিৰ উৰ্বৰতা। এইখিনিতে উল্লেখ কৰিব পাৰি যে ভূ-পৃষ্ঠত উৰ্বৰ মাটিৰ তৰপটো বেছি ডাঠ নহয়, মাত্ৰ কেই ছেণ্টমিটাৰমানহে ডাঠ, আনহাতে এই উৰ্বৰ তৰপটোতে খেতি-বাতি হয়। মাটিৰ এই সাৰুৱা তৰপটো এবাৰ কেনেবাকৈ আঁতৰি গ’লে পুনৰ গঠিত হওতে প্ৰায় ২০-২৫ বছৰমান সময় লাগে। গতিকে অপৰিকল্পিতভাৱে গছ-গছনি কাটি পেলোৱাৰ পৰিণাম ভয়াবহ হ’ব পাৰে আৰু সেই দৃষ্টিকোণৰ পৰাও বন সংৰক্ষণ অতি আৱশ্যকীয় বুলি সহজে অনুধাৱন কৰিব পাৰি।

বৰষুণৰ পানী সংৰক্ষণ কৰাৰ ক্ষেত্ৰতো বন-জংঘলৰ যথেষ্ট গুৰুত্ব আছে। মাটিত গজা ঘাঁহ-বন, গছ-গছনি আদিৰ শিপা, মৰা ডাল-পাত আৰু অন্যান্য জৈৱিক বস্তুবোৰে বৰষুণৰ পানী যথেষ্ট পৰিমাণে ধৰি ৰাখে। গতিকে মাটিৰ ওপৰ স্তৰটো জীপাল হৈ থাকে। বৰষুণৰ পানীৰ এটা অংশ গছ-গছনিয়ে ব্যৱহাৰ কৰে আৰু বাকীখিনি পানীৰ এটা ভাগ বৈ যায় আৰু আনটো ভাগ নিজৰি নিজৰি মাটিত সোমায়। এনে অঞ্চলত থকা জান, জুৰি, নৈ আদিত বছৰৰ প্ৰায় সকলো সময়তে পানী থাকে। কিন্তু হাবি-বননি নথকা অঞ্চলত মাটিৰ উপৰিভাগত সাধাৰণতে পানী জমা হৈ নাথাকে। বৰষুণ পৰিলে কিছু পানী ভূ-তল জল হিচাপে জমা হয় আৰু সৰহভাগ পানী বাগৰি গৈ খাল-বিল, নৈ আদিত পৰে। গতিকে তেনে অঞ্চলৰ মাটি জীপাল হৈ নাথাকে।, তাত খেতি-বাতি ভাল নহয়। কৃষি কাৰ্য্যৰ বাবে তেনে অঞ্চলত জলসিঞ্চনৰ প্ৰয়োজন হয়। সেইবোৰ অঞ্চলত জান, জুৰি, নৈ আদিত বছৰৰ সকলো সময়তে পানী নীথাকে, বিশেষকৈ খৰাং বতৰত পানীৰ অভাৱত মানুহ আৰু জীৱ-জন্তুৰ হাহাকাৰ লাগে। গতিকে জল সংৰক্ষণৰ কাৰণেও বন সংৰক্ষণ অতি আৱশ্যকীয়।

সৃষ্টিৰ পাতনিৰ পৰাই মানুহে অৰণ্য বা হাবি-বননিক আশ্ৰয় কৰিয়ে জীৱন যাপন কৰি আহিছে। অতীজতে মানুহৰ জনসংখ্যা পৃথিৱীত অতি সীমিত আছিল। তেওঁলোকৰ প্ৰয়োজনো কম আছিল। সেই কাৰণে হাবি-বননিৰ পৰা নানা সম্পদ আহৰণ কৰি থকা স্বত্ত্বেও প্ৰাকৃতিক ভাৰসাম্য বিনষ্ট হোৱা নাছিল। সেই সময়ত পৃথিৱীৰ দুই মেৰু অঞ্চলৰ বাহিৰে ভূ-পৃষ্ঠৰ মুঠ মাটিকালিৰ প্ৰায় পাঁচভাগৰ দুই অংশতে অৰণ্য আছিল বুলি অনুমান কৰা হৈছে। কিন্তু সম্প্ৰতি সেই অৰণ্যভূমিৰ এক তৃতীয়াংশতকৈও বেছি অঞ্চল ধ্বংস হৈছে আৰু এতিয়া মুঠ মাটিকালিৰ মাত্ৰ এক তৃতীয়াংশতহে অৰণ্য আছে। অৰণ্যভূমি এইদৰে ধ্বংস হোৱাৰ বহুতো কাৰণ আছে। কৃষিযোগ্য ভূমিৰ সম্প্ৰসাৰণৰ বাবেই ঘাইকৈ মানুহে হাবি-জংঘল কাটি মাটি মুকলি কৰিছে। পৃথিৱীত মানুহৰ জনসংখ্যা অত্যধিক হাৰত বৃদ্ধি পোৱা কাৰণে কৃষিভূমিৰ এই সম্প্ৰসাৰণ আৱশ্যকীয় হৈ পৰিছে। অৱশ্যে বনাঞ্চল ধ্বংস কাৰ্য্য এচিয়া মহাদেশতে সৰ্বাধিক হৈছে।

ইউৰোপত আৰম্ভ হোৱা শিল্প বিপ্লৱৰ ফলত সমগ্ৰ পৃথিৱীতে ক্ৰমাগতভাৱে ঔদ্যোগীকৰণ প্ৰক্ৰিয়া আৰম্ভ হৈছিল আৰু লগে লগে আৰম্ভ হৈছিল নগৰীকৰণ প্ৰক্ৰিয়া। সকলো দেশতে একে সময়তে বা একে গতিত এইবোৰ প্ৰক্ৰিয়া চলা নাছিল যদিও ঔদ্যোগীকৰণৰ ফলত দেশে দেশে বনাঞ্চলবোৰ বাসভূমিলৈ ৰূপান্তৰ কৰা প্ৰক্ৰিয়া আৰম্ভ হৈছিল। ইয়াৰ উপৰিও উদ্যোগসমূহৰ বাবে বহু পৰিমাণৰ কেঁচামাল অৰণ্যৰপৰা সংগ্ৰহ কৰা হয়। লোহা, তাম, কয়লা আৰু অন্যান্য বহুতো খনিজাত দ্ৰব্য নিষ্কাশন কৰা প্ৰক্ৰিয়াতো বনাঞ্চল নানা প্ৰকাৰে ধ্বংস হয়। পৃথিৱীৰ দেশে দেশে গঢ়ি উঠা বৃহত্ জলবিদ্যুত্ প্ৰকল্পসমূহৰ বাবেও অৰণ্য ধ্বংস হৈছে আৰু বনভূমি পৰিস্থিতি তন্ত্ৰ বিনষ্ট হৈছে। যাতায়ত ব্যৱস্থাৰ উন্নতিকল্পে নিৰ্মাণ কৰা ৰেলপথ, স্থলপথ আদিৰ কাৰণেও বনাঞ্চল ধ্বংস কৰিবলগীয়া হৈছে।

বনাঞ্চল ধ্বংসৰ ফলত পৰিৱেশৰ প্ৰতি ভাবুকি

এইদৰে বিভিন্ন প্ৰকাৰে বনভূমি ধ্বংস কৰা কাৰণে বা বনাঞ্চলৰ সংকোচন ঘটা কাৰণে পৰিৱেশৰ প্ৰতি নানা ধৰণৰ ভাবুকিৰ সৃষ্টি হৈছে। তেনে কিছুমান উল্লেখযোগ্য ভাবুকিৰ ভিতৰত আছেঃ

  • বৰষুণৰ পৰিমাণ হ্ৰাস।
  • বায়ুমণ্ডলৰ গড় উষ্ণতা বৃদ্ধি।
  • মাটিৰ উৰ্বৰা শক্তি হ্ৰাস।
  • ভূমিস্খলনৰ পৰিমাণ বৃদ্ধি।
  • বানপানীৰ আধিক্য।
  • ভূ-তল জলৰ স্তৰ হ্ৰাস।
  • নানা প্ৰকাৰৰ বনজ সম্পদৰ বিলোপ সাধন।
  • উদ্ভিদ আৰু প্ৰাণী প্ৰজাতিৰ বিলুপ্তি আৰু
  • পৰিস্থিতি তন্ত্ৰৰ ভাৰসাম্যত ব্যাঘাত।

দেশ এখনৰ বনাঞ্চলবোৰক একপ্ৰকাৰ জাতীয় সম্পদ তথা সামাজিক সম্পদ বুলিও গণ্য কৰিব পাৰি। এই মূল্যৱান সম্পদৰ যথাযোগ্য সংৰক্ষণ তথা শ্ৰীবৃদ্ধিৰ প্ৰতি সকলোৱে যত্নৱান হোৱা উচিত। কিয়নো সম্পদ ধ্বংস কৰা যিমান সহজ, সেই সম্পদ পুনৰ ওভোতাই পোৱাটো সিমান সহজ নহয় আৰু অনেক সময়ত প্ৰাথমিক অৱস্থালৈ ওভোতাই অনাটো অসম্ভৱ হৈ পৰে। বনাঞ্চল ধ্বংসযজ্ঞৰ আহুতিস্বৰূপে পৃথিৱীৰ পৰা নানা প্ৰজাতিৰ উদ্ভিদ আৰু প্ৰাণী ইতিমধ্যে বিলুপ্ত হৈছে। গতিকে বন সংৰক্ষণ এতিয়া সমগ্ৰ বিশ্বতে এক গুৰুত্বপূৰ্ণ আন্দোলন হিচাপে স্বীকৃত হৈছে।

বন সংৰক্ষণ ব্যৱস্থা

কাৰিকৰী আৰু পৰিস্থিতিতান্ত্ৰিক দিশবোৰ বিবেচনা কৰি পৰিৱেশ বিজ্ঞানীসকলে বন সংৰক্ষণৰ উদ্দেশ্যে তলত দিয়া ব্যৱস্থাবোৰ ফলদায়ক হ’ব বুলি বিবেচনা কৰিছে।

  • অৰ্থনৈতিক লাভৰ কাৰণে জধে-মধে গছ কটাটো নিষিদ্ধ কৰা উচিত। ইয়াৰ বাবে উপযুক্ত আইন প্ৰণয়ন কৰি সেইবোৰ কাৰ্য্যকৰী কৰিব লাগে। মানুহৰ মাজত বন সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ প্ৰতি সজাগতা বৃদ্ধি কৰিব লাগে। এই দিশত স্বেচ্ছাসেৱী সংগঠন আৰু চৰকাৰী সংস্থাসমূহৰ যুটীয়া প্ৰচেষ্টাই সুফল দিব পাৰে।
  • বনভূমি অঞ্চলত চৰিবলৈ অধিক সংখ্যক গৰু-ম’হ এৰি দিলে, তেনে বনাঞ্চল ধ্বংস হৈ যাব পাৰে বা সংকুচিত হৈ যাব পাৰে, গতিকে চৰণীয়া পথাৰ হিচাপে ব্যৱহাৰ কৰোতেও সাৱধান হ’ব লাগে।
  • কীট-পতংগ আৰু বিভিন্ন প্ৰকাৰৰ পৰজীৱি তথা ভেঁকুৰ আদিৰ আক্ৰমণত বহুতো বনাঞ্চলৰ শ্ৰীবৃদ্ধি বাধাগ্ৰস্ত হোৱা দেখা যায় আৰু তেনে বনাঞ্চল লাহে লাহে ধ্বংসৰ পিনে আগবাঢ়ে। গতিকে এনেবোৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ উপযুক্ত ব্যৱস্থা হাতত ল’ব লাগে। বৈজ্ঞানিক পদ্ধতিৰে ৰাসায়নিক দৰৱ ব্যৱহাৰ কৰিলে এইক্ষেত্ৰত সফল হোৱা দেখা যায়।
  • প্ৰতি বছৰে বনজুই লাগি পৃথিৱীৰ বিভিন্ন দেশত বহুতো বনাঞ্চল ধ্বংস হয়, এনে জুই নিয়ন্ত্ৰণ কৰাটো যথেষ্ট কঠিন। গতিকে এনে জুই যাতে লাগিব নোৱাৰে তাৰ কাৰণে সাৱধানতা অৱলম্বন কৰিব লাগে।
  • ঝুম পদ্ধতিৰে খেতি কৰিবলৈ এচিয়া, আফ্ৰিকা আৰু দক্ষিণ আমেৰিকা মহাদেশত প্ৰতি বছৰে প্ৰায় ৪০ নিযুত বৰ্গ কিলমিটাৰ বনাঞ্চল ব্যৱহাৰ কৰা হয়। এই কৃষি পদ্ধতিত বনাঞ্চল ব্যাপকভাৱে ধ্বংস হয়। গতিকে ঝুমখেতিৰ বিকল্প ব্যৱস্থা গ্ৰহণ কৰি এনে ধ্বংস কাৰ্য্য ৰোধ কৰিব পৰা যায়।
  • মূল্যবান গছবোৰ পুৰঠ হোৱাৰ পিছত কাটি আনি সেইবোৰৰ ঠাইত নতুন গছপুলি ৰোপণ কৰাৰ ব্যৱস্থা কৰিলে অৰণ্য একোখন সংৰক্ষিত হৈ থাকে। অৱশ্যে এই পদ্ধতিমতে অৰণ্য এখনৰ দহ ভাগৰ এভাগ পুৰঠ গছহে কাটিব লাগে বুলি বিশেষজ্ঞসকলে মত পোষণ কৰে।

অৰণ্য সম্পৰ্কে এনেধৰণৰ সজাগতা জনসাধাৰণৰ মাজত গঢ়ি উঠাটো বৰ প্ৰয়োজনীয়। ব্যক্তিগত বাৰীখনত থকা গছখিনিৰ প্ৰতি মানুহ যিমান যত্নৱান হয়, অৰণ্য অঞ্চল বা বনাঞ্চলৰ প্ৰতিও তেনে হোৱা উচিত। যিসকল লোকে বনাঞ্চলৰ কাঠ, বাঁহ কাটি ঘৰবাৰী সজাৰ বাবে ব্যৱহাৰ কৰে, জীৱিকা নিৰ্বাহ কৰে, তেনে লোকে খৰিৰ বাবেই হওক বা কাঠৰ বাবেই হওক বনাঞ্চলৰ গছবোৰ কাটি পেলাবলৈ অলপো কুণ্ঠাবোধ নকৰে। তেনে কৰাৰ কাৰণ বিভিন্ন হ’লেও পৰিৱেশৰ প্ৰতি সজাগতাৰ অভাৱ হৈছে এটা মুখ্য কাৰণ। সেই কাৰণে বন সংৰক্ষণৰ মুখ্য কাৰ্য্য ব্যৱস্থাৰ ভিতৰত থাকিবলগীয়া অত্যাৱশ্যকীয় ব্যৱস্থা হিচাপে দুটা কথাত বিশেষ গুৰুত্ব দিব লাগে-

(১) বনাঞ্চলৰ সমীপৱৰ্ত্তী অঞ্চলত বাস কৰা লোকসকলক বন আৰু পৰিৱেশৰ মাজত থকা সম্বন্ধ সম্পৰ্কে সজাগ কৰি তুলিব লাগে।

(২) বনাঞ্চল সংৰক্ষণ আইনসমূহ উপযুক্তভাৱে প্ৰৱৰ্ত্তন কৰি অপৰাধী লোকক কঠোৰ শাস্তি বিহাৰ ব্যৱস্থা কৰিব লাগে।

বন্যপ্ৰাণীৰ সংৰক্ষণ আৰু ব্যৱস্থাপনা

প্ৰাণী আৰু উদ্ভিদৰ স্বাভাৱিক বাসভূমি হৈছে বনাঞ্চল বা অৰণ্য। সেইকাৰণে উদ্ভিদ আৰু প্ৰাণীক একেলগে বন্যজীৱ বুলি কোৱা হয়। মানুহৰ বিবিধ কাৰ্য্যকলাপৰ বাবে আৰু প্ৰাকৃতিক দুৰ্যোগৰ বাবেও পৃথিৱীৰ দেশে দেশে বৃহত্ পৰিমাণৰ বনাঞ্চল ধ্বংস হোৱাৰ ফলত বহুতো প্ৰজাতিৰ বন্যজীৱ অৰ্থাত্ উদ্ভিদ আৰু প্ৰাণী প্ৰজাতি চিৰদিনৰ বাবে বিলুপ্ত হৈ গৈছে আৰু তেনে বহুতো প্ৰজাতি বিপন্ন হৈছে। বিপন্ন প্ৰজাতিৰ উদ্ভিদ আৰু প্ৰাণীবোৰ উপযুক্তভাৱে সংৰক্ষিত নকৰিলে সেইবোৰো সময়ৰ গৰাহত এদিন অৱলুপ্ত হৈ যাব।

১৯৭০ চনত ‘ৰেড ডেটা বুক’ নামৰ কিতাপ এখন প্ৰকাশিত হৈছিল, মাত্ৰ কেইখনমান দেশত চলোৱা বন্যজীৱ জৰীপৰ ফলাফলসমূহ তাত লিখা হৈছিল। তাত লিখা মতে সেই দেশ কেইখনত প্ৰায় ২০,০০০ মান উদ্ভিদ প্ৰজাতি বিপন্ন হৈছে। সেই কিতাপখনে মানুহক বিপন্ন প্ৰজাতিৰ এই অভিনৱ সমস্যাটোৰ প্ৰতি সচেতন কৰি তুলিছিল। ইয়াত আমি অভিনৱ শব্দটো এই কাৰণেই ব্যৱহাৰ কৰিছো যে উদ্ভিদ আৰু বিভিন্ন প্ৰাণী প্ৰজাতিৰ অৱলুপ্তিৰ সমস্যাটো তুলনামূলকভাৱে নতুন আৰু ইয়াৰ বাবে মানুহৰ বিভিন্ন ক্ৰিয়াকলাপবোৰেই ঘাইকৈ দায়ী। অৱশ্যে প্ৰকৃতিৰ স্বাভাৱিক প্ৰক্ৰিয়াসমূহৰ বাবেও যুগে যুগে জীৱ-জন্তুৰ অৱলুপ্তি ঘটি আহিছে, কিন্তু তেনে প্ৰক্ৰিয়াৰ ওপৰত মানুহৰ একো নিয়ন্ত্ৰণ নাই। প্ৰাপ্ত তথ্য অনুযায়ী সপ্তদশ শতিকাৰ পৰা এতিয়ালৈকে প্ৰায় ৩৫০ বিধমান মধ্যমীয়া আৰু বৃহত্ আকাৰৰ প্ৰাণীৰ অৱলুপ্তি ঘটিছে। যোৱা ২০০০ বছৰৰ ভিতৰত প্ৰায় ১০০ বিধমান স্তন্যপায়ী প্ৰাণীও পৃথিৱীৰ পৰা সম্পূৰ্ণ নিশ্চিহ্ন হৈছে।

গৃহীত সংজ্ঞামতে যিবোৰ প্ৰজাতি যোৱা ৫০ বছৰে পৃথিৱীৰ কতো কোনেও দেখা নাই সেইবোৰক লুপ্ত বা নিশ্চিহ্ন প্ৰজাতি বুলি ধৰা হয়। উদাহৰণস্বৰূপে ক’ব পাৰি যে মৰিচাছ দ্বীপৰ ড’ড’ চৰাই, আমেৰিকাৰ পৰিভ্ৰমী চৰাই, আটলাণ্টিক মহাসাগৰৰ বিভিন্ন দ্বীপত এসময়ত পোৱা অক্ চৰাই এতিয়া নিশ্চিহ্ন বা লুপ্ত হৈছে। দেওহাঁহ, কাছ, ময়ূৰ, সোণালী বান্দৰ, এশিঙীয়া গড় আদি যিবোৰ প্ৰজাতি অচিৰে লুপ্ত হোৱাৰ আশংকা কৰা হৈছে, সেইবোৰক লুপ্তপ্ৰায় বা বিপন্ন প্ৰজাতি বোলা হয়। এনে প্ৰজাতিৰ জীৱসমূহৰ জনসংখ্যা বিভিন্ন প্ৰতিকূল পৰিস্থিতিৰ কাৰণে কমি গৈ সংকট অৱস্থা পাইছে। উদাহৰণস্বৰূপে, ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চল অৰ্থাত্ অসম আৰু দাঁতিকাষৰীয়া অঞ্চলবোৰত থকা কিছুমান উদ্ভিদ আৰু প্ৰাণী প্ৰজাতি লুপ্তপ্ৰায় অৱস্থাত আছে, যেনে-

লুপ্তপ্ৰায় উদ্ভিদঃ- কলচী উদ্ভিদ, কাঠ আলু, চম্পা ফুল, সৰ্পগন্ধা, কপৌ ফুলৰ বিভিন্ন প্ৰজাতি ইত্যাদি।

লুপ্তপ্ৰায় প্ৰাণীঃ- এশিঙীয়া গঁড়, নলগাহৰি, সোণালী বান্দৰ, শৰপহু, কেটেলাপহু, উদ, শিহু, কাছ, জহামাল, বনৰৌ, বন মেকুৰী, মেথোন, ধনেশ পক্ষী, দেওহাঁহ, শৰালী, শগুণ, বৰটোকোলা, গুঁই, অজগৰ, নাহৰ ফুটুকী বাঘ ইত্যাদি।

কিছুমান প্ৰজাতিৰ জীৱৰ সংখ্যা বৰ্ত্তমান যথেষ্ট যদিও ইহঁত কিছুমান বিপদৰ সন্মুখীন হৈছে আৰু সেয়েহে অদূৰ ভৱিষ্যতে লুপ্তপ্ৰায় হোৱাৰ আশংকা আছে, তেনেবোৰ প্ৰজাতিক স্পৰ্শকাতৰ বোলে, যেনে- ফুটুকী হৰিণ। আনহাতে কিছুমান প্ৰজাতিৰ উদ্ভিদ বা প্ৰাণী এনে প্ৰতিকূল অৱস্থাত থাকে যে সিবোৰ সহজতে পোৱা নাযায়, এনে জীৱ প্ৰজাতিক দুৰ্লভ প্ৰজাতি বোলা হয়।

গতিকে দেখা যায় যে কিছুমান পৰিস্থিতি তন্ত্ৰৰপৰা নানা প্ৰকাৰৰ উদ্ভিদ তথা প্ৰাণী প্ৰজাতি লাহে লাহে লোপ পাব ধৰিছে। মানৱ সভ্যতাৰ ধাৰাবাহিকতাৰ কাৰণে কিন্তু এইটো শুভ লক্ষণ নহয়। প্ৰতিটো বন্য জীৱ-জন্তুৰে পৰিস্থিতি তন্ত্ৰৰ ভাৰসাম্য বজাই ৰখাত নিজৰ ভূমিকা আছে-

  • প্ৰত্যেকটো জীৱে নিজৰ সাধ্য অনুযায়ী পৰিৱেশ সঠিক কৰি ৰখাত কিছু পৰিমাণে হ’লেও অৰিহণা যোগায়।
  • হাজাৰ হাজাৰ বছৰ ধৰি চলি অহা বিৱৰ্ত্তনৰ ফলত প্ৰজাতিসমূহ নানা গুণৰাজিৰে সমৃদ্ধ হয়।
  • প্ৰজাতি একোটা ধ্বংস হৈ গ’লে, বংশগতিৰ ধাৰা বহন কৰি অহা সেই প্ৰজাতিৰ জিন চিৰদিনৰ বাবে বিলুপ্ত হৈ যায় আৰু পৰিৱেশলৈ সেই প্ৰজাতিৰ অৰিহণা বন্ধ হয়।
  • বিভিন্ন প্ৰকাৰৰ জীৱে পৰিৱেশৰ শোভা বঢ়ায় আৰু এনে শোভাই মানুহক অনাবিল আনন্দ দিয়ে, বস্তুবাদী চিন্তাধাৰাৰ ভিত্তিত এনে আনন্দৰ মূল্যায়ন কৰিব নোৱাৰি।

গতিকে বন্যপ্ৰাণী সংৰক্ষণ কৰাটো মানৱ সভ্যতাৰ বাবে অতি প্ৰয়োজনীয়।

জৈৱ-বৈচিত্ৰ্যৰ প্ৰতি অহা ভাবুকি

সাম্প্ৰতিক কালত জৈৱ-বৈচিত্ৰৰ প্ৰতি নানা ধৰণৰ ভাবুকি আহিছে। বিশেষকৈ জনসংখ্যাৰ অভাৱনীয় বৃদ্ধি, আৰু উন্নত প্ৰযুক্তি প্ৰয়োগ কৰি চলোৱা অবাধ লুণ্ঠনৰ কাৰণে জৈৱ বৈচিত্ৰৰ ওপৰত যথেষ্ট কুপ্ৰভাৱ পৰিছে। এনে ভাবুকিবোৰৰ ভিতৰত আছেঃ

  • বাসস্থানৰ বিনাশ আৰু খণ্ডিতকৰণঃ জনসংখ্যা বৃদ্ধি, নগৰীকৰণ, ঔদ্যোগীকৰণ, আদিৰ কাৰণে প্ৰতি বছৰে ভূমিৰ প্ৰয়োজন হয়। বনাঞ্চল ৰূপান্তৰিত কৰি, জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বা খণ্ডিত কৰি এই অতিৰিক্ত ভূমি পোৱা যায়।
  • প্ৰতিবন্ধকতা আৰু স্খলনঃ প্ৰাকৃতিক ঘটনা কিছুমানৰ বাবে জৈৱ-বৈচিত্ৰৰ বিকাশত প্ৰতিবন্ধকতা আহি পৰে আৰু স্খলন হয়। তেনে কিছুমান কাৰণ হ’লঃ

(ক) বনজুই,

(খ) গছ ভাগি পৰা বাগৰি পৰা,

(গ) কীট-পতংগৰ আক্ৰমণ।

এইবোৰৰ লগতে আছে মানুহৰ কিছুমান কাৰ্য্যকলাপ, যেনে-

(ক) নিৰ্মান কাৰ্য্যৰ বাবে আৰু খৰিৰ বাবে জধে-মধে গছ কটা।

(খ) কৃষিভূমিৰ প্ৰয়োজন পূৰাবলৈ বনাঞ্চল জ্বলাই দিয়া।

(গ) বনাঞ্চলত জাবৰ-জোঁথৰ পেলোৱা আৱৰ্জনা দম কৰা।

(ঘ) অৰ্থনৈতিকভাৱে লাভজনক বনজ সম্পদবোৰ মাত্ৰাধিক হাৰত আহৰণ কৰা আৰু

(ঙ) বন্যজন্তু চিকাৰ কৰা তথা বনৌষধি সংগ্ৰহ কৰা ইত্যাদি।

  • প্ৰদূষণঃ মাটি, পানী আৰু বায়ুত হোৱা নানা প্ৰকাৰৰ প্ৰদূষণৰ কাৰণে বিভিন্ন প্ৰকাৰৰ সংবেদী জীৱ প্ৰজাতি বিলুপ্ত হোৱাৰ সম্ভাৱনাই দেখা দিছে।
  • কৃষিঃ জলাহ, তৃণভূমি আৰু বনাঞ্চলত খেতি কৰাৰ ফলত বহুতো প্ৰজাতিৰ বাসস্থান ধ্বংস হয় আৰু সেইবোৰ নিশ্চিহ্ন হোৱাৰ উপক্ৰম হয়।
  • বাহিৰা প্ৰজাতিৰ আগমনঃ বাহিৰৰ পৰা অধিক সংখ্যক অন্য প্ৰজাতিৰ আগমন ঘটিলে অঞ্চল এটাত আগৰেপৰা বৰ্ত্তি থকা প্ৰজাতিসমূহ বিতাৰিত হোৱাৰ সম্ভাৱনা থাকে।
  • চোৰাং চিকাৰঃ নানা প্ৰকাৰৰ বিলুপ্তপ্ৰায় জীৱ-জন্তু বধ কৰি চোৰাং চিকাৰীয়ে সেইবোৰৰ মাংস, হাড়, নোম, ছাল, শিং, দাঁত আদি আইন বিৰুদ্ধভাৱে বিক্ৰী কৰে। এই ধৰণৰ অনৈতিক কাৰ্যৰ বাবে সমগ্ৰ পৃথিৱীতে নানা প্ৰকাৰৰ বন্য প্ৰাণী সংকটৰ সন্মুখীন হৈছে।

জৈৱ বৈচিত্ৰৰ ওপৰত পৰা প্ৰতিকূল প্ৰভাৱৰ সমস্যাটোৰ প্ৰতি মানুহৰ মাজত আজিকালি সজাগতা বৃদ্ধি পাইছে আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এই সম্পৰ্কে কেইবাখনো চুক্তিও সম্পাদিত হৈছে। ১৯৯২ চনত ভেনেজুৱেলা দেশৰ কাৰাকাছত অনুষ্ঠিত হোৱা চতুৰ্থ ৰাষ্ট্ৰীয় উদ্যান আৰু সংৰক্ষিত এলেকা সম্পৰ্কীয় বিশ্ব কংগ্ৰেছৰ মতে জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ বাবে পৃথিৱীৰ মুঠ মাটিকালিৰ শতকৰা দহভাগ সংৰক্ষিত কৰি ৰখা উচিত।

জৈৱ বৈচিত্ৰ্য সংৰক্ষণ ব্যৱস্থা

উদ্ভিদ, প্ৰাণী আৰু নানা প্ৰকাৰৰ অণুজীৱবোৰ নিজৰ নিজৰ বাসস্থানতেই সংৰক্ষিত কৰি ৰখা প্ৰক্ৰিয়াক স্থানিক সংৰক্ষণ প্ৰক্ৰিয়া বোলে। বিভিন্ন জৈৱ মণ্ডল সংৰক্ষিত অঞ্চল, ৰাষ্ট্ৰীয় উদ্যান, সংৰক্ষিত বনাঞ্চল আদি এনে সংৰক্ষণ ব্যৱস্থাৰ উদাহৰণ।

আনহাতে বিভিন্ন পৰীক্ষাগাৰত, শীতলগৃহত, সেউজগৃহত আৰু চিৰিয়াখানা আদিতো জীৱ সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। এনে ব্যৱস্থাক বহিঃস্থানিক ব্যৱস্থা বোলে। তেনেবোৰ ব্যৱস্থাৰ ভিতৰত আছে-

(ক) জিন ভাণ্ডাৰঃ এই প্ৰক্ৰিয়াৰ অধীনত উদ্ভিদৰ বীজসমূহ শীতলক ব্যৱস্থাৰ দ্বাৰা বহু বছৰলৈ নষ্ট নোহোৱাকৈ ৰাখিব পৰা যায় অৰ্থাত্ তেনে দীৰ্ঘকালৰ অন্ততো সেই বীজ অংকুৰিত নহয়। এনেদৰে পৃথিৱীত প্ৰায় চাৰি নিযুত বীজ ইতিমধ্য সংৰক্ষিত কৰা হৈছে বুলি জনা যায়।

(খ) পথাৰভিত্তিক জিন বেংকঃ যিবোৰ উদ্ভিদৰ বীজ পোৱা নাযায় বা পাবলৈ টান, তেনেবোৰ উদ্ভিদৰ গছ সংৰক্ষিত কৰা হয়।, এনেবোৰৰ ভিতৰত আছে কল, কুঁহিয়াৰ, কফি ইত্যাদি।

পৰীক্ষাগাৰত কলাকৰ্ষণ প্ৰক্ৰিয়াৰ দ্বাৰা উদ্ভিদৰ বীজৰ বাহিৰেও অন্য কলাৰপৰা অধিকসংখ্যক পুলি বছৰৰ যিকোনো সময়তে উত্পন্ন কৰিব পাৰি আৰু এনে ব্যৱস্থাৰ দ্বাৰাও জৈৱ বৈচিত্ৰ ৰক্ষা কৰাত সহায় হৈছে।

ইয়াৰ উপৰিও পৃথিৱীৰ বিভিন্ন প্ৰান্তত স্থাপন কৰা চিৰিয়াখানাবোৰতো বিলুপ্তপ্ৰায় নানা প্ৰজাতি সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আনকি পৃথিৱীৰ প্ৰাকৃতিক পৰিৱেশৰ পৰা সম্পূৰ্ণ বিলুপ্ত হৈ যোৱা কিছুমান প্ৰাণীও কোনো কোনো চিৰিয়াখানাত দেখা যায়।

চমুকৈ ক’বলৈ হ’লে বন্যপ্ৰাণী সংৰক্ষণৰ বাবে তলত দিয়া ব্যৱস্থাসমূহ ল’ব পৰা যায়-

  • বন্য প্ৰাণীসমূহৰ আবাসভূমি, প্ৰাণীসমূহৰ স্বভাৱ আৰু চাল-চলন সম্পৰ্কে অধ্যয়ন কৰি গ্ৰহণ কৰা যথোচিত সুৰক্ষা ব্যৱস্থা।
  • বন্য প্ৰাণী সংৰক্ষণ আইনসমূহ উপযুক্তভাৱে প্ৰয়োগ কৰি দোষী লোকক শাস্তি প্ৰদান কৰা ব্যৱস্থা।
  • বিভিন্ন প্ৰাণীৰ কৃত্ৰিম প্ৰজনন কেন্দ্ৰ স্থাপন।
  • উপযুক্ত স্থানত ৰাষ্ট্ৰীয় উদ্যান, অভয়াৰণ্য আদি স্থাপন কৰা ব্যৱস্থা।
  • উপযুক্ত স্থানত উপযুক্ত উদ্ভিদ প্ৰজাতিৰে বনানীকৰণ কৰা ব্যৱস্থা।

জৈৱ সংৰক্ষণ ব্যৱস্থাৰ অধীনত ভাৰতত অভয়াৰণ্য (প্ৰায় ৪২ খন), ৰাষ্ট্ৰীয় উদ্যান (৪০ খন), উদ্ভিদ উদ্যান (১২০ খন) আৰু বৃহত্ জৈৱ মণ্ডল সংৰক্ষিত অঞ্চল (৮ টা) স্থাপন কৰা হৈছে।

অসমত ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্য

অসমতো বন্যপ্ৰাণী সংৰক্ষণৰ বাবে কেইবাখনো ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্য স্থাপন কৰা হৈছে। ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত আছেঃ

(১) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (গোলাঘাট আৰু নগাঁও জিলা)ঃ এই উদ্যানখনৰ মুঠ মাটিকালি প্ৰায় ৪৩০ বৰ্গ কিল’মিটাৰ আৰু প্ৰধান জন্তু হৈছে এশিঙীয়া গঁড়।

(২) মানস ৰাষ্ট্ৰীয় উদ্যান (বৰপেটা জিলা আৰু ভূটানৰ পাদদেশ)ঃ এই উদ্যাখনৰ মুঠ মাটিকালি প্ৰায় ৫০০ বৰ্গ কিল’মিটাৰ আৰু প্ৰধান জন্তু হৈছে বাঘ আৰু নলগাহৰি।

(৩) ওৰাং ৰাষ্ট্ৰীয় উদ্যান (শোণিতপুৰ আৰু দৰং জিলা)ঃ এই উদ্যানখনৰ মুঠ মাটিকালি প্ৰায় ৭৮ বৰ্গ কিল’মিটাৰ আৰু প্ৰধান জন্তু হৈছে এশিঙীয়া গঁড়।

(৪) নামেৰী ৰাষ্ট্ৰীয় উদ্যান (শোণিতপুৰ জিলা)ঃ এই উদ্যানখনৰ মুঠ মাটিকালি প্ৰায় ১৩০ বৰ্গ কিল’মিটাৰ। প্ৰধান জন্তু হৈছে হাতী আৰু বাঘ।

(৫) ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান (তিনিচুকীয়া জিলা)ঃ এই উদ্যানখনৰ মুঠ মাটিকালি প্ৰায় ৬৪০ বৰ্গ কিল’মিটাৰ আৰু প্ৰধান জন্তু হৈছে দেওঁহাঁহ, বনৰীয়া ঘোঁৰা, বনৰীয়া কুকুৰ।

অসমত থকা কেইখনমান অভয়াৰণ্য তলৰ তালিকাত উল্লেখ কৰা হ’লঃ

অভয়াৰণ্যৰ নাম

জিলা

অভয়াৰণ্য থকা প্ৰধান জন্তু

(১) গিবন অভয়াৰণ্য

যোৰহাট

হাতী, হলৌ বান্দৰ

(২) গৰমপানী অভয়াৰণ্য

গোলাঘাট

হাতী, হলৌ বান্দৰ

(৩) পদুমণি ভেৰজান বৰজান অভয়াৰণ্য

তিনিচুকীয়া

বাঘ, হাতী, বান্দৰ

(৪) লাওখোৱা অভয়াৰণ্য

নগাঁও

গঁড়

(৫) পবিতৰা অভয়াৰণ্য

মৰিগাঁও

গঁড়

(৬) চক্ৰশিলা অভয়াৰণ্য

ধুবুৰী

সোণালী বান্দৰ, বাঘ, সুগৰি পহু

(৭) কচুগাঁও গুমা ৰিজাৰ্ভ অভয়াৰণ্য

কোকৰাঝাৰ

বাঘ, পহু, বান্দৰ

(৮) বুঢ়াচাপৰি ৰিজাৰ্ভ অভয়াৰণ্য

শোণিতপুৰ

নলগাহৰি, পৰিভ্ৰমী পক্ষী

(৯) নামবৰ অভয়াৰণ্য

কাৰ্বি আংলং

হাতী, গাহৰি

(১০) বৰনদী অভয়াৰণ্য

দৰং

খাগৰি কটা পহু, নলগাহৰি

(১১) সোণাই-ৰূপাই অভয়াৰণ্য

শোণিতপুৰ

হাতী, টুপী থকা বান্দৰ

(১২) গৰমপানী অভয়াৰণ্য

কাৰ্বি আংলং

হাতী

(১৩) পাভ অভয়াৰণ্য

লক্ষীমপুৰ

বাঘ, ধনেশপক্ষী, হাতী, বনৰীয়া ম’হ

(১৪) দীপৰ বিল পক্ষী উদ্যান

কামৰূপ

মাছ, পৰিভ্ৰমী চৰাই

(১৫) বৰদৈপাম বিলমুখ পক্ষী উদ্যান

লক্ষীমপুৰ

মাছ, পৰিভ্ৰমী চৰাই

(১৬) পানীদিহিং পক্ষী উদ্যান

শিৱসাগৰ

মাছ, পৰিভ্ৰমী চৰাই, বনৰীয়া হাঁহ

 

ভূমি সংৰক্ষণ

ভূমি বা মাটিৰ ওপৰতে মানুহৰ বিভিন্ন কাৰ্য্যকলাপসমূহ প্ৰধানকৈ চলে। মাটিতে সৰু-বৰ নানা প্ৰকাৰৰ উদ্ভিদ হয় আৰু নানা প্ৰকাৰৰ প্ৰাণীয়ে বাস কৰে। গতিকে উদ্ভিদ আৰু প্ৰাণীজগতৰ ক্ৰিয়া-কলাপসমূহ সুকলমে চলি থাকিবলৈ হ’লে মাটিত থকা জৈৱিক আৰু অন্যান্য ৰাসায়নিক উপাদানসমূহ অক্ষত অৱস্থাত থাকিব লাগে। এনে হ’লে মাটিৰ বৈশিষ্ট্য অটুট থাকে।

এইখিনিতে উল্লেখ কৰিব পৰা যায় যে মাটিৰ উৰ্বৰতা গুণ ভূপৃষ্ঠৰ কেই ইঞ্চিমান ডাঠ অংশ এটাৰ ভিতৰতে আৱদ্ধ থাকে। মাটিত থকা জৈৱিক বস্তুবোৰ পচি এই সাৰুৱা মাটি উত্পন্ন হয়।পৰ্যাপ্ত পৰিমাণৰ বস্তু জমা হ’লে এক ইঞ্চিমান ডাঠ সাৰুৱা তৰপ এটা গঠন হওঁতে প্ৰায় ২০-২৫ বছৰমান সময় লাগে। মাটিত ঘাঁহ-বন, গছ-গছনি থাকিলে এই সাৰুৱা মাটিখিনি সংৰক্ষিত হৈ থাকে। নতুন নতুনকৈ জৈৱিক বস্তু জমা হৈ থাকিলে সাৰুৱা মাটিৰ স্তৰো বৃদ্ধি হৈ থাকে।

শিল্পযুগৰ পৰৱৰ্তী কালছোৱাৰ পৰা মাটিৰ ওপৰত সমগ্ৰ বিশ্বতে হেঁচা বাঢ়িবলৈ ধৰে। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নয়নৰ লগে লগে ভূ-ভাগৰ ওপৰত নানা প্ৰকাৰৰ কুপ্ৰভাৱো পৰিবলৈ ধৰে আৰু দেশে দেশে ভূমি প্ৰদূষণ হ’বলৈ ধৰে। ভূমি প্ৰদূষণৰ কিছুমান প্ৰধান কৰাক হৈছে ঔদ্যোগিক আৱৰ্জনা আৰু নগৰাঞ্চলৰ আৱৰ্জনা।

ঔদ্যোগিক আৱৰ্জনা

বিভিন্ন কল-কাৰখানাত উৎপাদন কৰা সামগ্ৰীৰ লগতে যথেষ্ট পৰিমাণৰ আৱৰ্জনাও ওলায়। এনে আৱৰ্জনাবোৰ বা পেলনীয়া বস্তুবোৰ অপৰিকল্পিতভাৱে কৃষিভূমি, বাসভূমি, বনভূমিত পেলাই দিয়া দেখা যায়। এনে আৱৰ্জনাত থকা বহুতো বস্তু ৰাসায়নিকভাৱে ক্ষয়িষ্ণু নহয় আৰু আন কিছুমান বিষাক্ত এনে গোটা আৱৰ্জনাৰ দ্বাৰা ভূমি প্ৰদূষণ হয়। খনিজাত বস্তু, ধাতু বা অন্য ৰাসায়নিক পদাৰ্থ নিষ্কাশন, শোধন আদি প্ৰক্ৰিয়াৰ সৈতে জড়িত উদ্যোগসমূহৰ দ্বাৰা প্ৰত্যক্ষভাৱে ভূমি প্ৰদূষিত হয়। ইটাৰভাটা, চিমেণ্ট কাৰখানা, সাৰ কাৰখানা আদিৰ কাৰণেও প্ৰত্যক্ষভাৱে ভূমি প্ৰদূষণ ঘটে। যান-বাহন আৰু কাৰখানাবোৰৰ পৰা নিৰ্গত হোৱা ধূলি, ধোঁৱা, বিভিন্ন বিষাক্ত গেছ আদি বায়ুমণ্ডলত প্ৰৱেশ কৰি পিচত বৰষুণৰ লগত এচিড বৰষুণৰূপে প্ৰত্যক্ষভাৱে মাটিত পৰে, ইয়াৰ ফলতো ভূমি প্ৰদূষিত হয়।

আনহাতে ইটা তৈয়াৰ কৰিবলৈ মাটি ব্যৱহাৰ কৰোতে কৰোতে একোটা বৃহত্ অঞ্চলৰ মাটি এই কামত নষ্ট হয়।

নগৰাঞ্চলৰ আৱৰ্জনা

গাঁও অঞ্চলৰ তুলনাত নগৰ অঞ্চলত জনবসতি ঘন আৰু সেই কাৰণে প্ৰতিদিনে বিপুল পৰিমাণৰ আৱৰ্জনা জমা হয়। এই আৱৰ্জনাবোৰৰ ভিতৰত আছে পেলনীয়া খাদ্যবস্তু, পেলনীয়া সামগ্ৰী, বিভিন্ন নিৰ্মাণ কাৰ্যত উত্পন্ন হোৱা জাবৰ-জোঁঠৰ, বিভিন্ন প্ৰকাৰৰ প্লাষ্টিকৰ মোনা, ভগা-ছিগা বস্তু, গাড়ী-মটৰৰ গেৰেজসমূহৰ পৰা ওলোৱা বিভিন্ন প্ৰকাৰৰ পেলনীয়া বস্তু আৰু নাৰ্ছিং হোম তথা চিকিৎসালয়সমূহৰ পৰা ওলোৱা বিভিন্ন পেলনীয়া বস্তু ইত্যাদি।

নগৰীয়া আৱৰ্জনাবোৰ সাধাৰণতে মানুহৰ বসতি কম থকা পৰিত্যক্ত মাটিত পেলোৱা হয়। এনে আৱৰ্জনাৰ দ্বাৰা ভূমিভাগ বেয়াকৈ ক্ষতিগ্ৰস্ত হয়, মাটিৰ উৰ্বৰতা হ্ৰাস পায়। অৱশ্যে আৱৰ্জনাৰ কিছু অংশ মাটিত থকা বীজাণুৰ খাদ্য, গতিকে সেইবোৰ সহজে মাটিত মিহলি হয় আৰু উৰ্বৰতা বৃদ্ধি কৰে। কিন্তু প্লাষ্টিকৰ আৱৰ্জনা আৰু ধাতৱিক আৱৰ্জনাবোৰ জীৱাণুৰ খাদ্য নহয়, গতিকে সেইবোৰ সহজে ক্ষয় নাযায় আৰু ফলত সেইবোৰে মাটিৰ গুণাগুণ বিনষ্ট কৰে।

কৃষিজাত আৱৰ্জনা

অধিক উৎপাদনৰ উদ্দেশ্যে আৰু শস্য ৰক্ষাৰ কাৰণে আজিকালি ব্যাপক হাৰত কৃত্ৰিম ৰাসায়নিক সাৰ আৰু কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰা হয় আৰু প্ৰয়োজন অনুসৰি খেতিত জলসিঞ্চন কৰা হয়। ৰাসায়নিক সাৰ আৰু কীটনাশক দ্ৰব্যবোৰ মাটিত মিহলি হয় আৰু সেইকাৰণে কেইবাৰমান ব্যৱহাৰ কৰাৰ পিচত একোডোৰা মাটিৰ উৎপাদন ক্ষমতা হ্ৰাস পায়।

আনহাতে খেতি চপোৱাৰ পিচত খেতিপথাৰত বৃহত্ পৰিমাণৰ আৱৰ্জনা ৰৈ যায়। আৱৰ্জনাবোৰ যথোচিতভাৱে মাটিত মিহলি হৈ যোৱাৰ ব্যৱস্থা নকৰিলে সেইবোৰে পৰিৱেশ প্ৰদূষিত কৰে আৰু দুৰ্গন্ধ ওলায়। মাটি, পানী উভয়তে ইয়াৰ প্ৰভাৱ পৰে।

আৱৰ্জনা নিয়ন্ত্ৰণ ব্যৱস্থা

মাটি এবিধ অমূল্য সম্পদ। গতিকে এই অমূল্য সম্পদৰ অৱক্ষয় ৰোধ কৰিবলৈ হ’লে ইয়াৰ প্ৰদূষণৰ উত্সসমূহ যথাসম্ভৱ নিয়ন্ত্ৰণ কৰিব লাগে। এনে ব্যৱস্থাসমূহৰ ইয়াত কিছুমান উল্লেখ কৰা হ’ল-

প্ৰতিদিনে প্ৰতিঘৰ মানুহৰে বহুতো পেলনীয়া বস্তু ওলায়। পলিথিনৰ মোনা, বটল, বিভিন্ন পেকেট, কাগজ. কাপোৰ, খাদ্যবস্তুৰ পেলনীয়া অংশ আদি দৈনিক ওলোৱা ঘৰুৱা আৱৰ্জনাবোৰ য’তে ত’তে নেপেলাই একোটা নিৰ্দিষ্ট স্থানত পেলাব লাগে। সেইদৰে বজাৰ-সমাৰ, ৰাস্তা-ঘাট আৰু আন ৰাজহুৱা স্থানৰ আৱৰ্জনাবোৰো একোটা নিৰ্দিষ্ট স্থানত জমা কৰিব লাগে।

হ্ৰাসকৰণ (ৰিডিউচিং), পুনৰ চক্ৰীকৰণ (ৰিচাইক্লিং) আৰু পুনৰ ব্যৱহাৰ (ৰিইউজিং) কৰি গোটা আৱৰ্জনাবোৰৰ প্ৰভাৱ কমাব পাৰি। এবাৰ দুবাৰ ব্যৱহাৰ কৰি পেলাই দিবলগীয়া বস্তুতকৈ দীৰ্ঘদিনৰ কাৰণে ব্যৱহাৰ কৰি থাকিব পৰা বস্তু কিনিলে আৱৰ্জনাৰ পৰিমাণ বহুত কমে। তদুপৰি বস্তু-বাহানিৰ ব্যৱহাৰ সীমিত কৰিও আৱৰ্জনা কমাব পাৰি। আনহাতে কাগজ, প্লাষ্টিক, কাঁচ, এলুমিনিয়াম আদিৰে তৈয়াৰ কৰা বহুতো বস্তু পুনৰ চক্ৰীকৰণ কৰি বাৰে বাৰে ব্যৱহাৰ কৰি থাকিব পাৰি। এই প্ৰক্ৰিয়াত পেলনীয়া বস্তুৰ পৰা আকৌ নতুন নতুন বস্তু উত্পন্ন কৰা হয়। কিছুমান বস্তু আকৌ এবাৰ ব্যৱহাৰ কৰাৰ পিচত পেলাই নিদি কেইবাবাৰো ব্যৱহাৰ কৰিব পাৰি, ইয়াকে পুনৰ ব্যৱহাৰ কৰা বোলে। এনে কৰিলেও আৱৰ্জনাৰ পৰিমাণ যথেষ্ট কম হয়।

কিছুমান বিপদজনক আৱৰ্জনা উপযুক্ত পাত্ৰত ভৰাই দ গাঁতত পুতি থ’ব পাৰি। কিছুমান আৱৰ্জনা জ্বলাই দিব পাৰি। আজিকালি আৱৰ্জনাৰ পৰা ৰন্ধন গেছ আৰু বিদ্যুত্ শক্তি উত্পন্ন কৰিব পৰা বিকল্প প্ৰযুক্তি ওলাইছে আৰু এনে প্ৰযুক্তি ব্যৱহাৰ কৰি সুফলো পোৱা গৈছে। বৃহৎ নগৰ নিগমসমূহে জৈৱ প্ৰযুক্তি বিদ্যাৰ সহায়ত গোটা আৱৰ্জনাৰ সমস্যা বহুখিনি সমাধান কৰিব পাৰে।

ভূমি অৱক্ষয় ৰোধ

ভূ-পৃষ্ঠৰ পৰা মাটিৰ ক্ষুদ্ৰ ক্ষুদ্ৰ কণাবোৰ তাহ বা পানীৰ (যেনে- বৰষুণৰ পানী, নৈৰ পানী) সোঁতত আঁতৰি যোৱা কাৰণে মাটিৰ তৰপ পাতল হৈ যোৱা প্ৰক্ৰিয়াক ভূমি অৱক্ষয় বোলে। এই প্ৰক্ৰিয়াৰ কাৰণে মাটিৰ উপৰিভাগৰ উৰ্বৰ অংশ যথেষ্ট প্ৰভাৱিত হয়। পৃথিৱীৰ মুঠ কৃষিভূমিৰ প্ৰায় এক তৃতীয়াংশ এইদৰে ক্ষয়প্ৰাপ্ত হৈ থকা বুলি অনুমান কৰা হৈছে। বিশ্বৰ প্ৰধান খাদ্য উৎপাদনকাৰী দেশ আমেৰিকা যুক্তৰাষ্ট্ৰ, ৰাছিয়া, ভাৰত আৰু চীন দেশত ভূমিৰ অৱক্ষয়ে সাম্প্ৰতিক কালত হেনো গুৰুতৰ ৰূপ ধাৰণ কৰিছে।

জলবায়ুৰ প্ৰভাৱ আৰু জৈৱ অনুঘটক কিছুমানৰ প্ৰভাৱত ভূমি অৱক্ষয় হোৱা দেখা যায়। ধাৰাসাৰ বৰষুণ পৰিলে, এঢলীয়া মাটিৰে পানী বেগেৰে নামি আহিলে, ভূপৃষ্ঠৰ ওপৰেদি পানী বৈ গ’লে, নদী, জলাধাৰ বা সমুদ্ৰত ঢৌ উঠিলে আৰু এনে আন কিছুমান কাৰণতো ভূমিস্খলন হয়। উদাহৰণস্বৰূপে, ২০০৪ চনৰ ২৬ ডিচেম্বৰ তাৰিখে বংগোপসাগৰত উঠা প্ৰৱল চুনামী ঢৌৰ প্ৰকোপত ভাৰতৰ উপকূল অঞ্চলত যথেষ্ট ভূমিস্খলন হৈছিল। বোঁৱতী পানীয়ে যিদৰে ভূমিস্খলন কৰে সেইদৰে প্ৰৱল ধুমুহাতো ধূলি-বালি উৰি উৰি বহু পৰিমাণে ভূমি অৱক্ষয় হয়। অসমত ব্ৰহ্মপুত্ৰ নদী, বৰাক নদী আৰু উপনদীসমূহে নানা স্থানত প্ৰৱল ভূমিস্খলন ঘটাই থাকে। ব্ৰহ্মপুত্ৰৰ বুকুত ইতিমধ্যে বহুতো জনবসতিপূৰ্ণ গাঁও (যেনে, পলাশবাৰী) জাহ গৈছে। এনে ভূমিস্খলনৰ ফলত বহু সা-সম্পত্তি নষ্ট হয় আৰু ভূ-সম্পদ ধ্বংস হয়।

আনহাতে এটা সমীক্ষা মতে বনাঞ্চল উচ্ছেদৰ কাৰণে বিশ্বত প্ৰায় শতকৰা ২৭ (সাতাইশ) ভাগ বনাঞ্চল বৰ্তমান প্ৰায় বিলুপ্তিৰ পথত আৰু ইয়াৰ ফলত মৰুভূমিৰ মাটিকালি শতকৰা প্ৰায় ৬২ ভাগ বৃদ্ধি হ’ব পাৰে বুলিও আশংকা কৰা হৈছে। চৰণীয়া পথাৰ অঞ্চলত জীৱ-জন্তুৰ অতিচৰণৰ ফলত উদং হৈ যোৱা পথাৰবোৰতো ভূমিস্খলন হয়। এনেবোৰ বিভিন্ন কাৰক সম্বন্ধে বিতং অধ্যয়ন কৰি ভূমি অৱক্ষয় ৰোধৰ কাৰণে বিজ্ঞানীসকলে আগবঢ়োৱা কিছুমান পদ্ধতিৰ কথা ইয়াত চমুকৈ উল্লেখ কৰা হ’ল।

ভূমি সংৰক্ষণ পদ্ধতি

কৃষি কাৰ্য্যৰ বাবে হোৱা ভূমি অৱক্ষয় ৰোধ কৰাৰ উদ্দেশ্যে ব্যৱহাৰ কৰা কিছুমান পদ্ধতি এনে ধৰণৰঃ

(১)সংৰক্ষণশীল হালবোৱা পদ্ধতিঃ এইবিধ যান্ত্ৰিক পদ্ধতিত একোডৰা মাটি সম্পূৰ্ণকৈ চহোৱা নহয়, শাৰী শাৰীকৈ লোৰ খান্দি সেই লোৰবোৰতহে বীজ, সাৰ, কীটনাশক আৰু পানী প্ৰয়োগ কৰা হয়। সম্পূৰ্ণকৈ চহোৱা পথাৰৰ তুলনাত এনে এখন পথাৰৰ পৰা ভূমি অৱক্ষয় কম হয়।

(২) কণ্ট’ৰ কৃষি পদ্ধতিঃ এঢলীয়া মাটিত এই পদ্ধতিৰে খেতি কৰা হয়। প্ৰতিটো ঢালতে পথালিকৈ সৰু সৰু আলি বান্ধি শাৰী শাৰীকৈ বীজ ৰোপণ কৰা হয়। সেই আলিবোৰে ক্ষুদ্ৰ বান্ধৰ দৰে কাম কৰে আৰু মাটিৰ উপৰিভাগ অৱক্ষয় নোহোৱাকৈ ৰাখে।

(৩) ঢাপ পদ্ধতিঃ মাটি অধিক হেলনীয়া হ’লে (যেনে, পাহাৰ অঞ্চলত) এটাৰ ওপৰত এটাকৈ বেলেগ বেলেগ স্তৰত ঢাপ বন্ধা হয়। প্ৰতিটো ঢাপতে কণ্টৰ পদ্ধতিৰে খেতি কৰা হয়। তেনে কৰিলে ঢাপত প্ৰয়োজনীয় পানী থাকে আৰু পানীৰ ঢল বৈ নাযায়, ইয়াৰ দ্বাৰা ভূমিৰ অৱক্ষয় ৰোধ হয়।

(৪) বহুতৰপীয়া খেতিঃ এনে পদ্ধতিত একোডৰা খেতিৰ মাজে মাজে অন্য একেডৰা মাহজাতীয় শস্যৰ খেতি কৰা হয় বা আন প্ৰকাৰৰ ঘাঁহ একোডৰা কৰা হয়, এনে কৰিলে ভূমি অৱক্ষয় নিয়ন্ত্ৰিত হয়।

(৫) এলি ক্ৰুপিংঃ এনি শব্দৰ অৰ্থ সুৰসুৰীয়া বাট, এইবিধ কৃষি পদ্ধতিত একোডৰা সস্যৰ দাঁতিত একোলানি সৰু জোপোহা গছ বা আন গছ ৰোপণ কৰা হয়। ইয়াকে কৃষি বনানীকৰণ কৰাও বোলে। খেতি চপোৱাৰ পিচতো লানিবোৰত গছ-গছনি থকা কাৰণে ভূমি অৱক্ষয় বহু পৰিমাণে কমে।

(৬) বতাহ প্ৰতিৰোধী পদ্ধতিঃ যিবোৰ ঠাইত সঘনে বতাহ বলি থাকে, তেনে ঠাইচ খেতি পথাৰ আগুৰি গছ ৰোপণ কৰা হয়। ঘনকৈ ৰোৱা এনে গছে বতাহ প্ৰতিৰোধ কৰি বতাহৰ বেগ হ্ৰাস কৰে। গতিকে পথাৰৰ পৰা ধূলিকণা কমকৈ উৰে আৰু ভূমি অৱক্ষয় ৰোধ হয়।

গতিকে ভূমি অৱক্ষয় ৰোধ কৰিব লাগিলে অৰ্থাত্ ভূমি সংৰক্ষণ কৰিব লাগিলে সকলোৱে এই কথা লক্ষ্য কৰিব লাগে যাতে ভূমিভাগ উন্মুক্ত হৈ নাথাকে, উপযুক্ত শস্য, নানা প্ৰকাৰৰ উদ্ভিদ আৰু গছ-গছনি আদিয়ে যাতে ভূমিভাগ আগুৰি থাকে।

জল সংৰক্ষণ

আজিকালি প্ৰায় সকলো দেশতে কম-বেছি পৰিমাণে পানীৰ নাটনি হ’বলৈ ধৰিছে আৰু কিছুমান দেশত এই সমস্যাই ইতিমধ্যে জটিল ৰূপ ধাৰণ ৰিছে। কম বৰষুণ হোৱা হেতুকে, ভূতল জলৰ স্তৰ নামি যোৱা কাৰণে আৰু অন্যান্য কিছুমান প্ৰাকৃতিক কাৰণতো পানীৰ নাটনি হোৱা দেখা যায়। এনে নাটনি ৰোধ কৰিবলৈ পানী সংৰক্ষণ কৰাটো অতি প্ৰয়োজনীয়। পানীৰ সঠিক ব্যৱহাৰ কৰা আৰু অপচয় ৰোধ কৰাকে জল সংৰক্ষণ কৰা বোলে।

কিছুমান এনে অঞ্চল আছে যিবোৰত যথেষ্ট বৰষুণ হয় যদিও বৰষুণৰ পানী মাটিৰ ওপৰেদি বৈ যায়।, ভূগৰ্ভলৈ নাযায়। কিছুামন অঞ্চলত (যেনে, গুজৰাটত) আকৌ খাল, বিল বা পথাৰৰ পানীবোৰ লুণীয়া, তেনে অঞ্চলত খোৱা পানী, জলসিঞ্চনৰ পানী আদি অত্যন্ত প্ৰয়োজনীয়।

জল সংৰক্ষণ ব্যৱস্থা

পানী সংৰক্ষণ কৰাৰ উদ্দেশ্যে স্থানভেদে বেলেগ বেলেগ ব্যৱস্থা গ্ৰহণ কৰা দেখা যায়। তেনে কিছুমান ব্যৱস্থা এনেধৰণৰ-

(১) ডাঙৰ ডাঙৰ পুখুৰী খান্দি, খাল খান্দি বা কুঁৱা খান্দি পৰম্পৰাগত পদ্ধতিৰে পানী সংৰক্ষণ কৰা হয়। অসমত এতিয়াও বহুত মানুহে পুখুৰীৰ পানী ব্যৱহাৰ কৰে। বহু ঠাইত ৰজাদিনীয়া ডাঙৰ ডাঙৰ পুখুৰী আছে, সেইবোৰৰ ভিতৰত শিৱসাগৰ, জয়সাগৰ আদি পুখুৰী আদি বিখ্যাত। বাৰীৰ চাৰিওফালে গড়খাৱৈ খান্দিও কিছুমান অঞ্চলত পানী সংৰক্ষণ কৰা দেখা যায়। খৰালি কালত এই খাৱৈৰ পানীয়ে বাৰীখন জীপাল কৰি ৰাখে আৰু সেই পানী খেতিপথাৰতো প্ৰয়োগ কৰিব পাৰি।

(২) বৰষুণ কমকৈ হোৱা ঠাইত মানুহে বৰষুণৰ পানী বিভিন্ন পদ্ধতিৰে সংৰক্ষণ কৰে। কিছুমানে পকীঘৰৰ চালত পৰা বৰষুণৰ পানী পাইপেৰে আনি চৌবাচ্চাত জমা কৰে বা মাটিত খন্দা বিশেষ ধৰণৰ খালত জমা কৰে।

(৩) কিছুমান ঠাইত পাহাৰ অঞ্চলৰ পাদদেশত বিশেষ ধৰণৰ বান্ধ দি পানী জমা কৰা হয়। খৰালি কালত প্ৰয়োজন মতে এই পানী খেতিপথাৰত যোগান ধৰা হয় আৰু অন্যান্য কামতো ব্যৱহাৰ কৰা হয়।

(৪) কিছুমান অঞ্চলত (যেনে, গুজৰাটত) জুৰি বিলাকত সৰু সৰু বান্ধ দি জলচ্ছেদ নিৰ্মাণ কৰা হয় আৰু তাৰপৰা খেতিপথাৰত পানী যোগান ধৰা হয় বা ঘৰুৱা কামতো লগোৱা হয়।

আমাৰ অসমত বৰষুণ বেছিকৈ হয় যদিও মাজে মাজে বতৰ অনিয়মীয়া হোৱা দেখা যায়, কোনো কোনো বছৰত (যেনে, ২০০৬ চনত) বৰষুণ যথেষ্ট কম হৈ খৰাং পৰিস্থিতিৰ উদ্ভৱ হয়। তেনে অৱস্থাত খেতিপথাৰত পানীৰ নাটনি হয় আৰু খোৱাপানীৰো অভাৱ হয়, ভূতল জলৰ স্তৰ যথেষ্ট নামি যায়। সেই কাৰণে আমাৰ ৰাজ্যখনতো পানী সংৰক্ষণৰ যথাযথ ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰয়োজন হৈছে। সংৰক্ষণৰ এনে এটা ব্যৱস্থা মতে বৰষুণৰ পানী একোটা বিশেষ আধাৰত জমা কৰি থোৱা হয়। এনে আধাৰ মাটিৰ তলত পকী কৰি সাজিব পাৰি। আধাৰটো পানীৰে ভৰ্তি হ’লে, অতিৰিক্ত পানীখিনি অন্য খাল বা কুঁৱা আদিতো জমা কৰিব পাৰি। সাধাৰণতে ডাঙৰ ডাঙৰ ঘৰবোৰৰ চালত পৰা বৰষুণৰ পানী বিশেষ ব্যৱস্থাৰদ্বাৰা সংগ্ৰহ কৰি একোটা জলাধাৰত জমা কৰা হয়। জলাধাৰত জমা কৰাৰ আগতে বালিৰ ফিল্টাৰ ব্যৱহাৰ কৰিব পাৰি। উপযুক্ত পাম্প ব্যৱহাৰ কৰি সেই আধাৰৰ পৰা প্ৰয়োজনমতে পানী ব্যৱহাৰ কৰিব পাৰি। এনে ব্যৱস্থাৰ দ্বাৰা ভূতল জলৰ স্তৰ অব্যাহত ৰখাত সহায় হয় আৰু বৰষুণৰ পানী এনেয়ে বৈ যোৱাটো কিছু পৰিমাণে হ্ৰাস হয়।

কিছুমান উল্লেখযোগ্য পাৰিভাষিক শব্দ

অতিচৰণ, অপঘটক বা বিযোজক, অভয়াৰণ্য, অম্লবৃষ্টি, এচিড বৰষুণ, আৱৰ্জনা, খাদ্যশৃংখল, এলি ক্ৰপিং, জল চক্ৰ, জৈৱ বৈচিত্ৰ্য, জিন বেংক, জীৱ মণ্ডল, জৈৱ-মণ্ডল সংৰক্ষিত অঞ্চল, ঢাপ পদ্ধতি, নবীকৰণ অযোগ্য সম্পদ, নবীকৰণ যোগ্য সম্পদ, বতাহ প্ৰতিৰোধী পদ্ধতি, বনভূমি, বহনযোগ্য উন্নয়ন, বহিঃস্থানিক সংৰক্ষণ, বহুতৰপীয়া খেতি, বিৰল প্ৰজাতি ভূ-উষ্মীকৰণ, ভূতল জল, ভূমি অৱক্ষয়, ৰাষ্ট্ৰীয় উদ্যান, লুপ্ত প্ৰজাতি, লুপ্তপ্ৰায়, সংকটাপন্ন, স্পৰ্শকাতৰ, স্থানিক সংৰক্ষণ।

পৰিৱেশৰ সমস্যা

শক্তি-সংকট

পৃথিৱীত শক্তিৰ মূল উৎস হৈছে সূৰ্য্য। সূৰ্য্যৰপৰা পৃথিৱীয়ে প্ৰতি ছেকেণ্ড সময়ত লাভ কৰা মুঠ শক্তিৰ পৰিমাণ হৈছে ১.৮ × ১০১৭ জুল। এইদৰে জন্মক্ষণৰে পৰা পৃথিৱীয়ে সূৰ্য্যৰপৰা বৃহৎ পৰিমাণৰ শক্তি লাভ কৰি আহিছে। প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে এই সৌৰশক্তিৰপৰাই মানুহে বিভিন্ন প্ৰকাৰৰ শক্তিৰ উৎসবোৰ পাইছে। মানুহে যান্ত্ৰিক শক্তিৰ বাবে প্ৰধানকৈ জীৱাশ্ম ইন্ধন ব্যৱহাৰ কৰে আৰু সেই ইন্ধনৰ উৎসবোৰ হ’ল-

(১) কয়লা,

(২) পেট্ৰলিয়াম আৰু

(৩) প্ৰাকৃতিক গেছ।

ইয়াৰ উপৰিও শক্তিৰ বাবে অন্যান্য যিবোৰ উৎস ব্যৱহাৰ কৰা হয়, সেইবোৰৰ ভিতৰত আছে-

(১) খৰি,

(২) সৌৰশক্তি,

(৩) জলবিদ্যুৎ শক্তি,

(৪) নিউক্লীয় শক্তি,

(৫) বতাহৰ শক্তি,

(৬) জৈৱ সক্তি,

(৭) সমুদ্ৰৰ শক্তি ইত্যাদি।

পৃথিৱীৰ বিভিন্ন দেশত শক্তিৰ ব্যৱহাৰৰ ভিন্নতা আছে। সকলো দেশতে শক্তিৰ উৎসবোৰো সমভাৱে বিতাৰিত হৈ থকা নাই। যেনে- আমেৰিকা যুক্টৰাষ্ট্ৰ, ইউৰোপ আৰু ৰাছিয়াৰ উপৰিও ভাৰততো যথেষ্ট পৰিমাণৰ কয়লা মজুত আছে। ভাৰতৰ ৰাণীগঞ্জ, ঝাড়িয়া, বোকাৰো, সিংৰলি, গোদাবৰী উপত্যকা আদিত কয়লাৰ বৃহৎ ভাণ্ডাৰ আছে। অসমৰ নামদাং, টিকক, বৰগোলাই, টিপং, টিৰাপ, লিডু, মাকুম আৰু পাটকাই অঞ্চলত কয়লাৰ খনি আছে। সেইদৰে পশ্চিম এচিয়াৰ দেশসমূহ (বিশেষকৈ চৌদি আৰাবিয়া আৰু ইৰাণ), মেক্সিকো, ইউক্ৰেইন, ৰাছিয়া, ইকুৱেডৰ, ইন্দোনেছিয়া আদি দেশবোৰত পেট্ৰলিয়াম বা খাৰুৱা তেল তথা প্ৰাকৃতিক গেছৰ বৃহৎ ভাণ্ডাৰ আছে। ভাৰততো খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ আছে। অসমৰ উপৰিও গুজৰাট (আংকলেশ্বৰ), বোম্বে হাই আৰু গোদাৱৰী, মহানদী, কৃষ্ণা তথা কাবেৰী নৈৰ মোহনা অঞ্চলত তৈল ভাণ্ডাৰ পোৱা গৈছে। অসমৰ নাহৰকটীয়া, মৰাণ, ৰুদ্ৰসাগৰ, লাকুৱা, ডিগবৈ, গেলেকি, বৰহোলা, আমগুৰি, চেংপাং, চাৰালি, ডিমুলগাঁও, চাংমাই গাঁও, কুঁৱাৰগাঁও আৰু নামতি আদি তৈলক্ষেত্ৰৰ পৰা খাৰুৱা তেল উৎপাদন কৰা হয়। সেইদৰে পৃথিৱীৰ ভিন ভিন দেশত নানা প্ৰকাৰৰ খনিজাত দ্ৰব্যৰো ভাণ্ডাৰ আছে।

প্ৰাকৃতিক শক্তিৰ উৎসবোৰ যিদৰে সকলো দেশতে সমভাৱে বিস্তৃত হৈ থকা নাই, ঠিক সেইদৰে শক্তিৰ ব্যৱহাৰো সকলো দেশতে সমান নহয়। প্ৰাপ্ত তথ্য অনুযায়ী পেট্ৰলিয়াম আটাইতকৈ বেছি ব্যৱহাৰ কৰা দেশবোৰ হৈছে- আমেৰিকা যুক্টৰাষ্ট্ৰ, জাপান, চীন, জাৰ্মানী আৰু ৰাছিয়া। সেইদৰে কয়লা সৰ্বাধিক পৰিমাণে ব্যৱহাৰ কৰা দেশবোৰ হৈছে- চীন, আমেৰিকা যুক্টৰাষ্ট্ৰ, ভাৰত, ৰাছিয়া আৰু জাৰ্মানী।

আনহাতে আমেৰিকা যুক্তৰাষ্ট্ৰ, ফ্ৰাণ্স, জাপান, জাৰ্মানী আৰু ৰাছিয়াত নিউক্লীয় শক্তিও যথেষ্ট পৰিমাণে ব্যৱহাৰ হয়। জলবিদ্যুৎ শক্তি ব্যৱহাৰ কৰা অগ্ৰণী দেশবোৰ হৈছে- কানাডা, আমেৰিকা যুক্টৰাষ্ট্ৰ, ব্ৰাজিল, চীন আৰু ৰাছিয়া।

ভাৰতত বৰ্তমান ব্যৱহাৰ কৰি থকা মুঠ শক্তিৰ শতকৰা প্ৰায় ৫০ ভাগ আহে কয়লাৰ পৰা, ৩২ ভাগ খাৰুৱা তেলৰ পৰা আৰু ৮ ভাগ প্ৰাকৃতিক গেছৰ পৰা।

জীৱাশ্ম ইন্ধনবোৰ নবীকৰণযোগ্য নহয়, এবাৰ ব্যৱহাৰ কৰাৰ পিচত সেই ভাণ্ডাৰৰ পৰিমাণ কমি যায়, বঢ়াব নোৱাৰি। ইন্ধনবোৰৰ ভাণ্ডাৰ অসীম নহয়, বৰং সীমিত।

পৃথিৱীত থকা সম্ভাৱ্য কয়লাৰ ভাণ্ডাৰ হৈছে প্ৰায় ছয় হেজাৰ বিলিয়ন টন। বৰ্তমান যি হাৰত কয়লা ব্যৱহাৰ কৰি থকা হৈছে তেনেকৈ থাকিলে অহা দুশ বছৰমানৰ ভিতৰত পৃথিৱীৰ কয়লাৰ ভাণ্ডাৰ শেষ হৈ যাব বুলি আশংকা কৰা হৈছে। আনহাতে পৃথিৱীত খাৰুৱা তেলৰ ভাণ্ডাৰ হৈছে ৮০ বিলিয়ন টন। বৰ্তমান হাৰত খৰছ চলি থাকিলে এই ভাণ্ডাৰ মাত্ৰ ৩০ বছৰমানৰ ভিতৰতে শেষ হৈ যাব বুলি আশংকা কৰা হৈছে। সেইদৰে প্ৰাকৃতিক গেছ, নিউক্লীয় ইন্ধন আদিৰ ভাণ্ডাৰো পৃথিৱীত যথেষ্ট সীমিত। গতিকে পৃথিৱীত শক্তিৰ সংকট অৱশ্যম্ভাৱী হৈ পৰিছে। অৱশ্যে এনে সংকটৰ মূলতে আছে আধুনিক প্ৰযুক্তিৰ উদ্ভাৱন তথা প্ৰয়োগ আৰু জীৱন ধাৰণৰ উচ্চ মানদণ্ড লাভ কৰাৰ বৰ্দ্ধিত বাসনা। এইখিনিতে উল্লেখ কৰিব পাৰি যে বৰ্তমান পৃথিৱীত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যি উন্নত স্তৰ দেখা গৈছে সেই স্তৰৰ আৰম্ভণী মাত্ৰ তিনিশ বছৰমান আগতেহে হৈছে।

শক্তি-সংকটৰ কাৰণ

বিশদ বিশ্লেষণ কৰি পৰিৱেশ বিজ্ঞানীসকলে চিহ্নিত কৰা শক্তি-সংকটৰ কেইটামান উল্লেখযোগ্য কাৰণ এনেধৰণৰঃ

(ক) পিচপৰা দেশবোৰৰ তুলনাত উন্নত দেশবোৰত জনমূৰি শক্তিৰ খৰছ বহুত বেছি। যেনে- ভাৰতীয়সকলে যদি আজি আমেৰিকা যুক্তৰাষ্ট্ৰৰ অধিবাসীসকলৰ সমহাৰত শক্তি খৰছ কৰিবলৈ ধৰে, তেনেহ’লে ভাৰতৰ প্ৰাকৃতিক সম্পদ মাত্ৰ কেইদশকমানতে শেষ হৈ যাব। ১৯৯৭ চনৰ এক সমীক্ষামতে আমেৰিকা যুক্টৰাষ্ট্ৰত জনমূৰি শক্তিৰ খৰছ আছিল ৩৫১.৯ নিযুত বি টি ইউ আৰু ভাৰতত আছিল মাত্ৰ ১৪.৪ বি টি ইউ।

(খ) সমগ্ৰ বিশ্বজুৰি শক্তিৰ খৰছৰ মাত্ৰা বাঢ়ি গৈ আছে। ১৯৫০ চনলৈকে প্ৰতিটো শতিকাত গড় হিচাপত প্ৰায় ১৯ বিলিয়ন টন পৰিমাণৰ কয়লাৰ সমতুল্য শক্তি পৃথিৱীত খৰছ হৈছিল বুলি গণনা কৰা হৈছে। ১৮৫০ চনৰ পৰা ১৯৫০ চনৰ ভিতৰত ইয়াৰ পৰিমাণ ১৯০ বিলিয়ন টনলৈ বৃদ্ধি হয়। বৰ্তমান শক্তিৰ খৰছৰ পৰিমাণ হেনো প্ৰতিটো শতিকাত ৩৮০ বিলিয়ন টনতকৈও অধিক হ’ব বুলি ঠাৱৰ কৰা হৈছে।

(গ) একোখন দেশৰ প্ৰতিটো অঞ্চলতে শক্তিৰ সহজলভ্যতা একে নহয়। যাতায়তৰ অসুবিধাৰ কাৰণেও কিছুমান অঞ্চলত কয়লা, পেট্ৰলিয়াম বা প্ৰাকৃতিক গেছ আদি সহজলভ্য নহয়। আনহাতে অন্য বহুতো দেশৰ দৰে ভাৰতত খাৰুৱা তেলৰ ভাণ্ডাৰ অতি সীমিত আৰু শতকৰা প্ৰায় ৭০ ভাগ খাৰুৱা তেল আমদানি কৰা হয়।

(ঘ) বহুতো ভিতৰুৱা অঞ্চলত বিদ্যুতৰ সৰবৰাহ লাইন বহুৱাব নোৱাৰা কাৰণেও বিদ্যুৎ শক্তি ব্যৱহাৰৰ পৰা মানুহ বঞ্চিত হৈ থাকে।

(ঙ) জলবিদ্যুৎ উত্পাদক, তাপ বিদ্যুৎ উত্পাদক, গেছ টাৰ্বাইন আদি আমাৰ দেশত বহুতো ঠাইত স্থাপন কৰা হয় যদিও সুপৰিকল্পনা আৰু সুপৰিচালনাৰ অভাৱত সেইবোৰ অতি সোনকালে অকামিলা হৈ পৰে, ইয়াৰ ফলত বিদ্যুৎ সংকটে দেখা দিয়ে।

(চ) পেট্ৰল, ডিজেল, কেৰাচিন, এল পি জি আদি ৰাজহুৱা বিতৰণ প্ৰণালীৰে গ্ৰাহকলৈ যোগান ধৰা হয় যদিও সেই বিতৰণ প্ৰণালীৰ দুৰ্বলতাৰ কাৰণে আৰু ব্যৱস্থাপনাত খুঁত থকা কাৰণে কৃত্ৰিম নাটনি হয় আৰু সেয়েহে শক্তিৰ সংকটে দেখা দিয়ে।

(ছ) জীৱাশ্ম ইন্ধনৰ উপৰিও ৰন্ধা-বঢ়া কামত বহুতো লোকে খৰি ব্যৱহাৰ কৰে। নিৰ্বনানীকৰণৰ কাৰণে এতিয়া ঠায়ে ঠায়ে খৰিৰ অভাৱ হৈছে আৰু শক্তি সংকটে দেখা দিছে।

(জ) ইন্ধনেই হওক অথবা অন্য সম্পদেই হওক, সেই সকলোবোৰৰে অভাৱ বা পৃথিৱীজুৰি উদ্ভৱ হোৱা শক্তি সংকটৰ মূল কাৰণৰ ভিতৰত কিন্তু জনসংখ্যাও অন্যতম। পৃথিৱীত জনসংখ্যা অধিক নোহোৱাহেঁতেন শক্তি সংকটে এক বৃহৎ সমস্যাৰূপে দেখা নিদিলেহেঁতেন।

নগৰ অঞ্চলত শক্তি-সংকট

ভাৰতৰ নগৰ অঞ্চল আৰু গাঁও অঞ্চলত শক্তি ব্যৱহাৰৰ পৰিমাণ একে নহয়, শক্তি ব্যৱহাৰ পদ্ধতি আৰু কি ধৰণৰ শক্তি ব্যৱহাৰ কৰা হয় তাৰো প্ৰভেদ আছে। নগৰ অঞ্চলত লক্ষণীয়ভাৱে দেখা দিয়া শক্তি-সংকট তিনিটা ক্ষেত্ৰত ঘাইকৈ অনুভূত হয়- ৰন্ধন গেছ, বিদ্যুৎ শক্তি আৰু ইন্ধন (পেট্ৰল আৰু ডিজেল)। আমাৰ অসমত দেখা দিয়া শক্তি সংকটৰ চমু চিত্ৰ এটা ইয়াত ডাঙি ধৰা হ’ল।

(ক) ৰন্ধন গেছ

  • ৰন্ধন গেছৰ বিতৰণ প্ৰণালী আঁসোৱাহপূৰ্ণ। নিয়মমতে গেছ বিতৰণ কোম্পানীবোৰে গ্ৰাহকৰ ঘৰত গেছ চিলিণ্ডাৰ যোগান ধৰিব লাগে। কিন্তু অতিৰিক্ত লাভৰ আশাত এই নিয়ম প্ৰায়ে ভংগ কৰা দেখা যায়। ফলস্বৰূপে,

(১) খালী চিলিণ্ডাৰ লগত লৈ গ্ৰাহকে লাইন পাতি থিয় হৈ কষ্ট ভুগিব লাগে।

(২) গেছ বিতৰকৰ পৰা অধিক মূল্য দি চিলিণ্ডাৰ লব লাগে।

(৩) গেছৰ অভাৱত বিকল্প ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

  • গ্ৰাহকৰ সংখ্যা অনুযায়ী ৰন্ধন গেছৰ চিলিণ্ডাৰ পৰ্যাপ্ত নহয় আৰু যোগান ব্যৱস্থাও নিয়মীয়া নহয়।
  • বহুতো ব্যৱসায়ীয়ে নীতি বহুৰ্ভূতভাৱে ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰ হোটেল, চাহ-মিঠাইৰ দোকান আদিত ব্যৱহাৰ কৰে। এইবোৰ কাৰণতো ৰন্ধন গেছৰ নাটনি হয়।

বিদ্যুৎ শক্তি

সাম্প্ৰতিক কালত বিদ্যুৎ শক্তি অবিহনে নগৰীয়া জীৱনৰ কল্পনা কৰাটোৱে সম্ভৱ নহয়। এই বিদ্যুৎ শক্তিৰ প্ৰধান উৎসবোৰ হৈছে-

(১) জলবিদ্যুৎ

(২) তাপ বিদ্যুৎ আৰু

(৩) গেছ টাৰ্বাইন।

একোটা বৃহৎ প্ৰকল্পৰ অধীনত জলবিদ্যুৎ উৎপন্ন কৰা হয়। ভাৰতত দামোদৰ উপত্যকা প্ৰকল্প, ভাক্ৰা-নাংগল বান্ধ, টেহৰি বান্ধ প্ৰকল্প আদি কেইবাটাও বৃহৎ প্ৰকল্পত জলবিদ্যুৎ উৎপাদন কৰা হয়। প্ৰাপ্ত তথ্য অনুযায়ী ভাৰতত থকা জলবিদ্যুৎ ভাণ্ডাৰৰ শতকৰা ২০ ভাগমানহে এতিয়ালৈকে ব্যৱহাৰ কৰা হৈছে। জলবিদ্যুতৰ ভাণ্ডাৰ অসমতো যথেষ্ট আছে। উত্তৰ-পূৰ্বাঞ্চলত থকা জলবিদ্যুৎ উৎসৰ পৰা কমেও ৩২,০০০ মেগাৱাট বিদ্যুৎ শক্তি উৎপাদন কৰিব পৰা যাব বুলি এটা সমীক্ষাত কোৱা হৈছে।

সম্প্ৰতি বিদ্যুতৰ নাটনি এক নিয়মীয়া সমস্যাত পৰিণত হৈছে। এই নাটনিৰ কিছুমান প্ৰযুক্তিগত কাৰণ আছে, কিছুমান পৰিচালনাৰ দুৰ্বলতাৰ বাবে হোৱা কাৰণো আছে আৰু বিদ্যুৎ চুৰি কাৰ্য্যও নাটনিৰ অন্যতম এক কাৰণ বুলি ক’ব পাৰি।

(১) বৰ্তমান অসমত থকা তাপ বিদ্যুৎ উত্পাদক যন্ত্ৰৰ কেইবাটাও বিকল হৈ আছে, ফলত বিদ্যুৎ শক্তিৰ উৎপাদন পৰ্যাপ্ত নহয়।

(২) পাৱাৰ গ্ৰীড লাইনবোৰ কম দক্ষ হোৱা কাৰণে অন্যান্য ৰাজ্যৰ পৰা বিদ্যুৎ সৰবৰাহ কৰোতে প্ৰায়ে বিজুটি ঘটি থাকে।

(৩) অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ সুপৰিচলনাৰ অভাৱৰ বাবে বিদ্যুৎ শক্তি উৎপাদন, বিতৰণ আৰু ৰাজহ সংগ্ৰহ প্ৰক্ৰিয়াবোৰ সুচাৰুৰূপে নচলে।

(৪) অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ পৰিচালনাৰ দুৰ্বলতাৰ সুযোগ লৈ বহুতো সমাজ বিৰোধী লোকে বিদ্যুৎ চুৰি কৰি উদ্যোগ চলায় তথা বিদ্যুৎ সৰবৰাহ লাইনত হুক লগাই বিদ্যুৎ ব্যৱহাৰ কৰে।

এইবোৰ বিভিন্ন কাৰণত বিদ্যুৎ সংকটে দেখা দিছে। নগৰ অঞ্চলতকৈ গাঁও অঞ্চলত এই সংকট আৰু অধিক তীব্ৰ। বহুতো অঞ্চলত মাজ নিশাহে বিদ্যুৎ সৰবৰাহ কৰা হয়, অৰ্থাত্ যি সময়ত বিদ্যুতৰ প্ৰয়োজন সৰ্বাধিক সেইখিনি সময়ত মানুহে কেৰাচিন তেলেৰেই কাম-কাজ চলাবলগীয়া হয়। ফলস্বৰূপে গাঁও অঞ্চলত আজি হেজাৰ হেজাৰ লোকে ঘৰত বিদ্যুৎ সংযোগ লাইন থকা সত্ত্বেও বিদ্যুৎ শক্তিৰ সুবিধা লাভৰপৰা বঞ্চিত হৈছে। এইটো নিতান্তই নিন্দনীয় বিষয়। ভাৰতৰ দৰে উন্নয়নশীল দেশৰ পৰিকল্পনাকাৰীসকলৰ বাস্তৱ বৰ্জিত পৰিকল্পনাৰ কাৰণেই এইবোৰ সংকটে দেখা দিছে বুলি বহুতো লোকে এতিয়া স্বীকাৰ কৰে।

(গ) জীৱাশ্ম ইন্ধনৰ শক্তি

প্ৰাপ্ত তথ্যমতে ১৮৫৯ চনৰ আগতে মানুহে পেট্ৰলিয়ামজাত সামগ্ৰী ব্যৱহাৰ কৰা নাছিল, সেই চনত আমেৰিকাৰ পেণ্সিলভেনিয়াত বিশ্বৰ প্ৰথমটো তেলকূপ খনন কৰা হৈছিল। ১৮৬৭ চনত ভাৰতৰ প্ৰথম তেলকূপটো খনন কৰা হৈছিল অসমৰ মাকুমত। কিন্তু তেতিয়াৰপৰা আজি প্ৰায় ডেৰশ বছৰ পিচৰ সামাজিক চিত্ৰ তেনেই সলনি হৈ গৈছে। উন্নত যোগাযোগ ব্যৱস্থা, গাড়ী-মটৰৰ চাহিদা বৃদ্ধি আদিৰ ফলত স্বাভাৱিকতে এতিয়া পেট্ৰল, ডিজেল আদি ইন্ধনবোৰ অতি মূল্যৱান সামগ্ৰী হৈ উঠিছে।

  • যিবোৰ দেশ খাৰুৱা তেলত চহকী সেইবোৰে দেশে এতিয়া সমগ্ৰ পৃথিৱীৰে অৰ্থনীতি নিয়ন্ত্ৰণত আগ-ভাগ লয় আৰু ৰাজনৈতিক মুনাফা আদায় কৰে।
  • উপভোক্তা দেশবোৰে খাৰুৱা তেল উৎপাদনকাৰী দেশৰ মৰ্জিত চলিবলগীয়া হোৱা কাৰণে নিজৰ দেশত পেট্ৰল, ডিজেল, কেৰাচিন তেল আদিৰ বিতৰণ ব্যৱস্থা নিয়ন্ত্ৰিত কৰিবলগীয়া হৈছে। যেনে,

(ক) তেলৰ অভাৱ হয়,

(খ) তেলৰ মূল্য বৃদ্ধি হয় আৰু

(গ) তেলৰ মূল্য বদ্ধিৰ লগে লগে বজাৰৰ অন্যান্য সামগ্ৰীবোৰৰো মূল্যবৃদ্ধি হয়।

  • খাৰুৱা তেলৰ সংকটৰ প্ৰভাৱ নগৰ বা গাঁও সকলোতে পৰে। কিন্তু গাঁৱৰ তুলনাত নগৰ অঞ্চলত জনসংখ্যা বহুত বেছি, যান-বাহনো সেই অনুপাতে বহুত বেছি কাৰণে এই সংকটৰ প্ৰভাৱ নগৰ অঞ্চলত বেছি হয়।
  • কেৰাচিন তেলৰ নাটনিৰ প্ৰভাৱ গাঁও অঞ্চলত যথেষ্ট বেছিকৈ পৰে। নিয়ন্ত্ৰিত বজাৰত নাপাই অধিক মূল্য দি মানুহে বজাৰৰ পৰা কিনিবলগীয়া হয়।

শক্তি সংকটৰ স্বৰূপ পৃথিৱীৰ সকলো ঠাইতে একে নহয়। একেটা অঞ্চলতে বিভিন্ন সময়তো এই সংকটৰ ভিন্নতা দেখা যায়। আগতে গাঁও অঞ্চলত আৰু আনকি চহৰতো ৰন্ধা-বঢ়া কামত মানুহে খৰি ব্যৱহাৰ কৰিছিল। আজিকালি অসমৰ গাঁৱে-ভূঞে ৰন্ধন গেছৰ প্ৰচলন হৈছে আৰু ফলস্বৰূপে খৰিৰ ব্যৱহাৰ কমি আহিছে। গতিকে কিছুমান অঞ্চলত খৰিৰ সমস্যা আছে যদিও কিছুমান অঞ্চলত এই সমস্যা লাঘৱ হৈছে।

খাদ্য সংকট

খাদ্য হৈছে মানুহৰ বাবে মৌলিক প্ৰয়োজনীয় বস্তু। খাদ্য মূলতঃ তিনি প্ৰকাৰৰঃ

(১) শক্তিদায়িনী খাদ্যঃ এইবোৰ খাদ্যৰ পৰা শৰীৰে কাৰ্ব’হাইড্ৰেট আৰু স্নেহ পদাৰ্থ পায়। খাদ্য শস্য, চেনি, তেলজাতীয় খাদ্য আদি এই শ্ৰেণীত পৰে।

(২) শৰীৰ গঠনকাৰী খাদ্যঃ এইবোৰ খাদ্যৰ পৰা শৰীৰে প্ৰ’টিন, খনিজ পদাৰ্থ আৰু ভিটামিন পায়। মাছ, মাংস, কণী, গাখীৰ, বাদাম মাহ আদি এই শ্ৰেণীৰ খাদ্য।

(৩) পৰিপোষক খাদ্যঃ এইবোৰ খাদ্যত যথেষ্ট পৰিমাণে খনিজ পদাৰ্থ, ভিটামিন, পানী আৰু ৰুক্ষাহাৰ থাকে। সেউজীয়া শাক-পাচলি, ফল-মূল, শস্যবীজ আদি এই শ্ৰেণীত পৰে।

অসমত মানুহৰ মূল খাদ্য হৈছে ভাত আৰু তাৰ লগত দাইল, মাছ, মাংস, কণী, গাখীৰ আৰু নানা প্ৰকাৰৰ শাক-পাচলি থাকে। খাদ্যৰ সংকট বা অভাৱৰ কথা ওলালেই সাধাৰণতে চাউল, দাইল আদিৰ অভাৱৰ কথাকে ভবা হয়। আমাৰ ইয়াত অভাৱ আৰু বৰ্ধিত মূল্য প্ৰায় সমাৰ্থক অৰ্থাৎ অভাৱ হ’লেও বেছি দাম দিলে খাদ্যবস্তুবোৰ পোৱা যায়। বেছি দাম দিলেও খাদ্যবস্তু যদি পোৱা নাযায় তেনেহ’লে সেইটো এটা চৰম অৱস্থা, তেতিয়া দুৰ্ভিক্ষ হয়, আকাল হয়। খাদ্যৰ সংকট হোৱাৰ কিচুমান প্ৰাকৃতিক আৰু কিছুমান মানৱ সৃষ্ট কাৰণ আছে।

খাদ্য সংকটৰ কাৰণ

(১) অনাবৃষ্টি, অনিয়মিত বৃষ্টি, খৰাং বতৰ, বানপানী, ধুমুহা আদি প্ৰাকৃতিক দুৰ্যোগৰ ফলত খেতিপথাৰত শস্য বেছিকৈ নষ্ট হ’লে খাদ্য সংকট হ’ব পাৰে, এনে অৱস্থাত খাদ্যৰ উৎপাদন যথেষ্ট কম হয়।

(২) শস্য অনিষ্টকাৰী কীট-পতংগ, চৰাই-চিৰিকতি আৰু জীৱ-জন্তুৰ অতিচৰণৰ ফলত খাদ্য শস্য বিনষ্ট হৈ খাদ্য সংকট হ’ব পাৰে।

(৩) পুৰণি পদ্ধতিৰে খেতি কৰা মাটিৰ উৰ্বৰা শক্তি হ্ৰাস পায়, খাদ্যশস্য উৎপাদন ক্ষমতা কমি যায় আৰু ফলত খাদ্যবস্তুৰ অভাৱ হয়।

(৪) উদ্যোগ আৰু শিল্পৰ বিকাশৰ বাবে আৰু অন্যান্য সামাজিক কামৰ বাবে খেতিৰ মাটি ব্যৱহাৰ কৰি থকাৰ ফলত খেতিৰ মাটি কমি গৈ আছে আৰু তাৰ ফলত খাদ্য শস্যৰ উৎপাদনৰ পৰিমাণো কমি গৈ আছে। খাদ্য সংকটৰ ইও এটা কাৰণ।

(৫) যাতায়ত ব্যৱস্থা উন্নত নোহোৱা কাৰণে খেতিয়কে উত্পাদিত ফচলবোৰ সময়মতে গ্ৰাহকক দিব নোৱাৰে, তাৰ ফলত তলত দিয়া বিসংগতিবোৰে দেখা দিয়ে।

(ক) বহু পৰিমাণৰ ফচল নষ্ট হয়,

(খ) গ্ৰাহকে বেছি মূল্য ভৰিব লাগে আৰু খোৱা বস্তুৰ নাটনি হয় আৰু

(গ) কৃষকেও নিজৰ উত্পাদিত ফচলৰ উচিত মূল্য নাপায়।

(৬) কৃষিজাত দ্ৰব্যসমূহ উৎপাদন স্থানৰ পৰা গ্ৰাহকলৈ আনোতে মধ্যভোগী তথা ব্যৱসায়ীসকলে কৃত্ৰিম নাটনিৰ সৃষ্টি কৰি দাম বঢ়ায়।

(৭) কৃষকসকল উপযুক্তভাৱে শিক্ষিত তথা প্ৰশিক্ষণপ্ৰাপ্ত নোহোৱাৰ ফলত আধুনিক কৃষি পদ্ধতি ব্যৱহাৰ কৰাত বহুতৰে ভুল-ত্ৰুটি থাকি যায়। গতিকে খাদ্য উৎপাদন আশানুৰূপ নহয় আৰু খাদ্য সংকটে দেখা দিয়ে।

সম্প্ৰতি খাদ্যশস্য উৎপাদনত ভাৰতবৰ্ষ যথেষ্ট আগবাঢ়িছে। সেউজ বিপ্লৱ আঁচনিৰ জৰিয়তে দেশৰ কৃষিখণ্ডত যথেষ্ট উন্নতি হৈছে। উৎপাদিত খাদ্য শস্যৰ মজুতকৰণ, সংৰক্ষণ আৰু বিতৰণৰ ক্ষেত্ৰত ভাৰতীয় খাদ্য নিগমে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

খাদ্য সংকটৰ পৰা মুক্ত কৰিবলৈ চৰকাৰী পৰ্যায়ত গ্ৰহণ কৰা বিভিন্ন ব্যৱস্থাসমূহৰ ভিতৰত আছে

(১) অধিক উৎপাদনৰ বাবে ট্ৰেক্টৰ আৰু অন্যান্য আধুনিক কৃষি সঁজুলি যোগান ধৰা।

(২) উন্নত বীজ বিতৰণ কৰা তথা জলসিঞ্চনৰ ব্যৱস্থা কৰা।

(৩) মীন ক্ষেত্ৰৰ উন্নতি সাধন কৰি মৎস্য উৎপাদন বৃদ্ধি কৰা

(৪) মাংস, কণী, গাখীৰ আদিৰ উৎপাদন বৃদ্ধিৰ বাবে গৰু, ম’হ, ছাগলী, হাঁহ-কুকুৰা আদি পশুপালন আৰু উন্নয়নৰ ব্যৱস্থা কৰা।

(৫) কৃষি, পশুপালন আৰু মীন পালনৰ উন্নতিৰ বাবে গৱেষণা আৰু উন্নয়নমূলক আঁচনি ৰূপায়ণ কৰা।

খাদ্য সংকটৰ মুখ্য কাৰণ খাদ্যশস্যৰ সীমিত উৎপাদন আৰু উপযুক্ত বিতৰণ পদ্ধতিৰ অভাৱ বুলি চিহ্নিত কৰা হৈছে যদিও জনসংখ্যা বিস্ফোৰণ হৈছে খাদ্য সংকটৰ অন্যতম মুখ্য কাৰণ।

(১) অসমলৈ ভাৰতৰ অন্যান্য ঠাইৰ পৰা বহুতো লোকৰ প্ৰব্ৰজন হৈছে।

(২) অসমলৈ বিভিন্ন সময়ত নেপাল আৰু আজিৰ বাংলাদেশ তথা পূৰ্বৰ পূব পাকিস্থানৰ পৰা বহু লোকৰ প্ৰব্ৰজন ঘটি আছে। সেয়েহে জনসংখ্যা দ্ৰুতগতিত বাঢ়িছে।

(৩) যিহেতু অসমৰ মুঠ কৃষিভূমি বৃদ্ধি হোৱা নাই অথচ খাওতা লোকৰ সংখ্যা বাঢ়িয়ে আছে, সেয়েহে ভাৰতৰ অন্যান্য ঠাইৰ পৰা বিভিন্ন প্ৰকাৰৰ খাদ্যবস্তু আমদানি কৰিহে চলিবলগীয়া হয়। গতিকে এই আমদানি কাৰ্য্য কিবা কাৰণত ব্যাহত হ’লে অসমত তীব্ৰ খাদ্য সংকটে দেখা দিয়ে।

প্ৰাকৃতিক দুৰ্যোগ আৰু ইয়াৰ উপশমৰ ব্যৱস্থা

ভূমিকম্প, আগ্নেয়গিৰি, ভূমিস্খলন, বানপানী, ঘুৰ্ণীবতাহ আদিক প্ৰাকৃতিক দুৰ্যোগ বোলা হয়। এই দুৰ্যোগবোৰৰ ভৱিষ্যতবাণী কৰাটো কঠিন আৰু কিছুমান ক্ষেত্ৰত প্ৰায় অসম্ভৱ। এই দুৰ্যোগবোৰৰ দ্বাৰা একোটা অঞ্চল সম্পূৰ্ণভাৱে প্ৰভাৱিত হয়। এনে দুৰ্যোগবোৰ হঠাতে আহে আৰু যিকোনো সময়তে আহে, সেই কাৰণে পৰিস্থিতি তন্ত্ৰত প্ৰতিকূল প্ৰভাৱ পৰে। ধন-জনৰ বিস্তৰ ক্ষতি হয়, কৃষি, যোগাযোগ, অৰ্থনীতি আদি সকলো বিধ্বস্ত হয়।

অসমত বানপানীৰ প্ৰকোপ অত্যন্ত বেছি। অসম তথা উত্তৰ-পূৰ্বাঞ্চলত ভূমিকম্পৰ প্ৰবণতাও বেছি। আগ্নেয়গিৰিৰ প্ৰভাৱ এই অঞ্চলত নাই, ঘূৰ্ণীবতাহৰ প্ৰভাৱো বেছি নহয়। অৱশ্যে ভূমিস্খলনৰ প্ৰভাৱ ঠায়ে ঠায়ে আছে আৰু কিছুমান অঞ্চলত (যেনে, পলাশবাৰী, ডিব্ৰুগড় ইত্যাদি) ভূমিস্খলনৰ তীব্ৰতা অত্যন্ত বিধ্বংসী হোৱা দেখা গৈছে। কামৰুপ জিলাৰ পলাশবাৰী চহৰ আৰু ডিব্ৰুগড় জিলাৰ ডিব্ৰুগড় চহৰৰ বহু অংশ ব্ৰহ্মপুত্ৰৰ বুকুত ইতিমধ্যে জাহ গৈছে। ভূমিস্খলন ৰোধ কৰাৰ সঠিক ব্যৱস্থা সঠিক সময়ত গ্ৰহণ নকৰাৰ ফলত বহু লোক গৃহহীন হৈছে আৰু বহুতে শংকাত ভুগি আছে। ঠিক সেইদৰে ধুবুৰী জিলাত ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণপাৰে বেলডুবি বুঢ়াবুঢ়ী থানৰ পৰা ডিয়াৰা-মানকাচাৰলৈ প্ৰায় ৫০ কিল’মিটাৰ দীঘল অঞ্চলটোত নদীৰ পাৰত প্ৰবল গৰাখহনীয়া হৈ থাকে। টুমনি আৰু দক্ষিণ শালমাৰাতো ব্ৰহ্মপুত্ৰৰ গৰাকহনীয়াত বিস্তৰ ক্ষতি হৈ আছে। সেইদৰে লক্ষীমপুৰ জিলাৰ মাতমৰা অঞ্চলত আজি বহু বছৰৰ পৰা ব্ৰহ্মপুত্ৰৰ বান আৰু গৰাখহনীয়াৰ তাণ্ডৱ চলি আছে। বৰাক নদীৰ বিভিন্ন অঞ্চল আৰু আন বিভিন্ন নদীৰ পাহাৰ অঞ্চল আৰু ভূমিস্খলনৰ দ্বাৰ যথেষ্ট পৰিমাণে প্ৰভাৱিত হয়।

বানপানী

ব্ৰহ্মপুত্ৰ, বৰাক আৰু অন্যান্য উপনদীসমূহৰ কাৰণে প্ৰতি বছৰে অসমত বানপানী হয়। বানপানী হোৱাৰ বিভিন্ন কাৰণ আছে। কিছুমান কাৰণ প্ৰাকৃতিক আৰু আন কিছুমান মানৱসৃষ্ট। বানপানী প্ৰতিৰোধ কৰাৰ বিভিন্ন উপায় আছে যদিও সিবিলাক নিখুঁত নহয় আৰু সেই কাৰণে সফলতাও কম হোৱা দেখা যায়। বানপানীৰ সমস্যাটো এটা অতি গুৰুত্বপূৰ্ণ সমস্যা। গতিকে বানপানীৰ ফলত যাতে ক্ষয়-ক্ষতিৰ পৰিমাণ কম হয়, সেই কথাৰ প্ৰতি অধিক মনোযোগ দিয়াৰ প্ৰয়োজন হৈছে। এইক্ষেত্ৰত ল’ব পৰা কিছুমান ব্যৱস্থাৰ কথা ইয়াত চমুকৈ উল্লেখ কৰা হ’ল।

সুৰক্ষা ব্যৱস্থা

(১) বানপানী হ’ব পৰা অঞ্চলত বিভাগীয়ভাৱে নদীৰ মথাউৰিবোৰ ভালদৰে নীৰিক্ষণ কৰি থাকিব লাগে আৰু দুৰ্বল অংশবোৰ সময়মতে মেৰামতি কৰিব লাগে।

(২) বৰষুণৰ পৰিমাণ আৰু নদীত পানীৰ স্তৰ বৈজ্ঞানিক পদ্ধতিৰে জুখি মানুহক সময়মতে সচেতন কৰিব লাগে অৰ্থাত্ সম্ভাৱ্য বানপানীৰ আগজাননী দিব লাগে।

(৩) বানাক্ৰান্ত অঞ্চলবোৰত বানপানীৰ সময়ত মানুহে আশ্ৰয় ল’ব পৰাকৈ নিৰাপদ উচ্চতাত আশ্ৰয় গৃহ নিৰ্মাণ কৰিব লাগে।

(৪) বানপানীৰ সময়ত যোগাযোগ তথা বিতৰণ ব্যৱস্থা অব্যাহত ৰখাৰ উদ্দেশ্যে উপযুক্ত সংখ্যক নাও অঞ্চল একোটাত মজুত ৰাখিব লাগে।

(৫) অঞ্চল একোটাত বানপানীৰ সময়ত বিতৰণ কৰিব পৰাকৈ উপযুক্ত পৰিমাণৰ খাদ্য-সামগ্ৰী আৰু খোৱাপানী মজুত কৰি ৰাখিব লাগে।

(৬) বানপানীয়ে বিধ্বস্ত কৰা খেতি-বাতি যাতে পুনৰ আৰম্ভ কৰিব তাৰ বাবে খেতিয়কসকলক ট্ৰেক্টৰ, বীজ, সাৰ আদি যথা সময়ত যোগান ধৰিব লাগে।

(৭) বেমাৰ-আজাৰৰ পৰা ৰক্ষা পৰিবলৈ উপযুক্ত চিকিত্সা ব্যৱস্থা আৰু প্ৰতিষেধক ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

(৮) গৰু-ছাগলী আদি পোহনীয়া জীৱ-জন্তুবোৰ নিৰাপদ স্থানত ৰখাৰ ব্যৱস্থা কৰিব লাগে আৰু উপযুক্ত প্ৰতিষেধক প্ৰয়োগ কৰি ৰুগীয়া জন্তুবোৰৰ চিকিত্সাৰ ব্যৱস্থা কৰিব লাগে।

এনেবোৰ ব্যৱস্থা গ্ৰহণ কৰিলে বানপানীয়ে বিধ্বস্ত কৰাৰ পিচতো পৰিস্থিতি তন্ত্ৰ একোটা পুনৰুদ্ধাৰ কৰাত বিলম্ব নহয় আৰু ক্ষয়-ক্ষতিৰ পৰিমাণো কম হয়।

ভূমিকম্প

ভূমিকম্প হঠাতে আহে। কিমান ডাঙৰ ভূমিকম্প আহিছে সেই কথাৰ উমান ভালদৰে পোৱাৰ আগতেই ধ্বংসকাৰ্য্য প্ৰায় সম্পূৰ্ণ হৈ যায়। প্ৰবল ভূমিকম্প সংঘটিত হ’লে তলত দিয়া ধৰণৰ ক্ষয়-ক্ষতিবোৰ হোৱা দেখা যায়।

ভূমিকম্পত হোৱা ক্ষয়-ক্ষতি

(১) ভূমিকম্পত ঘৰ-দুৱাৰ ভাঙি ধ্বংস হয়।

(২) ৰাস্তা-ঘাট, দলং আদি ভাঙি-ছিঙি যাতায়ত ব্যৱস্থা ব্যাহত হয় আৰু সংযোগ ব্যৱস্থা বিকল হৈ পৰে।

(৩) খাদ্য ভাণ্ডাৰ ধ্বংস হয়, খোৱাপানীৰ নাটনি হয় আৰু ভূমিকম্প প্ৰভাৱিত অঞ্চলৰ অৰ্থনৈতিক অৱস্থা বিনষ্ট হয়।

(৪) ভূমিকম্পৰ ফলত কিছুমান ওখ ঠাই তললৈ বহি যাব পাৰে আৰু নৈৰ বুকু বা আন তেনে দ’ ঠাই উঠি আহিব পাৰে।

(৫) বিভিন্ন ঠাইত ভূমিস্খলন হয়।

ভূমিকম্পত ক্ষয়-ক্ষতি কিমান হয় সেই কথা কেইটামান কাৰকৰ ওপৰত নিৰ্ভৰ কৰে।

ক্ষয়-ক্ষতিৰ কাৰক

(১) ভূমিকম্পৰ প্ৰবলতা আৰু উপকেন্দ্ৰৰ অৱস্থান।

(২) ভূমিকম্পৰ জোকাৰণিৰ সময়।

(৩) ভূমিকম্প কেনে সময়ত হৈছে, অৰ্থাত্ পুৱা, দুপৰীয়া, গধূলি, মাজনিশা নে পুৱতি নিশা।

(৪) ভূমিকম্প হোৱা অঞ্চলৰ জনবসতি আৰু তাত থকা উদ্যোগ আৰু অন্যান্য সম্পদ।

ভূমিকম্প যিমানে অধিক প্ৰবল হয় আৰু যিমানে বেছি সময় ধৰি চলে ক্ষয়-ক্ষতিৰ পৰিমাণো সিমানে অধিক হয়। অঞ্চলটো অদিক জনবসতিপূৰ্ণ হ’লে বহুসংখ্যক মানুহ তথা জীৱ-জন্তু প্ৰভাৱিত হয়, বহুতৰে মৃত্যু হ’ব পাৰে।

আগজাননী

ভূমিকম্পৰ আগজাননী দিয়া কোনো ধৰণৰ কাৰ্য্যকৰী বিজ্ঞানসন্মত পদ্ধতি এতিয়াও ওলোৱা নাই। গতিকে ভূমিকম্প আহিলে কি কৰা উচিত সেই সম্পৰ্কে মানুহ সজাগ হৈ থকা উচিত। ভূমিকম্পৰ সময়ত ল’বলগীয়া সাৱধানতা সম্পৰ্কে দিয়া নিৰ্দেশবোৰ এনেধৰণৰ-

সাৱধানতা

(১) ভূমিকম্পৰ জোকাৰণি আৰম্ভ হ’লে যেনিতেনি দৌৰাদৌৰি নকৰি ডাঙৰ মেজ বা বিছনাৰ তলত সোমাব লাগে। আয়না থকা খিৰিকি, দৰ্জা আৰু আলমাৰিৰ ওচৰত থাকিব নালাগে।

(২) মুকলি ঠাইলৈ দৌৰি যাবলৈ সুবিধা থাকিলেহে তেনে কৰিব লাগে, অন্যথা ভয়ত বিতত হৈ যেনি তেনি দৌৰিলে অনিষ্টহে বেছি হয়।

(৩) ঘৰত সততে পোৱাকৈ এটা বেগৰ ভিতৰত পানীৰ বটল, টৰ্ছলাইট, এডাল দীঘল ৰছী, ছুৰী বা কটাৰী এখন আৰু শুকান খোৱা বস্তুৰ পেকেট ইত্যাদি মজুত কৰি ৰাখিব লাগে।

ৰাজহুৱা সুৰক্ষাৰ স্বাৰ্থত চৰকাৰী পৰ্য্যায়ত প্ৰাকৃতিক দুৰ্যোগ উপশমৰ বাবে কিছুমান ব্যৱস্থা গ্ৰহণ কৰা হৈছ। সেই ব্যৱস্থাবোৰৰ ভিতৰত আছে-

  • উপযুক্ত নিয়ন্ত্ৰণ আৰু যোগাযোগ কক্ষ স্থাপন কৰা।
  • মথাউৰিবোৰ মেৰামতি কৰা।
  • মথাউৰিৰ দুৰ্বল অংশত সুৰক্ষাৰ ব্যৱস্থা কৰা।
  • বৰষুণৰ পৰিমাণ ৰেকৰ্ড কৰা।
  • দুৰ্যোগৰ সময়ত ব্যৱহাৰ কৰিব পৰাকৈ নাও আৰু অন্যান্য যান-বাহন, অগ্নিনিৰ্বাপক, খোৱাপানী, খাদ্য, ঔষধ-পাতি আদি উপযুক্ত স্থানত উপযুক্ত পৰিমাণে মজুত ৰখা ইত্যাদি।

জলবায়ুৰ সংকট

পৃথিৱীৰ কিছুমান অঞ্চলত আজি কিছু বছৰ ধৰি জলবায়ু সুস্থিৰ হৈ নথকাটো পৰিলক্ষিত হৈছে। আমাৰ অসমতে যোৱা কেইবছৰমান ধৰি বাৰিষা কালত বৰষুণ কমকৈ হোৱা দেখা গৈছে, অবতৰত বৰষুণ হৈছে, কিন্তু ধানখেতিৰ বতৰত ঠায়ে ঠায়ে পথাৰ শুকাই চিৰাল ফাঁট মেলিছে। পৃথিৱীৰ বিভিন্ন প্ৰান্তত এনে ঘটনা ঘটি আছে। কিছুমান বৰষুণ কমকৈ হোৱা ঠাইতো ধাৰাষাৰ বৰষুণত জীৱন বিপন্ন হৈছে আৰু আন কিছুমান বৰষুণ হোৱা ঠাইতো মানুহে এজাক বৰষুণৰ বাবে অধিক অপেক্ষাৰে ৰৈ আছে। আনহাতে বৰষুণ বতাহৰ ক্ৰম বা পৰিমাণ পৰিৱৰ্তন হোৱাৰ লগে লগে বায়ুমণ্ডলৰ স্থানীয় উষ্ণতাৰো যথেষ্ট পৰিৱৰ্তন হৈছে। জলবায়ুৰ এনে পৰিৱৰ্তনক জলবায়ুৰ সংকট আখ্যা দিয়া হৈছে আৰু ইয়াৰ কাৰণে মানুহৰ জীৱন ধাৰণ কষ্টকৰ হৈ উঠিছে। এইবোৰ ঘটনাই পৃথিৱীৰ পৰিৱেশ সংকটৰ মুখলৈ ঠেলি নিছে।

পৰিৱেশ নানা প্ৰকাৰে প্ৰদূষিত হোৱাৰ ফলত বায়ুমণ্ডলৰ গড় উষ্ণতা বৃদ্ধি হ’ব বুলি পৰিৱেশ বিজ্ঞানীসকলে সাৱধান বাণী শুনাইছে। বিশ্বৰ আগশাৰীৰ সংগঠন ডব্লিউ ডব্লিউ এফ-ৰ দ্বাৰা প্ৰকাশিত এক প্ৰতিবেদনৰ পৰা জানিব পৰা গৈছে যে ২০২৬ চনৰ ভিতৰত পৃথিৱীৰ গড় উষ্ণতা দুই ডিগ্ৰী চেলছিয়াছ পৰিমাণে বৃদ্ধি হ’ব। ইতিমধ্যে ভূ-উষ্ণতা এনেদৰে বৃদ্ধি হৈ থকাৰ ফলত হিমালয় পৰ্বতৰ বৰফাবৃত অঞ্চলৰ বৰফ গলিবলৈ আৰম্ভ কৰিছে আৰু মেৰু অঞ্চলতো বৰফ অধিক মাত্ৰাত গলিব ধৰিছে। এনে গলনৰ ফলত ২০৫০ চনমানলৈ সমুদ্ৰ পৃষ্ঠৰ উচ্চতা হয়তো আজিতকৈ ২.৫ মিটাৰ পৰ্যন্ত বৃদ্ধি হ’ব পাৰে। ইয়াৰ ফলত বহু দেশ জলমগ্ন হব। পৰিৱেশৰ ভৌতিক প্ৰদূষণৰ ফলতে জলবায়ুৰ এই সংকটে দেখা দিছে।

১৯০০ চনৰ পৰা পৃথিৱীত ঘটা কিছুমান মাৰাত্মক প্ৰাকৃতিক দুৰ্যোগ

২৮-১২-১৯০৮ – পূৱ চিচিলি আৰু ইটালীৰ দক্ষিণ অংশত হোৱা ৭.২ ৰিখটাৰ স্কেলৰ ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা ১,২৩,০০০ (এক লাখ তেইশ হেজাৰ)।

১৩-০১-১৯১৫ – ইটালীৰ আভেজানোত হোৱা ৭.৫ ১৯,৯৮০ (উনৈশ হেজাৰ নশ আশী)।

১৬-১২-১৯২০ – চীন দেশৰ গাণ্সুত হোৱা ৮.৬ ৰিখটাৰ স্কেলৰ ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা ২,০০,০০০ (দুই লাখ)।

০১-০৯-১৯২৩ – জাপানৰ টকিঅ’ত হোৱা ৮.৩ ৰিখটাৰ স্কেলৰ ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা ২,০০,০০০ (দুই লাখ)।

২৫-১২-১৯৩২ – চীন দেশৰ গাঞ্চুত হোৱা ৭.৬ ৰিখটাৰ স্কেলৰ ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা ৭০,০০০ (সত্তৰ হেজাৰ)।

০৫-১০-১৯৪৮ – ৰাছিয়াৰ টাৰ্কেমেনিষ্টানত হোৱা ৭.৩ ৰিখটাৰ স্কেলৰ ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা  ১,১০,০০০ (এক লাখ দহ হেজাৰ)।

১৫-০৮-১৯৫০ – অসমত হোৱা ৮.৩ ৰিখটাৰ স্কেলৰ ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা ৩০,০০০ (ত্ৰিশ হেজাৰ)।

১৩-১১-১৯৭০ – বাংলাদেশত হোৱা ঘূৰ্ণিবতাহত মৃত্যু হোৱা লোকৰ সংখ্যা ৩,০০,০০০ (তিনি লাখ)।

(১৪-১৬)-১১-১৯৮৫ – কলম্বিয়া দেশত হোৱা আগ্নেয়গিৰিত মৃত্যু হোৱা লোকৰ সংখ্যা ২৫,০০০ (পচিশ হেজাৰ)।

৩০-০৯-১৯৯৩ – মহাৰাষ্ট্ৰৰ লাতুৰত হোৱা ৬.৩ স্কেলৰ ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা ১০,০০০ (দহ হেজাৰ)।

২৬-০১-২০০১ – গুজৰাটৰ ভূজ চহৰত হোৱা ৮.১ প্ৰাবল্যৰ ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা ৫০,০০০ (পঞ্চাশ হেজাৰ)।

২৬-১২-২০০৪ – ইণ্ডোনেছিয়াৰ সুমাত্ৰা দ্বীপত হোৱা ৮.৯ ৰিখটাৰ স্কেলৰ ভূমিকম্পৰ ফলত চুনামী ঢৌ উঠে আৰু প্ৰায় ১২ খন দেশ প্ৰভাৱিত হয়, ৩,০০,০০০ লাখ (তিনি লাখ) মান মানুহ মৃত্যুমুখত পৰে।

নৈতিক আৰু মানৱীয় প্ৰমূল্যৰ সংকট

পৰম্পৰাগত ভাৰতীয় সমাজ গাঁঠনি সাম্প্ৰতিক কালত বিভিন্ন প্ৰকাৰে আৰু বিভিন্ন কাৰণত সোলোক-ঢোলোক হৈ পৰিব ধৰিছে। ডাঙৰ পৰিয়ালবোৰ ভাঙি গৈ সৰু পৰিয়াল বা তথাকথিত নিউক্লিয়াৰ পৰিয়াল গঠন হ’বলৈ ধৰিছে। গতিকে স্বাভাৱিকতে সৰু পৰিয়ালত থকা ল’ৰা-ছোৱালীবোৰ সমাজবিমুখ হৈছে আৰু আত্মকেন্দ্ৰিক হৈ পৰিব ধৰিছে। নগৰীকৰণৰ হাৰ তীব্ৰ গতিত বৃদ্ধি পোৱা কাৰণে নগৰমুখী এক বিশেষ ধৰণৰ প্ৰমূল্যই গা কৰি উঠিব ধৰিছে।

(১) বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰসাৰ, শিক্ষাৰ বিস্তাৰ, নতুন নতুন সংযোগ ব্যৱস্থাৰ প্ৰচলন তথা যান-বাহনৰ সহজলভ্যতা আদি কেইবাটাও কাৰণত আমাৰ সমাজ ব্যৱস্থাত কিছুমান লক্ষণীয় পৰিৱৰ্তন ঘটিবলৈ ধৰিছে।

(২) পূৰাতন সমাজত যিবোৰ ৰীতি-নীতি, পৰম্পৰা আদি প্ৰচলিত আছিল, উৎসৱ পাৰ্বণ আদি প্ৰচলিত আছিল, সেইবোৰ বহুলাংশে পৰিৱেশ মিত্ৰ আছিল, পৰিৱেশ উত্কৰ্ষকাৰী আছিল। কিন্তু আধুনিক শিক্ষা ব্যৱস্থা গ্ৰহণ কৰি অহা নতুন প্ৰজন্মৰ মাজত এনে ধাৰণাই খোপনি পুতিছে যে আগৰ সেই ৰীতি-নীতি, উৎসৱ-পাৰ্বণ আদিৰ একো বৈজ্ঞানিক ভিত্তি নাই, সেইবোৰ অধিকাংশই মানুহৰ অন্ধবিশ্বাসৰ কাৰণেহে প্ৰচলিত হৈ আছিল। সময়ৰ পৰিৱৰ্তনৰ লগে লগে ৰীতি-নীতিৰ পৰিৱৰ্তন আহি পৰিছে। কিন্তু এইটো অনস্বীকাৰ্য্য যে সমাজ ব্যৱস্থাত পৰম্পৰা তথা ঐতিহ্যৰ মাহাত্ম্য আছে। শুদ্ধ কি, অশুদ্ধ কি, বৈজ্ঞানিক কি, অবৈজ্ঞানিক কি সেইবোৰ কথাৰ সদুত্তৰ দিয়া সহজসাধ্য নহয়। যেনে, তুলসীৰ গুৰিত চাকি দিলে কি হয়, মহৌহ উৎসৱ পাতিলে কি হয় বা আঘোণ মাহত পথাৰৰ পৰা পকাধান তিনিচোপ কাটি আনি গোসাঁই ঘৰত থলে কি হয়, সেইবোৰ কথাৰ উত্তৰ দিয়া সহজ নহয়। প্ৰকৃততে বৈজ্ঞানিক আৰু অবৈজ্ঞানিক কথাৰ মাজত থকা প্ৰভেদো বহুত ক্ষেত্ৰত অস্পষ্ট হয়। সকলো কথাৰে সফল বৈজ্ঞানিক ব্যাখ্যা দিয়াটোও অত্যন্ত দুৰূহ কাম। ভেকুলীৰ বিয়া পাতিলে বৰষুণ হয়, ঢেঁকী ওলোটাকৈ পুতি থলে বৰষুণ হয়, এনেধৰণৰ এশ এটা লোকবিশ্বাস আছে, সেই সকলোতে বিজ্ঞানক সাঙুৰিবলৈ গলে অসুবিধা। পূৰাতন সমাজখন সেইবোৰক লৈয়ে বান্ধ খাই আছিল।

সামাজিক ৰীতি-নীতিৰ পৰিৱৰ্তন হোৱাৰ ফলত পুৰণি প্ৰমূল্য কিছু পৰিমাণে লোপ পাইছে। তাৰ ঠাইত নতুন প্ৰমূল্যৰ সৃষ্টি হৈছে। পৰম্পৰাৰ পৰা ফালৰি কাটি অহাৰ বাবে অভিযোগ শুনা যায় যে পূৰাতন সমাজ ব্যৱস্থাত ঘূণে ধৰিছে আৰু সামাজিক বান্ধোন ঢিলা হৈছে। যুৱক-যুৱতীসকলৰ পুৰণি ৰীতি-নীতিৰ প্ৰতি উদাসীন ভাব, জ্যেষ্ঠসকলৰ প্ৰতি সম্ভ্ৰমমূলক আচৰণ প্ৰদৰ্শনৰ অভাৱ, কায়িক শ্ৰমৰ প্ৰতি বিৰাগ ইত্যাদি মনোভাৱে সামাজিক শৃংখলাত বিৰূপ প্ৰভাৱ পেলোৱা দেখা গৈছে।

  • কিছুমান উল্লেখযোগ্য পাৰিভাষিক শব্দ

জীৱাশ্ম ইন্ধন, শক্তি সংকট, খাৰুৱা তেল, প্ৰাকৃতিক দুৰ্যোগ, নৈতিক প্ৰমূল্য, মানৱীয় প্ৰমূল্য, যৌথ পৰিয়াল, নগৰীকৰণ, ৰুক্ষাহাৰ, ব্ৰিটিছ তাপীয় একক (বি টি ইউ- ব্ৰিটিছ থাৰ্মেল ইউনিট)।

উৎস: পৰিৱেশ।

3.30434782609
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top