অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

জিলা পৰিষদৰ স্থাপন আৰু গঠন

৬৪। (১) প্ৰতিখন জিলা বাবে একোখনকৈ জিলা পৰিষদ থাকিব। এই আইনত সন্নিৱিষ্ট কৰা উপবন্ধৰ অন্যথা নহ’লে এনে জিলা পৰিষদৰ প্ৰশাসনিক এলেকা সমগ্ৰ জিলাখনেই হ’ব। পৌৰ নিগম নাইবা পৌৰসভাৰ অধীনত থকা অঞ্চলত (যিটো ক্ষেত্ৰত যিটো প্ৰযোজ্য হয়) নাইবা নগৰ সমিতিৰ বা চেনিটাৰী বোৰ্ড নতুবা কেন্টনমেন্ট অঞ্চলৰ কৰ্তৃত্বৰ ভিতৰুৱা বা সাময়িক ভাৱে বাহাল থকা কোনো আইনৰ অধীনত থকা আৰু এই আইনৰ বিপৰীত ধৰ্মী কোনো জাননীকৃত এলেকাৰ ভিতৰুৱা অঞ্চল জিলা পৰিষদৰ প্ৰশাসনিক এলেকাৰ পৰা বাদ পৰিব। ওপৰত দিয়া ধৰণে জিলাখনৰ পৰা বাদ পৰা অংশৰ যিকোনো অঞ্চল এটুকুৰাত জিলা পৰিষদে নিজৰ কাৰ্যালয় নিৰ্মাণ কৰিব পাৰিব। উক্ত কাৰ্যালয়ৰপৰা ইয়াৰ নিয়ন্ত্ৰণ আৰু পৰিচালনাৰ অধীনত থকা অনুষ্ঠানুৰ ওপৰত জিলা পৰিষদে ক্ষমতা প্ৰয়োগ কৰিব পাৰিব আৰু ইয়াৰ কাৰ্যাৱলী পৰিচালনা কৰিব পাৰিব বুলিও উপবন্ধ আছে।

(২) প্ৰতিখন জিলা পৰিষদ ‘জিলা পৰিষদ’ নামেৰে এটা নিগম নিকায় হ’ব। প্ৰতিখন জিলা পৰিষদৰে নিৰৱচ্ছিন্ন ধাৰাবাহিকতা আৰু এটা উমৈহতীয়া মোহৰ থাকিব।এই আইনৰদ্বাৰা বা এই আইনৰ অধীনত বা আন কোনো আইনৰ দ্বাৰা আৰোপ কৰা বাধাসমূহৰ ওপৰত নিৰ্ভৰ কৰি ইয়াৰ নিগম নিকায়টোৰ নামত আনৰ ওপৰত মকৰ্দমা ৰুজু কৰাৰ বা আনে ইয়াৰ ওপৰত মকৰ্দমা ৰুজু কৰাৰ অধিকাৰ হাকিব। জিলা পৰিষদে, স্থাৱৰেই হওক বা অস্থাৱৰেই হওক, সম্পত্তি আহৰণ কৰিব পাৰিব, হস্তান্তৰ কৰিব পাৰিব। তেনে সম্পত্তি জিলা পৰিষদৰ কৰ্তৃত্বৰ তলতীয়া এলেকাৰ চাৰিসীমাৰ ভিতৰ থাকিবও পাৰে বা নাথাকিবও পাৰে। জিলা পৰিষদে চুক্তিবদ্ধও হ’ব পাৰিব। মুঠতে জিলা পৰিষদ গঠন কৰাৰ উদ্দেশ্য সমূহ পূৰণ কৰিবৰ বাবে সকলোবোৰ প্ৰয়োজনীয় যথোপযুক্ত আৰু জৰুৰী ব্যৱস্থা জিলা পৰিষদে হাতত ল’ব পাৰিব।

জিলা পৰিষদৰ গঠন

৬৫। (১) তলত দিয়া সদস্যসকলৰ দ্বাৰা জিলা পৰিষদ গঠিত হ’ব-

জিলাখনৰ আঞ্চলিক সমষ্টিসমূহৰ পৰা প্ৰত্যক্ষভাৱে নিৰ্বাচিত সদস্যসকল। ৰাজপত্ৰত প্ৰকাশিত জাননীৰ জৰিয়তে চৰকাৰে জিলাখনৰ আঞ্চলিক সমষ্টিসমূহ নিৰ্দ্ধাৰণ কৰি দিব ৱুলি উপবন্ধ ৰখা হৈছে।

প্ৰতিটো সমষ্টিৰ ভোটাৰৰ স্ংখ্যা ৪০,০০০ তকৈ কম হ’ব নোৱাৰিব। নিৰ্দেশ দিয়া পদ্ধতিৰে নিৰ্বাচনৰ দ্বাৰা প্ৰত্যযভাৱে প্ৰতিটো সমষ্টিৰপৰা একোজনকৈ সদস্য জিলা পৰিষদলৈ নিৰ্বাচিত কৰি পঠিওৱা হ’ব।

আঞ্চলিক পঞ্চায়তৰ সভাপতিসকল।

সংসদ সদস্য আৰু বিধান সভাৰ সদস্য, যিজনৰ সমষ্টি জিলাখনৰ ভিতৰুৱা আৰু যিজনে জিলাখনক আংশিকভাৱে বা সামগ্ৰীকভাৱে প্ৰতিনিধিত্ব কৰে।

(২) সকলো সদস্যৰে ভোটাধিকাৰ থাকিব।

অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ বাবে আসন স্ংৰক্ষণ:

৬৬। (১) প্ৰতিখন জিলা পৰিষদতে অনুসূচিত জাতি অৰু অনুসূচিত জনজাতিৰ ববে আসন স্ংৰক্ষিত কৰা হ’ব। এখন জিলা পৰিষদৰ অন্তৰ্ভুক্ত অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ মুঠ জনস্ংখ্যাই, সেই জিলাখনৰ মুঠ জনস্ংখ্যাৰ সৈতে যি অনুপাতৰ সৃষ্টি কৰিব, স্ংৰক্ষিত আসনৰ স্ংখ্যাওউক্ত জিলা পৰিষদৰ অন্তৰ্গত মুঠ আসনৰ সৈতে যথাসম্ভৱ একে অনুপাতৰ সৃষ্টি কৰিব লাগিব। এনেদৰে স্ংৰক্ষণ কৰা আসনসমূহ আৱৰ্তন প্ৰক্ৰিয়াৰে বিভিন্ন সমষ্টিলৈ নিৰ্দেশিত পদ্ধতিৰে আবন্টন কৰিব পৰা যাব।

(২) উপধাৰা ১ ৰ অধীনত স্ংৰক্ষণ কৰা মুঠ আসনৰ স্ংখ্যাৰ ১/৩ অংশ আসন অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ মহিলাৰ বাবে (যি ক্ষেত্ৰত যিটো প্ৰযোজ্য হয়) স্ংৰক্ষণ কৰা হ’ব। তেনেদৰে স্ংৰক্ষণ কৰা আসনৰ স্ংখ্যা ১/৩ অংশতকৈ কম হ’ব নোৱাৰিব।

মহিলাৰ বাবে আসন স্ংৰক্ষণ:

৬৭। (১) উপধাৰা ২ ৰ অধীনত অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ মহিলাৰ বাবে স্ংৰক্ষিত আসনকে ধৰি ধাৰা৬৫ ৰ উপধাৰা ১ অনুসৰি প্ৰত্যক্ষভাৱে নিৰ্বাচিত হোৱা সদস্যসকলৰ মাজৰ পৰা পূৰণ কৰিবলগীয়া মুঠ আসনৰ স্ংখ্যাৰ ১/৩ অংশতকৈ কম হ’ব নোৱাৰিব। যেনে ধৰণে নিৰ্দেশ দিব পৰা যায়, তেনে ধৰণেৰে উক্ত আসনসমূহ আৱৰ্তন প্ৰক্ৰিয়াৰ জৰিয়তে বিভিন্ন সমষ্টিলৈ আবণ্টন কৰিব পৰা যাব।

(২) অনুসূচি জাতি, অনুসূচিত জনজাতি আৰু সাধাৰণ শ্ৰেণীৰ কোনো মহিলা প্ৰতিনিধি জিলা পৰিষদলৈ নিৰ্বাচিত হৈ নাহিলে, চৰকাৰে ৰাজপত্ৰত প্ৰকাশিত জাননীৰ যোগেৰে তেনে শ্ৰেণীসমূহৰ মাজৰ পৰা এগৰাকী মহিলাক জিলা পৰিষদৰ সদস্যা হিচাবে মনোনীত কৰিব পাৰে।

জিলা পৰিষদৰ কাৰ্যকাল:

৬৮। (১) এই আইনৰ উপবন্ধসমূহৰ অন্যথা নহ’লে প্ৰতিখন জিলা পৰিষদে ইয়াৰ প্ৰথমখন বৈঠক অনুষ্ঠিত অনুষথিত হোৱা তাৰিখটোৰ পৰা ৫ বছৰৰ বাবে কাৰ্যনিৰ্বাহ কৰিব। তেনে কাৰ্যকাল ৫ বছৰৰ বেছি হ’ব নোৱাৰিব।

ভ্ংগ হোৱা জিলা পৰিষদৰ বাবে নিৰ্বাচন:

৬৯। (১) জিলা পৰিষদ গঠন কৰিবলৈ অনুষ্ঠিত হোৱা নিৰ্বাচন সম্পূৰ্ণ হ’ব লাগিব-

 

(ক) ধাৰা ৬৮ ত নিৰ্দিষ্ট নিৰ্দিষ্ট কৰি দিয়া ধৰণে ইয়াৰ কাৰ্যকাল উকলি যোৱাৰ আগেয়ে।

(খ) ভ্ংগ হৈ যোৱাৰ ক্ষেত্ৰত তেনেদৰে তেনেদৰে ভ্ংগ হৈ যোৱা দিনটোৰ পৰা ৬ মাহ সময় উকলি নোযোৱাৰ আগতে।

উপবন্ধ সন্নিৱিষ্ট কৰা হৈছে যে যি ক্ষেত্ৰত ভ্ংগ হৈ যোৱা জিলা পৰিষদৰ বাকী থকা কাৰ্যকাল, যি সময়ছোৱাৰ বাবে জিলা পৰিষদখনে কাৰ্যনিৰ্বাহ কৰি থাকিলেহেতেন, যদি ৬ মাহৰ সময়তকৈ কম হয়, তেনে ক্ষেত্ৰত তেনে সময়ছোৱাৰ বাবে স্ংশ্লিষ্ট জিলা পৰিষদ খন পুনৰ গঠন কৰিবলৈ নিৰ্বাচন অনুষ্ঠিত কৰাৰ কোনো প্ৰয়োজন নাই।

(২) ভ্ংগ হৈ যোৱা জিলা পৰিষদ এখন পুনৰ গঠন কৰা হ’লে তেনে পৰিষদখনে উক্ত ভ্ংগ হৈ যোৱা জিলা পৰিষদৰ বাকী থকা কাৰ্যকালৰ বাবেহে কাৰ্যনিৰ্বাহ কৰি থাকিব, যি কাৰ্যকালৰ বাবে উপধাৰা ১ ৰ অধীনত পূৰ্বৰ পৰিষদখনে কাৰ্যনিৰ্বাহ কৰি থাকিলেহেঁতেন।

জিলা পৰিষদৰ সভাপতি আৰু উপসভাপতিৰ নিৰ্বাচন:

৭০। (১) ধাৰা ৬৪ ৰ অধীনত এখন জিলা পৰিষদ গঠিত হ’লে, জিলা উপায়ুক্তই জিলা পৰিষদখনৰ এখন বৈঠক আহ্বান কৰিব (এইখন বৈঠকক জিলা পৰিষদৰ প্ৰথম বৈঠক বুলি কোৱা হ’ব) । ধাৰা ৬৫ ৰ উপধাৰা ১ অনুসৰি প্ৰত্যক্ষভাৱে নিৰ্বাচিত হোৱা সদস্যসকলে তেওঁলোকৰ মাজৰ পৰা এজন সভাপতি আৰু উপসভাপতি নিৰ্বাচন কৰিবলৈ এই বৈঠকখন আহ্বান কৰা হ’ব।

(২) ৰাজ্যিক নিৰ্বাচন আয়োগে এই স্ংক্ৰানত যেনে ধৰণৰ নিয়মৰ নিৰ্দেশ দিয়ে জিলা পৰিষদৰ সভাপতি নাইবা উপসভাপতিৰ নিৰ্বাচন আৰু তেনে পদৱী সমূহত হোৱা খালী ঠাই পুৰণ আৰু তেনে নিৰ্বাচন স্ংক্ৰান্তত উদ্ভৱ হোৱা বিবাদ নিস্পত্তিৰ নিয়মো তেনেধৰণৰ হ’ব।

জিলা পৰিষদৰ সভাপতি, উপসভাপতি আৰু সদস্যসকলৰ বৈঠকী ভাট্টা:

৭১। (১) চৰকাৰে যেনেদৰে নিৰ্দেশ দিয়ে জিলা পৰিষদৰ সভাপতি আৰু উপসভাপতিৰ ভাট্টাও তেনে ধৰণৰ হ’ব।

(২) চৰকাৰে যেনেদৰে নিৰ্দেশ দিয়ে সভাপতি আৰু উপসভাপতিক বাদ দি জিলা পৰিষদৰ প্ৰতিজন সদস্যই তেনে বৈঠকী মাচুল আৰু ভাট্টালাভ কৰাৰ অধিকাৰ থাকিব।

সভাপতি আৰু উপসভাপতিৰ পদত্যাগ আৰু অপসাৰণ:

৭২। (১) জিলা পৰিষদৰ সভাপতিয়ে জিলা উপায়ুক্তৰ জৰিয়তে চৰকাৰলৈ লিখিতভাৱে জনাই যিকোনো সময়তে পদত্যাগ কৰিব পাৰে। জিলা পৰিষদৰ উপসভাপতি এজনে জিলা পৰিষদৰ সভাপতিলৈ লিখিত ভাৱে জনাই যিকোনো সময়তে তেওঁৰ পদটো ত্যাগ কৰিব পাৰে, আৰু জিলা পৰিষদৰ সভাপতিজনৰ অনুপস্থিতিত জিলা উপায়ুক্তৰ যোগেদি লিখিতভাৱে চৰাৰক জনায়ো তেনে কৰিব পাৰে। তেনে ক্ষেত্ৰত তেনে পদত্যাগ পত্ৰ প্ৰাপ্তিৰ দিনটোৰ পৰা ১৫ দিন সময় উকলি যোৱাৰ পাছত তেনে পদৱীটো খালি হোৱা বুলি ধৰি লোৱা হ’ব যদিহে সভাপতিৰ ক্ষেত্ৰত তেনে পদৱীত অধিস্থিত থকা সদস্যজনে লিখিতভাৱে চৰকাৰক জনাই তেওঁৰ পদত্যাগ পত্ৰ উল্লিখিত থকা ১৫ দিন সময়ৰ ভিতৰত উঠাই নলয়। উপসভাপতিৰ ক্ষেত্ৰত তেনে পদৱীত অধিষ্ঠিত থকা সদস্যজনে লিখিতভাৱে সভাপতিজনক জনাই তেওঁৰ পদত্যাগ পত্ৰ উল্লেখিত ১৫ দিন সময়ৰ ভিতৰত উঠাই ল’ব পাৰে।

(২) জিলা পৰিষদৰ প্ৰতিজন সভাপতি নাইবা উপসভাপতিয়ে তেওঁৰ পদৱীটো খালি কৰি দিব যদিহে তেওঁৰ জিলা পৰিষদৰ সদস্য পদটো অব্যাহত নাথাকে।

জিলা পৰিষদৰ সভাপতি আৰু উপসভাপতিৰ বিৰুদ্ধে অনাস্থা:

৭৩। (১) জিলা পৰিষদৰ সভাপতি আৰু উপসভাপতিৰ বিৰুদ্ধে অনস্থা প্ৰস্তাৱ উত্থাপন কৰিব পাৰি। তেনে অনাস্থা প্ৰস্তাৱৰ বিষয়ে আলোচনা কৰিবলৈ এখন বিশেষ বৈঠক আহ্বান কৰিব পৰা যায়। উক্ত বৈঠকত জিলা পৰিষদলৈ প্ৰত্যক্ষভাৱে নিৰ্বাচিত হোৱা সদস্যসকলৰ ২/৩ অংশই যদি স্ংশ্লিষ্ট সভাপতি বা উপসভাপতিজনৰ বিৰুদ্ধে অনা অনাস্থা প্ৰস্তাৱটোৰ সপক্ষে ভোটদান কৰে, তেনেহ’লে উক্ত সভাপতি বা উপসভাপতিজনে তেওঁৰ আসনখন ততমুহূৰ্তেই এৰি দিব লাগিব। অনাস্থা প্ৰস্তাৱটো যদি সভাপতিৰ বিৰুদ্ধে উত্থাপিত হয়, তেনেহ’লে উক্ত বৈঠকত স্ংশ্লিষ্ট জিলা পৰিষদখনৰ উপসভাপতিজনে আৰু অনাস্থা প্ৰস্তাৱটো যদিহে উপসভাপতিজনৰ বিৰুদ্ধে উত্থাপিত হয়, তেনেহ’লে সভাপতিজনে সভাপতিত্ব কৰিব।

(২) জিলা পৰিষদখনৰ যদি কোনো উপসভাপতি নাই তেনেহ’লে বৈঠকত উপস্থিত থকা সদস্যসকলে তেওঁলোকৰ মাজৰপৰাই এজনক বৈঠকত সভাপতিত্ব কৰিবলৈ নিৰ্বাচিত কৰিব।

উপবন্ধত সন্নিৱিষ্ট কৰা হৈছে যে তেনে প্ৰস্তাৱ এটাৰ বাবে জাৰি কৰা জাননী এখনত মুঠ সদস্য স্ংখ্যাৰ ১/৩ অংশই চহী কৰিব লাগিব আৰুই জাননীখন লাভ কৰাৰ দিনটোৰ পৰা আৰম্ভ কৰি ৭ দিনৰ ভিতৰত বৈঠকখন আহ্বান কৰিব লাগিব। তেনে বোঠকৰ বাবে জাননী জাৰি কৰা দিনাটোৰপৰা ১৫ দিনৰ ভিতৰত বৈঠকখন অনুষ্ঠিত হ’ব। যদিহে নিৰ্দিষ্ট কৰি দিয়া সময়খিনিৰ ভিতৰত সভাপতিয়ে বৈঠকখন আহ্বান বা অনুষ্ঠিত কৰিবলৈ ব্যৰ্থ হয়, তেনেহ’লে সদস্যসকলেতেনে বৈঠক আহ্বান কৰিবলৈ জিলা উপায়ুক্তক অনুৰোধ কৰিব পাৰে। তেনে ক্ষেত্ৰত জিলা উপায়ুক্তজনে উক্ত বৈঠকখন আহ্বান কৰিবলৈ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াজনক নিৰ্দেশ দিব পাৰে।

জিলা পৰিষদৰ সভাপতি আৰু উপসভাপতিৰ অপসাৰণ:

৭৪।(১) এই আইনৰ উপবন্ধসমূহৰ কোনো ক্ষতি নকৰাকৈ চৰকাৰে জিলা পৰিষদৰ সভাপতি নাইবা উপসভাপতি বা সদস্য এজনক তেওঁৰ পদৱীৰ পৰা অপসাৰণ কৰিব পাৰে। জিলা পৰিষদৰ সভাপতি নাইবা উপসভাপতি বা সদস্যজনে যদি কৰ্তব্য পালনত ভুল কৰে বা অসমৰ্থতা প্ৰকাশ কৰে নতুবা বাৰে বাৰে তেনে কৰ্তব্য পালনত গাফিলতি কৰে নাইবা তেওঁ যদি কোনো অসন্মানজনক চৰিত্ৰৰ দিশত দোষী সাব্যস্ত হয় তেনেহ’লে তেওঁক তেওঁৰ পদৰ পৰা অপসাৰণ কৰা হ’ব।

এবাৰ অপসাৰিত হোৱাৰ পাছত বাকী থকা কাৰ্যকালৰ বাবে তেনে এজন সভাপতি নাইবা উপসভাপতি নাইবা স্ংশ্লিষ্ট জিলা সদস্যই জিলা পৰিষদৰ সভাপতি নাইবা উপসভাপতি নাইবা সদস্য হিচাপে পুনৰ নিৰ্বাচিত হ’ব নোৱৰিব।

চৰকাৰৰ ওচৰত তাৰ বাখ্যা আগবঢ়াবলৈ যদিহে যুক্তিস্ংগত সুবিধা দিয়া নহয়, তেনেহ’লে এখন জিলা পৰিষদৰ কোনো সভাপতি নাইবা উপসভাপতিক তেওঁৰ পদৱীৰ পৰা অপসাৰিত কৰিব পৰা নাযাব বুলি উপবন্ধ সন্নিৱিষ্ট কৰা হৈছে।

(২) শুনানিৰ বাবে এটা সুবিধা প্ৰদান কৰাৰ পাছত চৰকাৰে উপধাৰা ১ ৰ অধীনত নিজৰ পদৱীৰ পৰা অপসাৰিত হোৱা কোনো সভাপতি নাইবা উপসভাপতিক জিলা পৰিষদৰ সদস্য পদৰ পৰাও অপসাৰিত কৰিব পাৰে।

জিলা পৰিষদৰ বৈঠক

৭৫। প্ৰতি তিনিমাহৰ ভিতৰত অন্তত: এবাৰ জিলা পৰিষদে বৈঠক অনুষ্ঠিত কৰিব লাগিব। চৰকাৰে যি সময় আৰু যি স্থানত স্থিত কৰি দিয়ে, জিলাখনৰ আঞ্চলিক পৰিসীমাৰ ভিতৰত তেনে সময় আৰু তেনে স্থানত নতুনকৈ গঠিত হোৱা জিলা পৰিষদ এখনৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হ’ব বুলি উপবন্ধ আছে।

যদিহে জিলা পৰিষদৰ ১/৩ অংশ সদস্যই লিখিতভাৱে সভাপতিক জিলা পৰিষদৰ ভিতৰত বৈঠক এখন াহ্বান কৰিবলৈ কয়, তেন্তে তেওঁ তেনে বৈঠক এখন ১০ দিনৰ ভিতৰত আহ্বান কৰিব। যদিহে সভাপতিয়ে বৈঠকখন উক্ত সময়ৰ ভিতৰত আহ্বান কৰিবলৈ ব্যৰ্থ হয়, তেনেহ;লে উপৰোক্ত সদস্য সকলে চৰকাৰক সেই বিষয়ে জনাই তেনে বৈঠক এখন আহ্বান কৰিব পাৰে। তেনে ক্ষেত্ৰত স্ংশ্লিষ্ট সভাপতি আৰু আন সদস্যসকলক সম্পূৰ্ণ ৭ দিন আগেয়ে জাননী জাৰি কৰিব কৰিব লাগিব।

জিলা পৰিষদৰ বৈঠকত থুল:

৭৬। (১) জিলা পৰিষদৰ বৈঠক এখনত কোনো কাম সম্পাদন কৰিবলৈ হ’লে থুল থাকিব লাগিব। জিলা পৰিষদৰ মুঠ সদস্য স্ংখ্যাৰ ১/৩ অংশ সদস্যৰ উপস্থিতিয়ে জিলা পৰিষদৰ বৈঠক এখনত থুলৰ সৃষ্টি কৰিব।

(২) সাধাৰণ বৈঠক এঅখনৰ বাবে সম্পূৰ্ণ ১০ দিনীয়া আৰু বিশেষ বৈঠক এখনৰ বাবে সম্পূৰ্ণ ৭ দিনীয়া জাননী জিলা পৰিষদৰ সদস্য সকললৈ পঠিয়াব লাগিব। জাননীখনত বৈঠকখন অনুষ্ঠিত হোৱাৰ সময়টো আৰু তাত কি কি কাৰ্যসম্পাদন কৰা হ’ব তাক নিৰ্দিষ্ট কৰি দিব লাগিব। জাননীখন জিলা পৰিষদৰ জাননীফলকত আঁৰি দিব লাগিব। বিশেষ বৈঠক এখনৰ ক্ষেত্ৰত সেই বৈঠকখনৰ বাবে জাৰি কৰা জাননীখনত লিখিত অনুৰোধটোত উল্লেখ থকা প্ৰস্তাৱটো উল্লেখ থাকিব লাগিব।

(৩) নিৰ্দ্ধাৰিত সময়ত বৈঠক এখনত থুলৰ অভাৱ ঘটিলে, উক্ত বৈঠকখনত সভাপতিত্ব কৰা ব্যক্তিজনে থূলৰ সৃষ্টি হ’ব পাৰে বুলি ৩০ মিনিট সময় অপেক্ষা কৰিব, উক্ত সময়ত যদিহে থূলৰ সৃষ্টি হয়, তেওঁ বোঠকখন আগুৱাই নিব আৰু যদিহে তাৰ পাছতো থূলৰ অভাৱ ঘটে তেনেহ’লে বৈঠকখন স্থগিত ৰাখিব। বৈঠকখন ভৱিষ্যতৰ কোনোবা দিন এটাৰ তেনে সময় এটা অনুস্থিত কৰিব। কিনু বৈঠকখন স্থগিত হৈ থকা সময় ৩০ দিনৰ বেছি হ’ব নোৱাৰিব। এখন বৈঠক চলি থকা মুহূৰ্ততো যদিহে কোনো সদস্যি উক্ত বৈঠকখনত থূলৰ সৃষ্টি হোৱা নাই বুলি সভাপতিজনৰ দৃষ্টি আকৰ্ষণ কৰাব পাৰে, তেনেহ’লে যিকোনো সময়তে সভাপতিজনে উক্ত বৈঠকখন স্থগিত কৰিব পাৰে। এনেদৰে স্থগিত হোৱা বৈঠক এখন পুনৰ অনুষ্ঠিত হ’লে ত্যাৰ বাবে থূলৰ কোনো প্ৰয়োজন নাই। কিন্তু এনে বৈঠকত মূল বৈঠকখনত বিবেচিত হ’বলগীয়া বিষয়ৰ ওপৰতহে আলোচনা হ’ব পাৰিব।

(৪) গৃহীত হোৱা দিনটোৰ পৰা ৬ মাহৰ ভিতৰত, জিলা পৰিষদৰ কোনো এটা প্ৰস্তাৱ পৰিৱৰ্তন নাইবা প্ৰত্যাখান কৰিবলৈ বিচৰা হয়, তেনেহ’লে জিলা পৰিষদৰ মুঠ সদস্য স্ংখ্যাৰ আধা ভাগ সদস্যি তেনে কৰিবলৈ সমৰ্থন কৰি প্ৰস্তাৱ গ্ৰহণ কৰিব লাগিব। এনে ক্ষেত্ৰত সদস্য স্ংখ্যা আধাতকৈ কোনোপধ্যেই কম হ’ব নোৱাৰিব। ইয়াৰ বাবে এখন সাধাৰণ নাইবা বিশেষ বৈঠক আহ্বান কৰিব পৰা যায়। এই স্ংক্ৰান্তীয় কোনো জাননীয়ে উপধাৰা ২ত উল্লেখ কৰা আৱশ্যকীয়তাসমূহ পূৰণ কৰিব লাগিব। উক্ত জাননীত পৰিৱৰ্তন নাইবা প্ৰত্যাখান কৰিবলৈ বিচৰা প্ৰস্তাৱ এটাও উল্লেখ থাকিব লাগিব। উক্ত প্ৰস্তাৱটো প্ৰত্যাখান নাইবা পৰিৱৰ্তন কৰিবলৈ বিচৰা প্ৰস্তাৱ এটাও জাননীখনত লিপিবদ্ধ থাকিব লাগিব।

(৫) জিলা পৰিষদৰ সিদ্ধান্তৰ ওপৰত গ্ৰহন কৰা ব্যৱস্থাৱলীৰ বিষয়ে পাছৰ বৈঠকত প্ৰতিবেদন পাঠ কৰিব লাগিব। সকলোবোৰ যুক্তিস্ংগত সময়তে জিলা পৰিষদৰ যিকোনো সদস্যই চাব পৰাকৈ কাৰ্যবিৱৰণিখন মুকলিকৈ ৰাখিব লাগিব। কাৰ্যবিৱৰণি কাৰ্যবিৱৰণি বহীত লিপিবদ্ধ কৰিব লাগিব আৰু কাৰ্যবিৱৰণি বৈঠকত পাঠ কৰি দিয়াৰ পাছত সভাপতিয়ে সেখনত চহী কৰিব। জিলা পৰিষদৰ যিকোনো সদস্যই চাব পৰাকৈ কাৰ্যবিৱৰণিখন মুকলিকৈ ৰাখিব লাগিব। কাৰ্যবিৱৰণী বহীখন জিলা পৰিষদৰ কাৰ্যালয়ত ৰখা হ’ব। এই বহীখন মুখ্য কাৰ্যবাহী বিষয়াজনৰ তত্বাৱধানত থাকিব।

(৬) এখন বৈঠকত জিলা পৰিষদে গ্ৰহণ কৰা প্ৰতিটো সিদ্ধান্তৰ প্ৰতিলিপিটো তেনে বৈঠক অনুষ্ঠিত হোৱা দিনটোৰ পৰা আৰম্ভ কৰি দহ দিনৰ ভিতৰত চৰকাৰলৈ পঠিয়াব লাগিব।

(৭) জিলা পৰিষদৰ সন্মুখত উত্থাপিত হোৱা প্ৰতিটো প্ৰশ্নৰ ওপৰত গৰিষ্ঠ সংখ্যক সদস্যৰ ভোটৰদ্বাৰা সিদ্ধান্ত লোৱা হ’ব। প্ৰশ্ন এটাৰ সপক্ষে আৰু বিপক্ষে সমান স্ংখ্যক ভোট পৰিলে সভাপতি নাইবা বৈঠকত সভাপতিত্ব কৰা সদস্যজনে নিৰ্ণায়ক ভোট দিব পাৰিব বুলি উপবন্ধ আছে।

(৮) প্ৰতিখন বৈঠকত সভাপতিয়ে নাইবা তেওঁৰ অনুপস্থিতত উপসভাপতিয়ে সভাপতিত্ব কৰিব। যদিহে সভাপতিজন আৰু উপসভাপতি দুয়োজনৰ এজনো উপস্থিত নাথাকে। নাইবা সভাপতিজন অনুপস্থিত থাকে আৰু জিলা পৰিষদৰ কোনো উপসভাপতি নাই, বৈঠকত উপস্থিত থকা সদস্যসকলে তেওঁলোকৰ মাজৰপৰা এজনক বৈঠকখনত সভাপতিত্ব কৰিবলৈ নিৰ্বাচিত কৰিব।

জিলা পৰিষদৰ সভাপতি আৰু উপসভাপতিৰ ক্ষমতা, কাৰ্যাৱলী আৰু কৰ্তব্য:

৭৭। সভাপতিজনে-

(ক) এই আইনৰ নাইবা এই আইনৰ অধীনত প্ৰণয়ন কৰা আইন অনুসৰি জিলা পৰিষদৰ ওপৰত অৰ্পণ কৰা কৰ্তব্যসমূহ পালন কৰিব আৰু ক্ষমতাসমূহ প্ৰয়োগ কৰিব।

(খ) জিলা পৰিষদৰ সভা আহ্বান কৰিব, পৰিচালনা কৰিব আৰু তেনে বৈঠকত সভাপতিত্ব কৰিব।

(গ) মুখ্য কাৰ্যবাহী বিষয়াজনৰ ওপৰত আৰু তেওঁৰ জৰিয়তে চৰকাৰে জিলা পৰ৫ইষদৰ অধীনস্থ কৰ সকলো বিষয়া আৰু কৰ্মচাৰীৰ ওপৰত্ৰ প্ৰশাসনীয় তদাৰকী কৰিব।

(ঘ) এনে স্ংক্ৰান্তত প্ৰণয়ন কৰা আইনৰদ্বাৰা যি যি ক্ষমতা, কাৰ্যাৱলী আৰু কৰ্তব্য পালনৰ নিৰ্দেশ দিয়া হয়, সভাপতিজনে তেনে ক্ষমতা, কাৰ্যাৱলী, কৰ্তব্য পালন কৰিব।

(ঙ) জিলা পৰিষদৰ বিত্তিয় আৰু প্ৰশাসনৰ কাৰ্যাৱলী তদাৰক কৰিব আৰু তাৰ সৈতে জৰিত সকলোবোৰ প্ৰশ্ন যদিহে তেওঁ ভাৱে যে, তেনে প্ৰশ্নৰ জিলা পৰিষদৰ আদেশৰ প্ৰয়োজন, জিলা পৰিষদৰ ওচৰত উত্থাপন কৰিব। এই স্ংক্ৰান্তত জিলা পৰিষদৰ পৰা তথ্য পাতি বিচাৰিব পাৰে।

উপসভাপতিয়ে-

(ক) সভাপতিৰ অনুপস্থিতিত জিলা পৰিষদৰ বৈঠকত সভাপতিত্ব কৰিব।

(খ) নিৰ্দেশিত আইন সাপেক্ষে সময়ে সময়ে সভাপতিয়ে যি যি ক্ষমতা আৰু কৰ্তব্য তেওঁলৈ লিখিত আদেশৰদ্বাৰা হস্তান্তৰিত কৰে, তেনে ক্ষমতাসমূহ প্ৰয়োগ কৰিব, তেনে কৰ্তব্য সমূহ পালন কৰিব।

(গ) সভাপতিৰ নিৰ্বাচন মুলতুবী হৈ থাকিলে নাইবা সভাপতিজনে জিলাৰ বাহিৰত থাকিলে নাইবা ৩০ দিনতকৈ বেছিদিন সভাপতিজনে ছুটি লৈ থাকিলে সভাপতিৰ ক্ষমতা সমূহ প্ৰয়োগ কৰিব আৰু কৰ্তব্যসমূহ পালন কৰিব।

জিলা পৰিষদৰ বৈঠকত চৰকাৰী বিষয়াৰ উপস্থিতিত:

৭৮। যদিহে জিলা পৰিষদে ভাবে যে চৰকাৰৰ জিলা পৰ্যায়ৰ যিকোনো এজন বিষয়াক, যিজনৰ প্ৰশাসনিক এলেকা জিলাখনৰ ভিতৰুৱা, উপস্থিতি তাৰ কোনো এখন বৈঠকত আৱশ্যকীয়, তেনেহ’লে জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াজনে তেনে বিষয়াক সম্বোধন কৰি লিখা এখন চিঠি যোগে, তেনে বৈঠক অনুষ্ঠিত হোৱাৰ ১৫ দিনৰ আগতে(তেনে সময় ১৫ দিনৰ কম হ’ব নালাগিব) স্ংশ্লিষ্ট বিষয়াজনক বৈঠকত উপস্থিত থাকিবলৈ অনুৰোধ কৰিব। যদিহে কোনো যুক্তিস্ংগত কাৰণত বাধাগ্ৰস্ত নহয়, তেনেহ’লে বিষয়াজনে বৈঠকখনত উপস্থিত থাকিব।

তেনে চিঠিখন পোৱাৰ পিছত উপৰোক্ত ধৰণৰ কোনো এৰাব নোৱাৰা কাৰণৰ বাবে, বিষয়াজনে যদি নিজে বৈঠকখনত উপস্থিত থাকিবলৈ অপৰাগ হয়, তেনেহ’লে তেওঁ তেওঁৰ উপ নাইবা আন কোনো বিভাগীয় তলতীয়া বিষয়াক বৈঠকখনত তেওঁৰ প্ৰতিনিধিত্ব কৰি উপস্থিত থাকিবলৈ ক’ব পাৰে বুলি উপবন্ধ আছে।

কাৰ্যাৱলী:

৭৯। চৰকাৰে সময়ে সময়ে যি যি চৰ্ত নিৰ্দিষ্ট কৰি দিব পাৰে তেনে চৰ্ত সমূহ সাপেক্ষে জিলা পৰিষদে ধাৰা ৯০ ত নিৰ্দিষ্ট কৰি দিয়া কাৰ্যাৱলী সম্পাদন কৰিব।

জিলা পৰিষদৰ জিলা পৰিষদলৈ ক্ষমতাৰ হস্তান্তৰ:

৮০। (১) যি বিষয়সমূহলৈ চৰকাৰৰ কাৰ্যাৱলী প্ৰসাৰিত, তেনে যি কোনো বিষয় স্ংক্ৰান্তীয় কাৰ্যাৱলী চৰকাৰে জিলা পৰিষদৰ হাতত অৰ্পণ কৰিব পাৰে নইবা তেনে কাৰ্যাৱলীও অৰ্পণ কৰিব পাৰে, যিবোৰ কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰক সম্পাদন কৰিবলৈ ক’ব পাৰে।

(২) চৰকাৰে জাননীযোগে এই ধাৰাৰ অধীনত অৰ্পণ কৰা কাৰ্যাৱলী প্ৰত্যাহাৰ কৰিব পাৰে নাইবা তাৰ পৰিৱৰ্তন ঘটাব পাৰে।

স্থায়ী উপসমিতি:

৮১। এখন জিলা পৰিষদৰ তলত দিয়া স্থায়ী উপসমিতিসমূহ থাকিব:

(ক) সাধাৰণ স্থায়ী উপসমিতি

(খ) বিত্ত আৰু বিচাব পৰীক্ষা উপসমিতি

(গ) পৰিকল্পনা আৰু উন্নয়ন উপসমিতি

স্থায়ী উপসমিতিৰ সভাপতি:

৮২ (১) জিলা পৰিষদে নিৰ্দিষ্ট কৰি দিয়া মতে প্ৰতিখন স্থায়ী উপসমিতিৰ সভাপতিকে ধৰি ৫ জনতকৈ বেছি সদস্য থাকিব নোৱাৰিব। সদস্যসকলক জিলা পৰিষদৰ সদস্যসকলৰ মাজৰপৰা নিৰ্বাচিত কৰা হ’ব। সদস্যসকল এবাৰত এবছৰীয়া কাৰ্যকালৰ বাবে নিৰ্বাচিত হ’ব।

(২) জিলা পৰিষদৰ সভাপতিজন সাধাৰণ স্থায়ী উপসমিতি আৰু বিত্ত আৰু হিচাব পৰীক্ষা স্থায়ী উপসমিতিৰো সভাপতি হ’ব।

(৩) আন স্থায়ী উপসমিতি সমূহে তেওঁলোকৰ সদস্যসকলৰ মাজৰ পৰা সভাপতি নিৰ্বাচন কৰি ল’ব।

(৪) জিলা পৰিষদৰ কোনো সদস্যই দুখনতকৈ অধিক স্থায়ী উপসমিতিৰ সদস্য হ’ব নোৱাৰিব।

(৫) জিলা পৰিসদৰ মুখ্য কাৰ্যবাহী বিষয়াজন সাধাৰণ স্থায়ী উপসমিতি, বিত্ত আৰু হিচাব পৰীক্ষা আৰু পৰিকল্পনা আৰু উন্নয়ন উপসমিতিৰ পদেন সদস্য হ’ব। বাকী থকা সমিতিসমূহৰ প্ৰতিখনৰ বাবে জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া জনে উপসচিব এজনক পদেন হিচাবে নিযুক্তি দিব। মুখ্য কাৰ্যবাহী বিষয়াজনৰ সকলোবোৰ স্থায়ী উপসমিতিৰ বৈঠকত উপস্থিত থতকাৰ ক্ষমতা থাকিব।

স্থায়ী উপসমিতি সমূহৰ কাৰ্যাৱলী:

৮৩। (১) সাধাৰণ স্থায়ী উপসমিতিখনে তলৰ কাৰ্যাৱলী সম্পাদন কৰিব। কাৰ্যালয় সম্পৰ্কীয় বিষয়, যোগাযোগ, ঘৰ, গ্ৰাম্য গৃহ নিৰ্মাণ, গ্ৰাম্য সম্প্ৰসাৰণ, প্ৰাকৃতিক দুৰ্যোগৰ সময়ত সাহাৰ্য দিয়া, ভাৰত চৰকাৰৰ গ্ৰামোন্নয়ন আঁচনি আৰু তাৰ সৈতে স্ংলগ্ন বিষয় আৰু সকলো অন্যান্য অৱশিষ্ট বিষয়।

(২) বিত্ত আৰু হিচাব পৰীক্ষা সমিতিয়ে তলত দিয়া কাৰ্যসমূহ সম্পাদন কৰিব-

(ক) জিলা পৰিষদৰ বিত্ত বিষয়ক কামকাজ, বাজেট প্ৰস্তুতি, ৰাজহ বৃদ্ধিৰ বাবে আগবঢ়োৱা প্ৰস্তাৱৰ বিচাৰ কৰা, প্ৰাপ্তি আৰু খৰচৰ পৰীক্ষা কৰা, জিলা পৰিষদৰ বিত্ত বিষয়ত প্ৰভাৱ পেলাব পৰা প্ৰস্তাৱৰ বিবেচনা কৰা আৰু জিলা পৰিষদৰ ৰাজহ আৰু খৰচৰ সাধাৰণ তদাৰকী কৰা।

(খ) পৰিকল্পনা অগ্ৰাধিকাৰ, উন্নয়ন মূলক কাৰ্যাৱলীৰ কাৰণে ধনৰ আবণ্টন, আনুভূমিক আৰু উলম্বিক স্ংযোগ, চৰকাৰে জাৰি কৰা নিৰ্দেশাৱলীৰ ৰুপায়ণ, পৰিকল্পিত কাৰ্যসূচীৰ মূল্যায়ন আৰু ক্ষুদ্ৰ সঞ্চয় আঁচনি।

(৩) সামাজিক ন্যায় সমিতিয়ে তলত দিয়া কাৰ্যাৱলী সম্পন্ন কৰিব-

(ক) অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি আৰু অনুন্নত শ্ৰেণীসমূহৰ শৈক্ষিক, অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক আৰু অন্যান্য স্বৰ্থজনিত বিষয়সমূহৰ প্ৰসাৰণ ঘটোৱা।

(খ) সামাজিক অন্যায় আৰু আন সকলো ধৰণৰ শোষণৰ পৰা তেওঁলোকক সুৰক্ষা প্ৰদান কৰা।

(গ) অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অনুন্নত শ্ৰেণীসমূহে ভোগ কৰি থকা অসুবিধা সমূহ আঁতৰোৱা।

(ঘ) অনুসূচিত জাতি, অনুসূচিত জনজাতি, মহিলা আৰু সমাজৰ অন্যান্য দুৰ্বল শ্ৰেণীসমূহৰ বাবে সামাজিক ন্যায় সুনিশ্চিত কৰা।

(৪) পৰিকল্পনা আৰু উন্নয়ন সমিতিয়ে কৰিবলগীয়া কাৰ্যাৱলী-(ক) জিলা পৰিষদৰ শিক্ষা সম্পৰ্কীয় সকলোবোৰ কামকাজৰ দায়িত্ব লোৱা।

(খ) ৰাষ্ট্ৰীয় নীতি আৰু জাতীয় আৰু ৰাজ্যিক পৰিকল্পনাৰ গাঁঠনিৰ ভিতৰত জিলাখনৰ শিক্ষাৰ বিষয়ে পৰিকল্পনা হাতত লোৱা।

(গ) জিলা পৰিষদৰ শিক্ষা সম্পৰ্কীয় কাৰ্যকলাপৰ মূল্যায়ন আৰু জৰীপ কৰা।

(ঘ) জিলা পৰিষদে যি যি কাৰ্য অৰ্পণ কৰিব পাৰে, শিক্ষা, প্ৰাপ্ত বয়স্ক শিক্ষা আৰু সাংস্কৃতিক কাৰ্যকলাপ সংক্ৰান্তীয় তেনে কাৰ্যাৱলী সম্পাদন কৰা।

(ঙ) স্বাস্থ্য সেৱা, চিকিত্সালয়, পানী যোগান, পৰিয়াল কল্যাণ, আৰু অন্যান্য স্ংলগ্ন বিষয়।

(চ) কৃষি উতপাদন, পশুপালন, সমবায়, পতিত মাটি উদ্ধাৰ

(ছ) গ্ৰাম্য আৰু কুটীৰ উদ্যোগ

(জ) জিলাখনৰ ওদ্যোগিক উন্নয়ন।

৮৪। (১) জিলা পৰিষদে যিমান পৰিসৰলৈ সমিতিসমূহক ক্ষমতা হস্তান্তৰ কৰে, তেনে পৰিসৰলৈ স্থায়ী উপসমিতি সমূহে ধাৰা ৮৩ ৰ অধীনত থকা উপধাৰা ১, ২, ৩ আৰু ৪ ত উল্লেখ কৰা কাৰ্যাৱলী সম্পাদন কৰিব।

(২) সমিতিসমূহৰ দায়িত্বত দিয়া বিষয়সমুহ সম্পৰ্কত সমিতিসমূহে তেনে অতিৰিক্ত কৰ্তব্য পালন কৰিব, যাৰ বিষয়ে নিৰ্দেশ দিব পৰা যায়।

সমিতিসমূহৰ কাৰ্যপদ্ধতি:

৮৫। (১) সমিতিসমূহৰ সদস্যসকলৰ নিৰ্বাচন, তাত সম্পাদন কৰিবলৈ লোৱা কাৰ্যসূচীৰ পৰিচালনা আৰু সেই সম্পৰ্কীয় আন আটাইবোৰ বিষয়ৰ ওপৰত জিলা পৰিষদে অধিনিয়ম প্ৰস্তুত কৰিব পাৰিব।

(২) প্ৰতিখন সমিতিৰ উপসভাপতিয়ে সমিতিখনৰ কামকাজ সম্পৰ্কে জিলা পৰিষদৰ পৰা যি কোনো তথ্য, ওভতানি, বিজ্ঞপ্তি নাইবা প্ৰতিবেদন বিচাৰিব পাৰে। সভাপতিজনে জিলা পৰিষদৰ কোনো স্থাৱৰ সম্পত্তিৰ ভিতৰত প্ৰৱেশ কৰিব আৰু তাক পৰিদৰ্শন কৰিব পাৰে।। তেওঁ স্ংশ্লিষ্ট সমিতিখনে কৰি থকা কোনো কামৰ অগ্ৰগতিৰ বিষয়ে বুজ ল’ব পাৰে।

(৩) প্ৰতিখন সমিতিয়ে ইয়াৰ বৈঠকত সমিতিখনৰ কামকাজৰ সৈতে জৰিত জিলা পৰিষদৰ কোনো বিষয়াৰ উপস্থিতি বিচাৰিব পাৰে। মুখ্য কাৰ্যবাহী বিষয়াজনে স্ংশ্লিষ্ট সমিতিখনৰ পৰামৰ্শমতে স্ংশ্লিষ্ট বিষয়াজনলৈ জাননী জাৰি কৰিব আৰু বিষয়া জনৰ উপস্থিতি নিশ্চিত কৰিব।

মুখ্য কাৰ্যবাহী বিষয়া আৰু আন আন বিষয়ালৈ ক্ষমতাৰ হস্তান্তৰ:

৮৬। এই আইনৰ দ্বাৰা নাইবা এই আইনৰ অধীনত জিলা পৰিষদৰ ওপৰত অৰ্পন কৰা ক্ষমতাসমূহৰ যিকোনো ক্ষমতা জিলা পৰিষদে জাননীযোগে মুখ্য কাৰ্যবাহী বিষয়া নতুবা অইন বিষয়ালৈ হস্তান্তৰ কৰিব পাৰে।

৮৭। (১) এখন জিলা পৰিষদৰ সম্পত্তি আহৰণ কৰাৰ, অধিকাৰত ৰখাৰ, হস্তান্তৰ কৰাৰ আৰু চুক্তিবদ্ধহোৱাৰ ক্ষমতা থাকিব। স্থাৱৰ সম্পত্তিৰ আহৰণ নাইবা হস্তান্তৰ আদি সকলোবোৰ বিষয়ৰ ক্ষেত্ৰত জিলা পৰিষদে চৰকাৰৰ আগতীয়া অনুমোদন ল’ব লাগিব বুলি উপবন্ধ আছে।

(২) জিলা পৰিষদে নিজৰ পুঁজিৰ দ্বাৰা নিৰ্মাণ কৰা সকলোবোৰ ৰাস্তা, ঘৰ নাইবা আন গাঁঠনি দায়িত্ব নিজৰ ওপৰত ন্যস্ত ৰাখিব।

(৩) নিজৰ প্ৰশাসনিক এলেকাৰ ভিতৰত অৱস্থিত যিকোনো ৰাজহুৱা সম্পত্তি চৰকাৰে জিলা পৰিষদক আবণ্টন কৰিব পাৰে। তেনে ক্ষেত্ৰত তেনে সম্পত্তি জিলা পৰিষদৰ ওপৰত ন্যস্ত হ’ব আৰু জিলা পৰিষদৰ নিয়ন্ত্ৰণৰ ভিতৰলৈ আহিব।

(৪) এই আইনৰ উদ্দশ্যসমূহৰ কোনো এটা উদ্দেশ্য পৰিপূৰণৰ বাবে জিলা পৰিষদে যদিহে কোনো এটুকুৰা মাটিৰ আৱশ্যকীয়তা অনুভৱ কৰে, তেনেহ’লে উক্ত মাটি টুকুৰাৰ সৈতে স্বাৰ্থজৰিত হৈ থকা ব্যক্তি বা ব্যক্তিসমূহৰ সৈতে স্ংশ্লিষ্ট জিলা পৰিষদখনে আলোচনাত বহিব পাৰে। যদি স্ংশ্লিষ্ট জিলা পৰিষদখনে উক্ত ব্যক্তি বা ব্যক্তিসমূহৰ সৈতে কোনো চুক্তিত উপনীত হোৱাত ব্যৰ্থ হয়, তেন্তে তেওঁলোকে(জিলা পৰিষদখনে) মাটি টুকুৰা আহৰণ কৰিবলৈ বিচাৰি জিলা উপায়ুক্তলৈ দৰখাস্ত কৰিব পাৰে। যদি উপায়ুক্তজন সন্তুষ্ট হয় যে মাটি টুকুৰা কোনো ৰাজহুৱা উদ্দেশ্যৰ বাবেই প্ৰয়োজনীয়, তেন্তে তেওঁ স্ংশ্লিষ্ট “ভূমি অধিগ্ৰহণ আইন” অনুসৰি মাটিটুকুৰা আহৰণৰ বাবে ব্যৱস্থা ল’ব। আহৰণ কৰাৰ পাছত মাটি টুকুৰা জিলা পৰিষদৰ ওপৰত ন্যস্ত হ’ব।

৮৮। কোনো ৰাস্তাৰ পৰিৱৰ্তন কৰা নাইবা তাৰ নিৰ্মাণ আধাতে এৰি দিয়া নাইবা তাক বন্ধ কৰি দিব পৰা স্ংক্ৰান্তীয় জিলা পৰিষদৰ ক্ষমতা জিলা পৰিষদৰ ওপৰত ন্যস্ত কৰা হ’ব নাইবা তাৰ নিয়ন্ত্ৰণ আৰু প্ৰশাসনৰ অধীনত থকা কোনো ৰাস্তা, জাননীযোগে জিলা পৰিষদে ঘুৰাই দিব পাৰে, পৰিৱৰ্তন কৰিব পাৰে নাইবা তাৰ নিৰ্মাণ আধাতে এৰি দিব পাৰে নাইবা স্থায়ীভাৱে বন্ধ কৰি দিব পাৰে।

জিলা পৰিষদৰ সাধাৰণ ক্ষমতা

৮৯। (১) ইয়াৰ ওপৰত ন্যস্ত কৰা নাইবা হস্তান্তৰ কৰা কাৰ্যাৱলী সম্পাদন কৰাৰ ক্ষেত্ৰত প্ৰয়োজনীয় বুলি ভবা নাইবা আনুষাংগিক হোৱা সকলো কাম কৰিবলৈ জিলা পৰিষদে ক্ষমতা লাভ কৰিব। বিশেষকৈ আগতে উল্লেখ কৰা ক্ষমতাসমূহৰ ক্ষতিসাধন নকৰাকৈ এই আইনৰ অধীনত নিৰ্দিষ্ট কৰি দিয়া সকলো ক্ষমতা জিলা পৰিষদে লাভ কৰিব।

(২) চৰকাৰৰ বিশেষ নতুবা সাধাৰন নিৰ্দেশ অনুসৰি এখন জিলা পৰিষদে তলত দিয়া বিষয়ৰ ওপৰত ধন খৰচ কৰিব পাৰিব।

(ক) ইয়াৰ প্ৰশাসনিক এলেকাৰ বাহিৰত শিক্ষা নতুবা চিকিতৎসা সাহাৰ্যৰ বাবে।

(খ) জিলাখনৰ অধিবাসীসকলৰ স্বাস্থ্য, নিৰাপত্তা, আমোদ-প্ৰমোদ, সুযোগ সুবিধাৰ সৃষ্টিৰ বাবে নাইবা সামাজিক আৰু সাংস্কৃতিক উন্নয়নৰ বাবে।

(গ) স্থানীয় স্বায়ত্ব শাসনৰ উন্নয়নৰ সৈতে জৰিত থকা সৰ্বভাৰতীয় ৰাজ্যিক নতুবা আন্ত:ৰাজ্যিক স্ংগঠনলৈ বৰঙণিৰ বাবদ।আঞ্চলিক পঞ্চায়ত, গাঁও পঞ্চায়ত আৰু জিলা পৰিষদৰ কাম-কাজৰ সৈতে জৰিত থকা প্ৰদৰ্শনীৰ বাবদ।

(ঘ) জিলাখনৰ অন্তৰ্গত ৰাজ্যৰ কাৰ্যাৱলীৰ সৈতে জৰিত কোনো কাম কাজ চলাই নিয়াৰ বাবে কোনো ব্যক্তিক বিত্তীয় নতুবা অন্য সহায় আগবঢ়োৱাৰ বাবদ।

জিলা পৰিষদৰ কাৰ্যাৱলী আৰু ক্ষমতা

৯০। (১) জিলাখনৰ অৰ্থনৈতিক উন্নয়ন আৰু সামাজিক ন্যায়ৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰা আৰু তলত উল্লেখ কৰা বিষয়সমূহকে ধৰি আন বিষয় স্ংক্ৰান্তত তেনে পৰিকল্পনা ৰুপায়ণ নিশ্চিত কৰা জিলা পৰিষদৰ কাৰ্য হ’ব।

১। কৃষি:

ক) উন্নত কৃষি পদ্ধতিৰ অৱলম্বন, উন্নত কৃষি সঁজুলিৰ ব্যৱহাৰ জনপ্ৰিয় কৰি তোলা আৰু কৃষি উতপাদন বৃদ্ধিৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ প্ৰসাৰণ ঘটোৱা।

খ) বুনিয়াদী সাসুবিধাৰ সৃষ্টি কৰা বাণিজ্যিকৰণ প্ৰাধিকৰণ আৰু কৃষি পাম মুকলি কৰা আৰু ইয়াৰ ৰক্ষণাবেক্ষণ কৰা।

গ) গোডাউন আৰু শীতল ভঁৰালৰ নিৰ্মাণ আৰু ইয়াৰ ৰক্ষণাবেক্ষণ।

ঘ) কৃষি মেলা আৰু প্ৰদৰ্শনীৰ আয়োজন কৰা।

ঙ) কৃষি আৰু উদ্যান শস্যৰ বিস্তাৰৰ বাবে প্ৰশিক্ষণ কেন্দ্ৰৰ পৰিচালনা কৰা।

চ) কৃষকৰ প্ৰশিক্ষণ।

ছ) ভূমি উন্নয়ন আৰু ভূমি স্ংৰক্ষণ।

২। জলসিঞ্চন, ভূতল জলসম্পদ আৰু জলবিভাজিকা আঁচনিৰ উন্নয়ন:

ক) উত্তল জলসিঞ্চন আৰু ক্ষুদ্ৰ জলসিঞ্চন প্ৰকল্পৰ্নিৰ্মাণ, নৱীকৰণ আৰু ৰক্ষণাবেক্ষণ।

খ) জিলা পৰিষদৰ নিয়ন্ত্ৰণত থকা জলসিঞ্চন আঁচনিৰ যোগেৰে যোগান ধৰা পানীৰ সময়োচিত, সমভাৱে বিতৰণ কৰাৰ আৰু তেনেদৰে যোগান ধৰা পানীৰ সম্পৰ্ণ ব্যৱহাৰ যাতে হয়, তাৰ ব্যৱস্থা কৰা।

গ) ভূতল জলসম্পদৰ উন্নয়ন।

ঘ) পাম্পছেটৰ স্থাপন।

ঙ) জল বিভাজন উন্নয়ন আঁচনি।

৩। উদ্যান কৃষি:

ক। গ্ৰাম্য পাৰ্ক আৰু বাগিচা নিৰ্মাণ।

খ) শাক পাচলি আৰু ফলৰ খেতি।

গ) কৃষি পাম স্থাপন কৰা।

৪।পৰিস্ংখ্যা:

ক) গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ সম্পৰ্কে পৰিস্ংখ্যা আৰু আন আন তথ্যৰ প্ৰকাশন।

খ) গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ কাৰ্যকলাপৰ বিষয়ে প্ৰয়োজনীয় পৰিস্ংখ্যা আৰু আন আন তথ্য পাতিৰ সমন্বয় আৰু ব্যৱহাৰ কৰা।

গ) সময়ে সময়ে আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদক অৰ্পণ কৰা প্ৰকল্প আৰু কাৰ্যসূচীৰ তদাৰকী আৰু মুল্যায়ন কৰা।

৫। গ্ৰাম্য বৈদ্যুতিকৰণ:

গ্ৰাম্য বৈদ্যুতিকৰণ আঁচনিৰ ৰুপায়ণ আৰু ৰক্ষণাবেক্ষণত সহায় আগবঢ়োৱা।

৬। ভুমি স্ংৰক্ষণ:

ক) ভূমি স্ংৰক্ষণ ব্যৱস্থাৱলী

খ) ভূমি পুনৰ উদ্ধাৰ আৰু ভূমি উন্নয়ন আঁচনি

৭। বাণিজ্যিক বনানীকৰণ:

ক) বাণিজ্যিকৰণ চোতাল আৰু নিয়ন্ত্ৰিত বজাৰৰ স্থাপন কৰা।

খ) কৃষিজাত সামগ্ৰীৰ শ্ৰেণী নিৰ্দ্ধাৰণ মান নিৰ্ণয়।

৮। সামাজিক বনানীকৰণ:

ক) বৃক্ষৰোপণ অভিযানৰ আয়োজন কৰা।

খ) বৃক্ষৰোপন আৰু তাৰ ৰক্ষণাবেক্ষণ।

৯। পশুপালন আৰু দুগ্ধ প্ৰকল্প:

ক) পশু চিকিত্সালয় আৰু ডিচপেনচাৰীৰ নিৰ্মাণ।

খ) ভ্ৰাম্যমান ৰোগ চিনাক্তকৰণ আৰু ক্লিনিকেল পৰীক্ষাগাৰৰ ব্যৱস্থা কৰা।

গ) গৰু আৰু গাহৰিৰ বাবে সঁচ পামৰ স্থাপন।

ঘ) কুকুৰা পাম, হাহৰ পাম আৰু ছাগলীৰ পাম স্থাপন।

ঙ) দুগ্ধ, কুকুৰা আৰু মৎস প্ৰকল্পজাত সামগ্ৰীৰ বাবে উমৈহতীয়া শীতল ভঁৰাল নিৰ্মাণ কৰা।

চ) ঘাঁহ উন্নয়ন কাৰ্যসূচী।

ছ) দুগ্ধ ফাৰ্ম, কুকুৰা পাম আৰু গাহৰি পামৰ বিস্তাৰ সাধন।

জ) মহামাৰী আৰু স্ংক্ৰামক ৰোগৰ প্ৰতিৰোধকৰণ।

১০। ক্ষুদ্ৰ বনজ সম্পদ, প্ৰজ্বালক আৰু ঘাঁহ উত্পাদন:

ক) সামাজিক আৰু পাম বনানীকৰণ, প্ৰজ্বালকৰ বাবে গছ ৰোপণ আৰু ঘাঁহ উত্পাদনৰ প্ৰসাৰণ ঘটোৱা।

খ) ৰাজহুৱা মাটিত গঢ়ি তোলা বননি আৰু ক্ষুদ্ৰ বনজ সামগ্ৰীৰ পৰিচালনা।

গ) পতিত মাটিৰ উন্নয়ন।

১১। মীন পালন:

ক) মাছৰ পোনাৰ উত্পাদন আৰু বিতৰণ।

খ) ব্যক্তিগত আৰু ৰাজহুৱা পুখুৰীত মীন পালনৰ উন্নয়ন ঘটোৱা।

গ) পুখুৰী, মীন পালনৰ উন্নয়ন।

ঘ) মাছ শুকুৱা আৰু স্ংৰক্ষণ।

ঙ) পৰম্পৰাগত মাছ ধৰা পদ্ধতিৰ উন্নয়নত সহায় কৰা।

চ) মীন বাণিজ্যিকৰণ সমবায়ৰ গঠন কৰা।

ছ) মত্স্যজীৱী সকলৰ বাবে উন্নয়নৰ ব্যৱস্থা।

১২। খাদ্য পৰিশোধনকে ধৰি গাৰ্হস্থ্য আৰু ক্ষুদ্ৰ উদ্যোগ:

ক) স্থানীয় অঞ্চলত পৰম্পৰাগত প্ৰতিভাৰ চিনাক্তকৰণ আৰু গাৰ্হস্থ্য উদ্যোগৰ উন্নয়ন।

খ) সময়মতে যোগান সুনিশ্চিত কৰি কেঁচামালৰ ব্যৱস্থা কৰা।

গ) গ্ৰাহকৰ পৰিৱৰ্ধিত চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি আৰ্হি প্ৰস্তুত কৰা আৰু উত্পাদন কৰা ।

ঘ) কাৰুশিল্পী আৰু হস্তশিল্পীৰ বাবে প্ৰশিক্ষণৰ ব্যৱস্থা কৰা।

ঙ) এনে কাৰ্যসূচীৰ বাবে বেংকৰ পৰা ঋণৰ ব্যৱস্থা কৰাৰ ক্ষেত্ৰত সম্পৰ্ক ৰক্ষা কৰা।

চ) উত্পাদিত সামগ্ৰীৰ বাণিজ্যিকৰণ আৰু তাৰ জনপ্ৰিয়কৰণ।

ছ) ঔদ্যোগিক গোট।

জ) খাদী, হস্ততাঁত, হস্তশিল্প, গ্ৰাম্য আৰু কুটীৰ উদ্যোগৰ আয়োজন কৰা।

১৩। গ্ৰাম্য আৰু আব্যন্তৰীণ জলপথ:

ক) ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পথৰ বাহিৰে আন পথ নিৰ্মাণ আৰু ৰক্ষণাবেক্ষণ।

খ) ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পথৰ অন্তৰ্গত নোহোৱা দলং আৰু কালভাৰ্ট।

গ) জিলা পৰিষদৰ কাৰ্যালয় গৃহৰ নিৰ্মাণ আৰু ৰক্ষণাবেক্ষণ।

ঘ) বজাৰ, শৈক্ষিক অনুষ্ঠান, স্বাস্থ্য কেন্দ্ৰক স্ংযোগকাৰী প্ৰধান স্ংযোগী পথৰ চিনাক্তকৰণ।

ঙ) নতুন পথৰ বাবে আৰু পূৰ্বৰ পৰাই থকা পথৰ বাবে স্বেচ্ছামুলক ভূমিদানৰ আয়োজন কৰা।

১৪। স্বাস্থ্য আৰু পৰিস্কাৰ পৰিচ্ছন্নতা:

ক) আসামৰিক চিকিতসালয়, চিকিতসা মহাবিদ্যালয়, চিকিতসালয়, যক্ষ্মাৰোগ চিকিতসালয়, কুষ্ঠৰোগ নিৰ্মুলকেন্দ্ৰ আৰু মানসিক চিকিতসালয়ৰ বাহিৰে আন চিকিতসালয়, প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু ডিচপেনচাৰীৰ স্থাপন কৰা আৰু ৰক্ষণাবেক্ষণ কৰা।

খ) প্ৰতিষেধক আৰু টিকাকৰণ আঁচনি ৰুপায়ণ।

গ) স্বাস্থ্য শিক্ষা সম্পৰ্কীয় কাৰ্যকলাপ।

ঘ) গৰ্ভধাৰণ আৰু শিশু স্বাস্থ্য সম্পৰ্কীয় ক্ৰিয়াকলাপ।

ঙ) পৰিয়াল কল্যাণ কাৰ্যসূচী।

চ) আঞ্চলিক পঞ্চায়ত আৰু গাঁও পঞ্চায়তৰ সৈতে স্বাস্থ্য শিবিৰৰ আয়োজন কৰা।

ছ) পৰিৱেশ প্ৰদূষণৰ বিপক্ষে ব্যৱস্থা।

১৫। গ্ৰাম্য গৃহ নিৰ্মাণ:

ক) গৃহহীন পৰিয়ালৰ চিনাক্তকৰণ।

খ) জিলাখনত গৃহ নিৰ্মাণ কাৰ্যসূচীৰ ৰুপায়ণ কৰা।

গ) কম খৰছৰ গৃহ নিৰ্মাণ পদ্ধতিৰ জনপ্ৰিয়কৰণ।

১৬। শিক্ষা:

ক) প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ৰ নিৰ্মাণ আৰু ৰক্ষণাবেক্ষণকে ধৰি শিক্ষামূলক ক্ৰিয়াকলাপৰ প্ৰসাৰণ ঘটোৱা।

খ) বয়স্ক আৰু প্ৰযুক্তিবিদ্যাৰ গ্ৰামাঞ্চললৈ প্ৰসাৰ ঘটোৱাৰ বাবে বিস্তাৰিত আঁচনি।

গ) শিক্ষামূলক ক্ৰিয়াকলাপৰ জৰীপ আৰু মূল্যায়ন।

ঘ) সাধাৰণ ছাত্ৰাৱাস, আশ্ৰম, বিদ্যালয় আৰু অনাথ আশ্ৰমৰ নিৰ্মাণ আৰু ৰক্ষণাবেক্ষণ।

১৭। সামাজিক কল্যাণ আৰু দুৰ্বল শ্ৰেণীসমূহৰ কল্যাণ।

ক) অনুসূচিত জাতি, অনুসুচিত জনজাতি আৰু অনুন্নত শ্ৰেণীসমূহলৈ শৈক্ষিক সাসুবিধাৰ বিস্তাৰ। এনে সাসুবিধাৰ ভিতৰত বৃত্তি, ষ্টাইপেণ্ড, থকা মেলাৰ সুবিধা, অনুদান আৰু কিতাপ কাগজৰ লগতে আন আন আনুষাংগিক আহিলাৰ যোগান ধৰাটোও পৰিব।

খ) অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ বাবে হোষ্টেল পৰিচালনা।

গ) নিৰক্ষৰতা দূৰীকৰণ আৰু সাধাৰণ শিক্ষাৰ ব্যৱস্থা কৰিবলৈ নাৰ্চাৰী, প্ৰাথমিক বিদ্যালয়, উচ্চ মাধ্যমিক বিদ্যালয় আৰু পুঁথিভৰাল স্থাপন কৰা।

ঘ) কুটিৰ আৰু গ্ৰাম্য উদ্যোগ সম্পৰ্কে প্ৰশিক্ষণ দিবলৈ অনুসূচিত জাতি আৰু জনজাতিৰ ব্যক্তিৰ বাবে আদৰ্শ কল্যাণ কেন্দ্ৰ আৰু ষ্ট্ৰাষ্ট কেন্দ্ৰৰ পৰিচালনা।

ঙ) অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ বাবে আৱাসিক বুনিয়াদী বিদ্যালয়ৰ পৰিচালনা কৰা।

চ) অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ ব্যক্তিসকলে উত্পাদন কৰা সামগ্ৰীৰ বাবে বেচা কিনাৰ সাসুবিধা প্ৰদান কৰা।

ছ) অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ বাবে সমবায় সমিতিৰ নিৰ্মাণ আৰু পৰিচালনা কৰা।

জ) অনুসূচিত জাতি আৰু জনজাতিৰ উন্নয়নৰ বাবে আন আন কল্যাণমূলক আঁচনি।

১৮। দৰিদ্ৰতা নিৰ্মূলকৰণ কাৰ্যসূচী:

দৰিদ্ৰতা নিৰ্মূলকৰণ কাৰ্যসূচীৰ পৰিকল্পনা, তদাৰকী, সমাকৰণ আৰু ৰুপায়ণ

১৯। সামাজিক স্ংস্কাৰমূলক কাৰ্যসূচী:

ক) মহিলাৰ স্ংস্থা আৰু মহিলাৰ কল্যাণ।

খ) স্থানীয় ভিক্ষাৰী সাহাৰ্য।

গ) শিশু স্ংস্থা আৰু শিশু কল্যাণ।

ঘ) দুখীয়াৰ আলয়, অনাথ আশ্ৰম আৰু উদ্ধাৰ আশ্ৰয় নিলয়ৰ নিচিনা সামাজিক কল্যাণ অনুষ্ঠানৰ ৰক্ষণাবেক্ষণ।

ঙ) বিধৱা, বৃদ্ধাৱস্থা আৰু শাৰীৰিকভাৱে অক্ষম আৰু দুখীয়াৰ বাবে পেঞ্চনৰ অনুমোদন আৰু বিতৰণ। নিবনুৱা ভাট্টা আৰু অসৱৰ্ণ বিবাহ ভাট্টা (যিখন বিবাহ অনুষ্ঠানত এটা পক্ষ অনুসূচিত জাতি নাইবা জনজাতিৰ সদস্য বা সদস্যা হয়) ।

চ) অগ্নি নিৰ্বাপক ব্যৱস্থা।

ছ) অন্ধবিশ্বাস, জাতপাত, অস্পৃশ্যতা, মদ, ব্যয়বহুল বিয়া আৰু সামাজিক অনুষ্ঠান, যৌতুক আৰু যক্ষ্মাৰ বিৰুদ্ধে অভিযান।

জ) সামূহিক বিয়া আৰু অসৱৰ্ণ বিবাহত উত্সাহ যোগোৱা।

ঝ) চোৰাং কাৰবাৰ, কৰফাঁকি, খাদ্যত ভেজালকৰণ আদিৰ নিচিনা অনৈতিক অপৰাধৰ বিৰুদ্ধে সতৰ্কতা অৱলম্বন।

ঞ) ভূমিহীন শ্ৰমিকসকলৰ নামত আবণ্টিত মাটিৰ উন্নয়নত সহায় আগবঢ়োৱা।

ট) মুক্ত আৰু পুনৰ স্ংস্থাপিত গিৰমিটীয়া বনুৱাৰ চিনাক্তকৰণ।

ঠ) সাংস্কৃতিক আৰু আমোদ-প্ৰমোদৰ অনুষ্ঠানৰ আয়োজন কৰা।

ড) খেলাধূলাৰ আয়োজন কৰাত উতসাহ যোগোৱা।

ঢ) পৰম্পৰাগত উৎসৱ পাৰ্বণক নতুন সামাজিক ৰুপ প্ৰদান কৰা।

ণ) দোকান আদিত ওজন আৰু জোখমাখৰ পৰীক্ষা কৰা।

২০। সঞ্চয় আৰু মিতব্যয়িতাৰ প্ৰসাৰণ ঘটোৱা:

ক) সঞ্চয় অভ্যাসৰ প্ৰসাৰ ঘটোৱা।

খ) ক্ষুদ্ৰ সঞ্চয় অভিযান।

গ) নীতি বহিৰ্ভুতভাৱে টকা পইচা ধাৰলৈ দিয়া আৰু গ্ৰাম্য ঋণগ্ৰস্ততাৰ বিৰুদ্ধে স্ংগ্ৰাম।

২১। ইয়াৰ উপৰিও জিলা পৰিষদে-

ক) ইয়াৰ ওপৰত ন্যস্ত কৰা নাইবা তাৰ নিয়ন্ত্ৰণ আৰু পৰিচালনাৰ অধীন কৰা কোনো অনুষ্ঠান নাইবা ৰাইজৰ উপকাৰত অহা কোনো অনুষ্ঠানৰ পৰিচালনা আৰু ৰক্ষণাবেক্ষণ কৰা।

খ) গ্ৰাম্য হাট আৰু বজাৰ নিয়ন্ত্ৰণ কৰি নিজৰ অধীনলৈ অনা আৰু তাৰ পৰিচালনা কৰা।

গ) গাঁও পঞ্চায়ত আৰু আঞ্চলিক পঞ্চায়তসমূহলৈ অনুদান আগবঢ়োৱা।

ঘ) আঞ্চলিক পঞ্চায়তসমূহে প্ৰস্তুত কৰা উন্নয়ন পৰিকল্পনা আৰু আঁচনিসমূহৰ সমন্বয় আৰু স্ংহতকৰণ কৰা।

ঙ) বিপদগ্ৰস্ত ৰাইজৰ বাবে সাহাৰ্যৰ ব্যৱস্থা কৰা।

চ) জিলাখনৰ আঞ্চলিক পঞ্চায়তসমূহে প্ৰস্তুত কৰা বাজেটৰ পৰীক্ষা আৰু অনুমোদন।

ছ) এটাতকৈ অধিক খণ্ডলৈ প্ৰসাৰিত হৈ থকা আঁচনিসমূহ গ্ৰহণ কৰা নাইবা ৰুপায়ণ কৰা।

জ) যি যি চৰ্তত সন্মতি জনোৱা হয়, তেনে চৰ্তসমূহৰ ভিত্তিত কোনো ব্যক্তিগত মালিকৰ নাইবা আন কোনো কৰ্তৃপক্ষৰ অধিনত থকা গ্ৰাম্য দলং, পুখুৰী, নলীনাদ নাইবা নৰ্দামাৰ ৰক্ষণাবেক্ষণ আৰু পৰিচালনা নিজৰ হাতলৈ অনা।

২২। পাৰস্পৰিকভাৱে সন্মতি প্ৰদান কৰা চৰ্তৰ ওপৰত ভিত্তি কৰি ওচৰা ওচৰিকৈ থকা দুখন বা ততোধিক জিলাৰ জিলা পৰিষদসমূহে স্ংযুক্তভাৱে কোনো উন্নয়ন আঁচনি ৰুপায়ণ কৰিব পাৰে।

জিলা পৰিষদৰ পুঁজি

৯১। জিলা পৰিষদৰ পুঁজি নামেৰে প্ৰতিখন জিলা পৰিষদৰ বাবে একোটা পুঁজি থাকিব। তলত দিয়া ধৰণেৰে জিলা পৰিষদৰ পুঁজি গঠন হ’ব।

(১) ৰাজ্য একীকৃতৰপৰা নিধিৰ জৰিয়তে জিলা পৰিষদলৈ হস্তান্তৰ কৰা সকলো ধন।

(২) ৰাজ্য চৰকাৰে দিয়া সকলো অনুদান, নিয়োজনৰ হস্তান্তৰিত কৰা সম্পত্তি, ঋণ আৰু বৰঙণি।

(৩) এই আইনৰ অধীনত জিলা পৰিষদৰ হাতত পৰিশোধ কৰা নাইবা জিলা পৰিষদে আৰোপ কৰা সকলো মাচুল আৰু জৰিমনা।

(৪) জিলা পৰিষদে ভূমি বা আন সম্পত্তিৰ পৰা লাভ কৰা ভাড়া।

(৫) ব্যক্তিগত মানুহৰপৰা নাইবা অনুষ্ঠানৰ পৰা লাভ কৰা দান, অনুদান নাইবা হস্তান্তৰৰ ৰুপত পোৱা ধনৰ পৰা লাভ কৰা সূত, লাভাংশ আৰু আন পইচা।

(৬) জিলা পৰিষদে বিক্ৰী কৰা ভূমি, আমানত আৰু আন সম্পত্তিৰ পৰা পোৱা সকলো আয়।

(৭) এই আইনৰ ফলত জিলা পৰিষদৰ দ্বাৰা বা জিলা পৰিষদৰ হকে লাভ কৰা সকলো সকলো ধন, জিলা পৰিষদৰ কোনো বিশেষ উদ্দেশ্যৰ বাবে দান হিচাবে পোৱা ধন, জিলা পৰিষদৰ পূঁজিৰ অংশ নহয় নাইবা তেনে ধন জিলা পৰিষদৰ পূঁজিত জমা থব পৰা নাযাব বুলি উপলব্ধ আছে।

জিলা পৰিষদৰ পূঁজিৰ জিন্মা আৰু বিনিয়োগ:

৯২। (১) জিলা পৰিষদৰ পূঁজিত জমা থকা ধন ভাৰতীয় ষ্টেট বেংক নতুবা আন কোনো ৰাষ্ট্ৰীয়কৃত বেংক নতুবা অসম কো-অপাৰেটিভ বেংকৰ নিকটতম শাখাটোৰ কাৰেণ্ট একাউণ্টত জমা থোৱা হ’ব।

(২) চলিত খৰচৰ বাবে প্ৰয়োজন নোহোৱা, হাতে বাকী থকা উদ্বৃত্ত পূঁজি চৰকাৰে অনুমোদন কৰা সূতৰ বিনিময়ত ভাৰতীয় ষ্টেটবেংক নাইবা আন কোনো ৰাষ্ট্ৰীয়কৃত বেংক নতুবা অসম কো-অপাৰেটিভ বেংকত জিলা পৰিষদে জমা ৰখাটো জিলা পৰিষদৰ কাৰণে আইনসংগত হ’ব।

একে ধৰণৰ অনুমোদনৰ মৰ্মে তেনে উদ্ধৃত পূঁজি চৰকাৰে সময়ে সময়ে এই স্ংক্ৰান্তত অনুমোদন কৰা ধৰণেৰে ভাৰত চৰকাৰ নতুবা ৰাজ্য চৰকাৰে উলিয়াই দিয়া আমানত নাইবা অইন কোনো আমানতত বিনিয়োগ কৰিব পাৰিব। তেনে পূঁজিৰ নিয়োগ একে ধৰণৰ অনুমোদন ক্ৰমে আমানতৰ সংক্ৰান্তত বিবাদ হ’লেও পৰিৱৰ্তন কৰিব পাৰিব।

জিলা পৰিষদৰ পূঁজি আৰু সম্পত্তিৰ ব্যৱহাৰ:

৯৩।(১) চৰকাৰে জাৰি কৰা তেনে সাধাৰণ নাইবা আদেশ আৰু এই আইন নাইবা এই আইনৰ অধীনত সন্নিৱিষ্ট কৰা উপবন্ধসমুহ সাপেক্ষে এই আইন নাইবা এই আইনৰ সাময়িকভাৱে বলবৎ থকা আন আইন অনুসৰি জিলা পৰিষদৰ হাতলৈ অহা সকলোবোৰ ধন, টকা পইচা ধাৰা ৯০ আৰু ধাৰা ৯২ ৰ উপধাৰা ২ ত নিৰ্দিষ্ট কৰি দিয়া উদ্দেশ্য পূৰণাৰ্থে ব্যৱহাৰ কৰা হ’ব, আৰু তেনে আন আন্ সকলো উদ্দেশ্যসমূহ ব্যৱহাৰ কৰা হ’ব। যাৰ বাবে এই আইনৰদ্বাৰা নাইবা সাময়িকভাৱে বলবৎ থকা আন কোনো আইন অনুসৰি জিলা পৰিষদক ক্ষমতা প্ৰদান কৰা হৈছে নাইবা জিলা পৰিষদক কৰ্তব্য হিচাবে অৰ্পণ কৰা হৈছে। যদিহে তাৰ বাবে বাজেটত কোনো ব্যৱস্থা ৰখা হোৱা নাই নাইবা পুনৰ নিয়োজনৰদ্বাৰা বিহিতভাৱে অনুমোদন কৰা হোৱা নাই, তেনে ক্ষেত্ৰত জিলা পৰিষদৰ পূঁজিৰ পৰা কোনো ব্যয় সম্পাদন কৰিব নালাগিব।

কিন্তু চৰকাৰে নিৰ্দেশ দিয়া বিষয়কেইটাৰ ক্ষেত্ৰত ব্যতিক্ৰম হ’ব। কল্যাণকামী কাৰ্যকলাপৰ বাবে অনুমোদন কৰা পূঁজিৰ ২০ শতাংশ অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ কল্যাণৰ বাবে খৰচ কৰা হ’ব বুলি উপবন্ধ ব্যৱস্থা আছে। এনে খৰচৰ পৰিমাণ ২০ শতাংশৰ কম হ’ব নালাগিব।

(২) উপবন্ধসমূহ সাপেক্ষে এই আইনৰ অধীনত জিলা পৰিষদৰ ওপৰত ন্যস্ত কৰা নাইবা জিলা পৰিষদৰ আয়ত্বাধীন সকলো পূঁজি আৰু সম্পত্তি তলৰ ধন পৰিশোধ কৰাত ব্যৱহাৰ কৰা হ’ব।

(ক) সভাপতি আৰু উপসভাপতিৰ ভাট্টা: জিলা খনৰ ভিতৰত বা বাহিঅৰত ভ্ৰমণ অকৰা বাবদ সভাপতি আৰু উপসভাপতিক সিয়া ভ্ৰমণ বানচ আৰু দৈনিক ভাট্টা। এই স্ংক্ৰান্তত প্ৰণয়ন কৰিব পৰা আইন সাপেক্ষে জিলা পৰিষদৰ সদস্যসকললৈ নাইবা কোনো সমিতিৰ সদস্য সকললৈ আগবঢ়োৱা ভ্ৰমণ বানচ আৰু ভাট্টা।

(খ) ৰাজ্যৰ একীকৃত পূঁজিৰ পৰা যিসকল কৰ্মচাৰী বা বিষয়াৰ দৰমহা, ভাট্টা, পেঞ্চন, গ্ৰেচুটি ইত্যাদি দিয়া হয়, সেইসকল কৰ্মচাৰী আৰু বিষয়াৰ বাহিৰে অইন বিষয়া আৰু কৰ্মচাৰীৰ দৰমহা, ভাট্টা, পেঞ্চন, গ্ৰেচুটি ইত্যাদি।

(গ) এই আইনত নিৰ্দিষ্ট কৰি দিয়া উদ্দেশ্যসমূহ পুৰণাৰ্থে।

(ঘ) জিলা পৰিষদে চুক্তিবদ্ধ হোৱা কোনো ঋণৰ বাবদ পৰিশোধ কৰিবলগীয়া ধন।

(ঙ) এই আইন নাইবা এই আইনৰ অধীনত প্ৰণয়ন কৰা নিয়ম, অধিনিয়ম অনুসৰি নাইবা সাময়িকভাৱে বলবৎ থকা আন নাইবা অনুসৰি নিৰ্দিষ্ট কৰি দিয়া সকলো উদ্দেশ্য পূৰণাৰ্থে, যাৰ বাবে জিলা পৰিষদক ক্ষমতা দিয়া হৈছে নাইবা কৰ্তব্য আৰোপ কৰা হৈছে।

(চ) চৰকাৰৰ আগতীয়া অনুমোদনক্ৰমে আন যি কোনো উদ্দেশ্যে পূৰণৰ বাবে, যাৰ বাবে জনসাধৰণৰ স্বাৰ্থত তেনে পূঁজি নাইবা সম্পত্তিৰ ব্যৱহাৰ আৱশ্যক হৈছে, কোনো বিশেষ কামৰ বাবে নাইবা কৰ্তৃপক্ষই আগবঢ়োৱা ধন কেৱল সেই কাৰ্যৰ কাৰণে নাইবা সেই উদ্দেশ্যৰ বাবেহে ব্যৱহাৰ কৰা হ’ব।

ভাৰা আৰু মাচুল

৯৪। এই আইনৰ উপবন্ধসমূহৰ অন্যথা হোৱাৰ বাহিৰে আৰু এই সম্পৰ্কত প্ৰণয়ন কৰা আইনৰ সাপেক্ষে জিলা পৰিষদে অনুজ্ঞা পত্ৰ নাইবা অনুমতি দিয়াৰ বাবদ মাচুল ল’ব পাৰে। কোনো মাটি নাইবা আন সম্পত্তি ব্যৱহাৰ নাইবা অধিকাৰ কৰি থকাৰ বাবতো জিলা পৰিষদে ভাড়া আৰোপ কৰিব পাৰে।

কৰ আৰোপণ

৯৫। (১) চৰকাৰে নিৰ্দেশ দিব পৰা ধৰণৰ তেনে সৰ্ব্বোচ্চ হাৰৰ সাপেক্ষে জিলা পৰিষদে-

(ক) ইয়াৰ পৰিচালনাৰ অধীনত স্থাপন কৰা কোনো ফেৰীৰ ওপৰত কৰ আৰোপ কৰিব পাৰে।

(i) নাও আৰু গাড়ীৰ পঞ্জীয়নৰ ওপৰত মাচুল।

(ii) চৰকাৰে জাননী যোগে নিৰ্দিষ্ট কৰি দিব পৰা ধৰণে ইয়াৰ প্ৰশাসনিক এলেকাৰ ভিতৰত অনুষ্ঠিত হোৱা কোনো মেলা, তীৰ্থস্থান নাইবা পূজাৰস্থলীত অনাময় ব্যৱস্থাৰ যোগান ধৰাৰ বাবদ মাচুল। (iii) মেলাৰ বাবে অনুজ্ঞাপত্ৰ মাচুল।

পোহৰ কৰ, যি ক্ষেত্ৰত জিলা পৰিষদৰ প্ৰশাসনিক এলেকাৰ ভিতৰত ৰাস্তা, ৰাজহুৱা স্থানত পোহৰ যোগান ব্যৱস্থা স্ংশ্লিষ্ট নিকায়টোৱে কৰিছে।

পানীকৰ, যি ক্ষেত্ৰত জিলা পৰিষদৰ প্ৰশাসনিক এলেকাৰ ভিতৰত খোৱাৰ বাবে, জলসিঞ্চন নাইবা আন উদ্দেশ্যৰ বাবে পানী যোগানৰ ব্যৱস্থা জিলা পৰিষদখনে কৰিছে।

(২) আন কোনো কৰ্তৃপক্ষই কোনো গাড়ী পঞ্জীয়ন কৰাৰ বাবদ কৰ আৰোপ কৰিলে তেনে গাড়ীৰ ওপৰত জিলা পৰিষদে কৰ আৰোপ নকৰিব। ঠিক তেনেদৰে আন কোনো কৰ্তৃপক্ষই সাময়কভাৱে বলবত থকা কোনো আইন অনুসৰি কোনো তীৰ্থস্থান নাইবা পূজৰস্থলী আৰু মেলাৰ স্থানত অনাময় ব্যৱস্থাৰ যোগান ধৰাৰ বাবদ কৰ বহুৱালে, তেনে তীৰ্থস্থান নাইবা পূজাৰ স্থলী আৰু মেলাত তেনে ব্যৱস্থাৰ যোগান নধৰিব নাইবা তাৰ বাবে কোনো কৰ আৰোপ নকৰিব।

(৩) উপবিধি অনুসৰি যেনে হাৰ আৰু যেনে চৰ্ত সাপেক্ষে হাৰ নিৰ্দিষ্ট কৰা হয়, পথ কৰ, মাচুল আৰু স্থানীয় হাৰৰ কৰ আৰু সেই কৰ সমূহৰ আৰোপ কৰাৰ চৰ্তসমূহো তেনে ধৰণৰ হ’ব। তেনে উপবিধি অনুসৰি কোনো শ্ৰেণী বা কোনো ক্ষেত্ৰত তেনে পথ কৰ, মাচুল আৰু স্থানীয় হাৰৰ আটাইবোৰ নাইবা যিকোনো এটাই ৰেহাই দিব পাৰে।

জিলা পৰিষদৰ বাজেট

৯৬। (১) যি সময়ত আৰু যি পদ্ধতিৰে প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়া হয়, তেনে সময় আৰু তেনে পদ্ধতিৰে জিলা পৰিষদে প্ৰতি বছৰে এখন বাজেট প্ৰস্তুত কৰিব। বাজেটখনত পৰৱৰ্তী বছৰৰ বাবে প্ৰাপ্তি আৰু ব্যয়ৰ হিচাব থাকিব। সঞ্চালক, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন অসমৰ যোগেৰে জিলা পৰিষদে বাজেটখন চৰকাৰৰ ওচৰত দাখিল কৰিব।

(২) চৰকাৰে যিটো সময়ৰ ভিতৰত হ’ব লাগে বুলি নিৰ্দেশ দিয়ে তেনে সময়ৰ ভিতৰত হয় বাজেটখন অনুমোদন কৰিব নহয় যি যি ধৰণে নিৰ্দেশ দিয়া হয় তেনে ধৰণৰ সাল-সলনিৰ বাবে সেইখন জিলা পৰিষদৰ ওচৰলৈ ওভতাই পঠিয়াব। তেনে সাল-সলনি কৰাৰ অন্তত নিৰ্দেশিত সময়ৰ ভিতৰত বাজেটখন অনুমোদনৰ বাবে পুনৰ চৰকাৰৰ ওচৰত দাখিল কৰিব। দাখিল কৰা নাইবা পুন: দাখিল কৰা দিনটোৰ পৰা ৩০ দিনৰ ভিতৰত যদিহে জিলা পৰিষদে চৰকাৰৰ অনুমোদন লাভ নকৰে তেনেহ’লে বাজেটখন চৰকাৰে অনুমোদন কৰিছে বুলিও ধৰি লোৱা হ’ব।

(৩) চৰকাৰে বাজেটখন অনুমোদন নকৰিলে, জিলা পৰিষদে কোনো খৰচ হাতত ল’ব নোৱাৰিব।

(৪) বাজেটখনৰ সাল-সলনি নঘটোৱাকৈ জিলা পৰিষদে প্ৰতি বছৰে একোটা পৰিপূৰক মঞ্জুৰী প্ৰস্তুত কৰাৰ অন্তত অনুমোদনৰ বাবে নিৰ্দেশিত সময়ত আৰু নিৰ্দেশিত পদ্ধতিৰে সেইখন চৰকাৰৰ ওচৰত দাখিল কৰিব।

হিচাব:

৯৭। (১) চৰকাৰে যি পদ্ধতিৰে যি যি হিচাব ৰাখিবলৈ নিৰ্দেশ দিয়ে জিলা পৰিষদে তেনে পদ্ধতিৰে তেনে হিচাব ৰাখিব।

(২) উপধাৰা ১ ত উল্লেখ কৰা অনুসৰি হিচাব পৰীক্ষাৰ প্ৰতিবেদনখন পোৱাৰ পিছত জিলা পৰিষদে ইয়াত আঙুলিয়াই দিয়া ত্ৰুটিবোৰ হয় শুধৰণি কৰিব আৰু সেইখন তিনিমাহৰ ভিতৰতে চৰকাৰলৈ পঠিয়াই দিব নাইবা উক্ত সময়ৰ ভিতৰতে শুধৰণি কৰা হৈছে বুলি জনাব নতুবা সেই ত্ৰুটিসমূহৰ স্ংক্ৰান্তত নিৰ্দেশিত কতৃপক্ষৰ ওচৰত ব্যাখ্যা আগবঢ়াব।

ঋণ লোৱাৰ আৰু ঋণ পৰিশোধ পুঁজি গঠনৰ ক্ষমতা:

৯৯। চৰকাৰৰ আগতীয়া অনুমোদন ক্ৰমে, আৰু সময়ে সময়ে আৰোপ কৰা চৰ্তাৱলী সাপেক্ষ এখন জিলা পৰিষদে ঋণ ল’ব পাৰে। কোনো কাম সম্পাদন কৰিবলৈ নাইবা এই আইনত সন্নিৱিষ্ট কৰা উপবন্ধসমূহ কাৰ্যকৰী কৰিবলৈ জিলা পৰিষদে ঋণ ল’ব পাৰে। জিলা পৰিষদে এনে ঋণ পৰিশোধৰ বাবে এটা ঋণ পৰিশোধ পুঁজি গঠন কৰিব পাৰে।

বাজেটত সামৰি নোলোৱা খৰচ/ব্যয় সম্পাদন কৰাৰ ক্ষেত্ৰত বাধা নিষেধ:

১০০। যদিহে বাজেট অনুমোদনে কোনো ব্যয় সামৰি লোৱা নাই, তেনে ব্যয় পৰিষদৰ পুঁজিৰপৰা আদায় দিয়া হ’ব। এনে কাৰ্য এই ধাৰাৰ পাছত সন্নিৱিষ্ট কৰা উপবন্ধই নিৰ্দেশ দিয়া প্ৰক্ৰিয়াৰ ব্যতিক্ৰম হ’ব। তলত দিয়া বিষয়কেইটা এনে কাৰ্যৰ পৰা বাদ পৰিব।

(ক) এই আইন নাইবা এই আইনৰ অধীনত প্ৰণয়ন কৰা আইন আৰু বিধি অনুসৰি কৰ্তৃত্ব দিয়া ধৰণে জিলা পৰিষদে প্ৰত্যাৰ্পণ কৰিবলগীয়া টকা পইচাবোৰ;

(খ) ভুলক্ৰমে জিলা পৰিষদৰ পুঁজিত জমা থকা আৰু জিলা পৰিষদৰ পুঁজিত আদায়,

(গ) জিলা পৰিষদক পৰিশোধ কৰিবলৈ দিয়া নাইবা পৰিশোধ কৰিবলৈ ক্ষমতা দিয়া ক্ষতি পূৰণৰ ধন;

(ঘ) পৰিশোধ কৰিবলগীয়া সকলোবোৰ ধন-

(১) চৰকাৰৰ আদেশ মৰ্মে এই আইন অনুসৰি।

(২) কোনো অসামৰিক আদালতৰ, ডিগ্ৰী নাইবা আদেশ অনুসৰি।

(৩) কোনো মকৰ্দমা নাইবা আন আইনস্ংগত ব্যৱস্থা বা দাবীৰ মোকামিলা অনুসৰি।

জিলা পৰিষদৰ অধীনত ন্যস্ত কৰা অন্যান্য সম্পত্তি স্ংক্তান্তীয় জিলা পৰিষদৰ ক্ষমতা:

১০১। জাননী যোগে চৰকাৰৰ অধীনত থকা কোনো ৰাস্তা, দলং, নলীনাদ, ঘৰ নাইবা আন আন স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তি জিলা পৰিষদৰ অনুমতিক্ৰমে চৰকাৰে জিলা পৰিষদৰ নিয়ন্ত্ৰণ আৰু প্ৰশাসনৰ অধীনস্থ কৰিব পাৰে। চৰকাৰে যি ব্যতিক্ৰম আৰু চৰ্ত আৰোপ কৰিব পাৰে, এই কাৰ্য তেনে ব্যতিক্ৰম আৰু চৰ্ত সাপেক্ষে হ’ব লাগিব। এই আইনৰ উদ্দেশ্য পৰিপূৰণৰ বাবেই এনে কাৰ্য কৰা হ’ব। এনেদৰে অধীনস্থ কৰাৰ লগে লগেই উক্ত ৰাস্তা, দলং, নলীনাদ, ঘৰ আৰু অন্যান্য সম্পত্তিসমূহ জিলা পৰিষদৰ নিয়ন্ত্ৰণ আৰু প্ৰশাসনৰ অন্তৰ্গত হৈ পৰিব। তেনে কাৰ্য এই স্ংক্ৰান্তত আৰোপ কৰা চৰ্ত আৰু ব্যতিক্ৰম, দেনা-পাওনা আৰু দায় দায়িত্ব সাপেক্ষে হ’ব লাগিব। উপধাৰা ১ ৰ অধীনত জিলা পৰিষদৰ নিয়ন্ত্ৰণত ন্যস্ত কৰা কোনো সম্পত্তি চৰকাৰে জাননীযোগে পুনৰ নিজৰ অধীনলৈ নিব পাৰে বুলি উপবন্ধৰ ব্যৱস্থা ৰখা হৈছে।এনে কাম চৰকাৰে নিৰ্দিষ্ট কৰি দিয়া চৰ্ত অনুসৰি সম্পদনা কৰা হ’ব।

জিলা পৰিষদৰ কৰ্মচাৰী

১০২। (১) চৰকাৰে অতিৰিক্ত উপায়ুক্ত পৰ্যায়ৰ বিষয়া এজনক জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাবে নিযুক্তি দিব। তেওঁ অতিৰিক্ত উপায়ুক্ততকৈ নিম্ন পৰ্যায়ৰ বিষয়া হ’ব নালাগিব।

(২) প্ৰতিখন জিলা পৰিষদৰ বাবে চৰকাৰে এজন মুখ্য গাণনিক বিষয়া আৰু এজন মুখ্য পৰিকল্পনা বিষয়া নিযুক্তি দিব।

(৩) চৰকাৰে প্ৰতিখন জিলা পৰিষদৰ অধীনত কাম কৰিবৰ বাবে যিমান স্ংখ্যক আন আন বিষয়াৰ আৱশ্যক হোৱা বুলি বিবেচনা কৰে, সিমান স্ংখ্যক তেনে বিষয়াক স্ংশ্লিষ্ট জিলা পৰিষদৰ অধীনত নিযুক্তি দিয়া কাৰ্যনিৰ্বাহ কৰি থকা ব্যক্তিসকলৰ মাজৰপৰা তেনে সেৱাৰ বিপৰীতে নিযুক্তি দিয়া কাৰ্যনিৰ্বাহ কৰি থকা ব্যক্তিসকলৰ মাজৰপৰা তেনে সেৱাৰ বিপৰীতে নিযুক্তি দিয়া বিষয়াও তাৰ অন্তৰ্ভুক্ত হ’ব।

(৪) এই আইন নাইবা সাময়িকভাৱে বলবৎ থকা আন আইনত যি উপবন্ধই নাথকক কিয়, চৰকাৰে নাইবা আন কোনো বিষয়া নাইবা এনে স্ংক্ৰান্তত কৰ্তৃত্ব প্ৰদান কৰা আন কৰ্তৃপক্ষই, জিলা পৰিষদৰ অধীনত নিযুক্ত বিষয়াসকলক জিলাখনৰ ভিতৰতে নাইবা আন আন জিলালৈ বদলি কৰিব পাৰে।

(৫) চৰকাৰে নিৰ্দেশ দিয়া কৰ্মচাৰী নিয়োগ আৰ্হি অনুসৰি যিমান স্ংখ্যক কৰ্মচাৰী নিয়োগ কৰিবলৈ কোৱা হয়, এখন জিলা পৰিষদৰ অধীনত কাৰিকৰী কৰ্মচাৰীকে ধৰি সিমান স্ংখ্যক তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী থাকিব। ধাৰা ১৪০ৰ উপধাৰা ১ অনুসৰি জিলা পৰিষদৰ অধীনত প্ৰথম শ্ৰেণীৰ বিষয়াক চৰকাৰে নিযুক্তি দিব। প্ৰাদেশীকৃত কৰ্মচাৰী সকলৰ ক্ষেত্ৰত সঞ্চালক, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, নিয়োগকাৰী কৰ্তৃপক্ষ হ’ব।

(৬) সাময়িভাৱে বলবৎ থকা কোনো আইন নাইবা এই আইনত অন্তৰ্ভুক্ত থকা স্বত্বেও পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সঞ্চালকৰ জিলা পৰিষদৰ প্ৰাদেশিকৃত কৰ্মচাৰীসকলক জিলাখনৰ ভিতৰতে নতুবা অন্য জিলালৈ বদলি কৰাৰ ক্ষমতা আছে।

(৭) এই আইন বলবৎ হোৱাৰ অব্যৱহিত পূৰ্বৱৰ্তী সময়ছোৱাত উপধাৰা ৫ আৰু ৬ ত উল্লেখ কৰা কৰ্মচাৰী সকলক জিলা পৰিষদত নিযুক্তি দিয়া হ’ব।

(৮) যি ধৰণে নিৰ্দেশ দিয়া হয় ঠিক তেনে ধৰণে চৰকাৰে কোনো নিৰ্দিষ্ট দিনৰপৰা প্ৰতিখন জিলা পৰিষদৰ বাবে সেৱা গঠন কৰি দিব পাৰে।

জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু আন আন বিষয়াৰ কাৰ্যাৱলী:

(১) এই আইনৰ অধীনত নাইবা এই আইনৰ দ্বাৰা প্ৰণয়ন কৰা উপবন্ধসমূহৰ অন্যথা নহলে মুখ্য কাৰ্যবাহী বিষয়াজনে-

(ক) জিলা পৰিষদৰ নীতি আৰু নিৰ্দেশনা পালন কৰিব আৰু জিলা পৰিষদৰ সকলো উন্নয়নমূলক আঁচনিৰ খৰতকীয়া ৰুপায়ণৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব।

(খ) এই আইনৰদ্বাৰা বা এই আইনৰ অধীনত নাইবা এই আইনৰ অধীনত প্ৰণয়ন কৰা কোনো বিধি আৰু আইনৰদ্বাৰা আৰোপ কৰা কৰ্তব্যসমূহ পালন কৰিব।

(গ) জিলা পৰিষদৰ সভাপতিৰ সাধাৰণ তদাৰকীৰ অধীনত থকা জিলা পৰিষদৰ বিষয়া আৰু বিষয়ববীয়াৰ কাম কাজৰ তদাৰক কৰা।

(ঘ) জিলা পৰিষদৰ সৈতে সম্পৰ্ক থকা সকলো কাগজ পত্ৰ আৰু নথিপত্ৰ নিজৰ জিন্মাত ৰখা।

(ঙ) জিলা গ্ৰামোন্নয়ন পুঁজিৰ পৰা পইচা উলিওৱা আৰু তাক আবণ্টন কৰা। তেনে আন আন ক্ষমতা প্ৰয়োগ কাৰ্যবোৰ সম্পাদন কৰিব, যাৰ বিষয়ে নিৰ্দেশ দিব পৰা যাব।

(২) মুখ্য কাৰ্যবাহী বিষয়াজন জিলা পৰিষদৰ পদেন সচিব হ’ব। তেওঁ জিলা পৰিষদৰ আলোচনাত ভাগ ল’ব পাৰিব, কিন্তু কোনো প্ৰস্তাৱ উত্থাপন কৰিব নোৱাৰিব নাইবা ভোট দিব নোৱাৰিব, যদিহে মুখ্য কাৰ্যবাহীবিষয়াজনৰ দৃষ্টিত জিলা পৰিষদৰ সন্মুখত থকা কোনো প্ৰস্তাৱ, এই আইনৰ উপবন্ধৰ নাইবা এই আইনৰ অধীনত প্ৰণয়ন কৰা অইন আইন নাইবা বিধি নাইবা জাৰি কৰা কোনো আদেশ ভ্ংগকাৰী হয় নাইবা তাৰ সৈতে বিস্ংগতিপূৰ্ণ হয়, তেনে ক্ষেত্ৰত সেই বিষয়ে জিলা পৰিষদৰ দৃষ্টি আকৰ্ষন কৰোৱাতো তেওঁৰ কৰ্তব্য।

(৩) মুখ্য গাণনিক বিষয়াজনে বিত্তিয় নীতি বিষয়ত জিলা পৰিষদক পৰামৰ্শ দিব। বাৰ্ষিক হিচাব আৰু বাজেট প্ৰস্তুত কৰাকে ধৰি জিলা পৰিষদৰ হিচাব নিকাচ সম্পৰ্কীয় সকলোবোৰ বিষয়ৰ দায়িত্ব তেওঁৰ ওপৰত থাকিব।

(৪) বিহিত অনুমোদন ব্যতিৰেকে আৰু এই আইন আৰু এই আইনৰ অধীনত প্ৰণয়ন কৰা বিধি আৰু আইন অনুসৰি গ্ৰহণ কৰা পদ্ধতিৰ বাহিৰে অইন ধৰণে যাতে জিলা পৰিষদে কোনো খৰচ হাতত নলয়, সেই বিষয়ে মুখ্য গাণনিক বিষয়াজনে নিশ্চিত কৰিব। এই আইন নাইবা বিধি নাইবা অইন আইনে অনুমোদন নজনালে নাইবা বাজেটত তাৰ ব্যৱস্থা নাথাকিলে, তেওঁ জিলা পৰিষদক কোনো খৰচ হাতত ল’বলৈ অনুমতি নিদিব।

(৫) পৰিকল্পনা প্ৰস্তুতি স্ংক্ৰান্তীয় বিষয়সমূহত মুখ্য পৰিকল্পনা বিষয়াই জিলা পৰিষদক পৰামৰ্শ দিব। অৰ্থনৈতিক উন্নয়ন আৰু সামাজিক ন্যায়ৰ কাৰণে পৰিকল্পনা প্ৰস্তুতি আৰু জিলাখনৰ বাবে বাৰ্ষিক পৰিকল্পনাকে ধৰি জিলা পৰিষদৰ পৰিকল্পনা স্ংক্ৰান্তীয় সকলোবোৰ বিষয় মুখ্য পৰিকল্পনা বিষয়াগৰাকীৰ হাতত থাকিব।

তথ্যপাতিৰ অধিগ্ৰহণৰ অধিকাৰ:

১০৪। (১) মুখ্য কাৰ্যবাহী বিষয়াজনে লিখিত অধিগ্ৰহণ পত্ৰ প্ৰেৰণ কৰাৰ পাছত গাঁও পঞ্চায়ত নাইবা আঞ্চলিক পঞ্চায়ত নাইবা জিলা পৰিষদৰ সৈতে জৰিত থকা টকা পইচা, হিচাব-নিকাচ, তথ্যপাতি নাইব অন্য সম্পত্তি নিজৰ জিন্মাত ৰখা প্ৰতিজন ব্যক্তিয়ে ততমুহূৰ্তেই তেনে টকা পইচা, হিচাব-নিকাচ, তথ্যপাতি নাইবা অইন সম্পত্তি মুখ্য কাৰ্যবাহী বিষয়াজনৰ হাতলৈ নাইবা অধিগ্ৰহণ পত্ৰত কৰ্তৃত্ব দিয়া ব্যক্তিজনলৈ হস্তান্তৰ কৰিব।

(২) ভূমি ৰাজহৰ বাবে থকা প্ৰাস্ংগিক ভূমি ৰাজহ আইনৰ একে উপবন্ধসমূহ সাপেক্ষে আৰু একে পদ্ধতিৰে বাকীদাৰ সকলৰ পৰা কোনো ধন আদায় কৰিবৰ বাবে মুখ্য কাৰ্যবাহী বিষয়াজনে ব্যৱস্থা ল’ব পাৰে। গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত নাইবা জিলা পৰিষদৰ সৈতে জৰিত হিচাব-নিকাচ, তথ্যপাতি নাইবা আন আন সম্পত্তি উদ্ধাৰ কৰাৰ উদ্দেশ্যে তেওঁ(মুখ্য কাৰ্যবাহী বিষয়া)আদেশ জাৰি কৰিব পাৰে। এই স্ংক্ৰান্তত ৭ম অধ্যায়ত সন্নিৱিষ্ট উপবন্ধসমূহ অনুসৰি আইনস্ংগতভাৱে এজন দণ্ডাধীশে যি যি ক্ষমতা প্ৰয়োগ কৰিব পাৰে তেনে ক্ষমতাসমূহ মুখ্য কাৰ্যবাহী বিষয়াজনেও প্ৰয়োগ কৰিব পাৰিব।

(৩) গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ সৈতে জৰিত কোনো টকা পইচা, হিচাব-নিকাচ, তথ্যপাতি নাইবা আন আন সম্পত্তিসমূহ ক’ত লুকাই ৰখা হৈছে, সেই বিষয়ে যদি কোনো ব্যক্তিয়ে জানে, তেওঁ সেই তথ্য মুখ্য কাৰ্যবাহী বিষয়াজনক জনাবলৈ বাধ্য।

(৪) এই ধাৰাৰ অধীনত মুখ্য কাৰ্যবাহী বিষয়াজনে জাৰি কৰা আদেশৰ বিৰুদ্ধে চৰকাৰৰ ওচৰত আপিল কৰিব পৰা যাব।

অসম পঞ্চায়ত আইন (পিডিএফ)

উৎস: অসম পঞ্চায়ত আইন

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate