মূল পৃষ্ঠা / শিক্ষা / ডিজিটেল সাক্ষৰতা / প্ৰথম অসমীয়া মুদ্ৰিত গ্ৰন্থ বাইবেলৰ অনুবাদক আত্মাৰাম শৰ্মা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

প্ৰথম অসমীয়া মুদ্ৰিত গ্ৰন্থ বাইবেলৰ অনুবাদক আত্মাৰাম শৰ্মা

প্ৰথম অসমীয়া মুদ্ৰিত গ্ৰন্থ বাইবেলৰ অনুবাদক আত্মাৰাম শৰ্মা

অতি প্ৰাচীন কালৰপৰা অসমত শিল কিম্বা শিলৰ ফলক, তামৰ পাত, মুদ্ৰা, মাটি আৰু ধাতুৰ মোহৰ, ইটা, বৰতোপ, কামনা, ৰূপৰ জাপি, শৰাই, চূণৰ টেমি, কাঁহী, মন্দিৰৰ ভিন ভিন সামগ্ৰী, সাঁচিপাত, তুলাপাত, কাঠৰ ফলক, কাপোৰ আদিত মানুহে বক্তব্য-বিষয় লিপিবদ্ধ কৰি আহিছিল। লেখন কৰ্ম সম্পাদিত হৈছিল প্ৰত্ন আৰু মধ্যযুগীয় অসমীয়া ভাষাত। পিছে কিঞ্চিদধিক দুশ বছৰ পূৰ্বে, ১৮১৩ খৃষ্টাব্দত এখন ছপা গ্ৰন্থৰ জৰিয়তে ৰাজ্যখনৰ ভাষা-সাহিত্যৰ জগতত এক যুগান্তকাৰী অধ্যায় সংযোজিত হ’ল।


শক্তিশালী আহোম ৰাজত্বৰ বেলি তেতিয়া অস্তাচল অভিমুখী। সেই সময়তে তেতিয়াৰ কলিকতাৰ পৰা প্ৰায় ২৫ কি:মি: দূৰৰ শ্ৰীৰামপুৰত অৱস্থিত শ্ৰীৰামপুৰ প্ৰেছৰ পৰা পোন প্ৰথমবাৰৰ বাবে এখন অসমীয়া গ্ৰন্থ ছপাৰ মাজেৰে সাজি-কাচি ওলাই আহিল। মধ্য যুগৰ পৰা চলি অহা ভক্তি ধৰ্মৰ সলনি ইয়াত দেখা গ’ল এটা নতুন অথচ আচহুৱা বিষয়ৰ অৱতাৰণা। এই গ্ৰন্থখনেই হ’ল বাইবেলৰ New Testament ৰ ভাঙনি; নাম তাৰ ‘ধৰ্মপুস্তক’ গ্ৰন্থখনে পোহৰৰ মুখ দেখাৰ অন্তৰালত থকা মূল ব্যক্তিগৰাকী আছিক ডেনিছ চৰকাৰৰ অধীনস্থ শ্ৰীৰামপুৰ মিছনৰ মধ্যমণি ড: উইলিয়াম কেৰী (১৭ আগষ্ট, ১৭৬১-৯ জুন, ১৮৩৪)। কেৰী চাহাবক এনে এক দুৰূহ কাৰ্যত সহযোগিতা আগবঢ়াই কলিয়াবৰৰ আত্মাৰাম শৰ্মাই চিৰদিনৰ কাৰণে ভাষা-সাহিত্যৰ বুৰঞ্জীত নিজৰ নাম লিপিবদ্ধ কৰি থৈ গৈছে। সেই অৰ্থত আত্মাৰাম শৰ্মা অকল কলিয়াবৰৰে নহয়, সমগ্ৰ অসমৰো গৌৰৱ।

প্ৰথম অসমীয়া মুদ্ৰিত গ্ৰন্থ ‘ধৰ্মপুস্তকক্ৰ প্ৰকাশত আত্মাৰামৰ ভূমিকা এক গভীৰ অনুসন্ধানযোগ্য বিষয়। ছপা হৈ ওলোৱা গ্ৰন্থখনৰ ‘নাম পাত’ বা আন ক’তো এওঁৰ নামৰ উল্লেখ নথকাটো সত্য। কিন্তু এইজন কলিয়াবৰীয়াৰ নাম ‘পুথি’ অনুবাদৰ বেলিকা সাঙোৰ খাই পৰাটো নিশ্চিতভাৱে জানিব পৰা গৈছে।

আত্মাৰাম শৰ্মা নামৰ মানুহজন বাইবেল প্ৰকাশ কাৰ্যত উইলিয়াম কেৰীৰ সহায়ক হৈ পৰা সম্পৰ্কে তথ্য-প্ৰমাণ কি? এই বিষয়ে সৰ্বপ্ৰথম উল্লেখ কোনে আৰু কি প্ৰসংগত কৰিছে?

উত্তৰত ক’ব লাগিব যে অস্পষ্ট হ’লেও এওঁৰ বিষয়ে প্ৰথম ইংগিত পাব পৰা গৈছে স্বয়ং কেৰী চাহাবৰ এখন চিঠিৰ পৰাই। ড: কেৰীয়ে এডিনবৰাৰ ব্যক্তি বিশেষলৈ ৬ ডিচেম্বৰ, ১৮০৩ তাৰিখৰ চিঠিত এইখিনি কথা লিখা বুলি জানিব পৰা গৈছে: “An Assamese Brahmin was baptized at Serampore late in 1803 (While returning from a visit to the temple of Jagannath in Orissa)”.

ড: কেৰীৰ পত্ৰৰ ঠিক পিছতে এডিনবাৰৰ Missionary Magazine, IX, মে’ ১৮০৪ ত প্ৰকাশিত এটা তথ্যৰ পৰাও জগন্নাথ মন্দিৰ দৰ্শন কৰি প্ৰত্যাৱৰ্তন কৰা এজন অসমীয়া ব্ৰাক্ষ্মণ পণ্ডিত ১৮০৩ খৃ:ত শ্ৰীৰামপুৰত খ্ৰীষ্টান ধৰ্মত দীক্ষিত হোৱাৰ সংবাদ পোৱা যায়।

লক্ষ্য কৰিবলগীয়া এয়ে যে ১৮১৩ খৃ:ত ধৰ্মপুস্তক প্ৰকাশ হোৱাৰ প্ৰায় দহ বছৰ পূৰ্বৰ উপৰি উক্ত দুয়োটা উৎসয়েই উৰিষ্যাৰ জগন্নাথ মন্দিৰ দৰ্শনৰ অন্তত প্ৰত্যাৱৰ্তন কৰা এজন অসমীয়া ব্ৰাক্ষ্মণ অথবা ব্ৰাক্ষ্মণ পণ্ডিতক খৃষ্টান ধৰ্মলৈ ধৰ্মান্তৰিত কৰাৰ সংবাদ দিছে। মানুহজনৰ নাম-ঠিকনা অপ্ৰকাশিত হৈ ৰ’লেও তেওঁক অসমৰ কোনোবা এঠাইৰ ব্ৰাহ্মণ লোক বুলি নিশ্চিতভাৱে জানিব পৰা গৈছে।

ইয়াৰ পিছৰ পৰ্য্যায়ৰ গৱেষণাৰ লক্ষ্য-বাইবেল অসমীয়ালৈ অনুবাদ কৰাত তেওঁৰ ভূমিকা।

‘ধৰ্মপুস্তক’ প্ৰকাশ হোৱাৰ মাত্ৰ ষোল বছৰ পিছত জন্মা আনন্দৰাম ঢেকিয়াল ফুকন (১৮২৯-১৮৫৯) এ স্ব-স্থানৰ পৰা নিৰ্বাসিত অসমীয়া ভাষাৰ ন্যায্য স্থানৰ হকে আমেৰিকান মিছনেৰী পৰিচালিত সংগ্ৰামৰ মাজতে “A Native” ছদ্মনামত ৰচনা কৰা পুথিখনত কৈছিল:

The Whole of the Bible was translated and published in the Assamese language by the Serampore Missionaries with the aid of Atmaram shorma, an Assamese Pundit, in the year 1813. (A Few Remarks on the Assamese Language and on Vernacular Education in Assam, 1855, p-49).

অসমীয়া ভাষা আৰু অসমৰ দেশীয় শিক্ষা ব্যৱস্থাৰ বিষয়ে ঢেকিয়াল ফুকন প্ৰণীত গ্ৰন্থত থকা শ্ৰীৰামপুৰৰ মিছনেৰীয়ে আমাৰ ভাষাত বাইবেল অনুবাদ কৰা আৰু তাত ৰাজ্যখনৰ পণ্ডিত আত্মাৰাম শৰ্মাই সহায় কৰা সম্পৰ্কীয় মন্তব্য এই বিষয়ৰ প্ৰথম অথচ কৰ্তৃত্বসম্পন্ন উক্তি। প্ৰসংগক্ৰমে এষাৰ কথাৰ উল্লেখ বাঞ্ছনীয়। আনন্দৰামৰ মূল পুথিখন নেদেখি তাৰ নাম গৌণ উৎস অথবা তৃতীয় শ্ৰেণীৰ উৎসৰ পৰা সংগ্ৰহ কৰা হেতু দুই-এজন প্ৰতিষ্ঠিত লেখককো তেওঁ (আনন্দৰাম)ৰ পুথিৰ নাম ভুলকৈ লিখা দেখিছোঁহক। এশ ষাঠি বছৰ অতিক্ৰম কৰা গ্ৰন্থখনৰ একমাত্ৰ কপিটো সংৰক্ষিত হৈছে শ্ৰীৰামপুৰ কলেজৰ কেৰী গ্ৰন্থাগাৰ আৰু সংগ্ৰহালয়ত। পুথিৰ আন এটা কপিৰ কথা এইখিনিতে উল্লেখযোগ্য। ঢেকিয়াল ফুকনৰ মৃত্যুৰ শতবৰ্ষ পূৰ্তি উপলক্ষে বুৰঞ্জীবিদ ড: সূৰ্য কুমাৰ ভূঞাই যোগান ধৰা ফুকন-প্ৰণীত পুথিখন অনুবাদ কৰি ড: মহেশ্বৰ নেওগে ১৯৫৯ চনত অসম সাহিত্য সভাৰ পক্ষৰ পৰা প্ৰকাশ কৰাইছিল।

আনন্দৰামৰ পিছত তেওঁৰে সম্পকীয়, বয়সত তেওঁতকৈ আঠ বছৰে সৰু আধুনিক অসমীয়া সমাজ নিৰ্মাণৰ তৃতীয় খনিকৰৰূপে পৰিচিত গুণাভিৰাম বৰুৱা (১৮৩৭-১৮৯৪) ৰ লেখাৰ মাজত আত্মাৰাম শৰ্মা সম্বন্ধে কিছু তথ্য পাব পৰা হৈছে। এওঁ প্ৰণয়ন কৰা আনন্দৰামৰ সংক্ষিপ্ত অথচ তথ্যসমৃদ্ধ জীৱন বৃত্তান্তখনি আধুনিক অসমীয়া ভাষাৰ প্ৰথম জীৱনী পুথিৰূপে সমাদৃত হোৱাটো নতুন সংবাদ নহয়। পুথিৰ স্থানান্তৰত এয়া বৰুৱাৰ উক্তি:

মানৰ দিনৰ পূৰ্বেই কলিয়াবৰৰ আত্মাৰাম নামে এজন অসমীয়া ব্ৰাক্ষণে গৈ শ্ৰীৰামপুৰত বাস কৰি আছে। তাত বিয়া কৰাইছে। সতি-সন্তান আছে। তেওঁ ছপাখানাৰ পণ্ডিত আছিল। তেওঁৰ সাহাৰ্য্যত ড: কেৰী পাদ্ৰি চাহাবে প্ৰথমে অসমীয়াত খ্ৰীষ্টিয়ান বাইবেল শাস্ত্ৰ ছপায় (আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ, ১৯৭১, পৃ: ৯৮-৯৯)।

উদ্ধৃত লেখাই প্ৰথমবাৰৰ কাৰণে আত্মাৰাম শৰ্মাৰ প্ৰসংগত ভালেখিনি তথ্য যোগান ধৰিছে। পিছে ভাষাটোৰ প্ৰথম ছপা পুথিখনৰ প্ৰস্তুতিত হাত উজান দিয়া লোকগৰাকী এতিয়াও প্ৰকৃতাৰ্থত পৰিচিত হ’বলৈ বাকী। আত্মাৰাম শৰ্মাৰ জন্ম ক’ত আৰু তেওঁ কেতিয়া জন্মিছিল, জগন্নাথ মন্দিৰ দৰ্শন কৰি অহাৰ পিছত তেওঁ কিয় স্বধৰ্ম ত্যাগ কৰি যীশুৰ ধৰ্মত আশ্ৰয় ল’লে, তেওঁ চনত নৰনাট সামৰিলে অথবা তেওঁৰ সতি-সন্ততি আৰু উত্তৰ পুৰুষেই বা ক’ত বসতি কৰিলে আদি প্ৰশ্নৰ কোনো সদুত্তৰ ভাষা-সাহিত্যৰ বুৰঞ্জীত পোৱা নাযায়।

আত্মাৰাম শৰ্মা সম্পৰ্কে এটা শেহতীয়া ইতিবাচক দিশ আছে। বিগত কুৰি বা পঁচিশ বছৰমানৰ ভিতৰত নগাঁও জিলাৰ কেইবাগৰাকী লেখকে বাইবেল অনুবাদৰ সহযোগীজন সন্দৰ্ভত ভিন ভিন সংবাদ-পত্ৰত লিখা-মেলা কৰা দেখিবলৈ পোৱা গৈছে। তেওঁৰ জন্মস্থান, বংশ, গোষ্ঠী, জন্মস্থানলৈ পুনৰাগমন, পৰৱৰ্তীকালৰ আমেৰিকান মিছনেৰীৰ লগত সহযোগিতা আদি বিষয়বোৰেই ৰচনাসমূহৰ ঘাই উপজীব্য। সন্দেহ নাই, বিস্মৃতপ্ৰায় ব্যক্তিগৰাকীৰ সবিশেষ পৰিচয় প্ৰদানৰ বেলিকা এনে সকলো প্ৰচেষ্টা আদৰণীয়। ইয়াৰ পিছতো উল্লেখ কৰিব লাগিব যে এইবোৰৰ কোনো এটা মতকে নিৰ্ভৰযোগ্য বুলি ধৰাৰ স্থল দেখা নাযায়।

পণ্ডিত ড: সত্যেন্দ্ৰ নাথ শৰ্মাই আত্মাৰামৰ জন্ম কলিয়াবৰৰ শাকমুঠি গাঁৱত হৈছিল বুলি ক’ব খোজে যদিও সেই কথা সমীক্ষকগৰাকীয়ে নিশ্চয়কৈ ক’ব পৰা নাই। মানৰ আক্ৰমণৰ সময়ত সেই অঞ্চলৰ কিছু লোক উজনিলৈ উঠি যোৱাৰ দৰে আন বহু মানুহ উত্তৰ পাৰৰ জামুগুৰি, চতিয়া আদি ঠাইলৈ ভাগি অহাটোও সত্য। কলিয়াবৰ অঞ্চলৰ দৰে এই ভূখণ্ডৰো অনেক ঠাইৰ নাম একে হোৱাটোৱে তাৰেই প্ৰমাণ দিয়ে। মান সৈন্যৰ উপদ্ৰৱত তিষ্ঠিব নোৱাৰি অঞ্চলটোৰ অধিবাসীসকল ছেদেলি ভেদেলি হৈ পৰাত আত্মাৰামৰ পৰিয়ালো কোনোবা দিশে প্ৰব্ৰজন কৰাটো অসম্ভৱ নহয়। এনে ধুঁৱলী-কুঁৱলী পৰিৱেশত কলিয়াবৰত সাহিত্য-সংস্কৃতিপ্ৰেমী ৰাইজ আগবাঢ়ি আহি হাটবৰত গঢ়ি তোলা ‘আত্মাৰাম শৰ্মা স্মৃতি শিলাস্তম্ভ আৰু উদ্যান’ এই দিশৰ এক সজ প্ৰচেষ্টা।

বৰ্তমান নিবন্ধকাৰে অৰুণোদয় যুগৰ সাহিত্য সম্পকে গৱেষণা কৰা কাল (১৯৯০-৯৩) ৰে পৰা প্ৰাসংগিক বিষয় বুলি গণ্য কৰি ভাষাটোৰ প্ৰথম মুদ্ৰিত গ্ৰন্থ আৰু ইয়াৰ লগত জড়িত ব্যক্তি আত্মাৰাম শৰ্মাৰ প্ৰসংগত ৰচিত অধিকাংশ লেখা পঢ়ি আহিছে। গতিকে পদ্ধতিগতভাৱে ক্ষেত্ৰ অধ্যয়ন আৰু গ্ৰন্থাগাৰ কৰ্মৰ জৰিয়তে এওঁৰ বিষয়ে প্ৰয়োজনীয় তথ্য উদ্ধাৰ কৰিব পৰা যায় বুলি আমি বিশ্বাস কৰোঁ। তাৰ বাবে দুটা বস্তুৰ প্ৰয়োজন- তথ্যৰ প্ৰতি অবিচল আস্থা তথা আন্তৰিকতাপূৰ্ণ প্ৰচেষ্টা।

বৰ্তমানলৈ সংগৃহীত তথ্যৰ আলোকত, বিশেষকৈ আনন্দৰাম ঢেকিয়াল ফুকন আৰু গুণাভিৰাম বৰুৱাৰ বক্তব্যৰ ওপৰত নিৰ্ভৰ কৰি আমি এইখিনিয়ে ক’ব বিচাৰোঁ যে দুশ বছৰতকৈ অধিক কাল পূৰ্বে বাইবেলৰ অসমীয়া অনুবাদ ছপাই উলিওৱাৰ ক্ষেত্ৰত ড: কেৰীৰ সোঁহাত স্বৰূপে কাম কৰা আত্মাৰাম শৰ্মা কলিয়াবৰ অঞ্চলৰ কোনো এঠাইৰ হোৱাটো নিশ্চিত।

তেওঁ পুৰীৰ জগন্নাথ মন্দিৰ দৰ্শন কৰি তেতিয়াৰ যাতায়ত ব্যৱস্থা মতে জলপথেৰে প্ৰত্যাৱৰ্তন কৰোঁতে হুগলী নদীৰ পাৰত অৱস্থিত শ্ৰীৰামপুৰ মিছনৰ সুবিশাল তথা মনোৰম প্ৰাকৃতিক সৌন্দৰ্য্যৰে পৰিপূৰ্ণ চৌহদ দেখি, তাৰ মায়াত বন্দী হৈ ৰৈ যায়। সেই ঠাইত হুগলীৰ জলৰাশিৰ ছন্দোময় গতিয়ে যিকোনো পৰ্য্যটককে আকৰ্ষণ কৰিবলৈ সক্ষম বুলি আমি বিশ্বাস কৰোঁ। এনে এক পৰিস্থিতিত অসমীয়া ডেকাজন মিছনৰ অধ্যক্ষ, পৰম নিষ্ঠাৱান ধৰ্ম প্ৰচাৰক তথা ফ’ৰ্ট উইলিয়াম কলেজৰ সংস্কৃত, বাংলা আৰু মাৰাঠী ভাষাৰ অধ্যাপক উইলিয়াম কেৰীৰ সংস্পৰ্শলৈ আহে। ১৮০৩ চনত খ্ৰীষ্টান ধৰ্মত দীক্ষিত হৈ তেওঁ কেৰী চাহাবৰ বিশ্বস্ত হৈ পৰে আৰু ১৮১৩ চনত বাইবেলৰ অনুবাদ প্ৰকাশত মুখ্য সহযোগীৰ ভূমিকাত অৱতীৰ্ণ হয়।

‘ধৰ্মপুস্তক’ ৰ প্ৰকাশত সহযোগী হোৱাৰ বাহিৰে আত্মাৰামৰ অন্য কিবা সাহিত্য কৰ্ম আছিল নে নাই নাই, যদি আছিল তেন্তে সি কি প্ৰকৃতিৰ আছিল এই বিষয়েও আমি উত্তৰসূৰীসকলে বৰ বেছি মূৰ ঘমোৱা নাই। প্ৰকৃততে এইটোও এটা গভীৰভাৱে অনুসন্ধানযোগ্য বিষয়। অসমীয়া সাহিত্যৰ বুৰঞ্জী প্ৰণেতাসকলৰ প্ৰথম পৰ্য্যায়ৰ ব্যক্তি দেৱেন্দ্ৰনাথ বেজবৰুৱাই তাহানিতে ইংগিত দি গৈছে: ‘আত্মাৰাম শৰ্মাই দুই চাৰিখন পুথি শ্ৰীৰামপুৰৰ বিষয়ে লিখিছিল, কিন্তু ছপা নোহোৱাৰ কাৰণে এতিয়া লোপ পালে’।

আত্মাৰাম শৰ্মাই শ্ৰীৰামপুৰৰ মিছনৰ বিষয়ে কেনে ধৰণৰ আৰু কেইখন পুথি ৰচনা কৰিছিল, সেই সম্পৰ্কে ইংগিত দিব পৰা সূত্ৰসমূহ আজি প্ৰায় বিলুপ্ত। কিন্তু ভাষাটোৰ স্বৰূপ নিৰ্ণায়ক কোনো ব্যাকৰণ অথবা অভিধানৰ অবৰ্তমানতো যে এখন সুবৃহৎ গ্ৰন্থ (মুঠ পৃষ্ঠা সংখ্যা ৮৬৪)  অসমীয়ালৈ অনুবাদকৰণত তেওঁ প্ৰধান সহযোগী আছিল তাৰ পৰা আমি তেওঁৰ স্বৰচিত পুথি-পত্ৰৰ বিষয়ে ধাৰণা কৰিব পাৰোঁ। তদুপৰি তেওঁ যুগুত কৰা পুথি-পাঁজিসমূহ নাথাকিলেও এই সম্পৰ্কীয় তথ্য উদ্ধাৰ কৰাটো একেবাৰে অসম্ভৱ বুলিও ক’ব পৰা নাযায়। কোনো কষ্টসহিষ্ণু গৱেষকে পৰিকল্পিতভাৱে প্ৰচেষ্টা চলালে সফলতা লাভৰ কিছু আশা কৰিব পাৰি। শ্ৰীৰামপুৰ কলেজৰ সুপ্ৰাচীন তথা সুসমৃদ্ধ কেৰী গ্ৰন্থাগাৰ আৰু সংগ্ৰহালয় এনে কৰ্মৰ বাবে সৰ্বোৎকৃষ্ট স্থানৰূপে বিবেচিত হোৱাৰ যোগ্য।

লিখক: ড০ সতীশ চন্দ্ৰ ভট্টাচাৰ্য, দৈনিক অসম।

3.04918032787
জহিৰুল আলী সেখ Nov 26, 2016 02:11 PM

নমস্কাৰ , মই কিবা প্ৰশ্ন সুধিলে যাতে উত্তৰ টো দেয় এইটো মোৰ প্ৰশ্ন ।অনুগ্ৰহ কৰি উওৰ টো যাতে দেয়?

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top