অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অসমীয়া জলপান

মাঘ মাহক ভোগৰ মাহ বুলি কোৱা হয়। ভোগালী বিহু উপলক্ষে পুহৰ শেষৰ ফালে অসমীয়া মহিলা সকল ব্যস্ত হৈ পৰে পিঠা-পনা কৰাত। বিহুৰ নিৰ্দিষ্ট দিনকেইটা পাৰ হৈ গ’লেও গোটেই মাঘ মাহটো জুৰি চলি থাকে ভোগৰ আয়োযন। আনন্দমুখৰ পৰিৱেশত সকলোৱে খেতিৰ নতুন শস্যৰে তৈয়াৰী বিভিন্ন ধৰণৰ পিঠা-পনা, জলপানেৰে অলহী-অতিথিক আপ্যায়ন কৰে। অসমীয়া সমাজৰ জনপ্ৰিয় কেইবিধমান জলপান এনেধৰণৰ—

সান্দহগুৰি

বৰা বা চকোৱা চাউলেৰে তৈয়াৰ কৰা হয়। ইয়াক দৈ, গৰম এঁৱা গাখীৰ বা চাহৰ সৈতে খোৱ হয়।

চিৰা

বকুল বৰা, চকোৱা বা মৌ বৰা ধানৰ যিকোনো এবিধ ধানৰ পৰা চিৰা কৰা হয়। ইয়াক দৈ, ক্ৰীম, গুৰ, পকা কল অথবা গৰম গাখীৰৰ লগত গুৰ বা চেনি মিলায়ো খোৱা হয়।

মুড়ি

চকোৱা, নানিয়া বা নলচুটি ধানৰ পৰা মুড়ি কৰা হয়। ইয়াকো দৈ, ক্ৰীম, গুৰ, পকা কল অথবা গৰম গাখীৰৰ লগত গুৰ বা চেনি মিলায়ো খোৱা হয়।

আখৈ

ওপৰত উল্লেখ কৰা যিকোনো এবিধ ধানৰ পৰা আখৈ ভাজিব পাৰি। এই জলপান দৈ বা এঁৱা গাখীৰৰ লগত খাই ভাল লাগিলেও ইয়াক চিৰা বা মুড়ীৰ লগত মিহলায়ো খোৱা হয়।

হুৰুম

হুৰুম উৎকৃষ্ট বৰা ধানৰ পৰাহে তৈয়াৰ কৰা হয়। সাধাৰণতে উজনি অসমৰ ফালেহে হুৰুম তৈয়াৰ কৰা হয়। থমা দৈ বা এঁৱা গাখীৰৰ সৈতে গুৰ, কলেৰে সানি খাই বৰ সোৱাদ লাগে।

কোমল চাউল

এই জলপানো সাধাৰণতে চকোৱা, নানিয়া বা তেনেধৰণৰ ধানৰ পৰাই কৰা হয়। কোমল চাউল দৈ বা এঁৱা গাখীৰৰ উপৰি নিমখ, তেল, আদাৰ লগতো খাব পাৰি।

বৰা চাউলৰ জলপান

বৰাধান ৰ’দত শুকুৱাই ঢেঁকি বা মিলত খুন্দি চাউল উলিয়াই ল’ব লাগে। এই চাউল পিছত ভাত ৰন্ধাৰ দৰে সিজালে বৰাচাউল জলপান হয়। থমা দৈ, গুৰ আৰু ক্ৰিম, কল আদিৰ লগত খাই ইয়াক বৰ ভাল লাগে।

চুঙা চাউলৰ জলপান

অসমীয়া মানুহৰ বাবে চুঙা চাউল অতি সুখাদ্য জলপান হয়। চুঙা চাউল আঠা দৈ আৰু নতুন গুৰৰ সৈতে খাবলৈ বৰ সোৱাদ হয়।

মালপোৱা

সহজতে তৈয়াৰ কৰিব পৰা আৰু যিকোনো সময়তে আলহীক আপ্যায়িত কৰিব পৰা ই এক সুস্বাদু জলপান। তেল পিঠাৰ দৰেই ইয়াক ভাজিবলৈ বৰ বেছি পৰিশ্ৰম কৰিব নালাগে। তদুপৰি পিঠাৰ সলনি আটা বা ময়দা ব্যৱহাৰ কৰি নিমখ নাইবা চেনিৰেও ইয়াক সহজতে ভাজিব পাৰি। পিঠাগুৰি নাইবা ময়দা বা আটাত নিমখ বা চেনি প্ৰয়োজনমতে মিহলাই তাত এচিকুট ছ’ডা দি পানীৰে গুলি গোলাকাৰকৈ ভজা হয়। চেনি দিয়া গুৰখিনিত পানীৰ সলনি গাখীৰো দিব পাৰি।

তিল পিঠা/নাৰিকল পিঠা

বৰা চাউলৰ পিঠাগুৰিৰ মাজত তিল আৰু গুৰৰ শুকান মিশ্ৰণ সুমুৱাই শুকানকৈ খোলাত ভজা পিঠাক তিল পিঠা আৰু তিল-গুৰৰ ঠাইত নাৰিকল ৰুকি চেনিৰ লগত অলপ ভাজি পিঠাগুৰিখিনিৰ মাজত দিয়া পিঠাক নাৰিকল পিঠা বোলা হয়। তিল পিঠাৰ দৈৰ্ঘ ৪ ইঞ্চিৰপৰা ১০ ইঞ্চিমানলৈকে হোৱা দেখা যায়। ঘূৰণীয়া আকাৰ কৰি লোৱাৰ পিছত তাত দীঘলকৈ তিল বা নাৰিকলৰ মিশ্ৰণখিনি দি দুই ফালৰ দুটা মূৰ আঙুলিৰে মাজতে মেৰিয়াই দিব লাগে। কিছুমানে পিঠাগুৰিখিনিৰ একাষে মিশ্ৰণখিনি দি এটা মূৰহে লুটিয়াই দিয়ে, তেতিয়া ই দেখিবলৈ অৰ্ধচন্দ্ৰকাৰ ৰুপ লয়।

ঘিলা পিঠা

এই পিঠাৰ বাবে পিঠাগুৰিখিনিত গুৰ সানি কিছু সময় থৈ দি হাতৰ তলুৱাত লৈ গোলাকৃতিৰ কৰি মিঠাতেলত ভাজিব লাগে। ইয়াক নিমখ দিও ভাজিব পাৰি।

বৰ পিঠা

এই পিঠাৰ বাবে বৰা বা আৰৈ চাউলৰ গুৰি, গুৰ আৰু খাৰৰ প্ৰয়োজন হয়। ইয়াক ঘিলা পিঠাৰ দৰেই বনোৱা হয়।

ফেনী পিঠা

পিঠাগুৰিৰ লগত গুৰ মিহলি কৰি কিছু পনীয়া কৰি ল’ব লাগে। তাৰ পিছত কম জুই দি কেৰাহীত হেঁতাৰে এহেতামান দি ঢাকোন মাৰি থ’ব লাগে। অলপ পিছত লুটিয়াই আকৌ ঢাকোন মাৰি ভাজিব লাগে। হেতা বা চামুচেৰে পিঠগুৰিখিনি যিমান ফেটিব সিমানে পিঠাটো খাবলৈ ভাল হ’ব।

খোলা চপৰীয়া পিঠা

ফেনী পিঠাৰ দৰেই এই পিঠা বনোৱা হয় মাথোঁ গুৰৰ ঠাইত নিমখ আৰু অকণমান তেল লাগে। ইয়াকো কম জুইত ঢাকোন মাৰি ভাজিব লাগে। কিছুমানে অৱশ্যে গুৰ দিও কৰে।

জোন পিঠা

এই পিঠাৰ বাবে বৰা চাউলৰ পিঠাগুৰি, দুটামান সিজোৱা মিঠা আলু, অলপমান গাখীৰ, চেনিৰ ৰস লাগে। পিঠাবোৰ জোনবিৰিৰ আকাৰে ঘিলা পিঠাৰ দৰেই ভাজি কিছু সময় চেনিৰ ৰসত ডুবাই থ’ব লাগে।

টেকেলি পিঠা

এই পিঠাগুৰি, ৰোকা নাৰিকল আৰু চেনিৰ মিশ্ৰণ কৰি টেকেলি মুখত ভাপত দি কৰা হয়। ইয়াত তেল ব্যৱহাৰ নহয়, খাবলৈ সোৱাদ হয়।

টোপোলা পিঠা

এই পিঠা কলপাত বা তৰা পাতত পিঠাগুৰিখিনিত নিমখ মিহলাই মেৰিয়াই পানীত সিজোৱা হয়।

কল পিঠা

পকা কল, পিঠা গুৰি আৰু গুৰৰ মিশ্ৰণ কৰি তেলত ডুবাই এই পিঠা কৰা হয়।

চুঙা পিঠা

কেঁচা পিঠাগুৰি আৰু গুৰ মিহলাই কোমল বাহৰ চুঙাত পুৰি কৰা হয়।

পানীপিঠা

এই পিঠাৰ বাবে আৰৈ চাউলৰ গুড়িৰ প্ৰয়োজন।

তেল পিঠা

আৰৈ চাউলৰ গুৰিত গুৰ, খোৱা চ’ডা অকণমান দি পনীৰে অলপ ডাঠকৈ গুলি কিছু সময় থৈ দিব লাগে। কেৰাহীত তেল গৰম হ’লে গুলি থোৱা পিঠাগুৰি হেঁতা এখনেৰে অলপ অলপ দি ভাজিব লাগে। তেলত ভজা বাবেই ইয়াৰ নাম তেল পিঠা।

মুঠীয়া পিঠা

কেঁচা পিঠাগুৰি পানীৰে সানি মুঠি-মুঠি কৰি উতলা পানীত সিজাই মুঠিয়া পিঠা কৰা হয়।

সুতুলি পিঠা

এই পিঠা ঘিলা পিঠাৰ দৰেই বনোৱা হয় যদিও তাত তিল ভাজি গুৰৰ লগত মিশ্ৰণ কৰি লাডুটোৰ ভিতৰত সুমুৱাই তেলত ভজা হয়। ইয়াক সুতুলিৰ আকৃতিত বনোৱা হয় বাবে সুতুলি পিঠা বুলি কয়।

লুথুৰি পিঠা

পিঠাগুৰিৰ লগত গুৰ বা চেনি পানীৰ লগত ঢিলাকৈ সানি কম জুইত সিজাই পিছত গাখীৰৰ লগত খোৱা হয়।

জাপৰী পিঠা

ঘিলা পিঠা এটা সাজি, তাত তিল আৰু গুৰ দি তাৰ ওপৰত তেনে জোখৰ আন এটা ঘিলা পিঠাৰ কাষ কেইটা যোৰা লগাই তেলত ভজা হয়। ইয়াক জাপৰী পিঠা কোৱা হয়।

তদুপৰি আৰু বহুতো পিঠা গ্ৰামাঞ্চলত কৰা হয়। যেনে-ধুম পিঠা, নাঙল ধোৱা পিঠা, ভাত পিঠা, ভুৰি-ভুৰি পিঠা, তাল পিঠা ইত্যাদি। এই পিঠাবোৰৰ বাহিৰেও বিভিন্ন মুখৰোচক লাড়ু অসমীয়া মহিলাই বিহুৰ বতৰত প্ৰস্তুত কৰি উলিয়াই। নানা ধৰণৰ পিঠা-পনাৰ লগতে তিলৰ লাড়ু, নাৰিকলৰ লাড়ু, পকামিঠৈ, মুড়ি লাড়ু, চিৰাৰ লাড়ু, চুজিৰ লাড়ু আদিৰে আলহী অতিথিক বিহুৰ বতৰত আপ্যায়িত কৰিবলৈ পালে অসমীয়া নাৰীয়ে গৌৰৱ অনুভৱ কৰে।

উৎস: দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 5/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate