মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / অসমীয়া সমাজ ব্যৱস্থাত জাপি
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অসমীয়া সমাজ ব্যৱস্থাত জাপি

অসমীয়া সমাজ ব্যৱস্থাত জাপি

অসমীয়া সমাজ ব্যৱস্থাত অতীজৰে পৰা জাপিয়ে বিশেষ স্থান লাভ কৰি আহিছে। যদিও প্ৰথমতে খেতিয়কসকলে খেতিপথাৰতহে ৰ’দ-বৰষুণৰ পৰা ৰক্ষা পাবলৈ জাপিৰ ব্যৱহাৰ কৰিছিল, কিন্তু পিছলৈ অসমীয়া সমাজ জীৱনত জাপি আভিজাত্যৰ প্ৰতীক হিচাপে ব্যৱহাৰ হ’বলৈ ধৰিলে। বিশেষকৈ আহোম যুগত অসমীয়া সম্ভ্ৰান্ত মহিলাসকলে আবুৰ হিচাপে লগতে আভিজাত্য ৰক্ষাৰ বাবে জাপি ব্যৱহাৰ কৰিছিল। আনকি ৰাজ্যৰ ডা-ডাঙৰীয়াসকলে, সত্ৰৰ সত্ৰাধিকাৰসকলে ভ্ৰমনলৈ যাওঁতে জাপি ধৰি গৈছিল। বিয়া-সবাহত পানী তুলিবলৈ যাওঁতে, দৰাই বিয়া কৰাবলৈ যাওঁতে জাপি ধৰি যোৱাৰ নিয়ম আছিল। অৰ্থাৎ আহোম যুগৰ পৰাই ‘জাপি’ অসমীয়া লোকস্ংস্কৃতিৰ এটি আপুৰুগীয়া সম্পদ হৈ পৰিল। জানিবপৰা মতে আহোম ৰাজসভাৰ ডা-ডাঙৰীয়াসকলে বিভিন্ন জাপি পিন্ধি ৰাজদৰবাদত আসন গ্ৰহন কৰিছিল। সেই জাপিবোৰৰ ভিতৰত প্ৰধান আছিল সৰুদৈয়া জাপি, বৰদৈয়া জাপি, জুৰ লগা জাপি, সোণৰ চুলাৰে পানী জাপি, ৰুপৰ চুলাৰে টুপি জাপি, সোণৰ চুলাৰে টকৌপতীয়া জাপি ইত্যাদি। সময়ৰ পৰিবৰ্তনৰ লগে লগে মানুহৰ্ ৰুচি-অভিৰুচিবোৰ সলনি হ’ল। বিশেষকৈ ছাতি আৰু ৰেইনকোট, গাড়ী আদিৰ আৱিস্কাৰৰ ফলত জাপিৰ চাহিদা কমি আহিল। তথাপি বৰ্তমান আমাৰ সমাজত হালোৱা বা হালৌ জাপিৰ ব্যৱহৰ কম হ’লেও একেবাৰে নোহোৱা হৈ যোৱা নাই। কিন্তু ফুলাম জাপিৰ ব্যৱহাৰ দিনক দিনে কমক ছাৰি বাঢ়িবলৈহে ধৰিছে।

ফুলাম জাপি এতিয়া অসমীয়া জাতিৰ সৌন্দৰ্যৰ প্ৰতীক হৈ পৰিছে। চ’ৰাঘৰ, বৰঘৰ, সভামঞ্চ, তোৰণ আদি আটক ধুনীয়াকৈ জাপিৰে সজাই-পৰাই তোলা দেখা যায়। তদুপৰি বিশিষ্ট ব্যক্তিসকলক আদৰোঁতে, সম্বৰ্দ্ধনা জনাওঁতে, গামোচাৰ লগতে জাপিয়েও এতিয়া বেছ আদৰ পাইছে।

বিহু নাচৰ লগতো জাপিৰ মধুৰ সম্পৰ্ক। জাপি নাচ নাচি নাচনীয়ে বিহুতলীৰ দুবৰি বন মৰাৰ কথা আমি বিহু নামত শুনিবলৈ পাওঁ।

উদাহৰণস্বৰুপে—

জাপি সৰু দৈয়া অ’ মাকণ

চালে চকু ৰোৱা অ’ মাকণ

ঘুৰি ঘুৰি ঘুৰি নাচিবা,

নাচি নাচি নাচি মাৰিবা

বিহুতলীৰ দুবৰি বন…।

আকৌ বণিজলৈ যাওঁতে মৰমৰ চিন স্বৰুপে সৰুদৈয়া জাপি কিনি অনাৰ কথাও বিহু গীতত শুনিবলৈ পোৱা যায়—

মইনো যাওঁ বণিজলৈ

উজনিৰ ৰাজ্যলৈ

তোমালৈনো আনিমে কি?

তোমালৈ আনিমে সৰুদৈয়া

জাপিটি টুপত ৰুপৰ চুলা দি…।

তেনেকৈ নিচুকনি গীতবোৰতো জাপিৰ কথা পোৱা যায়—

মোৰ বাপা ধুনীয়া ধলপাটৰ চুৰিয়া

মূৰত সৰুদৈয়া জাপি

বাটৰ বাটৰু্ৱাই ৰৈ ৰৈ সুধিলে

কোন ডাঙৰীয়াৰ নাতি।

অসমীয়া সাহিত্যৰ ফকৰা যোজনা আৰু প্ৰবচন আদিতো জাপিৰ স্থান আছে।

উদাহৰণস্বৰুপে—

চোৰ গ’লে বুদ্ধি, বৰষুণ গ’লে জাপি।

জাপি, লাঠি, তিয়নি টনা— ইয়াক এৰিলে দিনতে কণা।

ইয়াৰ পৰা বুজা যায় যে অসমীয়া গীত-মাত, কলা, সাহিত্য, স্ংস্কৃতি—সকলোতে অতীজৰেপৰা জাপিয়ে আদৰ পাই আহিছে।

জাপিৰ ব্যৱহাৰত অসমীয়া বহুতো লোকবিশ্বাস আজিও জড়িত হৈ আছে। খেতিয়কে প্ৰথম কঠীয়া পাৰোঁতে জাপি পিন্ধি কঠীয়া সিঁচিব লাগে। তেতিয়া ৰ’দ-বৰষুণৰ পৰা শস্যডৰা ৰক্ষা কৰিব পাৰি বুলি সকলোৱে বিশ্বাস কৰে। তদুপৰি নামঘৰ, সত্ৰ, মন্দিৰ আদিৰ আগেদি পাৰ হৈ যাওঁতে মূৰৰ পৰা জাপি খুলি পাৰ হ’ব লাগে বুলি সকলোৱে বিশ্বাস কৰে।

অৱশ্যে জাপিৰ প্ৰচলন প্ৰথম চীনতহে হৈছিল। তাৰ পৰাই দক্ষিণ-পূব এছিয়া হৈ জাপি অসমলৈ আহে। তেতিয়া জাপি এটা লাটুমৰ দৰে জোঙা আছিল। বৰ্তমান জাপিবোৰ পদুমফুলৰ দৰে ঘুৰণীয়া। অসমৰ কোনো ঠাইত কুলাখনৰ দৰে জাপিও দেখা যায়। সেইবোৰ জাপিক পিঠা জাপি বুলি কোৱা হয়। এইবোৰ জাপি হাল বাওঁতে ব্যৱহাৰ কৰা হয়। তেনেদৰে ফুলাম জাপিবোৰো বিভিন্ন আকৃতিত সজা হয়। ফুলাম জাপিবোৰ সাধাৰণতে ঘুৰণীয়া আকৃতিত সজা হয় যদিও ঠাই বিশেষে ত্ৰিভুজ আকৃতিতো সজা দেখা যায়। কিছুমান জাপি আকৌ পাচঁটা টুপি থকা। এইবোৰ জাপিক পঞ্চমুখী জাপি বুলিও কয়। এই জাপিৰ ব্যৱহাৰ আৰু চাহিদা একেবাৰে কম। এই জাপি ব্যৱহাৰ কৰোতে খৰচো বেছি হয়, আনহাতে কষ্টও বেছি হয়। সেই বাবে ইয়াৰ দামো বেছি। গ্ৰাহকৰ প্ৰয়োজন সাপেক্ষেহে এই জাপি সজা হয়। কিন্তু বৰ্তমান পদুম ফুলৰ দৰে ঘুৰণীয়া ফুলাম জাপিৰ আদৰ সৰ্বাধিক। ফুলাম জাপিৰ আটাইতকৈ সৰু আকাৰৰ জাপিটো হ’ল বেজ জাপি। ইয়াৰ আকাৰ মাত্ৰ চাৰি ইঞ্চি। এই জাপি সভাই-সমিতিয়ে উদ্যোক্তাসকলে বুকুত বেজ হিচাপে ব্যৱহাৰ কৰে।আনকি বিশিষ্ট ব্যক্তিসকলক সম্বৰ্দ্ধনা জনাওঁতে গামোচাৰ লগত বেজ জাপি মাৰি দিলে সোণত সুৱগা চৰে। ইয়াৰ পিছত ছয় ইঞ্চি, ওঠৰ ইঞ্চি আদি বিভিন্ন আকাৰৰ জাপি তৈয়াৰ কৰা হয়। গ্ৰাহকৰ চাহিদা অনুযায়ী যিমান ডাঙৰ লাগে, সিমান ডাঙৰ জাপিও তৈয়াৰ কৰিব পাৰি। একোটা ফুলাম জাপি সাজিবলৈ সাধাৰণতে জাতি বাঁহ, টকৌ  গছৰ পাত, ৰঙা কাপোৰ, ভেলভেটৰ কাগজ বা কাপোৰ, ঊণ সূতা, পকোৱা সূতা, লেজ বা পটি, চুমকি, আঠা আদিৰ প্ৰয়োজন হয়। আগতে চুমকিৰ ঠাইত ‘বালি চন্দা’ নামৰ এবিধ চিকমিকাই থকা বস্তু ব্যৱহাৰ কৰিছিল।

হালৌ জাপি সাজোঁতে কেৱল বাহ আৰু টকৌপাত হ’লেই হয়। কিছুমানে টকৌ গছৰ পাতৰ ঠাইত তালপাতো ব্যৱহাৰ কৰা দেখা যায়।

জাপি এটা সাজিবলৈ টকৌ গছৰ পাত কাটি তিনি-চাৰি দিন ৰ’দত শুকুৱাব লাগে। পূৰঠ জাতি বাহৰ দৈ চাঁচি-চুঁচি কমেও এদিন ৰ’দত শুকুৱাব লাগে। তাৰ পিছত টুপিসহ চালিখন সজা হয়। দৈবোৰ সৰু-মিহি হ’লে, সৰুদৈয়া জাপি আৰু ডাঙৰ হ’লে বৰদৈয়া জাপি বুলি কোৱা হয়। সৰুদৈয়া জাপিবোৰ বিহুনাচত ব্যৱহাৰ কৰা হয়।

অসমৰ বিভিন্ন ঠাইত জাপি তৈয়াৰ হ’লেও নলবাৰী জিলাতে দেশৰ ভিতৰতে সৰ্বাধিক জাপি তৈয়াৰ কৰা হয়। সেয়ে হয়তো নলবাৰী জিলা জাপিৰ বাবে বিখ্যাত। সেইবাবেই আজিও মানুহৰ মুখে মুখে –

নলবাৰীৰ জাপি, শুৱালকুছিৰ আপি

বোকাখাতৰ পেৰা, ওৰাঙৰ গোল্লা।

জানিব পৰা মতে, দিনে ঘণ্টাত এহেজাৰ জাপি নলবাৰী জিলাত তৈয়াৰ হয়। নলবাৰীৰ জাপিয়ে আন্ত:ৰাষ্ট্ৰীয় ক্ষেত্ৰত সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে। নলবাৰীৰ তিলানা, বালা মুগকুছি, তেৰেছিয়া, দীঘেলী, সূতাৰকুছি আদি অঞ্চলৰ বহু পৰিয়ালৰ জীৱন আৰু জীৱিকা জাপিৰ ওপৰতে নিৰ্ভৰশীল। ঘৰৰ পুৰুষ-মহিলা, জীয়ৰি-বোৱাৰী সকলোৱে আনন্দমনে জাপি তৈয়াৰ কৰে। জাপি বিক্ৰি কৰিয়েই তেওঁলোকে পেট প্ৰৱৰ্তাই আহিছে। পূৰ্বপুৰুষৰ পৰা চলি অহা জাপি সজা পৰম্পৰা ৰক্ষা কৰিবলৈ তেওঁলোক দৃঢ় প্ৰতিজ্ঞই নহয়, সদাজাগ্ৰতও। মাথোঁ উঠি অহা নৱ প্ৰজন্মৰ মাজত এটাই দুখ অসম চৰকাৰে আজিলৈকে এই কুটিৰ শিল্পটিক উপযুক্ত ভাৱে আধুনিকীকৰণৰ জৰিয়তে উন্নত কৰাৰ কোনো ব্যৱস্থা গ্ৰহন নকৰিলে। আনকি ইয়াৰ বাবে এখন বজাৰৰো কোনো ব্যৱস্থা আজিলৈকে হৈ নুঠিল। গাওঁৰ ৰাইজেই নিজাবববীয়াকৈ দা-কটাৰীৰেই এই কুটিৰ শিল্পবিধক জীয়াই ৰাখি আন্ত:ৰাষ্ট্ৰীয় ক্ষেত্ৰলৈ আগুৱাই নিছে। আনকি প্ৰদৰ্শনী মেলাত অসম চৰকাৰে প্ৰদৰ্শন কৰা জাপিবোৰো কম মূল্যত কিনি মধ্যভোগীয়ে মুনাফা লাভ কৰা বুলিও দুই-এজনে ক’ব খোজে।

সাধাৰণতে এটা জাপি তৈয়াৰ কৰোঁতে নিজৰ হাজিৰাসহ নব্বৈ টকাৰ পৰা এশ টকাৰ ভিতৰত খৰচ পৰে। কিন্তু মধ্যভোগীয়ে মাত্ৰ ত্ৰিশ বা চল্লিশ টকাতে কিনি ডেৰশৰ পৰা পাঁচশ টকালৈকে বিক্ৰি কৰে। কিন্তু প্ৰকৃত শ্ৰমিকে উচিত মুল্য কোনোদিনে নাপায়।

যদি চৰকাৰে এটি উদ্যোগ স্থাপন কৰি এই কুটিৰ শিল্পবিধক যথোচিত সন্মান জনায় তেন্তে দেশৰ লগতে খাটি খোৱা মানুহখিনিৰো মংগল সাধন হ’ব। বিশেষকৈ নিবনুৱা সমস্যা কিছু হ’লেও লাঘৱ হ’ব। গতিকে চৰকাৰে এইক্ষেত্ৰত বিশেষ মনোযোগ দিয়া প্ৰয়োজন।

মৰমী শৰ্মা, দৈনিক অসম।

3.07272727273
সত্যবাদী বিজু Feb 18, 2018 06:27 PM

বহুত ভাল লাগিল আৰু চৰকাৰৰ এই উদ্যোগত বিশেষ মনোযোগ দিয়া উচিত।

কনক তালুকদাৰ Dec 30, 2015 10:47 PM

সচাকৈ মই আজি আনন্দিত অসমীয়া ভাষাত লিখা ইমান সুন্দৰ বিৱৰণ ।

জয় আই অসম

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top