মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / অসমীয়া সাহিত্য সংস্কৃতিলৈ বিষ্ণু ৰাভাৰ অৱদান
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অসমীয়া সাহিত্য সংস্কৃতিলৈ বিষ্ণু ৰাভাৰ অৱদান

অসমীয়া সাহিত্য সংস্কৃতিলৈ বিষ্ণু ৰাভাৰ অৱদান

“মোৰ কবিতাৰ ছন্দ লাগি,

স্পন্দন তোৰ জাগেনে;
কথা মালিকাৰ গন্ধ লাগি,
সোনৰ সপোন ভাগেনে।
নাচে তৰা ছন্দে ছন্দে,
বিশ্ব ভৰা মহানন্দে;
সেই উলাহত হৰষ লাগি,
হিয়াত নাচোন উঠেনে।
ৰন্ধ্ৰে ৰন্ধ্ৰে তুলি সুৰ,
বাজে মন বাঁহী মোৰ;
… সেই সুৰতেই শাঁত কৰি লৈ,
পৰিবনে হিয়া জুৰ ।”

——-বিষ্ণু প্ৰসাদ ৰাভা

অসমীয়া সাহিত্য সংস্কৃতিৰ উন্নতিৰ হকে যি কেইজন বৰেণ্য ব্যক্তিয়ে তেওঁলোকৰ অহোপুৰুষাৰ্থৰে অৱদান ৰাখি থৈ গ’ল, সেইসকলৰ ভিতৰত বিষ্ণু প্রসাদ ৰাভাৰ নাম সোণালী আখৰেৰে চিৰদিনৰ বাবে প্রতিজন অসমীয়াৰ হৃদয়ত চিৰস্মৰনীয় হৈ ৰ’ব। কিয়নো তেওঁ আছিল অসমীয়া জাতীয় সংস্কৃতিৰ ত্ৰানকৰ্তা স্বৰূপ আৰু অসমীয়া সংস্কৃতিৰ পূজাৰী।

এইজনা মহান মনীষীৰ জন্ম হৈছিল ১৯০৯ চনৰ ৩১জানুৱাৰী বৰ্তমান বাংলাদেশৰ ঢাকাত। সৰুৰে পৰাই তেওঁ আছিল প্ৰতিভাসম্পন্ন। ১৯১৭ চনত ঢাকা নগৰীত এখন “উৰ্দ্দু” নাটকত এটা সৰু দহ বছৰীয়া ৰাজকোঁৱৰৰ ভাৱত অভিনয় কৰি অভিনয় জগতৰ পাতনি মেলাৰ লগতে সামাজিক জীৱন যাত্ৰা আৰম্ভ কৰিছিল। এই সামাজিক জীৱন আৰম্ভ হোৱাৰ পিছত ৰাভা কোনো দিনে থমকি ৰব লগা হোৱা নাছিল। তেওঁৰ নিজৰ জীৱনটো সমাজৰ প্ৰতিটো কামতেই উৎসৰ্গা কৰিছিল সাহিত্য সংস্কৃতিৰ মাজেৰে। তেওঁ কবিতা, গল্প, উপন্যাস ৰচনা কৰাৰ উপৰিও সংগীত আৰু কলাৰ সাধক আছিল।

অসমীয়া সংগীত জগতলৈ বিষ্ণু ৰাভাৰ অৱদান অসমবাসী ৰাইজে কেতিয়াও পাহৰিব নোৱাৰিব কিয়নো তেওঁৰ প্ৰতিটো গীতে শ্ৰোতাৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছিল। তেওঁৰ দ্বাৰা ৰচিত প্ৰতিটো গীততে প্ৰাণ পাই উঠিছিল অসমীয়া সমাজৰ সামাজিক ভাৱধাৰা, জাতীয় চেতনাবোধ, তেওঁৰ কিছুমান গীতত অসমৰ প্ৰাকৃতিক পৰিৱেশো ফুটি উঠা দেখা গৈছে “বিলতে হালিছে ধুনীয়া পদুমী, ফুলনিত ফুলিছে ফুল…….”, “টিলাই টিলাই ঘুৰি ফুৰে উলাহৰে………”, আদি। ইয়াৰ উপৰিও “মোৰ কবিতাৰ ছন্দ লাগি স্পদন তোৰ জাগেনে….”, “আজি মন্দিৰৰ দুৱাৰ খোলা…..”, “ বিশ্বৰ ছন্দে ছন্দে মহানন্দে…..” ‘পৰজনমৰ শুভলগনত’ আদিৰ দৰে কালজয়ী গীত ৰচনা কৰি অসমীয়া সংগীতৰ জগতখনক এঢাপ আগুৱাই নিছিল।

তেওঁৰ গীত আৰু কবিতা সমুহত সেই সময়ৰ স্বাধীনতা আন্দোলনৰ বিপ্লৱী ভাৱধাৰা জিলিকি উঠিছিল। স্বাধীনতা আন্দোলনৰ সময়ত ৰচিত গীত সমুহে অসমীয়া জনসাধাৰণৰ মনত দেশপ্ৰেমৰ ভাৱ জাগি উঠিছিল। এই গীত সমুহৰ ভিতৰত “অসমীয়া ডেকাদল……”, “আই মোৰ ভাৰতী জননী…..”, আদি উল্লেখযোগ্য। ইয়াৰ উপৰিও স্বাধীনতা আন্দোলনৰ সময়ত ৰচিত “আমি বিপ্লৱী পথৰে যাত্ৰী” কবিতটিত বিপ্লৱৰ ভাৱধাৰা প্ৰকটমান। স্বাধীনতা আন্দোলনৰ বতাহ ছাটিয়ে বিষ্ণু ৰাভাকো কোবাইছিল সেয়ে তেওঁৰ কলমৰ কাপৰ পৰা নিগৰি ওলাইছিল বিপ্লৱী গান আৰু বিপ্লৱী কবিতা। অসমীয়া সংগীত জগতলৈ আগবঢ়োৱা অমূল্য অৱদানৰ বাবে তেওঁৰ সংগীত সমূহক “ৰাভা সংগীত” হিচাপে ঘোষণা কৰা হৈছে। অসমীয়া সংগীতৰ জগতত ‘ৰাভা সংগীত’ সমূহ যুগে যুগে কালজয়ী হৈ থাকিব অসমবাসীৰ হাতত।

কেৱল সংগীত জগতখনতেই নহয় এজন অভিনেতা হিচাপে ৰাভাই ‘তেজপুৰৰ বান ৰঙ্গমঞ্চ’ত নিয়মীয়াকৈ অভিনয় কৰাৰ উপৰিও পিছলৈ ‘যাত্ৰা’ পাৰ্টিত অভিনয় কৰিছিল। তেওঁ ‘যাত্ৰা’ পাৰ্টিতেই সীমাবদ্ধ হৈ নাথাকি অসমীয়া বোলছবি ‘এৰা বাটৰ সুৰ’, ‘প্ৰতিধ্বনি’ আদিত অভিনয় কৰিছিল। প্ৰথম অসমীয়া কথাছবি ‘জয়মতী’ নিৰ্মাণত জ্যোতি প্ৰসাদ আগৰৱালাক বিভিন্ন ক্ষেত্ৰত সহায় কৰাৰ উপৰিও তেখেতে ‘জয়মতী’ বোলছবিৰ নৃত্য পৰিচালনা কৰিছিল। ‘হিন্দু বিশ্ববিদ্যালয়ত’ প্ৰদৰ্শন কৰা “নটৰাজ” নৃত্যত বিমুগ্ধ হৈ আৰু তেখেতৰ সাংস্কৃতিক বৰঙনিলৈ সন্মান জনাই সেই সময়ৰ হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ‘ড০ সৰ্বপল্লী ৰাধাকৃষ্ণনে’ তেখেতক ১৯৩৯ চনত ‘কলাগুৰু’ উপাধি প্ৰদান কৰিছিল আৰু তেতিয়াৰ পৰাই বিষ্ণুপ্ৰসাদ ৰাভাক ‘কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা’ বুলি জনা গৈছিল।

এইজনা বৰেণ্য পুৰুষে কেৱল অভিনয় বা সংগীত চৰ্চাতে ব্যস্ত থকা নাছিল। তেওঁ গল্প, উপন্যাস আৰু অসমীয়া সমাজ-সংস্কৃতিৰ বিষয়ক প্ৰবন্ধ পুথি ৰচনা কৰি অসমীয়া সাহিত্যৰ ভৰাঁল চহকী কৰি থৈ গৈছে। তেওঁ ‘মিচিং কনেং’ নামৰ এখন উপন্যাস ৰচনা কৰাৰ উপৰিও ‘সোণপাহী’, ‘মামীৰ হাৰ’, ‘কুৰি বছৰ জেইল’, ‘জাল কেছ’, ‘হিয়াৰ পুং’, ‘ফুংকা’ (বড়ো ভাষাত ৰচিত) কেইবাটাও গল্প, ‘গেঙনি ৰেঙনি’ নামৰ নাটক, ‘অসমীয়া কৃষ্টিৰ চমু আভাস,’ ‘অতীত অসম’, ‘মুক্তি দেউল’ আদিৰ দৰে প্ৰৱন্ধ লিখি অসমীয়া সাহিত্যৰ জগত খন জিলিকাই থৈ গৈছে।

জীৱনৰ শেষৰ ফালে ৰাভাদেৱে তেওঁৰ মৃত্যুৰ কথা অনুভৱ কৰিয়েই হয়তো লিখিছিল ‘এয়ে মোৰ শেষ গান, মোৰ জীৱন-নাটৰ শেষ ৰাগিনী, কল্যাণ খৰমান…………..,’
সেইয়াই যেন শেষ গান আছিল তেওঁৰ বাবে। পাকস্থলীত হোৱা কৰ্কট ৰোগত ভূগি এইজনা অসমীয়া সংস্কৃতিৰ সাধক, অসমীয়া সংস্কৃতিৰ পূজাৰী ৰভাদেৱে ১৯৬৯ চনৰ ২০ জুন তাৰিখে ৰাতি ২.২৫ বজাত তেজপুৰত মৃত্যুক সাৱতি লব লগা হয়।

তেখেতেৰ মৃত্যুদিনটোৰ প্ৰতি সন্মান জনাই অসমবাসী ৰাইজে “ৰাভা দিৱস” হিচাপে পালন কৰি আহিছে আৰু ভৱিষ্যতেও কৰি গৈ থাকিব। আমি ভাৱো কেৱল ‘ৰাভা দিৱস’ পাতিলেই নহ’ব বিষ্ণু ৰাভাক জীয়াই ৰাখিবলৈ হ’লে তেওঁৰ সৃষ্টিৰাজি জীয়াই ৰাখিব লাগিব তেওঁৰ সৃষ্টিৰাজি বহুলভাৱে প্ৰচাৰ আৰু প্ৰসাৰৰ ব্যৱস্থাও হাতত লব লাগিব তেতিয়া হয়তো ৰাভাদেৱৰ সকলো কলা কৃষ্টি আমাৰ মাজত জীয়াই থাকিব।

দাদুল ভূঞা

3.38805970149
জয়াপংকিগৌতমী গগৈ Jun 17, 2019 07:31 AM

ভাল লিখনি.

জয়াপংকিগৌতমী গগৈ Jun 17, 2019 07:30 AM

ভাল লিখ

অংকুৰ তালুকদকাৰ Jun 16, 2019 08:56 PM

ভাল লাগিল।এনেধৰনৰ জীৱনী আগলৈ দি থাকিব।

উমি শইকীয়া Jun 13, 2019 07:53 AM

ভাল লাগিল ‌‌‌‌‌‌‌‌‌‌......

দিগন্ত কুমাৰ ভূঞা May 14, 2019 11:58 AM

লেখাটি পঢ়ি ভাল লাগিল। "ৰাভা দিৱস " হ'ব নালাগে, হ'ব লাগে "বিষ্ণু ৰাভা দিৱস"
( ৰাভা দিৱস বুলিলে, ৰাভা জনগোষ্ঠীৰ দিৱস বুজাব)

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top