অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

নৱবৰ্ষৰ বিত্তীয় সংকল্প ল’লেনে?

নৱবৰ্ষৰ বিত্তীয় সংকল্প ল’লেনে?

সময়বোৰ যেন হো-হোৱাই পিছলৈ গৈ আছে। কেতিয়াবা ভাব হয় সেই যে শৈশৱত গাড়ীত উঠি খিৰিকীৰ কাষত বহি পিছলৈ গুচি যোৱা ইলেক্ট্ৰিক প’ষ্টবোৰ, গছবোৰ প্ৰত্যক্ষ কৰি যিদৰে বিস্মিত হৈছিলো, ঠিক একেদৰেই আজিকালি পাৰ হৈ হৈ থকা বছৰবোৰলৈ ঘূৰি চাই একেধৰণে আচৰিত হওঁ। ডিচেম্বৰত অনুভৱ হয়-বছৰটো আহিছিলহে। তথাপি নতুনক আদৰিবলৈ সাজু হওঁ। নতুন পৰিকল্পনা কৰো, সপোন দেখো। এবছৰ কমিল আমাৰ জীৱনৰ প্ৰতিটো লক্ষ্যলৈ দূৰত্ব। যদি আমি বিত্তীয় দৃষ্টিকোণৰ পৰা কথাবোৰ চাওঁ আমি ক’ব পাৰো যে কাৰোবাৰ বাবে এবছৰ কমিল তেওঁৰ অৱসৰলৈ দূৰত্ব। কাৰোবাৰ বাবে সন্তানৰ উচ্চশিক্ষা বা বিবাহৰ বাবে সাজু হ’বলৈ কমিল আৰু এবছৰ। সেয়ে এইখিনিতে কিছুমান প্ৰাসংগিক প্ৰশ্ন হ’ব পাৰে এনেধৰণৰ-আপোনাৰ বিত্তীয় যাত্ৰাত বৰ্তমান আপুনি ক’ত কেনেদৰে আছে? কিমান আগুৱালে আপুনি? আৰু কিমান বাকী আছে? ২০১৫ ৰ এই পহিলা জানুৱাৰী নামৰ মাইলৰ খুঁটিটোত ৰৈ এষাৰ আপোনাৰ বিত্তীয় স্বাস্থ্যৰ পৰ্য্যালোচনা কৰিবলৈ আজি এটা সংকল্প লওক।


আপোনাৰ ব্যক্তিগত বিত্ত বিষয়ক কথাত যথোচিত গুৰুত্ব আৰোপ কৰিবলৈ সংকল্প কিন্তু আজিয়েই লওক। বহু সময়ত দেখা যায় যে যিকোনো এটা কৰিম বুলি ভবা সংকল্পবিহীন ইচ্ছা ফলদায়ক নহয়। ভবাহে হয়, কৰা কিন্তু হৈ নুঠে। বিত্তীয় পৰিকল্পনা বিষয়ক কথাবোৰতো ঠিক একেই কথা খাটে। সেয়ে আমাক প্ৰয়োজন হয় অলপ অতিৰিক্ত সচেতন প্ৰয়াসৰ।

‘মই ঠিকেই আগুৱাই আছোনে?’ বিত্তীয় বিষয়ক কথাৰ মূল প্ৰশ্ন। যিমান নিৰ্মোহ হ’ব আপোনাৰ বিশ্লেষণ, আপোনাৰ বাবে সিমানেই মংগল। ব্যক্তিগত বিত্তীয় বিষয়ক দৃষ্টিকোণৰ ফালৰ পৰা ব্যৱহাৰিক প্ৰশ্নবোৰ হ’ব পাৰে এনেধৰণৰ-

১) মোৰ ‘আপদকালীন পুঁজি’ৰ বাবে ৰখা টকাকেইটা যথাযথনে? বিপদত পৰিলে মোৰ দীৰ্ঘম্যাদী বিনিয়োগবোৰ ভাঙিব লগা নহয়তো?

২) মই কিনা স্বাস্থ্য আঁচনিখনৰ আৱেষ্টনীয়ে মোৰ পৰিয়ালটোক প্ৰয়োজনত উচিতভাৱে নিৰাপত্তা দিবলৈ সক্ষম হ’বনে?

৩) মোৰ অবৰ্তমানত মোৰ পৰিয়ালটোৰ অৰ্থনৈতিক প্ৰয়োজনবোৰ পূৰণ কৰিব পৰাকৈ মোৰ জীৱন বীমাৰ পৰিমাণটো যথাযথনে?

৪) অৱসৰ কেতিয়া? অৱসৰ জীৱন ভালদৰে চলি যাবলৈ মোক কিমান টকা লাগিব অৱসৰৰ সময়ত? এতিয়ালৈকে সেইটো উদ্দেশ্যৰ বাবে জমা কৰা ধনে মোৰ ভৱিষ্যতৰ অৱসৰকালীন পৰিকল্পনাৰ কিমান শতাংশ পূৰণ কৰে আৰু অধিক বিনিয়োগ কৰাৰ আৱশ্যক আছে নেকি?

৫) সন্তানৰ উচ্চ শিক্ষা আৰু বিয়া-বাৰুৰ বাবে মই কেনেধৰণে সাজু?

৬) মোৰ সঞ্চয়ৰ হাৰ কেনেকুৱা? অৰ্থাৎ মই যদি এশ টকা উপাৰ্জন কৰো, তেন্তে খৰচৰ শেষত কিমান বচাব পাৰো?

৭) বৰ্তমান মই কঢ়িয়াই ফুৰা ঋণৰ বোজা কিমান? মোৰ বিত্তীয় স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা তাক গ্ৰহণযোগ্য বুলি ক’ব পাৰিনে?

৮) মই বৰ্তমানত কৰি থকা বিনিয়োগবোৰৰ প্ৰত্যাশিত ফল কেনেকুৱা আৰু সেই বিনিয়োগত অন্ত:ৰ্নিহিত ক্ষতিভয় (ৰিস্ক) কেনে পৰ্য্যায়ৰ? মোৰ বাবে এইবোৰ কিমান খাপ খোৱা?

এনেবোৰ প্ৰশ্নই আপোনাৰ বিত্তীয় পৰিকল্পনাৰ বাট মুকলি কৰি দিয়ে। প্ৰথমে পৰিকল্পনা, তাৰ পিছতহে বিত্তীয় দ্ৰব্য। কিন্তু অতি ব্যস্ততাৰ বাবেই হওক বা বিষয়বস্তুৰ গভীৰতালৈ সোমাবলৈ থকা অনীহাৰ বাবেই হওক, সাধাৰণতে দেখা যায় যে মানুহে পৰিকল্পনাৰ স্তৰটো এৰি থৈ বিত্তীয় দ্ৰব্যতহে মনোনিৱেশ কৰেগৈ। ফলত দেখা যায় যে নিজৰ বাবে খাপ নোখোৱা বিত্তীয় দ্ৰব্য নিজৰ অজানিতে বহুজনে কঢ়িয়াই ফুৰিছে। ধৰক, কোনোজনে ৪৫ বছৰ বয়সতে পেন্সন পাব পৰা ব্যৱস্থা এটা কৰি বছৰেকীয়া প্ৰিমিয়াম দি আছে। অথচ ৬০ বছৰৰ আগতে অৱসৰ লোৱাৰ তেওঁৰ কোনো পৰিকল্পনাই নাই। সেয়ে সম্পূৰ্ণ শৰীৰৰ স্বাস্থ্য পৰীক্ষা কৰাৰ দৰে আপোনাৰ বিত্তীয় স্বাস্থ্য পৰীক্ষাৰ বাবে মানসিকভাৱে সাজু হওক। সংকল্প লওক। ইয়াৰ বাবে প্ৰয়োজনীয় সময়খিনিক অৰ্থহীন ব্যয় বুলি নধৰিব। ভাৰতৰ আগশাৰীৰ বিত্তীয় পৰিকল্পনাকাৰী গৌৰৱ মাশ্ৰুৱালাৰ মুখত প্ৰথম শুনিছিলো- ‘যিসকলে নিজৰ বাবে বিত্তীয় পৰিকল্পনা নকৰে, তেওঁলোকে আনৰ পৰিকল্পনাৰ অংশ হোৱাৰ সম্ভাৱনাই বেছি’। সহজ কথাত নিজৰ প্ৰয়োজন বুলি নাপালে আনৰ ‘ছেলছ টাৰ্গেট’ পূৰণ কৰাতহে সহায় কৰা হ’বগৈ পাৰে। আহক, ২০১৫ চনত আপোনাৰ ব্যক্তিগত বিত্তীয় পৰ্য্যালোচনাৰ সংকল্প লওক। ২০১৬ চনৰ ১ জানুৱাৰীত ৰৈ ঘূৰি চালে যাতে আপুনি ক’ব পাৰে-‘হয়, মই এনেবোৰ বিষয়ত সচেতন।’ শুভ হওক আপোনাৰ বিত্তীয় যাত্ৰা।

লিখক: ভাষ্কৰ জ্যোতি বৰুৱা।

3.11428571429
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top