অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ব্যৱসায় ভিত্তিত জৈৱিক সাৰৰ উত্পাদন

বিভিন্ন খাপ সামগ্রীৰ প্রয়োজন উত্স
(ক) বেকটেৰিয়াৰ উত্পাদন (১) বেকটেৰিয়াৰ সচঁ
(২) যন্ত্রপাতি ৰাখিবলৈ গৃহ
(৩) যন্ত্রপাতি
(ক) লেমিনাৰ ফ্ল'
(খ) চেকৰে - ৪ খন
(গ) অট'ক্লেভ
(ঘ) কাঁচৰ পাত্র আদি
(ঙ) ইনকুবেটৰ
(চ) চেকাৰ
(খ) উত্পাদন / বহনকাৰী পদাৰ্থৰ ক্রয় উদ্ভিদৰ পৰা , জ্বলা পতানৰ পৰা , কয়্লাৰ পাউদাৰ অথবা ৰ'ক ফছফেট মিশ্রিত
(গ) সান মিহলি কৰা আৰু পেকেট কৰা (ক) মানুহৰ দ্বাৰা অথবা যান্ত্রিক পদ্ধতি
(খ) মোটা বন্ধকৰা যন্ত্র
(গ) প্লাষ্ঠিকৰ পেকেট
(ঘ) কেৰিয়াৰ সামগ্রী

সাধাৰণ উষ্ণতাত চেকাৰ ব্যৱহাৰ কৰি উত্পাদন পদ্ধতি

মাৰ্চ - আগষ্ট চেপ্তেম্বৰ - নবেম্বৰ

আঁহু ধান , শালি ধান আৰু আগতীয়া শাক - পাচলিত ব্যৱহাৰ কৰিবলৈ

->

৪ দিনত ২০০ কিঃ গ্রাম অথবা ১৮০ দিনত ১৮,০০০ কিঃ গ্রাম

সৰিয়হ , ঘেহুঁ আৰু শাক - পাচলিত ব্যৱহাৰ কৰিবলৈ

->

৯০ দিনত ৯০০০ কিঃ গ্রাম উত্পাদন কৰিব পাৰি

 

৬টা চেকাৰ ব্যৱহাৰ কৰি ( প্রত্যকটো চেকাৰে ১৫ টাকৈ ১ লিটাৰৰ ফ্লাক্স কঢ়িয়াবলৈ সক্ষম ) একবছৰত ২৭০০০ কিঃ গ্রাম উত্পাদন কৰিব পৰা ।

বহনকাৰী সামগ্রীৰ উত্পাদন

বহুতো জৈৱিক সাৰ উত্পাদকে জৈৱিক সাৰ প্রস্ত্তত কৰিবলৈ বীজাণু বহনকাৰী সামগ্রী হিচাবে কয়লাৰ গুৰি ব্যৱহাৰ কৰে । কিন্তু অসম কৃষি বিশ্ববিদ্যালয়ত নতুন কৌশল ব্যৱহাৰ কৰি এনেবোৰ নতুন বীজাণু বহন কাৰী সামগ্রী প্রস্ত্তত কৰি উলিয়াইছে । এনে নতুন কৈশলেৰে উত্পাদন কৰা সামগ্রীত বীজাণুবোৰ বহু সময় (৮ মাহলৈকে ) জীয়াই থাকে । ১০০০ কিঃগ্রাম জৈৱিক সাৰ প্রস্তুত কৰবিলৈ (অড্রেন ড্রাই) পদ্ধতিত ২১০৫ কিঃগ্রাম ওজনৰ শুকান গোবৰ ,শালিধানৰ নৰা/ খেৰ ,অপতৃণ / অদৰকাৰী গছ গছনিৰ দ'ম ,লেচেৰামাহ জাতীয় গছৰ ভাল জাত , ৰক'ফছফেট ,চুণ মিহলোৱা পানী আৰু ধান পতানৰ পোৰা ছাই প্রয়োজন । এই সামগ্রীবোৰৰ মুঠ ওজন জানুৱাৰীৰ পৰা এপ্রিল মাহৰ ভিতৰত প্রায় ৩৫০০ কিঃ গ্রাম হব আৰু ইয়াৰ পৰা উত্পাদন হোৱা জৈৱিক সাৰত ক্রমে ২.৩, ২.৮, ৪.০, ১.২৬, ০.০১৯ আৰু ০.০০৬ শতাংশ সৰ্বমুঠ নাইট্রজেন,ফছফৰাচ ,পটাছ্‌ , কেলচিয়াম , মেগনেচিয়াম ,জিঙ্গঁ , আৰু তাম্র পোৱা যায় । (প্রত্যেক ১০০০ কিঃ গ্রামৰ উত্পাদনৰ বাবে )

সামগ্রীৰ প্রকাৰ জানুৱাৰী -এপ্রিল মে - চেপ্তম্বৰ
শালি ধানৰ খেৰ ৮১০ -
অপতৃণ ৰ জৈৱাশ্ম ৪১ ৮০০
মাহজাতীয় শস্যৰ পাত ৮২ ৯২
নতুন জৈৱিক সাৰ ৩.৩ ৩.৩
কলমৈ সহজলভ্য ধান খেৰৰ লগত মিহিলি কৰি
মেটেকা
গোবৰ ১৬
মাহজ়াতীয় গছৰ পাত যদি সহজলভ্য ধান খেৰৰ লগত মিহিলি কৰি ১৬
সৰিয়হ চিৰাৰ বাকলি
চূণৰ ঘুল ১৬ ১৬
ৰ'কফছফেট ১৬ ১৬
ধান পতানৰ ছাই ১১ ১২
পচিবলৈ দিয়া সময় ( অনুমানিক ) ডেৰ মাহ দুই মাহ

জৈৱিক সাৰ প্রস্তুত কৰিবলৈ প্রয়োজন হোৱা কেঁচা সামগ্রী বোৰৰ লভ্য ঋতুৰ ওপৰত নিৰ্ভৰশীল গতিকে এই কেঁচা সামগ্রীবোৰৰ ব্যৱহাৰ কোনো কোনোৱে সলনি কৰিও প্রস্তুত কৰিব পাৰে ।

পচন সাৰ প্রস্তুত কৰিবলৈ গাতঁৰ আয়তন

পচন সাৰ কৰিবলৈ প্রয়োজন হোৱা গাঁতটো দীঘলে ২ মিটাৰ x বহলে ১ মিটাৰ x ২০ চেঃ মিটাৰ দ' হ'ব লাগে । এনেবোৰ গাঁতৰ সংখ্যাবোৰ ঠাই , মানুহৰ শ্রম আৰু আৰ্থিক অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰিব । প্রত্যকটো গাতত ৭০০ - ১০০০ কিঃগ্রাম কেঁচা সামগ্রী মাটিৰ পৰা ১০০ চেঃ মিটাৰ ওখ লৈকে ব্যৱহাৰ কৰিব পাৰি । কেঁচা সামগ্রীবোৰ গাঁতটোত তৰপ তৰপ কৰি ৰখাৰ ব্যৱস্থা কৰিব লাগে। কেইডালমান বাহৰ কামি কেঁচা সামগ্রীবোৰৰ মাজে মাজে পুতি দিব লাগে যাতে বাঁহৰ ফুটাৰ বতাহ অহাযোৱা কৰাত সহায় হয়।

কেঁচা সামগ্রীবোৰ সানমিহলি কৰা

মাজে সময়ে বাঁহৰ কামিবোৰ লৰায় দিলে বতাহ চলাচল ভাল হয় । বা প্রায় ১ মাহ মানৰ পিচত কেঁচা সামগ্রীবোৰ লৰচৰ কৰি দিব লাগে।

১০০০ কিঃ গ্রাম পচন সাৰ প্রস্ত্তত কৰিবলৈ খৰচৰ হিচাব

সামগ্রী পৰিমাণ ( কিঃ গ্রাম) মুল্য মুঠ পৰিমাণ (টকাত)
শালি ধান খেৰ ৮১০ ৫০.০০/১০০ কিঃগ্রাম ৪০৫.০০
অপতৃণ ৪১ (এঘন্টাৰ বাবে পৰিশ্রমিক ) ৮.০০
মাহ জাতীয় গছৰ পাত ৮২ (২ ঘন্টা ) ১৬.০০
সজীৱ পচন সাৰ - ২.০০ / কিঃ গ্রাম ৬.৬০
সজীৱ গোবৰ ১৬ ১.০০/ কিঃ গ্রাম ১৬.০০
চুনৰ ঘুল ১৬ অনাৰ খৰচ ৩২.০০
ৰ'ক ফছফেট ১৬ ৫.০০ / কিঃ গ্রাম ৮০.০০
ধানপতানৰ ছাই ১২ অনাৰ খৰচ ২.০০
পৰিশ্রমিক (৭ টা ) ৪২০.০০

মুঠ খৰচ ৯৮৫.০০

জৈৱিক সাৰ প্রস্ত্তত কৰণত আয় আৰু ব্যয়ৰ খতিয়ান

এবাৰলৈ হোৱা খৰচ

(১) যন্ত্র পাতিৰ খৰচ ৪,৫৫,০০০.০০

(২) মটৰ গাড়ী (পৰিবহণৰ বাবে) ৫,০০,০০০.০০

(৩) স্থাপতিক খৰচ (৩ তা কোঠালি) ৩,০০,০০০.০০

(৪) জল পৰিবহন আৰু বিজুলীশক্তি ৬০,০০০.০০

মুঠ ১৩,১৫,০০০.০০

১০০০ কিঃ গ্রাম জৈৱিক সাৰ প্রস্তুত কৰিবলৈ সময়ে সময়ে হোৱা খৰচৰ খাতিয়ান

(১) বীজানু বহনকাৰী পদাৰ্থ ৭,৩৯০.০০

(২) বহনকাৰী পদাৰ্থৰ বাবে ১,০০০.০০

(৩) বিজুলী আৰু পানীৰ খৰচ ৪৪৪.০০ মুঠ ৮৮৩৪.০০

পৰিশ্রমিক ৫ বছৰৰ বাবে :

২জন শ্রমিকৰ খৰচ দিনে ১০০.০০ টকাকৈ = ৩,৬০,০০০.০০

১ জন পৰিচালক খৰচ মাহে ১২০০০.০০ টকাকৈ = ৭,২০,০০০.০০

মুঠ = ১০,৮০,‌০০০.০০

৫০শতাংশৰ এবাৰলৈ হোৱা খৰচৰ ৫ বছৰলৈকে ধৰা হওক

- ৬,৫৭,৫০০.০০

৫ বছৰত মুঠ উত্পাদন = ২৭,০০০ x ৫ = ১,৩৫,০০০ কিঃ গ্রাম

৫ বছৰত মুঠ আয় = ১,৩৫, ০০০ x ৬০ = ৮১,০০,০০০.০০

৫ বছৰত উত্পাদিত মুঠ ব্যয় : ৬,৫৭,৫০০.০০(এবাৰত হোৱা খৰচ) + ১০,৮০,০০০.০০ (পৰিশ্রমিক) + ১১,৯২,৫৯০.০০ (গতানুগতিক খৰচ)= ২৯,৬০,০৯০.০০

৫ বছৰত মুঠ আয় = ৮১,০০,০০০.০০ - ২৯,৬০,০৯০.০০ = ৫১,৩৯,৯০০.০০

যোৰহাট জিলাত গড়ে ২৫ শতাংশ শালি ধানৰ পথাৰত জৈৱিক সাৰ সংহত জৈৱিক সাৰ অৱলম্বন প্রণালীত গঢ়ে ১.৩৫ কিঃ গ্রামকৈ ব্যৱহাৰ হয় । তেতিয়া মুঠ আয় হব ৫০.০০ লাখ টকা ।

প্রযুক্তিৰ পৰামৰ্শ :

যদি কোনো ব্যক্তিয়ে ব্যৱসায়িক ভিত্তিত জৈৱিক সাৰ প্রস্তুত প্রণালী কৰোতে কেতিয়াবা কোনো পৰামৰ্শৰ প্রয়োজন হয় , তেতিয়া অসম কৃষি বিশ্ববিদ্যালয়ৰ লগত যোগাযোগ কৰিলে বিনামূল্য পৰামৰ্শ লব পাৰিব ।

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

শেহতীয়া উন্নীতকৰণ: : 5/1/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate