অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বন্ধাকবি দি মাছৰ মুৰিঘণ্ট

বন্ধাকবি দি মাছৰ মুৰিঘণ্ট

উপকৰণ

  • বন্ধাকবি – ১ টা
  • ডাঙৰ মাছৰ মূৰ – ১ টা
  • হালধি,
  • জিৰা বটা,
  • জলকীয়া,
  • পিঁয়াজ বটা,
  • নিমখ,
  • চেনি,
  • তেল আৰু গৰম মছলা প্ৰয়োজন মতে।

প্ৰস্তুতি

বন্ধাকবিটো ধুই সৰু সৰু কৰি কাটি অলপ সিজাই ল’ব। মাছৰ মূৰটো সৰু সৰু কৰি কাটি ভালদৰে ধুই নিমখ-হালধি সানি তেলত ভাজি ল’ব। কেৰাহিত তেল গৰম কৰি আটাইখিনি মছলা দি বন্ধাকবিখিনি দি দিব। মাছৰ ভজা মূৰখিনিও তাতে দি ভালদৰে লৰাই ঢাকি দিব। যেতিয়া ডাঠ হৈ আহিব তেতিয়া গৰম মছলা দি নমাই থ’ব।

প্ৰস্তুতি: কল্পনা দাস, প্ৰিয় সখী

 

2.91489361702
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top